সাধুকথা: তিনিজন ডেকা পণ্ডিত | Tinijon Deka Pondit

সাধুকথা: তিনিজন ডেকা পণ্ডিত | Tinijon Deka Pondit, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, তিনিজন ডেকা পণ্ডিত  , সাধুকথা, অসমীয়া কাহিনী, তিনিজন ডেকা পণ্ডিত শিশুৰ বাবে কাহিনী

উজনি ফালৰ তিনিজন ডেকাই নবদ্বীপত পঢ়ি পণ্ডিত হৈ ঘৰলৈ উভতি আহিছিল । বাটে বাটে আহি থাকোঁতে তেওঁলোকে এদিন মহৰ খোজ এটা দেখা পালে । এজনে কলে , “এইটো এজনী মাইকী মহৰ খোজ” ; আন এজনে কলে , “মহজনী গাভিনী” ; তৃতীয়জনে মাত লগালে “মহজনীয়ে এইমাত্ৰ মতা পোৱালি এটা প্ৰসৱ কৰিছে ।” তেওঁলোকৰ কথা সঁচা নে মিছা জানিবলৈ নিমিত্তে তিনিজনে মহৰ খোজে খোজে কৈ মহজনী পাই দেখিলে যে সকলো সঁচা ।

এই মহজনী এজন ৰজাৰ । তিনিদিনমানৰ আগৰে পৰা মহজনী হেৰাইছিল  । ৰজাই মহ বিচাৰিবৰ নিমিত্তে কেইটামান মানুহ পঠাই দিছিল । মানুহকেইটাই বিচাৰি আহি হেৰুৱা মহজনী আঁতৰৰ পৰা দেখি তাইৰ ওচৰ চাপিল আৰু তিনিজন মানুহে মহজনী বেঢ়ি থকা দেখি মহে সৈতে তেওঁলোকক চোৰ বুলি ধৰি লৈ গল । সিহঁতে মহজনী খুটিত বান্ধি তেওঁলোক তিনিওকো মহ চোৰ বুলি ৰজাৰ আগত দিলেগৈ । ৰজাই সোধ পোছ নোহোৱাকৈয়ে তেওঁলোকক বন্ধিশালত থবলৈ আদেশ দিলে । বন্দীশালত থাকোঁতে তিনিজনে এইদৰে কথা বাৰ্তা হবলৈ লাগিল : প্ৰথমজনে কলে , “হেৰা , ই নহয় সি হে ।” দ্বিতীয়জনে “কিয় , সি হোৱা হলে তেনে কৰিলেহেঁতেন নহয় ?” তৃতীয়জনে মাত লগালে , “তেনে সি কৰা নাই নো কি ?” বন্দীশালৰ ৰখীয়াবিলাকে এই কথা শুনি থাকি ৰজাক লগাই দিলেগৈ । ৰজাই তেওঁলোকক মতাই নি সুধিলে , “তোমালোকে বন্দীশালত থাকোতে ‘ই নহয় সি হে ‘ , “সি হোৱা হলে তেনে কৰিলেহেঁতেন নহয়’ , তেনে কৰা নাই নো কি ? বুলি কি কৈছিলাহক মোৰ আগত ভাঙি কব লাগে , নহলে তোমালোকৰ মূৰ কটা যাব ।” ৰজাৰ এনেকুৱা কথা শুনি তেওঁলোকে ভাবিলে , আমি এনেও মৰিম তেনেও মৰিম , হেনজানি সকলো কথা ভাঙি কোৱাই যাওক । প্ৰথমজনে কবলৈ ধৰিলে , “মহাৰাজ , মই কৈছিলোঁ ‘ই নহয় সি হে’ , তাৰ অৰ্থ এই যে , এই দেশৰ ৰজাজন মানুহ নহয় গৰুহে ।” দ্বিতীয় জনে কলে , “মহাৰাজ , মই কৈছিলোঁ বোলো , “সি হোৱা হলে তেনে কৰিলেহেঁতেন নহয় ?” অৰ্থাৎ গৰু হোৱা হলে ঘাঁহ খালেহেঁতেন” । তৃতীয় জনে কলে “মহাৰাজ , মই কৈছিলোঁ যে ‘তেনে কৰা নাই নো কি ?’ তাৰ অৰ্থ এই যে , ঘাঁহ খোৱা নাই নো কি ?” ইয়াকে কৈ তিনিওজনে মনে মনে থাকিল । 

Read Also: শাখিনা আৰু শাখিনিৰ গল্প | Hakhina Aru Hakhini Hadhu Kotha

ৰজাই আকৌ সুধিলে , “তোমালোকে নো কি বাবে মোক গৰু পাতিছিলা তাৰ সজ উত্তৰ দিব পাৰিলে তোমালোকৰ প্ৰাণ ৰক্ষা পৰিব , নহলে তিনিও কটা যাবাহক ।” প্ৰথমজনে কবলৈ ধৰিলে , “মহাৰাজ , আমি তিনিওটি বামুণৰ লৰা ; নবদ্বীপত কেবাবছৰো নানান সংস্কৃত শাস্ত্ৰ পঢ়ি পণ্ডিত হৈ আহিছোহঁক । বাটত আহি থাকোঁতে কালি ৰাতিপুৱা এটা মহৰ খোজ দেখি মই কলো এইটো এজনী মাইকী মহৰ খোজ । (দ্বিতীয় জনলৈ আঙুলিয়াই ) এওঁ কলে মহজনী গাভিনী । ( তৃতীয় জনলৈ আঙুলিয়াই ) এওঁ কলে , মহজনীয়ে এইমাত্ৰ মতা পোৱালি এটা প্ৰসৱ কৰিছে । পাছে তিনিও গৈ মহজনীয়ে অলপ আগতে এটি মতা পোৱালি জগোৱা দেখি আমাৰ কথা সঁচা হল বুলি ভাবি আমি মনত ৰং পাই অলপপৰ মহজনী আৰু পোৱালীটো চাই ৰৈ আছোঁ , তেনেতে মহাৰাজে মহজনী বিচাৰি পঠিওৱা মানুহকেইটা তাতে উলালগৈ আৰু মহজনীয়ে সৈতে আমাক মিছাকৈয়ে চোৰ বুলি ধৰি লৈ আহিল । মহাৰাজেও একো বিচাৰ নকৰাকৈ আমাক বন্দীশালত থোৱালে ; সেই কাৰণে আমি কৈছিলোসক যে , যি ৰজাই দোষ বিচাৰ নকৰাকৈ দণ্ড দিয়ে সেই ৰজা মানুহ নহয় , গৰুহে ।” তেতিয়া ৰজাই লাজ পাই কলে , “হয় , অৱশ্যে এইটো মোৰ অবিচাৰ হৈছিল । মই এতিয়াৰ পৰা সোধপোছ নোহোৱাকৈ কেতিয়াও দণ্ড নিদিওঁ । – এই বুলি ৰজাই তেওঁলোক তিনিওঁকো নিজ নিজ ঘৰলৈ বিদায় দিলে আৰু ঘৰৰপৰা উভতি আহি তেওঁৰ সভাত বৃত্তি বিধান লৈ থাকিবলৈ মাতি পঠালে ।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। তিনিজন ডেকা পণ্ডিত  এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। তিনিজন ডেকা পণ্ডিত এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। তিনিজন ডেকা পণ্ডিত  এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply