সাধুকথা: তীখৰ আৰু চুটিবাই | Tikhor Aru Chutibai Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: তীখৰ আৰু চুটিবাই, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: তীখৰ আৰু চুটিবাই, শিশুৰ বাবে কাহিনী
এক গাঁৱত এহাল মাউৰা ল’ৰা-ছোৱালী আছিল। ল’ৰাটোৰ নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই ল’ৰাটোৰ বুধিটো সৰুৰে পৰা বৰ চোকা আছিল দেখি গঞা মানুহে তাৰ নাম তীখৰ দিছিল আৰু ছোৱালীজনী চুটি চাপৰ আছিল দেখি তাইৰ নাম চুটিবাই দিছিল। সৰুৰেপৰা সিহঁতে ঘৰে ঘৰে বগৰি-জাপৰি ঠোঙোনা-মোঙোনা খাই বৰ দুখত উঠিছিল।
সকলোৱে পিঠা খায় দেখি এদিন তীখৰ পিঠা খাবৰ মন গ’ল। সি বায়েকক ক’লে–
“চুটিমুটি বাই।
পিঠা খাবৰ মন যায়।।”
বায়েকে উত্তৰ দিলে–“এ বোপাই, মন গ’লেই জানিবা, খাবি ক’ৰপৰা? ঈশ্বৰে আমাক সকলো সুখৰপৰা বঞ্চিত কৰিছে; নহলেনো আই-বোপায়ে আমাক টিলৌটিপৌতে এৰি মৰি যায় নে? কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটো দি থাকে। কোনোমতে খুজি-মাগি শাকে পাতে ভাত এগাল খাওঁ; পিঠা খাবলৈ বৰা ধান পাম কত? তেল পাম ক’ত? গুড় পাম ক’ত?”
বায়েকৰ কথা শুনি তীখৰে অলপ পৰ উভক মাৰি থাকি ক’ল– “চুটিবাই, তই মোক জোঠা এৰী কাপোৰখনকে দে, মই ওলাই যাওঁ, এতিয়াই বৰা ধান লৈ’ত মগৈ।” এইবুলি তীখৰে এৰীয়া কাপোৰখন গাত লৈ ওলাই গ’ল।
এঘৰ মানুহৰ ঘৰত বৰাধানৰ মৰণা এটা দেখি তীখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰতে বহিল। গিৰিহঁতে ধানখেৰ জোকাৰি আঁতৰাইছে, তীখৰে তাক বাৰ্ভেচহু ফুচুৰি কথা কৈ হঁহুৱাব লাগিছে। এনেতে এবাৰ তীখৰে তাৰ পিয়াহ লাগিছে বুলি কৈ গিৰিহঁতক পানী এঘটি আনিবলৈ ভিতৰলৈ পঠিয়াই দি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে। মানুহটোৱে পানী লৈ আহি দেখে যে ল’ৰাটো ধানৰ ওপৰত বাগৰি ফুৰিছে। সি তাক সুধিলে– “হেৰ তীখৰ, তোৰ কি হ’ল অ’?” তীখৰে কেঁকাই কেঁকাই উত্তৰ দিলে– “উস্, মই পেটৰ কামোৰণি ৰক্ষাকে পোৱা নাই। কি কৰো ক’লৈ যাওঁ। মানুহটোৱে তীখৰৰ পেটত ঘঁহি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ আকৌ ভিতৰলৈ গ’ল তীখৰে “উস্, মই ঘৰলৈকে যাওঁ; ইয়াতে থাকিলে মৰিম” বুলি ৰিঙিয়াই কৈ উঠি লৰ মাৰিলে ৷ ঘৰলৈ আহি তীখৰে বায়েকক “এয়া ধান নে” বুলি কৈ কাপোৰখন জোকাৰি ধান এগাল উলিয়াই দিলে। বায়েকৰ মহা ৰং। তাই ক’লে– “ধান জানিবা পালোঁ, কিন্তু তেল এটোপা পাওঁ ক’ত?” তীঘৰে “বাৰু মোক টেকেলি এটা দে” বুলি কৈ বায়েকক খুজি টেকেলি এটা লৈ আকৌ ওলাই গ’ল। গৈ গৈ এঘৰ মানুহৰ ঘৰ তেলীশালত তেল পেৰা দেখি তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক ক’লে– “ককাই ময়ো বেতেৰিটোৰ ওপৰত উঠিমনে? ভৰ সৰহ হ’লে বেগাই তেল ওলাব।” শালৰ গৰাকীয়ে ক’লে– “উঠিবৰ মন গৈছে যদি উঠা, হানিনো কি?’ বেতেৰিৰ ওপৰত উঠিয়েই তীখৰে ৰাগ টানি গীত ধৰিলে–
“এ সীতা শান্তি এ,
তোক মই নোবোলো ভাল।
সুবৰ্ণৰ দলিচাই গা জুৰ নহ’লে,
তোক লাগে মিৰিগৰ ছাল ।।”
তীখৰৰ মাতটো বৰ সুৰীয়া; সেইদেখি তেলশালৰ গৰাকীয়ে গীতটো শুনি সন্তোষ পালে। গীত গোৱা হ’ল তীখৰে ক’লে– “ককাই, মোৰ ডিঙিটো চৰ্চৰাইছে, এখন তামোল খাবলৈ পোৱাহেঁতেন ভাল আছিল।” সি এইবুলি ক’লে, গিৰিহঁতে তামোল আনিবলৈ ভিতৰলৈ গ’ল তীখৰে লাহেকৈ শালৰ পৰা নামি কাপোৰৰ তলৰ পৰা টেকেলিটো উলিয়াই এটেকলিকৈ তেল ভৰাই লৈ গুচি গ’ল। উভতি আহি তীখৰে বায়েকক তেল টেকেলি দিলে বায়েকে বং পাই ক’লে–“বাৰু তেল হ’ল, কিন্তু গুড় নহলে পিঠা খাবি কিহেৰে?” তীখবে আকৌ গুড় বিচাৰি লৰ ধৰিলে।
Read Also: সাধুকথা: কটা যোৱা নাক, খাৰণি দি ঢাক | Kota Juwa Nak, Kharoni Di Dhak Hadhu Kotha
তীখৰে গৈ গৈ এখন কুঁহিয়াৰ শালত গোটাচেৰেক মানুহে কুঁহিয়াৰ পেৰি থকা দেখি এটা বুধি সাজি সেই গাঁৱৰে অলপ ওচৰৰ হাবি এচুবাত জুই লগাই দিলেগৈ। বতাহ পাই পাতত জুইলাগি জ্বলি উঠিল, তীখৰে লৰি আহি ফোঁপাই-জোঁপাই কুঁহিয়াৰ পেৰি থকা মানুহকেইটাক ক’লে– “ককাই, সর্বনাশ! সৌ চোৱাচোন, তোমালোকৰ গাঁৱত ধম্ম্কৰে জুই লাগিছে। এতিয়াই তোমালোকৰ ঘৰ-বাৰী পুৰি ভস্ম হ’ব।” মানুহকেইটাই সেইফালে চাই জুই লগা দেখি, কুঁহিয়াৰৰ শালতে কুঁহিয়াৰ, থালীতে পগোৱা গুড় আৰু কলহত ভৰোৱা গুড় এৰি সিহঁতৰ ঘৰৰ ফালে লৰ ধৰিলে। তীখৰে সুৰুঙা পাই তাৰে পৰা গুড় একলহ লৈ পলাযুৰ্দ্ধং কৰিলে।
গুড় পাই চুটিবাইৰ বৰ আনন্দ হ’ল। তাই পিঠা কৰিবলৈ যো-জা কৰোঁতেই হঠাৎ তাইৰ মনত পৰিল খৰি নাই। তেতিয়া তীখৰেৰ বায়েককে ক’লে–
“তীখৰ, ভাল কথাটো হ’ল। খৰিলৈ পাহৰিলোৱোই। খৰি এডালো নাই।” বায়েকৰ কথা শুনি তীখৰে হাতত দা লৈ খৰি লুৰি আনিবলৈ লৰ ধৰিলে। এখন গেজেপনি হাবিত সোমাই হাবিত তীখবে পাবে দ্বপ্ন ঘৰে গছৰ ডাল কাটি খৰি লুৰি থাকোঁতেই এটা বাঘে ওচৰ চাপি আহি মাত লগালে–“তই কোন অ’? দেখোন থপ্ ঘৃপ্ কৰে গছৰ ডাল কাটিব লাগিছ? এইখন মোৰ বাৰী বুলি ওই নাজাননে? তুই কিয় মোৰ বাৰীত খৰি লুৰিছ অ’?”
তীখৰে বাঘক দেখি ভয় পায়ো ভয়টো লুকাই লৈ মনটো ডাঠকৈ উত্তৰ দিলে– ‘অ’ এইটি আমাৰ বাঘ ককাইনে? এৰা ককাই। মই এইখন তোমাৰ বাৰী বুলি জানো। মই বোলো বাঘ ককায়েনো চেনেহৰ ভায়েকক খৰি এডালো নিবলৈ নিদিবনে? ককাই, মোৰ ঘৰত পিঠা খোৱা পাতিছে। ভাবিলো তালৈকে গৈ বাঘ ককাইকো মাতি যাওঁ আৰু খৰি ডালচেৰেকো লৈ যাওঁ।
তীখৰ কথা শুনি বাঘে সন্তোষ পাই ক’লে– “নিয়া নিয়া মোৰ ভাইটি, যিমান খৰি লাগে নিয়া। মই যামতো পিঠা খাবলৈ । তোমাৰ ঘৰত নেখাম আৰু নো কাৰ ঘৰত খাম? পিছে কেতিয়ানো যাব লাগিব?” তীখৰে তাৰ ঘৰৰ ফালে আঙুলিয়াই উত্তৰ দিলে– “সৌফালে যিদিনা বৰ ধোঁৱা দেখিবা, সেইদিনা।” ইয়াকে বাঘক কৈ তীখৰে খুৰ লুৰি লৈ ঘৰ পালেগৈ।
ইয়াৰ পিছত বায়েকে পিঠা ভাজি দিলে; তীখৰে পেট পেলাই খালে, বাঘে তাৰ ভুকে নেপালে। পিছদিনা সিহঁতৰ ঘৰৰ আগচোতালত তিতা ধানখেৰ এসোপাত জুই লগাই বৰকৈ ধোঁৱা কৰি দি বায়েকৰ হতুৱাই তিনিখন পিঠা বনালে। এখন পিঠা পদূলিমূৰত, এখন দুৱাৰমুখত আৰু এখন ঢেঁকীৰ ফিচাত সি বৈদি বায়েকৰ সৈতে বৰচাঙত উঠি থাকিল। পদূলিমূৰত থোৱাখন বৰা চাউলৰ, দুৱাৰমুখত থোৱাখন কচুৰ আৰু ঢেঁকীৰ ফিচাত থোৱাখন চূণৰ পিঠা আছিল। বা। ধোঁৱা দেখি আহি তীখৰৰ ঘৰৰ পদূলিৰ মূৰ পাই পোনতে তাত থোৱা পিঠাখন খাই জুতি পাই দুৱাৰমুখখন খালেহি। সেইখন খালে তাৰ ডিঙি খজুৱাবলৈ ধৰিলে। ডিঙি খতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেঁকীশাল পাই ঢেঁকীৰ ফিচাত পিঠা এখন আছে দেখি সেইখনো খালে তাৰ ডিঙিত ঘা লাগি সি সেপ ঢুকিব নোৱাৰি মৰি থাকিল।
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: তীখৰ আৰু চুটিবাই এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: তীখৰ আৰু চুটিবাই এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: তীখৰ আৰু চুটিবাই এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।