তোলনি বিয়া | Tolani wedding

তোলনি বিয়া | Tolani wedding

বিশেষকৈ অসমৰ অসমীয়া সমাজত প্ৰাচীন কালৰে পৰা পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ অহা লোক উৎসৱটিৰ নামেই হ’ল “তোলনি বিয়া” উৎসৱ। এই উৎসৱ সাধাৰণতে তিৰোতা সমাজৰ মাজতহে প্ৰচলিত হৈ আহিছে। ছোৱালী প্ৰথম পুস্পিতা হ’লে নাইবা যৌৱনপ্ৰাপ্ত হ’লে যি উৎসৱ পালন কৰা হয়, তাকে “তোলনি বিয়া” বা “প্ৰথম পুস্পিতা” উৎসৱ বোলে। অসমীয়া সমাজৰ ছোৱালী প্ৰথম পুস্পিতা হ’লে কোনো কোনো অঞ্চলত সৰু-সুৰাকৈ আৰু কোনো কোনো অঞ্চলত বহল ভাৱে অৰ্থাৎ অসমীয়া সমাজৰ বিবাহ অনুষ্ঠানৰ দৰে এই উৎসৱ পালন কৰা দেখা যায়।

ছোৱালী পুস্পিতা হয়, সাধাৰণতে দহ-এঘাৰ মান বছৰ বয়সত। এই সময়টো হৈছে বয়:সন্ধিৰ সময়। এই সময়টোত ছোৱালী সকলৰ দৈহিক বা শাৰীৰিক আৰু মানসিক ভাৱে যথেষ্ট পৰিৱৰ্তন হয়। এই অৱস্থাপ্ৰাপ্তিৰ সময়ৰ পৰা ছোৱালী জনীৰ জীৱনৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ সময় বুলি ধৰা হয়। কাৰণ এই সময়ৰ পৰাই ছোৱালীজনীৰ ভাগ্য নিৰূপিত হয় বুলি এক জন বিশ্বাস অসমীয়া সমাজৰ মাজত প্ৰচলিত হৈ আহিছে। তদুপৰি এই সময়ছোৱাত পুস্পিতা হোৱা সকলে চন্দ্ৰ, সূৰ্য, গৰু-গাই আৰু পুৰুষ মানুহক চোৱাত বা দেখা কৰাত বাধা আৰোপ কৰাৰ নিয়ম প্ৰচলিত হৈ আহিছে। ইয়াৰ মূলতঃ কাৰণটো হ’ল এই সময়ছোৱাত কিবা অমংগল হ’ব বুলি ভাবিয়েই এই জনবিশ্বাসটো পালন কৰি অহা বুলি অনুমান কৰিব পাৰি। এইবোৰ কাৰণৰ কাৰণে পুস্পিতা হোৱা ছোৱালী জনীক এটা বিশেষ কোঠাত ৰখা হয়। পুষ্টিতা হোৱা ছোৱালী বোৰক বিচনাত শুবলৈ নিদি তেওঁ লোকক মাটিত খেৰ পাৰি দি তাৰ ওপৰত শুবলৈ দিয়া হয়। নামনি অসমত ইয়াৰ উপৰি এটা বাহৰ দুণিত বা কাহী বাটি আদিত তামোল-পাণ, ৰূপৰ টকা, চাউল আদিৰ লগতে পুস্পিতা হোৱা ছোৱালী জনীৰ কাষত মিঠা তেলৰ চাকি এটি জ্বলাই ছোৱালী জনীৰ শোৱা ঠাই খিনিৰ পূবদিশত ৰখাৰ নিয়ম প্ৰচলিত হৈ আহিছে। লগতে কাষত এটি ঘটত আমডালি, সেন্দুৰৰ ফোঁট আৰু এৱা সূতা তৰি ইয়াৰ লগত ৰাখে। তোলনি বিয়া উৎসৱত অসমৰ প্ৰায় সকলো ঠাইত কনাই বন্ধা ৰীতি এটা প্ৰচলিত হৈ আহিছে। কনাই বন্ধা ৰীতি অনুসৰি সোণ, ৰূপ, পোৱাল আদি ধাতুৰে এডাল মালা তৈয়াৰ কৰি লগত ডালিম, ডিমৰু বা তিনিটা তামোলৰ থোকেৰে সৈতে তাত ৰঙা বা বগা ৰঙৰ এৱা সূতাৰে মেৰিয়াই দিয়া হয়। নামনি অসমৰ সমাজত এখন সৰু চুৰি বা কটাৰি আখৈ, পিঠাগুৰি, আদিও এই বোৰৰ লগত দিয়া হয়।

তোলনি বিয়া 2

তদুপৰি পাচডাল খৰিকা একেলগ কৰি এখন নতুন গামোচাৰে সৈতে এটা টোপোলা কৰি বান্ধি লোৱা হয়। নামনি অসমৰ সমাজত এই টোপোলাটো এটা জপাৰ ভিতৰত ৰাখি মোমায়েকৰ ঘৰত নাইবা ওচৰ-চুবুৰীয়া নাইবা মিটিৰ, কুটুম্বৰ ঘৰতো ৰখাৰ নিয়ম আছে। অসমীয়া সমাজত ইয়াকে “জপা থোৱা প্ৰথা” বুলি কোৱা হয়। এই জপা থোৱা প্ৰথাটো বিশেষকৈ মোমায়েকৰ ঘৰত ৰখাটোও এক প্ৰকাৰৰ নিয়ম বুলি অসমীয়া সমাজত এক জনবিশ্বাস জড়িত হৈ আছে যদিও, যি সকল পুস্পিতা হোৱা ছোৱালীৰ মোমায়েক নাই সেই সকলৰ ক্ষেত্ৰত ওচৰ-চুবুৰীয়া নাইবা মিতিৰ-কুটুম্বৰ ঘৰতে ৰখাৰ নিয়ম আছে। কনাই বন্ধা প্ৰথাটোক তোলনি বিয়া উৎসৱত বিশেষকৈ কনাইক সন্তানৰ প্ৰতীক হিচাপেহে ব্যৱহাৰ কৰা হয়।

ছোৱালীজনী যিটো সময়ত পুস্পিতা হয় (অৰ্থাৎ আগবেলা বা পিচবেলা) সেই সময়খিনিত ছোৱালী জনীক একো খাবলৈ দিয়া নহয়। এইটো এটা ক্ৰমান্বয়ে অসমীয়া সমাজত পালন কৰি অহা নিয়ম। পুস্পিতা হোৱা দিনাখনৰ পৰাই কেৱল মাকে ছোৱালীজনীক দুবাৰ অৰ্থাৎ পূৱা আৰু গধূলি আমডালিৰে ঘটৰ পানী চটিয়াই মিঠাতেলৰ চাকিৰে সেক দি সাৰ বা আগ দিয়াৰ ব্যৱস্থা কৰে। এই সময়ত পুস্পিতা হোৱা ছোৱালীজনীক সাধাৰণ খাদ্য গ্ৰহণ কৰিবলৈ দিয়া হয়।

Read Also: ৰাস – উৎসৱ | Rash – festival

পুস্পিতা হোৱাৰ পিচত গৃহস্থই কোনোবা গণকৰ হতুৱাই গণি-পিতি চাই চাৰিদিন পিচত গা-ধুওৱা হয়। পুস্পিতা হোৱাৰ তিনিদিন পিচত আখৈ ভজা প্ৰথা এটাও অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে। এই প্ৰথাটোৰ লগত এক জনবিশ্বাস জড়িত হৈ আছে। আখৈ ভাজোতে যদি আখৈবোৰ নুফুটে তেতিয়া হ’লে পুস্পিতা হোৱা ছোৱালী জনী সন্তানহীনা হয় বুলি ভবা হয়। তদুপৰি আখৈবোৰ যদি গোট গোট হয় তেতিয়া হ’লে ল’ৰা সন্তান হয় বুলি বিশ্বাস কৰে, যদিহে আখৈবোৰ ভাজোতে পাহি মেলা ধৰণৰ হয় তেতিয়া হ’লে ছোৱালী সন্তান জন্ম হ’ব বুলি বিশ্বাস কৰে। এনেবোৰ প্ৰথা বৰ্তমানেও অসমীয়া সমাজত প্ৰচলিত হৈ আছে।

তোলনি বিয়া উৎসৱ নামনি অসমত চাৰিদিনৰ দিনা আৰু উজনি অসমত সাত দিনৰ দিনা গা-ধুওৱা হয়। এই গা-ধুওৱা ব্যৱস্থা কৰিবলৈ এটা কলপুলি পোতা হয়। এই কলপুলিটোক পুস্পিতা হোৱা ছোৱালী জনীৰ দৰাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই কলপুলিটো গা-ধুওৱাৰ পিচত উঠাই লৈ গৈ লোক-চক্ষুৰ আতৰত পুতি থৈ অহা হয়। এই কলপুলিটো যদি প্ৰকৃত দৰাই দেখা পায়, তেতিয়াহ’লে ছোৱালীজনীৰ কাৰণে বেয়া বুলি এক জনবিশ্বাস বৰ্তমানেও অসমীয়া সমাজখনত প্ৰচলিত হৈ আছে। এই গা-ধুওৱা কাৰ্য সমাপন কৰিবলৈ মাহ, হালধি, ঔবীজ আদিৰে ছোৱালী জনীক গা-ধুওৱা হয়। গা-ধুওৱা কাৰ্য সমাপন হোৱাৰ পিচত চোতালৰ এঠাইত সজাই পৰাই আয়তীসকলে মঙ্গল উৰুলি দি ছোৱালী জনীক সমাজৰ মাজলৈ উলিয়াই অনা হয়। ছোৱালী জনীয়ে প্ৰথমে সূৰ্য দেৱতালৈ সেৱা জনায় আৰু তাৰ লগে লগে সমাজৰ আগত আঠুলৈ সমাজৰ আশীৰ্বাদ লয়। তাৰ পিচত আয়তীসকলে আমসাৰ বা চাকিসাৰ বা আগদিয়া দি ছোৱালী জনীৰ কোচত কনাই (দৰাৰ প্ৰতীক) টো দিয়া হয়। তাৰ পিচত আয়তীসকলে ছোৱালী জনী সন্তান জন্ম দিব পৰা ক্ষমতা ভগৱানে যেন দিয়ে,  তাৰ বাবে ভগৱানৰ ওচৰত ছোৱালী জনীক প্ৰাৰ্থনা জনাবলৈ কোৱা হয়। এনেবোৰ কাৰ্য সমাপন হোৱাৰ পিচত আয়তীসকলে কনাইকলৈ যথেষ্ট ৰং-ধেমালি কৰে। তদুপৰি পুস্পিতা হোৱা ছোৱালী জনীয়ে ল’ৰা বা ছোৱালী কোলাত লৈ মিঠাই, লাৰু আদি খুৱাই ভগৱানৰ পৰা তায়ো যেন এদিনাখন কেচুৱাৰ মাতৃ হ’ব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। 

তোলনি বিয়া 3

তোলনি বিয়াৰ অনুষ্ঠান সমূহ সামৰণি বা শেষ হোৱা পিচত তোলনি বিয়া অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা সমূহ ৰাইজক উদ্দেশ্য কৰি চাহ-জলপান, ভোজ-ভাতৰো ব্যৱস্থা কৰা হয়। নিমন্ত্ৰণ জনোৱা সমূহ ৰাইজে খাদ্য-সম্ভাৰ গ্ৰহণ কৰি সকলোৱে ছোৱালী জনীক সাধ্যানুসৰি উপহাৰ দি আশীৰ্বাদ দিয়ে এই বুলি “তাই যেন সতি-সন্ততিৰে এখন সুন্দৰ সংসাৰ হয়।” এনেদৰে তোলনি বিয়াৰ সামৰণি মৰা হয়। 

তোলনি বিয়া উৎসৱ মুঠৰ ওপৰত সমগ্ৰ অসমতে এক নতুন সৃষ্টিৰ উৎসৰ প্ৰতীক হিচাপে চিহ্নিত হৈ আহিছে। এই উৎসৱত শাস্ত্ৰীয় বিধি বিধানতকৈ লোক-বিশ্বাসৰ ওপৰতহে যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায়।

আমি আশা কৰিছো তোলনি বিয়া | Tolani wedding আপোনালোকক সহায় কৰিব। যদি আপোনাৰ তোলনি বিয়া সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply