ভেকুলীৰ সাধু | Vekulir Hadhu Kotha

ভেকুলীৰ সাধু | Vekulir Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, ভেকুলীৰ সাধু, সাধুকথা, অসমীয়া কাহিনী, ভেকুলীৰ সাধুশিশুৰ বাবে কাহিনী

এখন গাঁৱত এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল। সিহঁত অপুত্ৰক আৰু বৰ দুখীয়া আছিল ৷ এদিন গঞণ মানুহে মাছ ধৰিবলৈ বুলি পল’ জুলুকি লৈ উকিয়াহ ওলাল বুঢ়া-বুঢ়ীৰো গা উঠিল। বুঢ়াৰ ভগা পল’ এটা আৰু বুঢ়ীৰ ভগা জবাই এখন আছিল, তাকে লৈ মাছলৈ দুয়ো ওলাল। বিলত নামি গঞা মনুহে গাইপতি ভাৰে ভাবে মাছ মাৰিছে। কিন্তু বুঢ়া-বুঢ়ীয়ে চৰিয়াই চৰিয়াই চন্দা এটাও ধৰিব নোৱাৰিলে। শেষত বুঢ়াৰ খং উঠি বুঢ়াৰ সৈতে দ্বন্দ্ব এখন পাতি লৈ উত্তৰা-উত্তৰি কৰি বুঢ়ীৰ ওপৰত খং সাৰিবলৈ ধৰিলে। বুঢ়ীয়ে বুঢ়াৰ গালিত মনত বৰকৈ বেজাৰ পাই ভগা জকাইখন লৈ আকৌ চাবচেৰেক মাৰিলে, তাইৰ জকাইত এটা ভেকুলী উঠিল। বুঢ়ীৰ জকাইত ভেকুলীটো উঠা দেখি বুঢ়াই খঙতে ছিটিকি পৰি ভেকুলীটোকে এসেকা দিওঁগৈ বুলি ঘৰলৈ লৈ আহিল।

ঘৰ পাই বুঢ়াই ভেকুলীটো চোতালত পেলাই কাঠখৰি এডাল আনি তাৰ মূৰ্ত মাৰ মাৰি দিব খোজোঁতেই ভেকুলীটোৱে বুঢ়াক মাত লগালে– “ককা মোক নামাৰিবা, মই তোমাৰ ঘৰত বহুতীয়া হৈ থাকি যি কৰিবলৈ কোৱা তাকে কৰিম।” বুঢ়াই উত্তৰ দিলে–“বাৰু অ’। তই মোৰ ঘৰত বহতীয়া হৈ থাকি মোক সোণৰ সোলেং এটা দিবি দেখিছোঁ। মোৰ পথাৰত কিজানি তই হাল কোৰো বাই দিবি হ’বলা।” ভেকুলীয়ে ক’লে– “দিম হাল-কোৰ বাই ককা! তুমি মোক ৰাখি চোৱাচোন।” ভেকুলীৰ কথাটো শুনি বুঢ়াই ভাবিলে– “চোৱাই যাওঁকচোন, ‘ইনো কি কৰে? ই দেখোন বৰ গণ্ডপ মাৰিছে।”ইয়াকে ভাবি বুঢ়াই ভেকুলীটো নামাৰি ৰাখিলে। পিছদিনা পুৱাই বুঢ়াই ভেকুলীক ক’লে– “যাচোন গৰুহাল লৈ পথাৰলৈ, তইনো কি হাল বাৱ চাওঁ।” বুঢ়াৰ কথা শুনি ভেকুলীয়ে গৰু আৰু নাঙল লৈ বুঢ়াৰ পথাৰলৈ হাল বাবলৈ গ’ল। সেইদিনা ভেকুলীয়ে খুব হাল বালে আৰু হাল বাই অঁতাই পথাৰত আলি দিবলৈ লাগিল।

এনেতে এক ৰজাই চহৰ ফুৰিবলৈ আহি মানুহ দুনুহে ভেকুলীয়ে হাল বাই আলি দিয়া মাটিডৰাৰ ওপৰেদি গচকি আলিটো ভাঙি তহলিং কৰি গ’ল। তাকে দেখি ভেকুলীয়ে ৰজাক নথৈ গালি পাৰিবলৈ ধৰিলে। ৰজাই গালি শুনি চাৰিওফালে চায়ছে চাই কোনে গালি পাৰিছে, গৰুহালৰ বাহিৰে আন কাকো নেদেখে। বাৰেপতি গালি পৰা শুনি ৰজাৰ অসহনীয় হ’ল, তেওঁ খং কৰি গৰুহালকে লৈ গুচি গ’ল। 

Read Also: সাধুকথা: কুকুৰীকণা | Kukurikona Hadhu Kotha

ভেকুলীয়ে এই কাণ্ড দেখি লাহেকৈ বোকাৰ তলৰ পৰা ওলাই উঠি বুঢ়াৰ ঘৰলৈ উভতি আহি বুঢ়া-বুঢ়ীক সকলো কথা ভাঙি ক’লে বুঢ়া-বুঢ়ীয়ে বেজাৰ কৰিবলৈ ধৰিলে। ভেকুলীয়ে বুঢ়ীক ক’লে– “আই বেজাৰ নকৰিব, আপুনি মোক এসোনমান মাহ গোটকৰাই দিয়ক, মই গৰুহাল আনিবলৈ যাওঁ’ বুঢ়ীয়ে সুধিলে– “তই গোটকৰাই কি কৰিবি?” ভেকুলীয়ে ক’লে– “মই যি কৰো কৰিম, আপুনি মাথোন দিয়কচোন, একো চিন্তা নকৰিব।” বুঢ়াই ক’লে– “নালাগে বোপাই তই গৰু আনিবলৈ যাব, ৰজাৰে সৈতে বিবাদ কৰি তই একো কৰিব নোৱাৰে, মৰাহে পৰিবি। মই মৰকীয়াকৈয়ে গৰু আনি যি পাৰো খেতি কৰিম, তই নালাগে যাব বোপাই।” কিন্তু ভেকুলীয়ে একোতে ক্ষান্ত নহৈ যাবলৈ ওলোৱা দেখি শেহত, বুঢ়ীয়ে তাক এদোনমান মাহ গোটকৰাই ভাজি দিলে সি তাকে লৈ ওলাই গ’ল। ভেকুলীয়ে জোলোঙাত মাহ গোটকৰাই লৈ একোমুঠি

খাই এইবুলি বাটে বাটে যাবলৈ ধৰিলে–

মাহ গোটতৰাই খাওঁ,

বাটে বাটে যাওঁ,

তাকো এগাল দিওঁ।”

মোৰ লগত যেয়ে আহে,

তাকো এগাল দিওঁ ৷”

ভেকুলীৰ কথা শুনি, মাহ গোটকৰাই খাবৰ লোভত অনেক সিংহ, বাঘ, ভালুক আদি বনৰীয়া জন্তু, আনকি মৌ, বল, কোদো প্রভৃতিও তাৰ লগ লাগিলহি। ভেকুলীয়ে সকলোকে একোগালকৈ মাহ গোটকৰাই খুৱাই বইচ কৰি গোটেইটো ঘটনা সিহঁত আগত ভাঙি ক’লে সিহঁতে সেই কথা শুনি ৰজাবে সৈতে যুঁজ দিবলৈ ভেকুলীৰ লগতে গ’ল। ভেকুলীয়ে এটাইবোৰ জন্তুৰে সৈতে, মাটিৰ ধূলি উৰাই গুজৰি-গুমৰি ৰজাৰ পদূলি পাই ৰজালৈ কৈ পঠিয়ালে যে “ৰজাই মোৰ গৰু ওভতাই দিবনে, মোৰ সৈতে যুঁজ দিব?”ৰজাই যুঁজহে দিম বুলি ক’লে ৰজাৰ সৈন্যৰ সৈতে ভেকুলীৰ সৈন্যৰ ঘোৰ ৰণ লাগিল। ৰণত ৰজাৰ অলেখ সৈন্য আৰু দুটা ল’ৰা মৰিল ৰজা নিৰুপায় হৈ ভেকুলীৰ ভৰিত দীঘল দি পৰিলহি। ৰজাই ডিঙিত কাপোৰ মেৰাই ভেকুলীক কাকুতি কৰি ক’লে– “যদি ভেকুলীয়ে মোক এইবাৰলৈ ক্ষমা কৰে, তেন্তে মই ভেকুলীক মোৰ অৰ্ধৰাজ্য আৰু মোৰ জীক দিম।” এই কথা শুনি ভেকুলীয়ে ৰজাক কন্য কৰিলে আৰু ৰজাৰ জীয়েকক বিয়া কৰাই ৰজাৰ জোঁৱাই হৈ ৰজাৰ ঘৰতে থাকি, বুঢ়া-বুঢ়ীকো তালৈকে তুলি লৈগৈ সুখেৰে কাল কটাবলৈ ধৰিলে।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। ভেকুলীৰ সাধু এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। ভেকুলীৰ সাধু এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে ভেকুলীৰ সাধু এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply