ওম্ফা পূজা | Umpha Puja

ওম্ফা পূজা | Umpha Puja

আহোম যুগত আহোম স্বৰ্গদেউ সকলে অনুষ্ঠিত কৰা জনপ্ৰিয় উৎসৱটিৰ নামেই হ’ল ওম্ফা পূজা। ওম্ফা বা উম্ফা পূজাৰ বিষয়ে আহোম বুৰঞ্জীত উল্লেখ আছে। ওম্ফা পূজাৰ প্ৰধান উপাস্য দেৱতা লেংদন। লেংদন টাই চাওফাসকলৰ উপৰিপুৰুষ। লেংদনে টাই সকলৰ উপাস্য দেৱতা লাওখ্ৰি আৰু জাছিংফাৰ লগত আলোচনা মৰ্মে খুনলুং আৰু খুনলাইফ ম্যুফী ৰাজ্যৰ পৰা ম্যুৰি ম্যুৰামলৈ নমাই পঠাওতে বছৰি যি উৎসৱৰ আয়োজন কৰা হৈছিল, সেয়াই কালক্ৰমত আহোম সকলৰ মাজত ওম্ফা পূজা নামেৰে জনাজাত হৈ পৰিল।

ওম্ফা পূজা 2

ওম্ফা পূজা সাধাৰণতে কপৌ, ছিংকৰা আদি ফুল ফুলাৰ সময়ত পৰম্পৰাগতভাৱে পালন কৰা উৎসৱ। এই পূজাত গৰু, ম’হ, হাতী, গাহৰি, ছাগলী, কুকুৰা, হাঁহ, পাৰ আদি জীৱ-জন্তু বলি দিয়া হয়। এই পূজা পালন কৰিবলৈ এটা আঠকোণীয়া বেদী সজা হয়। পূজাক উদ্দেশ্য কৰি এটা দেওঘৰ নিৰ্মাণ কৰা হয়। মূল পূজাৰ বাবে নিৰ্মাণ কৰা আঠকোণীয়া বেদীৰ উপৰি তিনিশ্ৰেণীৰ দেৱতাৰ কাৰণে তিনিখন সুকীয়াকৈ আসন প্ৰস্তুত কৰা হয়। মূল পূজাৰ বেদীত মুঠতে সাতজন দেৱতাক স্থাপন কৰা হয়। মূল বেদীখনত লাংদিন (পৃথিৱীৰ দেৱতা), খাওখাম (জল-দেৱতা), লেংদন (স্বৰ্গৰ দেৱতা), জান চাই হুং (অনন্ত দেৱতা) আদি প্ৰধান দেৱতা সমূহক স্থাপন কৰা হয়। এই দেৱতা সকল হ’ল প্ৰকৃতিৰ শক্তিক প্ৰতিনিধিত্ব কৰা দেৱতা। তদুপৰি এই পূজাত চন্দ্ৰ, সূৰ্য, সৰস্বতী আদিকো পূজা কৰা হয়। মূলবেদীৰ সোফালে পৰ্বতৰ দেৱতা (লাংকুৰি), অৰণ্য দেৱতা (লাই লুংখান) আদি দেৱতাক স্থাপন কৰা হয়। পূজাৰ সকলোবোৰ বেদীৰ আগফালে প্ৰকৃতি দেৱতা (দয় মা লুংফুৰা)ক উদ্দেশ্য কৰি কলগছ এডাল পুতি সেই কলগছ ডালত কিছুমান খুতি পুতি পছিশ (২৫) গচি বন্তি জ্বলায়। এই বন্তি জ্বলোৱা নিয়মটো আহোম সকলে পুৰণি কালৰে পৰাই পৰম্পৰাগতভাৱে পালন কৰা দেখা যায়।

Read Also: Class 10 Assamese Question Answer

ওম্ফা পূজাৰ মূল বেদীৰ সোফালে এটা হাতী বন্ধা খুটা দেখিবলৈ পোৱা যায়। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে পুৰণি কালত হয়তো এই হাতী বন্ধা খুটিটোত বলি দিবৰ বাবে অনা হাতীক বান্ধি ৰখা হৈছিল। মূল পূজা আৰম্ভ হোৱাৰ লগে লগে পূজাৰ বাবে সংগ্ৰহ কৰা নৈবেদ্যবোৰ পৱিত্ৰ কৰিবৰ কাৰণে শান্তিৰ জল ছটিয়াই দিয়া হয়।

ওম্ফা পূজা 3

ওম্ফা পূজাত মানুহে উচৰ্গা কৰা জীৱ-জন্তুবোৰ প্ৰকৃতি দেৱতাৰ উদ্দেশ্য আগবঢ়োৱা হয়। এই পূজাৰ মন কৰিবলগীয়া দিশটো হ’ল এই পূজাৰ বেদী স্থাপন কৰা দেৱতা সকলৰ ক্ষেত্ৰত বাওফালৰ পৰা সোফাললৈ ক্ৰমান্বয়ে পূজাৰ কাম আগবঢ়োৱা হয়। এই পূজাৰ বাবে আগবঢ়োৱা জীৱ-জন্তুবোৰক দা বা চুৰিৰে বলি দিয়া নহয়। ইয়াত উচৰ্গা কৰা জীৱ-জন্তুবোৰক মূল পূজাৰ বেদীত গলধনত চেপি ধৰিহে মৰিয়াই পেলোৱা হয়। এই পূজাত আগবঢ়োৱা জীৱ-জন্তুবোৰৰ তেজবোৰ মাটিৰ পাত্ৰত থৈ দেৱতাৰ উদ্দেশ্য আগবঢ়োৱা হয়।

Read Also: খেৰাই পূজা | Kherai Puja

মুঠতে চাবলৈ গ’লে ওম্ফা পূজা মূলতে আহোম সকলে অনুষ্ঠিত কৰা প্ৰাকৃতিক শক্তিসমূহৰ পূজাহে। ওম্ফা পূজাই টাইসকলৰ অতি প্ৰাচীন ধৰ্ম প্ৰাকৃতিক শক্তিৰ আৰাধনাৰ সাক্ষ্য বহন কৰি আহিছে।

আমি আশা কৰিছো ওম্ফা পূজা | Umpha Puja আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ওম্ফা পূজা সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply