টুনি চৰাইৰ কোমল তুলি | Tuni Choraior Kumol Tuli

টুনি চৰাইৰ কোমল তুলি | Tuni Choraior Kumol Tuli, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, টুনি চৰাইৰ কোমল তুলি, সাধুকথা, অসমীয়া কাহিনী, টুনি চৰাইৰ কোমল তুলিশিশুৰ বাবে কাহিনী

এসময়ত এখন ডাঠ হাবিত গছৰ ডালত কিছুমান সৰু ডাঙৰ চৰাই বাস কৰিছিল। পক্ষীবিলাকৰ মাজৰ পৰাই মইনাহতে ভাল পোৱা এটা সাধু কও শুনা।

হাবিখনত নানাধৰণৰ চৰাইৰ মাজতে কাউৰীও বাস কৰিছিল। কাউৰীবোৰ কিন্তু বৰ উৎপতীয়া। সিহঁতৰ মাতবোৰে শুৱলা নহয় গান এটাও গাব নাজানে। ওচৰৰ গছজোপাতে আছিল কিছুমান কপৌ চৰাই। কপৌ চৰাই বৰ শান্ত স্বভাৱৰ দেখিবলৈও ধুনীয়া মাতটোও বৰ কোমল। কপৌৰ কুৰুলী অৰ্থাৎ গহীনকৈ মাতি থকা মাতৰ সুৰটো শুনি বৰ ভাল লাগে।

ৰাতি পুওৱাৰ আগতে কাউৰীবোৰৰ কা কা শব্দত বাকি চৰাইবিলাকৰো টোপনি ভাগে আৰু নিজৰ নিজৰ ভাষাৰে যি সংগীতৰ সুৰ শুনাব খোজে তাৰো খেলি-মেলি হয়।

Read Also: Class 9 Assamese Question Answer

এদিন এজনী কপৌ চৰায়ে ধাননি পথাৰত ধান খাই ফুৰোতে এচপৰা মাটিত ভৰিটো লাগি বৰ দুখ পালে। ৰাতিটো বিষতে শুব পৰা নাই। যিখিনি সময়ত টোপনি আহিছিল সেই সময়তে কাউৰীৰ কা কা ৰ কোবত টোপনি ভাঙি গ’ল। বিষতে কেকাই থাকি খঙতে কাউৰীবোৰৰ দুটাক ওচৰলৈ মাতি ক’লে- 

“অ’ কাউৰী ইমান পুৱাতে কিয় কৰ কা কা,

ক’ৰবালৈ যদি যাব খুজিছ মনে মনে উঠি যা।।

ভৰিৰ বিষত শুব পৰা নাই কালিয়েই পালো দুখ।

কেকাই-গোঠাই বিছনাৰপৰা দেখিছো কলীয়া মুখ।।”

কপৌৰ কথা শুনি কাউৰীৰ বৰ খং উঠিল খঙেৰে এটা চকুৰে ঘোপাকৈ চাই কাউৰীয়ে উত্তৰ দিলে-

“তহতি দেখিবলৈহে গহীন মুখখন বৰ চোকা দেই।” এইবুলি কাউৰীয়ে খঙতে আৰু কিছুমান কাউৰী গোটাই কপৌৰ খং বঢ়াবলৈ কা কা কৰি চিঞৰিবলৈ ঢোৰা কাউৰীকো মাতি আনিলে। 

দুখপোৱা কপৌজনীয়ে খঙতে “ময়েই ইয়াৰ পৰা ক’ৰবালৈ গুছি যাওঁ তহতি কা কা কৰি চিঞৰি থাক।” এইবুলি লেঙুৰীয়াই লেঙুৰীয়াই লাহে লাহে গৈ উৰা মাৰি শিল কপৌৰ ওচৰ পালেগৈ। শিল কপৌৱে দেখি সুধিলে- 

“কপৌ ভন্টি তুমি দেখোন খোজ কাঢ়িব পৰা নাই ভৰিত কি হ’ল ? দুখ পালা নেকি ? ইসৰাম ক’ত দুখ পালা চাওঁ” বুলি শিল কপৌ ওচৰ চাপি গ’ল। 

কপৌ ভন্টিয়ে ভৰিত দুখ পোৱা কথা ক’লে। লগতে ক’লে- “ভৰিখনৰ বিষত শুবই পৰা নাই। তাতে কাউৰীৰ কি কা কা চিঞৰ। অকণো শান্তিত থাকিব নোৱাৰো। মই ভাবিছো ইয়াৰ পৰা বেলেগ ঠাইলৈ যাওগৈ নেকি।”

শিল কপৌৱে মৰম কৰি ক’লে- “ভন্টি আগতে তোমাৰ ভৰিখন ভাল কৰি লোৱাচোন। ব’লা কেইদিনমানৰ কাৰণে আমাৰ টুনি বাইদেউৰ লগতে থাকিবা। তেওঁ বৰ ভাল পাব আৰু তুমিও তাতে আৰাম কৰি থাকিব পাৰিবা।”

টুনি চৰাইৰ লগত আৰাম পাব বুলি কিয় ক’লে জানানে টুনিৰ বাহটো বৰ কোমল। গছৰ পাতেৰে ইখনৰ লগত সিখন লগাই ঠোতেৰেই বৰ ধুনীয়াকৈ অকণ অকণ মিহি মিহি খেৰেৰে কোমলকৈ তুলি কৰি বৰ আৰামত থাকে। সেইকাৰণে শিল কপৌৱে কপৌ ভন্টিক আৰামত ভৰিখনৰ দুখ নোপোৱাকৈ থাকিব পাৰিব বুলি টুনিৰ ওচৰলৈ নিব খুজিলে।

শিলকপৌৱে কপৌ ভন্টিক টুনি চৰাইৰ ওচৰলৈ লৈ গৈ টুনি চৰাইক সুধিলে-

        টুন্-টুন্-টুন্-টুন্ টুনি চৰাই

        কৰাচোন তুমি আজি আমাক সহায়।

        দুখ পাই কপৌভন্টিৰ

        বিষাই আছে ভৰি।

        থাকিবনে তোমালোকৰ 

         কোমল তুলিত পাৰি ?

         টুনিয়ে ক’লে-

থাকক থাকক আমাৰ লগতে আৰামত থাকিব পাৰিব। আমাৰ সখিয়তী বেজ আছে নহয় তেওঁ চিকিৎসা কৰি দুদিনতে ভাল কৰি দিব পাৰিব। কপৌভন্টিৰ লগত সখি পাতিও ভাল পাব।

টুনি চৰাইৰ কথামতে শিলকপৌৱে কপৌ ভন্টিক তাতে থৈ নিজৰ বাহলৈ গ’লগৈ।

এইবাৰ টুনি চৰাই কপৌ ভন্টিক থৈ বেজৰূপী সখিয়তী চৰাইৰ ওচৰলৈ গ’ল।

মইনাহত ! সখিয়তী চৰাইজনী বৰ ধুনীয়া। গাৰ ৰং হালধীয়া। হালধীয়া ডেউকাৰ তলৰ ফালে অকণ অকণ ক’লা। 

মূৰটোও ক’লা ৰঙৰেই। সখিয়তীয়ে বাহত বহি সখি ঔ সখি ঔ বুলি মাতি থাকোতেই টুনি চৰাই গৈ কপৌ ভন্টিয়ে ভৰিত দুখ পোৱা কথাটো জনালে, আৰু ভৰিৰ বিষতে কেকাই থকা বুলিও ক’লে। লগতে এইটোও জনালে যে কপৌভন্টিক টুনি চৰায়ে কোমল তুলিত শুৱাই থৈছে। লগতে বেজ সখিয়তীক কিবা এবিধ ঔষধ দিবলৈও অনুৰোধ কৰিলে।

সখিয়তীয়েতো সখি বিচাৰিয়েই ফুৰে য’তে বহে তাৰে পৰাই মাতে সখি ঔ সখি ঔ। শিলকপৌৰ কথাখিনি শুনি সখিয়তী কপৌ ভন্টিক চাবলৈ টুনি চৰাইৰ বাহলৈ গ’ল। কপৌৱে ভৰিখনত কেনেকে কিমান দুখ পালে মনদি চালে। কপৌক বেজ সখিয়তীয়ে আশ্বাস দিলে-

“কপৌ সখি ! চিন্তা নকৰিবা আমাৰ সকলোৰে ৰক্ষা কৰোতা ফেচু চৰাই আছে নহয়। মই তোমাৰ ওচৰলৈ ফেচু সখিক লৈ আহিম।।”

কপৌ ভন্টিয়ে ক’লে- (এতিয়া কপৌ সখিয়তীৰ সখি) “সখি ফেচু পক্ষী দেখোন একেবাৰে অকণমানি তেওঁনো কিবা কৰিব পাৰিবানে ?”

সখিয়তীয়ে উত্তৰ দিলে-

“এ কপৌ সখি, ফেচু দেখাতহে সৰু তাৰ সাহ আৰু আত্মবিশ্বাস বহুত বেছি। তেওঁ নোৱাৰা কাম একোৱেই নাই। তোমাৰ বাবে ঔষধো নিজেই গোটাই আনিব। কাউৰীবিলাকে যেতিয়া আমাৰ বাহৰ অকণমানি চৰাই মইনাবোৰ খাবলৈ আহে তেতিয়া ফেচু সখিয়েহে খেদিব পাৰে।”

কপৌৱে শুনি বৰ ভাল পালে যে ফেচু ককায়ে তেওঁৰ ভৰিখনো তেনেহ’লে ভাল কৰিব পাৰিব। 

Read Also: সাধুকথা: কাঞ্চনী | Hadhu Kotha: Kanchoni

কপৌ সখিক ভাল হোৱাৰ আশ্বাস দি সখিয়তী বেজ গ’লগৈ, তেওঁ ফেচু পক্ষীৰ ঘৰলৈ যাব বুলি ভাবোতেই গৈ থাকোতে বাটতে ফেচু সখিক লগ পালে আৰু বাটতে ৰখাই কপৌৱে দুখ পোৱা ঘটনাতো জনালে এনেকৈ-

          “ফেচু সখি ফেচু সখি কথা এটা শুনা,

          বেজৰ বেজালী কাম তুমিয়েই জানা।

          ভৰিত পাইছে দুখ কপৌ সখিয়ে,

          মৰমেৰে ৰাখি থৈছে দয়াল টুনিয়ে।

          টুনিৰ কোমল তুলিত কপৌক শুৱাই,

          বিচাৰি ফুৰিছো আমি বেজৰ সহায়।”

ফেচু ককাই সখিয়তীৰ লগতে টুনি চৰাইৰ বাহলৈ গৈ কপৌৰ দুখ পোৱা ভৰিখন লৰাই-চৰাই চালে আৰু ভাল হৈ যাব বুলি আশ্বাস দিলে। সখিয়তীকো কথাটো জনাই হাবিৰ মাজলৈ ঔষধি হাড় জোৰা লগা লতা বিচাৰি গ’ল।

মইনাহত হাড় জোৰ লগা এবিধ লতা আছে। পাত নাই গাঠি গাঠি আছে। সেইডাল আমাৰ আঙুলিত হাড় ভাঙিলে হাড়ডাল জোৰা লগাই দিব পাৰে। ভঙা আঙুলিটোত ভালকৈ বান্ধি দিব লাগিব। তাৰমানে সেইটো ঔষধ অকল আমিয়েই নহয়, পক্ষীয়েও জানে।

ফেচু পক্ষীয়ে হাড় জোৰা লতা বিচাৰি যাওঁতে যিমানবিলাক পোক পৰুৱা বাটত পালে তপৰ তপৰকৈ খাই বেচ শকত-আবত হৈ পৰিল।

এডাল সোণাৰু গছত দেখিলে সেই হাড় জোৰা লতাডাল বগাই আছে। সোণাৰু জোপাত সোণৰ নিচিনা হালধীয়া ফুলৰ থোপাবোৰ ওলমি আছিল। তাৰ কাষে কাষে ঘূৰি ফুৰা সৰু সৰু মৌ-মাখিবিলাক ফেচুৱে খাই ভোক পলুৱাই ল’ল। কিন্তু আচল কথাটো পাহৰা নাই হাড় জোৰা লতাডালৰ এটুকুৰা ঠোটেৰে ভাঙি মুখত লৈ টুনি চৰাইৰ কোমল তুলিত পৰি থকা কপৌ ভন্টিৰ ওচৰ পালেগৈ। কপৌৰ ভৰিৰ বিষৰ কেকনি শুনি ফেচু-সখিৰ বৰ বেয়া লাগিল। সখিয়তীক মাতি আনি কপৌৰ দুখ পোৱা ভৰিখনত হাড় জোৰা লতাডাল মেৰিয়াই দিয়ালে। ফেচু ককাই বেজৰ বেজালী ঔষধ দি গপচত বুকু ফিন্দাই টুনিৰ বাহৰপৰা উৰা মাৰিলে।

টুনি বাইদেউ কপৌৰ ওচৰতে কোমল তুলিত বহি কপৌক আহাৰৰ যোগান ধৰিলে। দুদিনৰ পিছতে কপৌ ভন্টিয়ে ভৰিৰ বিষ ভাল পাই আহিল। ওচৰে-পাজৰে থকা সকলো পক্ষীয়ে কপৌ ভন্টিক খোৱাৰ যোগান ধৰিলে। সকলোৰে সহায়-মৰমত কপৌ ভন্টি টুনি বাইদেউৰ কোমল তুলিৰো মজা ল’লে। সুস্থ হৈ উঠি কপৌৱে সকলোকে বিশেষকৈ টুনি চৰাইক ধন্যবাদ জনালে। কপৌ নিজৰ বাহলৈ যোৱাৰ আগদিনা শিলকপৌ, টুনটুনি, ফেচুককাই আটাইবিলাকে নিজৰ নিজৰ সুৰেৰে সংগীত সন্ধিয়া পাতিলে। কপৌ ভন্টিয়ে সকলোকে আন্তৰিক ধন্যবাদ জনাই নিজৰ বাহলৈ গ’লগৈ।

গধুলি কাউৰী বাহলৈ আহোতে দেখিলে যে কপৌ বাহলৈ আহিল, ওচৰ চাপি গৈ খবৰ ল’লে-

“কপৌ তুমি ক’ত আছিলাগৈ

 গ’লনে তোমাৰ খং।

“কপৌ ! তোমাক নেদেখি বৰ বেয়া লাগিছিল। সদায় আমি তোমাৰ বাহটোকে চাওঁ। ভাল বেয়া থাকিলেও নাথাকিলেও আমি আটাইবিলাক পক্ষীয়েই নহয়জানো ?”

কাউৰীৰ কঠুৱা মাতেৰে কোৱা কথাকেইষাৰ কপৌৱে শুনি বৰ ভাল পালে আৰু কাউৰীক উত্তৰ দিলে-

“মই ভৰিত দুখ পালো। শিল কপৌৱে নি টুনি বাইদেউৰ কোমল তুলিত আৰাম কৰিবলৈ দিলে সখিয়তীয়ে ফেচু বেজক বিচাৰি আনি ঔষধ দিয়াতহে ভাল পালো। মই ভাল পাই উঠা দেখি সকলো পক্ষীয়ে সংগীতৰ মেহফিলো পাতিলে। এতিয়া ভালেই।”

মইনাহত দেখিলানে কপৌৱে ভৰিত দুখ পাওঁতে কিমান চৰায়ে সহায় কৰিলে ? মানুহৰ দৰে পশু পক্ষীৰো উপকাৰ বা পৰোপকাৰ মৰম দয়া সহানুভূতিৰ ভাব নিহিত হৈ আছে। তোমালোকেও সৰুৰে পৰাই এইকেইটা গুণ চৰিত্ৰত সুমুৱাই মিলাপ্ৰীতিৰে মনোভাব গঢ়ি তুলিবাহক দেই।

ৰোম দেশৰ সাধু

(ভাল কামৰ ভাল ফল)

এসময়ত ৰোম দেশত কিছুমান বৰ নিষ্ঠুৰ মানসিকতাৰ মানুহ আছিল। দুখীয়া মানুহৰ ল’ৰাবোৰ ঘৰত কাম কৰিবলৈ কিনি আনিছিল আৰু কামত অকণমান দোষ পালেই কঠোৰ শাস্তি দিছিল। খোৱা আহাৰৰো আধাহে দিছিল। কেতিয়াবা খঙাল গৃহস্থই বন কৰা ল’ৰাবোৰক কামত আসোঁৱাহ পালে বাঘ, সিংহৰ গড়াললৈ সুমুৱাই দিছিল। নিজে কাম কৰিব নোৱাৰিলে শাস্তি দিয়েই আকৌ বাঘ সিংহয়ো আকুহি-বাকুহি কামুৰিবলৈ সিহঁতৰ মাজলৈ এৰি দিছিল। 

এবাৰ এটা ঘটনা ঘটিল। এইটোও সাধুৱেই।  ভাল কাম কৰিলে ভাল ফল ভগৱানে দিবই। তাৰে প্ৰমাণ এই সাধুটো। এঘৰ মানুহৰ ঘৰত এটা বন কৰা ল’ৰা আছিল। তাৰ নাম আছিল এনদ্ৰক। এনদ্ৰক দেখাত বৰ ধুনীয়া আৰু শান্ত স্বভাৱৰ আছিল। ঘৰৰ অৱস্থা একেবাৰে বেয়া সেইকাৰণেই মানুহৰ ঘৰত বন কৰা হিচাপে থাকিবলৈ গৈছিল। গৃহস্থ ঘৰে টকা দি তাক কিনি লৈছিল।

এনদ্ৰকৰ গৃহস্থ বৰ খঙাল আৰু উগ্ৰ স্বভাৱৰ আছিল। সি কৰি থকা কামবোৰৰ মাজতে একোটা দোষ উলিয়াই তাক খুব মাৰ ধৰ কৰিছিল। গৃহস্থই নিজে ভাল ভাল বস্তুবোৰ খাই তাক বেয়াবোৰ খাবলৈ দিছিল।

এইদৰে একোটা সৰু কথাতে মাৰ খাই বেচেৰা এনদ্ৰকৰ গাল, হাত-মুখ উখহি পৰিছিল। লাহে লাহে তাৰ অসহ্যকৰ অৱস্থা হ’ল। এদিন এনদ্ৰকে মনে মনে ওচৰৰে হাবি এখনত লুকাই থাকিবলৈ গুচি গ’ল। হাবিখনত লুকাই থকা ঠাই বিচাৰি ফুৰোতে এটা গুহা দেখা পালে। তাতে ৰাতিটো কটাব পাৰিব বুলি ভাবি গুৱাটোলৈ সোমাই গ’ল। গুহাৰ ভিতৰত কিছুমান হাড়-মূৰ পৰি থকা দেখি সেইবোৰ আতৰাই বাহিৰলৈ ঠেলি তাতে টোপনি যাবলৈ শুই পৰিল। এনদ্ৰকৰ খুব ভয় লাগিছিল। বেচেৰা সৰু ল’ৰা মাক-দেউতাকৰ লগত থাকিব লাগিছিল অৱস্থাই তাৰ সেই দশা কৰিছে। ভয়তে এনদ্ৰকে ভগৱানক প্ৰাৰ্থনা কৰিলে-

         “ভগৱান আৰু মোক কষ্ট নিদিবা,

         ইয়াতেই থাকো মই লগতে থাকিবা।।

         কিমান সহিম মই গৃহস্থৰ কোব,

         তুমিহে দয়ালু প্ৰভু দয়া কৰা মোক।”

এনদ্ৰকৰ টোপনিটো আহো আহো হওতেই দূৰৈত শুনিলে কিবা এটাই গুজৰি-গুমৰি তাৰ গুহাটোৰ ফালে আগবাঢ়ি অহা যেন পালে। সি ভগৱানক ভাবি সাহসেৰে গুহাৰপৰা ভুমুকি মাৰি চাই দেখিলে এটা সিংহ লেঙুৰীয়াই লেঙুৰীয়াই তাৰ গুহাটোৰ ফালে আহি ওচৰ পালেহি। এনদ্ৰকে আকৌ একান্ত ভক্তি ভাবেৰে ভয়ে ভয়ে ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। সিংহটোৰ কাষ চাপি এনদ্ৰকে দেখিলে যে সিংহটোৰ ভৰিৰ তলুৱাত ডাঙৰ এডাল কাইটনে হুল সোমাই ভৰিখনৰ পৰা তেজ ববলৈ ধৰিছে।

এনদ্ৰকে গৈ মৰমেৰে সিংহৰ গাত হাত ফুৰাই বহুৱাই দি আলফুলকৈ সিংহটোৰ ভৰিৰ পৰা হুলডাল উলিয়াই দিলে। ওচৰতে থকা বন এবিধ আনি হাতেৰে মহাৰি সেই তেজ ওলোৱা ঠাইত লগাই দিলে। সিংহটোৱে আৰাম পাই অকণমান টোপনিও মাৰিলে। সিংহৰ উগ্ৰ স্বভাৱ বুলি সকলোৱে জানাহক কিন্তু উগ্ৰ স্বভাৱকো মৰমেৰে নাইকিয়া কৰিব পাৰি। তাকেই আমি এনদ্ৰকৰ আৰু সিংহৰ মাজৰ ব্যৱহাৰৰ পৰাই বুজিব পাৰিলো। এনদ্ৰকে সিংহটোক গুহাৰ ভিতৰলৈ ধৰি নিলে। দুদিনৰ পিছত সিংহ লাহে লাহে এনদ্ৰকৰ সহায় লৈ খোজ চলাব পৰা হ’ল। এনদ্ৰকে হাবিৰ পৰা যি পাই ফল আদি আনি সিংহক খাবলৈ দিয়ে সি নিজেও খায়। এনদ্ৰক কেইবাদিনো কোব নোখোৱাকৈ সিংহৰ লগত আৰামত থাকিল। এনদ্ৰকৰ মৰম আবদাৰ পাই সিংহৰ খং একেবাৰে নোহোৱা হ’ল।

এদিন এনদ্ৰকৰ হাবিৰ পৰা অকণমান বাহিৰলৈ ওলাবৰ মন গ’ল। সি গৈ এখন বজাৰত বস্তুবোৰ চাই ঘূৰি ফুৰোতে তাৰ গৃহস্থই দেখা পালে। ওচৰলৈ গৈ এনদ্ৰকৰ হাতখনত ধৰি থাচ থাচকৈ দুই গালত চৰিয়াবলৈ ধৰিলে। তাৰপৰা ধৰি নি কাৰাগাৰক সুমুৱাই দিলেগৈ।

গৃহস্থই খং সামৰিব নোৱাৰি এনদ্ৰকক তাৰপৰা আনি হাতত এখন সৰু তৰোৱাল দি ভোকাতুৰ সিংহৰ গড়ালত সুমুৱাই দিলে। সিংহৰ লগত এনদ্ৰকৰ যুদ্ধ আৰম্ভ হ’ল। বজাৰখনৰ চাৰিওফালে ঘূৰি ফুৰা মানুহবোৰে থৰ হৈ চাই থাকিল ‘কিজানিবা ল’ৰাটোক সিংহটোৱে খায়েই পেলায়।’ বহুত মানুহৰ কোমল ঋদৈ গলি চকুপানীও ওলাল। তাৰে কিছুমানে চিঞৰ-বাখৰো কৰিলে।

লাহে লাহে দেখোন সিংহটোৰ গোজৰণী কমি আহিল। হঠাতে সিংহটোৱে এনদ্ৰকক সেৱা জনোৱাৰ দৰে বহি পৰিল। সিংহটোৰ কাণ্ড দেখি তাত গোট খোৱা সকলো মানুহ আচৰিত হৈ চাই থাকিল। আনন্দতে কোনোবাই কান্দিয়েই দিলে। কিছুমানে আনন্দত হাত চাপৰি মাৰিবলৈ ধৰিলে।

ঘটনাটো হ’ল কি জানা ?

এনদ্ৰক যেতিয়া গৃহস্থৰ অত্যাচাৰত হাবিত লুকাই এটা গুহাৰ ভিতৰত আছিলগৈ তেতিয়া এই সিংহটোৰ ভৰিৰ হুল এনদ্ৰকেই মৰমেৰে উলিয়াই দি বনষৌধেৰে তাৰ ভৰি ভাল কৰি দিছিল। তিনিদিন লগত ৰাখি সিংহৰ শুশ্ৰূষাও কৰিছিল। 

গৃহস্থই গড়ালৰ ভিতৰত সুমুৱাই দিয়া ল’ৰাজনেই সেই সিংহটোৰ উপকাৰীজন বুলি চিনি পাই হিংসাৰ ভাব পৰিহাৰ কৰি খং দমন কৰি উপকাৰী এনদ্ৰকক বহি সন্মানহে জনালে।গড়ালৰ পৰা সুস্থ অৱস্থাৰে এনদ্ৰকক ওলাই অহা দেখি তাক সকলোৱে মৰম কৰি আকোঁৱালি ল’লে।

এই কাণ্ডটো গৈ ৰোম দেশৰ ৰজাৰ কাণত পৰিলগৈ আৰু এনদ্ৰকক ৰাজ দৰবাৰলৈ লৈ যাবলৈ আদেশ দিলে।

ৰাজ দৰবাৰত বিৰাট সভা বহিল। ৰজাই এনদ্ৰকক ওচৰলৈ মাতি নি সুধিলে-

“তুমি কি বুদ্ধিৰে সিংহৰ মুখৰপৰা বাচিলা ?”

: সেই সিংহটোৰ ভৰিত এডাল ডাঙৰ হুল সোমাই তেজ ওলাই আছিল, মই মৰম কৰি বহুৱাই হুলডাল উলিয়াই দি তেজ বন্ধ হ’বলৈ বন পাতৰ ঔষধো লগাই দিছিলো।”

: সিংহটোক তুমি কেনেকৈ ক’ল লগ পাইছিলা ?

: মই গৃহস্থৰ অত্যাচাৰ সহিব পৰা নাছিলো, চৰ খাই গাল ফুলি আছিল ইফালে ভালকৈ খাবলৈও নিদিয়ে, তেতিয়া গালৰ বিষ সহ্য কৰিব নোৱাৰি হাবিত লুকাই আছিলোগৈ তেতিয়া সেই সিংহটোৰ গড়ালতে মই আছিলো। তাৰ ভৰিত হুল তেতিয়াই সোমাইছিল তাৰ লগতে দুদিন থাকি তাক খোৱা বস্তু দি সহায় কৰিছিলো। সি দুদিনৰ পিছত মোৰ সহায় লৈ খোজ কাঢ়িব পৰা হ’ল। 

: তুমি সিংহৰ গড়াললৈ সুমুৱাই দিওঁতে ভয় কৰা নাছিলা নেকি ?

: ভয় লগা নাছিল ! মই ভাবিছিলো এনেকুৱা নিষ্ঠুৰ গৃহস্থৰ ঘৰত থাকি শাস্তি ভোগাতকৈ সিংহৰ কামোৰত মৰাই ভাল।

ৰজাৰ বৰ বেয়া লাগিল। এনদ্ৰকক পিঠিত হাত ফুৰাইমৰম কৰিলে। সেই ৰাজসভাত উপস্থিত থকা সকলো মানুহকে শুনাই দিলে “আজিৰ পৰা এনদ্ৰক কাৰো ঘৰত বন কৰা ল’ৰা হৈ থাকিব নোৱাৰে। সি মুকলিমুৰীয়া হৈ মোৰ ৰাজ্যতে থাকিব পাৰিব।”

লগে লগে এনদ্ৰকক ৰখা সেই গৃহস্থজনকো ক’লে আৰু যেন তেওঁ এনদ্ৰকক ঘৰত থাকিবলৈ নিনিয়ে।

বেচেৰা এনদ্ৰকে সিংহটোক উপকাৰ কৰি থোৱাৰ বাবে আৰু ভগৱানৰ প্ৰতি একান্ত ভক্তি বিশ্বাস থকাৰ বাবেই ইমান ডাঙৰ বিপদৰ পৰা সি ৰক্ষা পৰিছিল। তাৰ সততাৰ বাবেই ৰজাৰো অনুগ্ৰহ লাভ কৰিছিল।

কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। টুনি চৰাইৰ কোমল তুলি এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। টুনি চৰাইৰ কোমল তুলি এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে টুনি চৰাইৰ কোমল তুলি এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply