সাধুকথা: তুলা আৰু তেজা | Tula Aru Teja Hadhu Kotha

সাধুকথা: তুলা আৰু তেজা | Tula Aru Teja Hadhu Kothaবুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: তুলা আৰু তেজা, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: তুলা আৰু তেজাশিশুৰ বাবে কাহিনী

এটা চহকী খেতিয়কৰ দুজনী ঘৈণীয়েক আছিল; বৰজনী এলাগী, সৰুজনী লাগী। এলাগীৰ এজনী ছোৱালী আৰু এটি ল’ৰা, নাম তেজা আৰু কানাই। লাগীৰ মুঠেই এজনী ছোৱালী নাম তুলা ৷ তুলা তেজাতকৈ বয়সে ডাঙৰ আছিল। লাগীজনীয়ে এলাগীৰ আৰু তাইৰ ল’ৰাটোক আৰু ছোবালীজনীক বৰ দুখ দছিল। তিৰোতাসেৰুৱা গিৰীয়েকেও লাগীৰ ভয়ত সিহঁতক মৰম কৰিব নোৱাৰিছিল। সিহঁতে ভাল খাব-পিন্ধিবলৈ নাপায়, ৰাতিপুৱা তেজা আৰু কানায়ে কৰ্কৰা পঁইতা ভাত এগাল খাই গৰু ৰখিবলৈ গুচি যায়, কিন্তু তুলাই মাকে সৈতে তিনি তেলনি মাৰি খায়, ভাল কাপোৰ-কানি পিন্ধি মহা সুখে থাকে। গিৰীয়েকে হাল-কোৰ বাই দুপৰীয়া ঘৰলৈ আহিলে লাগি সৰুজনী ঘৈণীয়েকে গিৰীয়েকক তপত ভাত, তৰ্গত আঞ্জা, নানা ৰকমৰ ভজা, খৰিকাত দিয়া আদি খাবলৈ দি আল ধৰে; কিন্তু কেতিয়াবা এলাগীয়ে গিৰীয়েকক কাবৌকোকালি কৰি খাবলৈ মাতি নি নিজৰ ভঙা চালিত পঁইতা ভাত, পোৰা মাছ খাবলৈ দিয়ে আৰু গিৰীয়েকে লাগীৰ ভয়ত লুকাই-চুৰকৈ খায় আৰু তৃপ্তি পায়। বাস্তৱিকতে দুপৰীয়া হাল-কোৰ বাই তাৰ পঁইতা ভাত, পোৰা মাছ যেনে ভাল লাগে, লাগীৰ তপত ভাত, তপত আঞ্জা তেনে ভাল নালাগে। লাগীয়ে দেখিছে যে লাহে লাহে গিৰীয়েকে পথাৰৰ পৰা আহি এলাগীৰ ঘৰত ভাত খোৱাটে। বাঢ়ি আহিবলৈ ধৰিছে। সেইদেখি তাই এলাগীক কেনেকৈ গিৰীয়েকৰ চকুৰ পৰা আঁতৰাব, এই কথা ভাবিবলৈ ধৰিলে। 

এদিন লাগীয়ে এলাগীক জকাই বাবলৈ মাতি লৈ গ’ল। লাগীৰ জকাইত কেঁকোৰা, কুচিয়া, আঙুলিচেপা আদি উঠিল, এলাগীৰ জকাইত কুঢ়ি, চেনি লাচোন, ভাঙোন আদি ভাল ভাল মাছ উঠিল। এনে হোৱা দেখি এলাগীৰ ওপৰত লাগীৰ নথে খং উঠিল। কজাই বাই উঠি দুয়ো গা ধুবলৈ বুলি এটা বৰপুখুৰীৰ দলঙত বহিল। লাগীয়ে এলাগীক ক’লে– “বাই, মোৰ পিঠিখন ভালকৈ হি দিয়া, বোকা আৰু মলিৰে টাটৰি বান্ধিছে। মোৰ ঘঁহা হৈ গ’লে তোমাৰ পিঠিখনো মই ঘঁহি দিম।” লাগীৰ কথা শুনি এলাগীয়ে লাগীৰ পিটি ঘঁহি দিয়াৰ পিছত লাগীয়ে এলাগীৰ পিঠি ঘঁহিবলৈ ধৰিলে আৰু ঘঁহি থাকৌতেই “বৰকাছ হগৈ” বুলি তাই মন্ত্ৰ মাতি এলাগীক হেঁচা মাৰি পুখুৰীত পেলাই দিলে। তাৰ পিছত এলাগীৰ জকাইখন তাই গচ্‌কি ভাঙি হাবিলৈ দলিয়াই পেলাই দি ঘৰলৈ গুচি আহিল। এই কথা কোনেও নেদেখিলে, কোনেও নেজানিলে। মাকক নেদেখি এলাগীৰ ল’ৰা-ছোৱালীহালে সুধিলে– “মাহী, মাহী, আমাৰ আই ক’লৈ গ’ল দেখিছিলা নে?” মাহীয়েকে সিহঁতক জোকোৰা মাৰি ক’লে– ‘মই কেনেকৈ ক’ম? তহঁতৰ মাৰ ক’লৈ যায় কিবা মোক সুধি যায়নে?” গিৰীয়েকেও লাগীৰ ভয়ত এলাগীৰ বৰকৈ বিচাৰ নকৰিলে। সি ভাবিলে তাই ক’ৰবাত কিবা হৈ মৰিল। ল’ৰা-ছোৱালীহালে মাকক বিচাৰি বিচাৰি ক’তো নাপাই কান্দি-কাটি থাকিল। পিছদিনা পুৱা সিহঁতে নিয়মমতে গৰু ৰখিবলৈ গ’ল, কাৰণ, নগৈ বহি থাকিলে লাগীৰ হাতত সিহঁতে গালি আৰু মাৰ খাব লাগিব।

Read Also: সাধুকথা: এটা বলী মানুহ | Hadhu Kotha: Eta Boli Manuh

এইদৰে সিহঁতে মাকক বেজাৰত ক্লন্দি-কাটি গৰু ৰখি ফুৰোতে এদিন ৰ‘দত সিহঁতৰ বৰ পিয়াহ লাগিল, সেই বৰপু, পৰা পানী খাবলৈ গ’ল। ভৰ দুপৰীয়া সকলো নিমাত আৰু পুখুৰীৰ পাৰ নিজান। এনেতে সিহঁতৰ মাক বৰ কাছজনীয়ে পানীৰ পৰা বামলৈ উঠি আহি সিহঁতক মাতিলে– “মোৰ মইনা তেজা আৰু কানাই, মাহীয়েৰে মোক ইয়াতে গতা মাৰি পেলাই বৰ কাছ হ বুলি বৰ কাছ কৰি গুচি গ’ল। তহঁতৰ মুখ শুকাই আছে, তহঁতে একো খোৱা নাই। মই জলকুঁৱৰীৰ পৰা পৰমান আনিছোঁ, তহঁতে কচুপাত দুটা ছিঙি আনি এই পৰমান খা। কিন্তু এই কথা তহঁতে কাকো নক’বি। মাহীয়েৰে গম পালে মোক মাৰি পেলাব। দিনৌ দুপৰীয়া মই তহঁতক পৰমান খাবলৈ দিম, তহঁতে আহি এইদৰে খাই যাবিহি।” মাকৰ কথা| শুনি দুয়ো কচুপাত দুটা ছিঙি আনি পাতি এই পৰমান খাই গৰু চৰাই অঁতাই ঘৰলৈ গুচি আহিল। সিহঁতে নিতৌ পৰমান খাই চিকুণ হৈ উঠিল। মাহীয়েকে সিহঁতৰ খ্ৰী দেখি ভাবিলে, “মই ইহঁতক ভালকৈ খাবলৈ নিদিওঁ, অথচ ইহঁত দিনে দিনে চিকুণ হৈহে আহিছে। ইহঁতৰ মুখৰ বৰণ কেঁচা সোণ যেন হৈছে। 

মোৰ তুলাক ইমানকৈ খুৱাওঁহে খুৱাও তেওঁ দেখোন তাই এনে হ’বনোৱাৰে। ক’ৰবাত কিবা খায়।” ইয়াকে ভাবি তাই পিছদিন৷ তুলাক সিহঁতৰ লগত গৰু চৰাবলৈ পঠিয়াই দিলে, তেজা আৰু কানায়ে ক’ত কি খায় চাই থাকিবলৈ মনে মনে শিকায়ে৷ দিলে। সেইদিনা তেজা, কানাই আৰু মাক বৰ কাছ মহা আহুকালত পৰিল; কাৰণ, তুলাই তেজা আৰু কানাইৰ লগকে নেৰে। তেজাই এবাৰ বুধি কৰি তুলাক দূৰৰ পৰা এটা গৰু খেদি আনিবলৈ ক’লে, তুলাই গৰুটো খেদি আনিবলৈ গ’ল। তুলা আঁতৰি গ’লে তংক্ষণাৎ বৰ কাছজনী ওলাই সিহঁতক দুয়োকে| খাবলৈ দি গুচি গ’ল আৰু সিহঁতে লৰালৰিকৈ খাই পাত দুখন দলিয়াই পেলালে। ঠিক এনে সময়তে তুলাই দূৰৰ পৰা সিহঁতে: কিবা খোৱা যেন দেখি লৰি আহি ক’লে– “তহঁতে কি খালিহঁ ক, মই কাবৌকৈ ‘ মাতিছোঁ, মোক দে।” তুলাৰ কাবৌ এৰাব নোৱাৰি সিহঁতে তুলাক ক’লে-“ম্নাৰুতো একো নাই, বাৰু তই সেই পাতখনকে চেলেক,; কিন্তু এই কথা মাৰৰ আগত নক’বি, ক’লে আৰু তোক কেতিয়াও খাবলৈ নিদিওঁ।” তুলাই পাত দুখন বুটলি আনি চেলেকিবলৈ ধৰিলে। সেইদিন৷ তুলা ঘৰলৈ উভতি আহিল মাকে তুলাৰো মুখখন পকা সুমথিৰা টেঙাটো যেন হৈ অহা দেখি বুজিলে যে তায়ো সিহঁতৰ লগতে আজি কিবা খালে। তুলাক মাকে লৰালৰিকৈ ভিতৰলৈ মাতি নি সুধিলে– “সিহঁতৰ লগত তই কি খালি ক?” তুলাই কোনোমতে নকয়, শেহত মাকে তাইৰ চকুত মৰিস স৷নি দিবৰ ভয় দেখুৱালে তাই সৈ কাঢ়ি সকলো কথা কৈ দিলে। মাকে তেতিয়া বুজি উঠিল যে বৰকাছ হোৱা তাইৰ সতিনীয়েকেহে পুতেক-জীয়েকক কিবা খাবলৈ দিয়ে। ইয়াকে বুজি তাই বৰকাছজনী মাৰিবলৈ বুধি পাতিলে। তাই শোৱাপাটীৰ তলত খোলাকটি কিছুমান থৈ তাইৰ নৰিয়া হৈছে বুলি শুই থাকিল। গিৰীয়েকে কি হৈছে বুলি তাইক সুধিলে, তাই উস্‌-আস্‌ কৰি ইকাতি-সিকাতি কৰে আৰু খোলাকটিবোৰ মেষম্ৰোই উঠে। গিৰীয়েকে অনেককৈ সুধিলে তাই ক’লে–“”উস্‌! মোৰ বৰ নৰিয়া। মোৰ হাড়ে মূৰে ভাঙি যাবলৈ ধৰিছে। মোৰ প্রাণ যাব।” ঘৈণীয়েকৰ অৱস্থা দেখি গিৰীয়েকে বৰ ভয় খাই মংগলতী বুঢ়ীক মাতি আনি, ঘৈণীয়েকৰ নৰিয়া কি কৰিলে ভাল হ’ব সুধি মংগ্‌ল চোৱালে। মংগলতীক লাগীয়ে আগেয়ে ৰূপবান খুৱাই শিকাই থৈছিল যে “তোক মোৰ গিৰিহঁতে মংগল চাবলৈ মাতিলে তই ক’বি যে বৰপুখুৰীত থকা বৰকাছজনী মাৰি খুৱালেই মোৰ নৰিয়া ভাল হ’ব।” মংগলতীয়ে সেই শিকনিমতেই মংগল চাই ক’লৈ গিৰীয়েকে সকলে ৰাইজক বৰপুখুৰীৰ কাছজনী ধৰি দিবৰ নিমিত্তে ভাৰস| কৰি ক’লে। ৰাইজে সন্মত হৈ পল’, জুলুকি, জাল লৈ কাছ ধৰিবলৈ আহিল। ৰাইজ অহাৰ আগেয়েই এই কথা ভু পাই ল’ৰা-ছোৱালীহালে মনে মনে কান্দি-কাটি মাক বৰকাছক সেই বাতৰি ক’লে মাকে সিহঁতক ক’লে– “মই কাৰো জাল-পলত নমৰো। সিহঁতে যেতিয়া মোক ধৰিব নোৱাৰি ভাগৰি উঠি যাব, তেতিয়া তহঁতে ভগা জকাই এখন লৈ আহিবি, মই তাতে উঠিম। কিন্তু মোক মাৰি যেতিয়া মোৰ মঙহ ৰান্ধি তহঁতক খাবলৈ দিব, তহঁতে নাখাবি; তহঁতে সেইদিনা তেল-খাৰণীৰে ভাত খাই থাকিবি। মোৰ আগহাতোৰা দুটা তহঁতে কাছ বাছোঁতাক খুজি লৈ এই পুখুৰীৰ পাৰতে পুতি থবি, তাতে মই এজাপা জৰা ফুলৰ গছ হৈ থাকিম।” সেয়ে তহঁতক দুখত তাৰিব।” এইবুলি সিহঁতক বুজনি দি মাকে পঠিয়াই দিলে। 

কাছ ধৰিবৰ মনেৰে গঞা মানুহে গৈ পুখুৰীত নামিল। পল’, জুলুকি, জাল বাই পানী ঘোলা কৰিলে, কিন্তু কোনেও কাছ ধৰিব নোৱাৰিলে৷ শেহত ভাগৰি সকলো পাৰত উঠিল তেজা আৰু কানায়ে ভগা জকাই এখন লৈ গৈ ৰাইজক ক’লে যে “আমি এই জকাইৰেই কাছ ধৰি দিব পাৰোঁ।” ৰাইজে সিহঁতৰ কথা শুনি হাঁহি খিকিন্দালি মাৰি ক’লে– “বাৰু অ’, ভেটোগুটি দুটাই কাছ ধৰে হেনো! বাৰু ধৰচোন চাওঁহঁক।” ইয়াৰ পিছত তেজাই জকাইখনেৰে দুচাব কি , , চাৰি চাব মাৰিলে কাছ জকাইত উঠিল। ৰাইজে দেখি আচৰিত মানিলে। 

ইফালে লাগীয়ে যেতিয়াই সেই বৰকাছ ধৰা পৰিছে বুলি শুনিলে, তেতিয়াই গা ভাল পাইছোঁ বুলি শোৱাপাটীৰ পৰা উঠি বহিল। বৰকাছজনী চোতালত পেলাই কাটি থাকোঁতেই ল’ৰা-ছোৱালীহালে কাছ কাটোতাক খুজি আগ হাতোৰা দুটা লৈ মনে মনে পুখুৰীৰ পাৰত পুতি থলেগৈ। সকলোৱে কাছৰ আঞ্জাৰে ভাত খালে, কিন্তু তেজা আৰু কানায়ে ভাতৰ পাতৰ তলত গাঁত খান্দি লৈ সেইবোৰ পুতি থৈ তেল-খাৰণী খুজি লৈ তাৰে ভাত খাই উঠি আহিল। 

সিহঁতে পুখুৰীৰ পাৰত য’ত সেই হাতোৰা দুটা পুতি থৈছিল, তাতে এজোপা জৰাটেঙা আৰু এজোপা জবা ফুলৰ গছ হ’ল। জবা গছজোপা সুন্দৰ মনোমোহা জবা ফুলেৰে জক্‌মকাবলৈ ধৰিলে আৰু জৰাজোপাতো সুন্দৰ জৰাটেঙা উপচি লাগিল। তেজা আৰু কানায়ে নিতৌ গৰু চৰাবলৈ গৈ সেই গছ দুজোপাৰ তলতে বহি জিৰাই মাকৰে সৈতে কথা পাতি থাকে। 

এদিন সেই দেশৰ এজন ৰজাই দোলা, হাতী-ঘোঁৰাৰে সেইপিনে যাওঁতে জৰা গছজোপাত জৰাটেঙা লাগি থকা দেখি তেওঁৰ খাবৰ মন গ’ল আৰু সুন্দৰ জবাফুল গোটাচেৰেক আনি পিন্ধিবৰ মন গ’ল তেওঁ সেইখিনিতে দোলা-হাতী ৰখাই মন্ত্ৰীক ফুল আৰু টেঙা আনিবলৈ পঠিয়াই দিলে। ল’ৰা-ছোৱালীহালে মন্ত্ৰীক দেখি ক’লে যে “জৰা আৰু জবা আমাৰ। ৰজাই নিজে আহি আমাৰ্ক গুজিলেহে আমি দিম।” মন্ত্ৰীৰ মুখৰ পৰা ৰজাই এই কথা শুনি সুন্দৰ ল’ৰা ছোঁৱালীহাল দেখি সিহঁতলৈ মৰম লাগি নিজে দোলাৰ পৰা নামি আহিল। কানায়ে ৰজাৰ আগত আঁঠু লৈ ক’লে– “যদি স্বৰ্গদেৱে মোৰ এই তেজা বাইদেউক বিয়া কৰি নিয়ে তেনেহ-লেহে আমি স্বৰ্গদেৱক টেঙা আৰু ফুল দিম।” ছোৱালীৰ পুন্দৰ ৰূপ দেখি ৰজাৰ মোহ লাগিছিল, সেইদেখি তেওঁ ক’লে– “বাৰু একো কথা নাই, মই তোমাৰ তেজা বাইদেৱৰাক বিয়া কৰি নিম, কিন্তু তেওঁ এতিয়া পৰু ছোৱালী, তেওঁ ডাঙৰ হওক, হ’লে মই নিশ্চয় বিয়া কৰাই লৈ যামহি।” তেজাই এটা মইনা চৰাই পোৱালি পুহিছিল। গৰু চৰাওঁতে সদায় তাক লগত লৈ পোক, পৰ্ন্বা, ফৰিং খুৱাই ফুৰে। কানায়ে এটা ডালিম পুলি আৰু সেই মইনা চৰাইটো ৰজাক দি ক’লে– “স্বৰ্গদেউ, আমি দুখীয়া মানুহ স্বৰ্গদেৱে কিজানি পাহৰি যাব, সেইদেখি এই ডালিম পুলিটি আৰু মইনা চৰাইটো স্বৰ্গদেউক দিলোঁ, স্বৰ্গদেৱে লৈ যাওক; ডালিম গছজোপাত যেতিয়া ডালিম পকিব আৰু মইনা চৰাইটোৱে মাত ল’ব, তেতিয়া স্বৰ্গদেৱে আহি তেজাক বিয়া কৰাই লৈ যাব লাগিব।” ৰজাই সেই কথাত মান্তি হৈ জৰাটেঙা, জবাফুল, ডালিমৰ পুলি আৰু মইনা চৰাই লৈ নিজৰ নগৰলৈ গুচি গ’ল। ওপৰত কোৱামতে ৰজাক কবলৈ তেজা আৰু কানাই মাকে আগেয়ে কানাইক শিকাই থৈছিল। সেইদেখি কানায়ে সেইদৰে ক’ব পাৰিছিল। ৰজাই ডালিম পুলিটো তেওঁৰ শোৱা ঘৰৰ ওপৰতে ৰুলে আৰু মইনাটো এটা সোণৰ সজাত সুমাই ঘৰৰ পিৰালিত আঁৰি দিলে।  

এইদৰে কিছুকাল গ’ল। লাহে লাহে ডালিম পুলি ডাঙৰ হ’ল। ডালিমে ফুল ধৰিলে; কলি পেলালে আৰু আজি-কালিকৈ ডালিম কলি ডাঙৰ হ’ল, হৈ পকিল। ইপিনে তেজাও গাভৰু হ’ল। মইনায়ো কলকলালে; তাৰ পিছত মাত ল’লে। তথাপি তেজাৰ কথা ৰজাৰ মনত নপৰিল। এদিন ৰজাই খাই-বৈ উঠি তামুলীচ’ৰাত বহি জিৰাইছে এনেতে সেই মইনাটোৱে মাত লগালে

“এজাৰ নিজাৰ পৰিল 

ডালিম পৰি সৰি গ’ল। 

মইনায়ো লগালে মাতু। 

কিনো ৰজা ভোল গ’ল। 

তেজা বাই গাভৰু হ’ল।।” 

ৰজাই কিহে মাতিছে বুলি ঘূৰি-পকি চাই একো নেদেখি বহি থাকিল। এনেতে চৰ আকৌ মইনাই মাত লগালে–

“ডালিম পকি সৰি গ’ল। 

তেজা বাই গাভৰু হ’’ল। 

তেওঁ ৰজাৰ মনত নহ’ল।।” 

এইবাৰ ৰজাই পদ কেইফাকি শুনি চাঁতকৰে তেজাৰ কথা তেওঁৰ মনত পৰিল। উঠি গৈ ৰজাই দেখিলে, ডালিম গছত ডালিম পকি আছে। তেতিয়াই ৰজাই সাজপাৰ পিন্ধি টেকেলা-বেঙেনা, লগুবা-লিকটচৌ লগত লৈ তেজাক বিয়া কৰাই আনিবলৈ গ’ল, কিন্তু ৰজাই তেওঁৰ ৰাণীক এই কথাৰ একো চা নোকোবাকৈ গ’ল। ৰজাই ওলাই গ’লে ৰাণীয়ে নিজৰ বুঢ়ী বেটীজনীক সুধিলে– “বাই, ৰজা ক’লৈ গ’ল, তই ক’ব পাৰনে ?” বুঢ়ীয়ে উত্তৰ দিলে– “পাৰোতো। ৰজাই কি কৰে, ক’লৈ যায়, তুমিহে ভু নোপোৱা, আমি ভু পাওঁ। বোলো ভেলেকী আই, ৰজাই তোমালৈ সতিনী আনিবলৈ গৈছে। শুনিছোঁ, চহকী খেতিয়ক এটাৰ তেজা নামেৰে ছোবালী এজনী আছে, তাইকে ৰজাই চুল আনিবলৈ গৈছে।” বুঢ়ী বেটীৰ কথা শুনি ৰাণীয়ে হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। জব বুঢ়ীয়ে কুঁৱৰীক বুজনি দি ক’লে– “আই তুমি নাকান্দিবা, মই বুধি দিওঁ শুনা, তুমি সেই মতেই কাম কৰা। কাইলৈ যেতিয়া ৰজাই তেজাক লৈ নৈৰ ঘাটত নাও চপাব, তেতিয়া তুমি সেইটো ঘাটতে বহি থাকি সেই বাটে তেজাক নামিব ‘নিদিবা আৰু তাই যেনিয়েই নামিবলৈ খুজিব তেনিয়েই বাধা দিবা। তথাপি “এল ‘কজানি নামি আহে, সেইদেখি আজিয়েই আৰু এটা বুধি কৰি লোৱা, ঘৰৰ পপাৰমুখতে দুটা কলপুলি ৰুই দুইটাৰ গুৰি কাটি এনেকৈ সেই দুটা থিয় কৰি হে থ’বা যেন তেজাৰ গাৰ কাপোৰ বা হাত লাগিলেই দুইটা পৰি যায়। ঘৰৰু দুৱাৰৰ পোলাৰ-গাঁথি এনেকৈ কাটি থ’বা যেন তেজাই ছুলেই সি সুলকি যায়। বহা পীৰাৰ খুৰা এনেকৈ ভাঙি থ’বা, তেজাই তাৰ ওপৰত বহিলেই যেন খুৰা ভাঙি যায়, শোৱা চালপীৰাৰ খুৰাও সেইদৰে ভাঙি লগাই থ’বা, যেন ৰজা তেজাৰ সৈতে তাত শুবলৈ গ’লেই সি ভাঙি পৰে। ইয়াকে কৰিলে, ৰজাই তেজাক অমংগলীয়া তিৰোতা বুলি খেদি দিব।” 

বুঢ়ীৰ বুধি শুনি ৰাণীয়ে তাকে কৰিলে। সিফালে ৰজাই গৈ তেজাক বিয়া কৰালে। তেজাই বাপেকৰ ঘৰৰ পৰা ওলাই আহিবৰ সময়ত বাপেকক বিনাই বুঢ়ী আঁহৰ নাধু বিনাই এইদৰে বস্তু খুজিলে–

“আইৰে দিনৰে ছকুৰি জপা, 

তাৰে তিনিকুৰি মইহে পাণ্ডু । 

আইৰে দিনৰে ছকুৰি পেৰা, 

তাৰে তিনিকুৰি মইহে পাওঁ। 

আইৰে দিনৰে ছকুৰি বাটি, 

তাৰে তিনিকুৰি মইহে পাওঁ। 

আইৰে দিনৰে ছকুৰি গৰু, 

তাৰে তিনিকুৰি মইহে পাওঁ। 

আইৰে দিনৰে ছকুৰি ম’হ, 

তাৰে তিনিকুৰি মইহে পাওঁ৷” 

তেজাই এইদৰে বিনাই থাকোঁতে মাহীয়েকে তেজাক ভেকাহি মাৰিক’লে– “মই কুটা এগছকে তোক, নিদিওঁ ।” তাৰ পিছত ৰজাই তেজাক লৈ নিজ্ঞৰ নগৰলৈ গুচি আহিল। আহিবৰ সময়ত মনত বেজাৰ লাগি তেজাই কাকো নামাতি মাথোন ভায়েকক এইদৰে মাতি লগত লৈ আহিল– 

“আইৰে দিনৰে একেটি ভাই, 

সিও মোৰ লগতে যায়।” 

তেজাই পিছলৈ নোচোৱাকৈ আহিবলৈ ধৰিলে। যেতিয়াই তেজাই পিছলৈ নোচোৱাকৈ গুচি আহিল, তেতিয়াই তেজাৰ বাপেকৰ ঘৰৰ সকলোবোৰ বস্তু তেজাৰ পিছে পিছে আহিবলৈ ধৰিলে। বাপেকে দেখিলে সৰ্বনাশ। তেতিয়াই বাপেকে বিনাই তেজাক মাতিলে–

“হেৰ মোৰ মৰমৰ তেজাঁ। 

এবেলি পাছলৈ চা। 

হেৰ মোৰ লাহৰী তেজা। 

এবেলি পাছলৈ চা।” 

বাপেকৰ বিননি শুনি অলপ কেৰাহি কৰি চালে, চাৰি ভাগৰ এভাগ বস্তু তেজাৰ লগত আহিল। এইদেখি আজিও জীয়ৰী৷ উলিয়াই দিওঁতে তাইবাপেক-মাকৰ ফালে ‘উলটি চাই যায়। নাচালে বাপেকৰ ঘৰৰ সকলোবোৰ বস্তু হেনে তাইৰ লগত যায়। বুঢ়ীয়ে আগেয়ে শিকাই থোৱাৰ দৰে ৰাণী গৈ নাও চপা ঘাটতে বহি আছিল। 

তেজাৰ নাও যেতিয়া ঘাট চাপিলহি, তেতিয়াই ৰাণীয়ে মাত লগালে–

“এইপিনে নুঠিবি শাঁখিনী তেজা, 

ৰজাই গা ধোৱা ঘাট।” 

এই কথা শুনি তেজাই আন এটা ঘাটে উঠিবলৈ গ’ল ৰাণীয়ে আকৌ মাত লগালে– 

“এইপিনে নুঠিবি শাঁখিনী তেজা, 

ৰজাৰ চাউল ধোৱা ঘাট।” 

এইদৰে যেনিয়েই তেজা উঠিবলৈ যায় তেনিয়েই ৰাণীয়ে বাধা দিবলৈ ধৰিলে। এনেতে ৰজা আহি পালেহি । ৰজাক দেখি তেজাই বিনাই ক’লে– 

“শুনা শুনা নৃপতি ৰজা। 

ৰাণী বাই বুলিছে শাঁখিনী তেজা ।।” 

ৰজাই ক’লে–

“বোলকে বোলকে শাঁখিনী তেজা। 

তুমি হবা মাদৈ, মই হ’ম ৰজা।।” 

এইবুলি ৰজাই তেওঁৰ গা ধোৱা ঘাটেদিয়েই তেজাক তুলি আনিলে৷ ইপিনে কুঁৱৰীও লৰালৰিকৈ আহি ঘৰ সোমাল। তেজাই ঘৰৰ দুৱাৰমুখ পাই কলপুলিৰ তলত থিয় হওঁতেই তেজাৰ গাৰ কাপোৰ আঁচল লাগি কলপুলি দুটা পৰি গ’ল। তাকে দেখি কুঁৱৰীয়ে মাত লগালে–

“ক’ৰ পৰা আহিলি শাঁখিনী তেজা। 

আহিয়েই ভাঙিলি কলপুলি দুটা।।”

 তাৰ পিছত তেজা ঘৰ সোমাওঁতেই ঘৰৰ দুৱাৰ পোলাত তেজাৰ হাত লাগি পোলাটো সুলকি পৰি ডাল ডাল হ’ল। কুঁৱৰীয়ে মাত লগালে– 

“ক’ৰপৰা আহিলি শাঁখিনী তেজা, 

আহিয়েই ভাঙিলি দুৱাৰৰ পোলা।” 

ইয়াৰ পিছত তেজা, বৰপীৰাত বহোঁতেই বৰপীৰাৰ খুৰা ভাগি পৰিল, কুঁৱৰীয়ে মাত লগালে–

“ক’ৰপৰা আহিলি শাঁখিনী তেজা,

আহিয়েই ভাঙিলি বৰপীৰাৰ খুৰা।।” 

ৰাতি তেজাই চালপীৰাত শুবলৈ যাওঁতে সেইদৰে চালপীৰাৰ খুৰা ভাগি পৰিল আৰু চালপীৰা ভগাৰ শব্দ শুনি কুঁৱৰীয়ে মাত লগালে–

“ক’ৰপৰা আহিলি শাঁখিনী তেজা, 

আহিয়েই ভাঙিলি চালপীৰাৰ খুৰা ।।” 

এইবোৰ কথা শুনি তেজাৰ বৰকৈ বেজাৰ লাগি তেজাই বিনাই বিনাই ৰজাক ক’লে–

“শুনা শুনা শুনা নৃপতি ৰজা। 

ৰাণী বাই বুলিছে শাঁখিনী তেজা ৷” 

ৰজাই পেটে পেটে এইবোৰ ৰাণীৰ দুষ্টালি বুলি ভালকৈ বুজিব পাৰি উৰাই দি তেজাক ক’লে–

“বোলকে বোলকে শাঁখিনী তেজা। 

তুমি হ’বা মাদৈ, মই হ’ম ৰজা ।।” 

ইয়াৰ পিছত তেজা ৰজাৰ কুঁৱৰী হৈ ৰজাৰ ঘৰ শুৱাই থাকিল। ইপিনে বা মাহীয়েকে হিংসাত টোপনি নাই যে তেজা ৰজাৰ কুঁৱৰী হ’ল আৰু তাইৰ নিজৰ জীয়েক তুলা হ’ব নোৱাৰিলে। মাহীয়েকে সেইদেখি পেটে পেটে এটা বুধি কক সাজি এদিন ৰজাৰ ঘৰলৈ গৈ ৰজাৰ আগত তেজালৈ বৰ মৰম দেখুৱাই ক’লে– “ইমান দিন হ’ল, ছোৱালীজনী মাক-বাপেকৰ ঘৰলৈ যাবলৈ পোৱা নাই, বেচেৰীৰ ত চাগৈ বৰ হেঁপাহ লাগি আছে। বাপেকে দিনে-ৰাতিয়ে খেতি-বাতিতেই মন পুতি থাকে, ঘৰৰ আন খবৰকে নকৰে। ছোৱালীজনীক দেখিবলৈ নাপাই মোৰো মনটো হম্‌হমাই আছিল, সেইদেখি মই নিজেই আজি তাইক দিনচেৰেকলৈ লৈ যাবলৈ আহিলোঁ।” তেজাৰ মাহীয়েকৰ কথা শুনি ৰজাই তেজাক মাহীয়েকৰ লগত পঠিয়াই দিলে। তেজাক লগত লৈ মাহীয়েকে নিজৰ ঘৰ পালেহি। আহিবৰ সময়ত তেজাই ৰজাৰ ঘৰতে জালি-তাঁত এখন এৰি থৈ আহিল। 

তেজাক যদিও মাহীয়েকে বৰকৈ আতৌ-পোতৌ কৰি খুৱাই-বোৱাই ৰাখিছিল, কিন্তু দিনে-ৰাতিয়ে তাই চেলু নিবিচাৰি নাছিল। 

এদিন মাকৰ শিকনিমতে তুলাই তেজাক ক’লে– “ভনীটি, তোমাক ৰজাই দিয়া খাৰু, মণি, থুৰিয়াবোৰ কেনে ধুনীয়া, এবাৰ মোক পিন্ধি চাবলৈ দিবানে?” 

তেজাই কথাষাৰ ভাল ভাবে বুজি ক’লে—“পিন্ধা, পিন্ধি চোৱা, কিনো হ’ল পিন্ধিলে।” এইবুলি তেজাই নিজৰ হাতৰ-কাণৰ অলংকাৰবোৰ সোলোকাই তুলাক পিন্ধাই দিলে। এনেতে মাহীয়েকে ওচৰলৈ আহি তেজাক ক’লে– 

“আই আহচোন, তোৰ ওকণী চাওঁ আৰু মূৰটো আচুৰি দিওঁ।” এইবুলি মাহীয়েকে তেজাক লৈ ওকণী চাবলৈ বহিল। ওকণী চাই থাকোঁতে হঠাৎ এবাৰ মাহীয়েকে এডাল সৰু লোৰ শলা লৈ মন্ত্ৰ মাতি তেজাৰ মাজ মূৰতে মাৰি দি ক’লে– “তই শালিকী চৰাই হ।” তেতিয়া তেজা শালিকী এটা হৈ উৰি ঘৰৰ চালত পৰিলগৈ। 

এই ঘটনাৰ পিছদিনা ৰজাই তেজাক লৈ যাবলৈ দোলা মানুহ পঠিয়াই দিলে, তেজাৰ মাহীয়েকে তুলাকে তেজাৰ ৰিহা-মেখেলা, কাপোৰ-কানি, অলংকাৰপাতি পিন্ধাই দি ঠিক তেজা যেনকৈ সজাই ৰজাৰ ঘৰলৈ পঠিয়াই দিলে। তুলাও দেখিবলৈ অনেক গুণৈ তেজাৰ নিচিনা আছিল। সেইদেখি ৰজাৰ চকুত সেইটো বৰকৈ উভঁহা যেন নেলাগিল আৰু যি অলপ-অচৰপ লাগিছিল, ৰজাই ভাবিলে যে মাকৰ ঘৰত এইকেইদিন মুকলিমূৰীয়া হৈ খাই থাকি তেজা তেনে হৈছে৷ শালিকী চৰাইটিও ৰজাঘৰীয়া দোলা-মানুহৰ লগতে উৰি গৈ ৰজাৰ ঘৰ পাই ৰজাৰ চালতে বাহ ল’লে। 

তেজাৰ বাপেকৰ ঘৰলৈ যাওঁতে এখন পাটৰ কাপোৰ লগাই বৈ তাতে এৰি গৈছিল। তুলাই আহি এতিয়া সেই তাঁত ববলগীয়াত পৰিল। কিন্তু তুলাই ভালকৈ কাপোৰ বব নাজানে। এদিন তাঁতৰ পাটত বহি তুলাই ববলৈ গৈ নাজানি সূতাবোৰ ছিঙি-ভাঙি একাকাৰ কৰিছে দেখি শালিকী চৰাইটীয়ে উৰা মাৰি আহি তাঁতশালৰ চালিত পৰি ক’বলৈ ধৰিলে–

“নিছিঙিবি নাভাঙিবি মোৰ জালি তাঁত, 

ভালে ভালে তুলি থ।” 

ৰজাই ওচৰতে বহি আছিল। এই কথা শুনি ৰজাই শালিকীটোৱে কি কয় বুলি কৈ একো ভাবি নাপাই মনে মনে থাকিল। 

আন এদিন দুপৰীয়া ৰজা খাই-বৈ উঠি তুলাৰে সৈতে বহি পাশা খেলিছে। এনেতে শালিকীটিয়ে উৰি আহি অলপ দূৰত পৰি মাতিবলৈ ধৰিলে–

“কিনো ৰজা তুমি আভোল-ভোল হ’লা। ‘

জেশাহুৰে সৈতে পাশা খেলিলা।” 

ৰজাই শালিকীৰ কেলকেলনিলৈ প্রথমতে বৰকৈ কাণ নকৰি একান্তমনে পাশা খেলিছিল। কিন্তু চৰাইটোৱে এবাৰ সেইদৰে মাতিলে–

“কিনো ৰজা তুমি আভোল-ভোল হ’লা। 

জেশাহুৰে সৈতে পাশা খেলিলা।” 

ৰজাই শালিকীৰ কথা শুনি কথাষাৰ মনতে অলপ পৰ শুনিবলৈ ধৰিলে। ৰজাই লাহেকৈ ভিতৰলৈ উঠি গৈ ওলাই আহি এহাতে ভোক লাৰু আৰু এহাতে এটা পিয়াহ লাৰু লৈ শালিকীৰ ফালে চাই ক’লে—“যদি তই আন কোনোবাহে, তেণ্তে উৰি আহি মোৰ হাতৰ পৰা এই পিয়াহ লাৰুটো লৈ গুচি যাবি আৰু যদি মোৰ কোনোবা আপোন মানুহহে, তেন্তে মোৰ হাততে পৰি এই ভোক লাৰুটো খাহি।” এইবুলি ৰজাই ক’লে শালিকীটি উৰি আহি ৰভাৰ হাততে পৰি ভোক লাৰুটো খাবলৈ ধৰিলে। ৰজাই চৰাইটোক মৰম কৰি মূৰত হাত ফুৰাওঁতে তেওঁৰ আঙুলিৰ মূৰত এটা কিবা খহটা বস্তু লাগিল, তেওঁ ভালকৈ চাই দেখিলে যে সেইটো এডাল সৰু লো শলা। ৰজাই টানি শলাডাল উলিয়াই আনিলে শালিকীটি শালিকা গুচি তেজা হ’’ল। ৰজা অবাক। 

তাৰ পিছত ৰজাই তেজাৰ মুখৰ পৰা আগৰে পৰা গুৰিলৈকে তেজাৰ মাহীয়েকে আৰু তুলাৰ সকলোবোৰ বৃত্তান্ত শুনি তেতিয়াই চাওডাঙক হুকুম দিলে যে সি তুলাক কাটি তাইৰ মঙহ এটা টোমত, হাত-ভৰি-মূৰ এটা টোমত ভৰাই আৰু এটা চুপিত তেজ ভৰাই আনি ৰজাক দিব লাগে। 

ৰজাৰ হুকুম মতে কাম হ’ল। ৰজাই দুটা মানুহৰ হাতত সেই টোম দুটা আৰু চুপিটো তুলাৰ মাকৰ ঘৰলৈ পঠিয়াই দি মানুহ দুটাক শিকাই দিলে যে সিহঁতে তাত ক’ব যে ৰজাই মিতিৰৰ ঘৰলৈ সেই টোম পহুৰ মঙহ পঠিয়াই দিছে আৰু যিটো টোমত তুলাৰ মূৰ আৰু হাত-ভৰি আছে সেইটো টোম সিহঁতে নিদি সেইদিনা ৰাতি লগতে ৰাখি পিছদিনা দোকমোকালিতে দুৱাৰমুখত থৈ গুচি আহিব। 

ৰজাৰ মানুহে সেইদৰেই কাম কৰিলে। তেজাৰ মাহীয়েকে বস্তু পাই ৰঙত উধাও হৈ আপোনা-আপুনি ক’বলৈ ধৰিলে–“মোৰ জী গৈয়েই মোলৈ টোপোলা পঠিয়ালে আৰু সিজনীয়ে ইমান দিন কুটা এগছকে পঠিওৱা নাছিল।” 

ৰাতি তুলাৰ মাকে আৰু ঘৰৰ সকলোৱে মঙহৰ আঞ্জাৰে হেঁপাহ পলুৱাই ভাত খালে আৰু চুপিৰ পৰা তেল উলিয়াই চাকি লগালে। ৰজাঘৰীয়া মানুহ দুটাই সেই ৰাতি একো নাখাই শুই থাকিল। তুলাৰ মাকে সিহঁতক খাবলৈ বৰকৈ ধৰিছিল, কিন্তু সিহঁতে সিহঁতৰ বৰকৈ জ্বৰ উঠিছে বুলি কৈ একো নাখালে। ইফালে ৰাতি সকলোবোৰৰে খোৱা হ’ল, মানুহ দুটাই শোৱা পাটীৰ পৰা ৰাগ দি গাবলৈ ধৰিলে–

“কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে, কুটুমে কুটুমে খালে। 

কুটুমৰ তেজেৰে বন্তি জ্বলালে, মজিয়া ভকেভকালে।।” 

ভিতৰৰ পৰা তুলাৰ মাকে সিহঁতক সুধিলে– “তহঁতে কি গাইছহঁক এঁ?” সিহঁতে ক’লে– “এ আই, জ্বৰৰ তাপত আমাৰ গিয়ান নাই, কিবা মুখত আহিছে, কিবা গাইছোঁ।” 

পিছ দিনা পুৱাই তুলাৰ মাক শোৱাপাটীৰ পৰা উঠি আহি দেখেলে যে ৰজাৰ , ঘৰৰ মানুহ দুটা গুচি গ’ল আৰু দুৱাৰমুখতে এটা টোম পৰি আছে। তাই টোমটো মেলি চাই তাৰ ভিতৰত তুলাৰ মূৰ আৰু হাত-ভৰি দেখি চিনি পাই আগৰাতি খোৱা মঙহবোৰ কিহৰ সেইটো ভালকৈ বুজি হুৰাওৰাৱে কান্দিবলৈ ধৰিলে।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: তুলা আৰু তেজা এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: তুলা আৰু তেজা এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: তুলা আৰু তেজা এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply