তুছু পূজা | Tusu Festival
আদিবাসী জনগোষ্ঠী সকলৰ জনপ্ৰিয় উৎসৱটিৰ নাম হ’ল তুছু পূজা। আদিবাসী লোকসকলে নিজৰ পিতৃভূমিত এই উৎসৱ পালন কৰে। অসমত বাস কৰা কোল, মুণ্ডা, খাচিয়া, চাওঁতাল আদি আদিবাসী জনগোষ্ঠীৰ লোকসকলে আগৰে পৰাই এই পূজা পালন কৰি আহিছিল। তদুপৰি উৰিষ্যা, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, অন্ধপ্ৰদেশ, উত্তৰ প্ৰদেশত বাস কৰা অনুন্নত সম্প্ৰদায়ৰ চাহ-জনজাতীয় লোকসকলেও এই পূজা পালন কৰি আহিছে। আদিবাসী লোকসকলে পালন কৰি অহা উৎসৱ সমূহ হ’ল- কৰম পূজা, তুছু পূজা, হোলি, দেৱালী, দুৰ্গা পূজা, মনসা পূজা আদি। তেওঁলোকে পালন কৰি অহা এই পূজা বিলাকৰ ভিতৰত তুছু পূজা আৰু কৰম পূজাই সাৰ্বজনীনতা লাভ কৰিবলৈ সক্ষম হৈছে।

আদিবাসী লোকসকলে পৰম্পৰাগত ভাৱে পালন কৰি অহা তুছু দেৱীৰ পূজা সম্পূৰ্ণৰূপে লোক দেৱীৰ পূজা। তেওঁলোকে যদিও হিন্দুৰ প্ৰথামতে তুছুদেৱীক কালী, সীতা, দুৰ্গা, মনসা আদি দেৱীৰ লগত তুলনা কৰে, তথাপিও তুছু দেৱীৰ পূজাৰ ধৰণ-কৰণ, পৰম্পৰাগত পদ্ধতি, ৰীতি-নীতি সমূহলৈ লক্ষ্য কৰিলে এই পূজা যে সম্পূৰ্ণ লোক-সমাজৰ সু-প্ৰাচীন প্ৰথা তাক আমি সহজেই ক’ব পাৰোঁ। সেই কাৰণে কোনো কোনোৱে তুছু দেৱীৰ পূজাৰ উৎপত্তিৰ স্থল লোক-সমাজ বুলিয়ে কয়।
তুছু পূজা সম্পৰ্কে আদিবাসী লোক-সমাজখনত কিছুমান কাহিনী প্ৰচলিত হৈ আহিছে। এটা কাহিনী অনুসৰি তুছু আছিল গুজৰাটৰ কুৰ্মী ৰজাৰ দুহিতা। সেই সময়ৰ দিল্লীৰ ৰজাৰ আতিশয্যাৰ সন্মুখীন হৈ কুৰ্মী ৰজাই পাঞ্জাৱৰ বীৰবল নামৰ ৰজাৰ আশ্ৰয় ল’বলগীয়া হৈছিল। গুজৰাটৰ ৰজাৰ কন্যা তুছু আৰু বীৰবল ৰজাৰ পুত্ৰ সীতাৰামৰ মাজত দুয়োৰে সেই সময়ত প্ৰেমৰ আদান-প্ৰদান হয়। দুয়োৰে মাজৰ প্ৰেমৰ বাধা হৈ পৰে দিল্লীৰ বাদশ্বাহ। শেষত উপায় নাপাই গুজৰাটৰ ৰজা অৰ্থাৎ তুছুৰ পিতৃয়ে পলায়ন কৰিবলৈ বাধ্য হয়।এনেদৰে তেওঁ আৰু তেওঁৰ কন্যাই বিভিন্ন ঠাইত পলাই ফুৰি শেষত চাওঁতালসকলৰ মাজলৈ আহে। চাওঁতালসকলৰ মাজৰপৰা ভূমিজসকলৰ মাজলৈ আহে। ভূমিজসকলৰ মাজলৈ আহোঁতে ভূমিজৰ ৰজাই গুজৰাট ৰজাৰ কন্যা তুছু আৰু দিল্লীৰ বাদশ্বাহৰ পুত্ৰ সীতাৰামৰ মাজত বিয়া পাতি দিয়ে। বিয়াৰ কিছুদিন পিচতে তুছুৰ স্বামী সীতাৰামৰ মৃত্যু হয়। স্বামীৰ মৃত্যুৰ শোক সহিব নোৱাৰি তুছুৱে স্বামীৰ চিতাতে একেলগে আত্মজাহ দিয়ে।
সাধাৰণভাৱে চাবলৈ গ’লে তুছু দেৱীৰ কাহিনী হ’ল সতীৰ কাহিনী, প্ৰেম আৰু আত্মত্যাগৰ কাহিনী। নিজৰ জন্মভূমি ত্যাগ কৰি পলাই যাবলৈ বাধ্য হোৱা তুছুক কুৰ্মীসকলে, ভূমিজসকলে আৰু চাওঁতাল সকলে প্ৰথমতে মৰমৰ আৰু শ্ৰদ্ধাৰ চকুৰে চাবলৈ ল’লে তুছুক সতী হিচাপে। এনেদৰে পৰিৱৰ্তনশীল লোক-সমাজৰ কাৰণে সতী তুছু হৈ পৰিল তেওঁলোকৰ কাৰণে তুছু দেৱী।

তুছু পূজাত তুছু দেৱীৰ মূৰ্তি নিৰ্মাণ কৰা হয়। দেৱীৰ মূৰ্তি নিৰ্মাণ কৰোঁতে তেওঁলোকৰ লোক-সমাজৰ পদ্ধতিৰে অৰ্থাৎ বোকা মাটিৰে মূৰ্তি নিৰ্মাণ কৰি উলিওৱা হয়।তাৰ পিছত দেৱীৰ মূৰ্তিক বিভিন্ন ফুল আৰু পাতেৰে সুন্দৰভাৱে সজোৱা হয়। এনেদৰে সুন্দৰ ভাৱে মূৰ্তিটো সজাই লৈ ডেকা-গাভৰু সকলোৱে একলগ হৈ নানান ৰং-ধেমালি কৰি মূৰ্তিটো গৃহস্থৰ ঘৰে ঘৰে লৈ ফুৰে। সেই সময়ত ডেকা-গাভৰু সকলে তুছুৰ জীৱন বৃতান্তৰ গীত গায়। তুছু পূজাত ডেকা-গাভৰুসকলে তেওঁলোকৰ জাতীয় সাজ-পোছাক পৰিধান কৰি এই পূজাত অংশ লয়। মন কৰিবলগীয়া দিশটো হ’ল গাভৰুসকলে হাতত ৰুমাল বান্ধি ডেকাসকলে বজোৱা বাদ্যৰ তালে তালে নাচি-বাগি এক সুন্দৰ আৰু মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে।
Read Also: ৰং – কেৰ উৎসৱ | Rang Ker Festival
তুছু পূজা লৌকিক আচাৰ পদ্ধতি অনুসৰিয়েই অনুষ্ঠিত হোৱা প্ৰথা। যিটো প্ৰথাৰ মাজত তুছুৰ জীৱনৰ ত্যাগৰ কাহিনী ৰূপায়িত হৈ আছে। বিশেষকৈ প্ৰেম আৰু ত্যাগৰ কাহিনীয়ে সকলো সম্প্ৰদায়ৰ লোকৰেই মন আকৰ্ষণ কৰিব পাৰিছে। তুছু কুৰ্মী ৰজাৰ কন্যা হ’লেও তুছুৰ প্ৰেম আৰু সেই প্ৰেমৰ বাবে কৰা ত্যাগৰ মহিমাময়ী দেৱী ৰূপে সদায় স্থান পাব।
আমি আশা কৰিছো তুছু পূজা | Tusu Festival আপোনালোকক সহায় কৰিব। যদি আপোনাৰ তুছু পূজা সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।