টেনালী ৰমনৰ উপস্থিত বুদ্ধি | Tenali Romonor Uposthit Buddi, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, টেনালী ৰমনৰ উপস্থিত বুদ্ধি, সাধুকথা, অসমীয়া কাহিনী, টেনালী ৰমনৰ উপস্থিত বুদ্ধি, শিশুৰ বাবে কাহিনী
টেনালী ৰজাৰ ৰাজসভাৰ এজন বহুৱা আছিল। বহুৱা মানে মানুহক খুহুতীয়া কথা কৈ, ভাও দেখুৱাই আনন্দৰ হাহিৰ খোৰাক যোগোৱা ব্যক্তি। টেনালিৰ বহুৱালীত ৰাজ দৰবাৰত সদায় হাহিৰ খলকনি উঠিছিল।
এদিন বহুত বেছি বহুৱালী কৰোতে ৰজাৰ টেনালিৰ ওপৰত খং উঠিল। পিছদিনা টেনালী ৰাজসভাত সোমাওতেই ৰজাই খঙেৰে টেনালিক ক’লে-
: ওলাই যা মোৰ ৰাজসভাৰ পৰা তোৰ বহুৱালীৰ সীমা অতিক্ৰম কৰি গৈছে মই তোৰ মুখেই চাব নোখোজো।
টেনালী ওলাই গ’ল।
Read Also: সাধুকথা: কাঞ্চনী | Hadhu Kotha: Kanchoni
পিছৰদিনা এটা ডাঙৰ খৰাহীৰে মুখখন ঢাকি ৰাজদৰবাৰলৈ সোমাইছে। টেনালীৰ কাণ্ড দেখি ৰাজসভাৰ সকলোৱে হাহিত থাকিব নোৱাৰা হ’ল। ইজনে সিজনে কোৱা মেলা কৰিছে-
: দেখিছা টেনালীৰ কাণ্ড ৰজাই তাৰ মুখহে নাচায় বুলি কৈছিল সেইকাৰণে মুখখনকে ঢাকি আহিছে।এবাৰ ৰজাই ৰাজদৰবাৰৰ সদস্যসকলৰ মাজত যোগ্যতা অনুসৰি পুৰস্কাৰ বিতৰণ কৰিব বুলি ঘোষণা কৰিলে।টেনালীৰ মনলৈ টেঙৰালী ভাব এটা আহিল। প্ৰতিজন সদস্যলৈ একোটাকৈ মেকুৰী দি ক’লে-
: এবছৰৰ ভিতৰত এই মেকুৰীবোৰৰ প্ৰতিযোগিতা পাতি শ্ৰেষ্ঠ মেকুৰীটোক পুৰস্কৃত কৰা হ’ব। ৰমনে নিজেও এটা মেকুৰী লৈ ঘৰমুৱা হ’ল। ঘৰত গৈ মেকুৰীটোক এঘটি গৰম গাখীৰ খাবলৈ দিলে। মেকুৰীটোৱে গাখীৰখিনি এবাৰ সোহা মাৰি দিওতেই জিভাখন পুৰিল ভয়তে বেচেৰা গাখীৰতো পিছত নোখোৱাই হ’ল আৰু গাখীৰৰ ওচৰলৈকো যাবলৈ ভয় কৰা হ’ল। একমাহৰ ভিতৰতে গাখীৰ নাখাই মেকুৰীটো মৰো মৰো অৱস্থা হ’ল। ভয়তে মৰে বুলি তাক মাছকে খাবলৈ দিলে। তাকো বেছিকৈ নহয়, যাতে সি জীয়াই থাকে সেই অনুপাতেহে দিয়ে।
বছৰতকৈ অলপ সোনকালে টেনালিয়ে মেকুৰী প্ৰতিযোগিতাখন পাতি পেলালে। তাৰ মানে টেনালিৰ মেকুৰীৰ অৱস্থা দিনে দিনে বেয়া হৈ গৈছে। মৰি থকাৰ ভয়তে সোনকালে পাতিলে গোটেইবিলাক মেকুৰীক গৃহস্থই খুৱাই-বুৱাই ধুনীয়া ৰিষ্ট-পুষ্ট চেহেৰা কৰি আনিছে। ৰজাই দেখি কাক কি বুলি পুৰস্কাৰ দিব ভাবিবই পৰা নাই। ৰজাই দেখিলে হিচাপত এটা মেকুৰী কম ওলাই দেখোন। তেতিয়ালৈ ৰমনৰ মেকুৰীটো আহি পোৱাই নাছিল। তাৰ মেকুৰী আনিবলৈ আদেশ জাৰি কৰিলে। ৰমণৰ মেকুৰী আহি পালে, তাৰ অৱস্থাই নাই। ৰমনে ক’লে-
: মহাৰাজ মোৰ মেকুৰীটো এইবিলাকৰ দৰে নহয়। অতি স্বাস্থ্যবান অকলে ৰৈ থাকিবই নোখোজে। দৌৰিয়েই থাকিবলৈ বিচাৰে। আনকি দৌৰি দৌৰি সি গাখীৰকে খাব নোখোজে।ৰজাই উত্তৰ দিলে-
: সচা কথা কৈছনে ? আচৰিত লাগিছে মেকুৰীয়ে গাখীৰ খাব নোখোজে। সেই মেকুৰীজনীক এবাটি গাখীৰ আনি দিবলৈ আদেশ দিলে। সকলো সভাসদে নিজৰ নিজৰ মেকুৰী লৈ ঠিয় হৈ আছে। ৰমনে তাৰ মেকুৰীটোও আনিছে। হাৰে-ছালে লাগি মেকুৰী কথমপিহে ঠিয় হৈ থাকিব পাৰিছে।
গৰম গাখীৰ দিছে বুলি মুখ পোৰাৰ ভয়ত গাখীৰ দেখি খিৰিকিয়েদি ৰমনৰ মেকুৰী ওলাই দৌৰ মাৰিলে।
Read Also: Class 9 Assamese Question Answer
শেষত গাখীৰ নোখোৱা মেকুৰী বুলি ৰমনৰ মেকুৰীয়ে পুৰস্কাৰ পালে। ৰজাই দেখিলে যে ৰমনে কোৱা কথাবোৰ সচা। গাখীৰ খাবলৈ মন নকৰা মেকুৰী সেইটোহে। সচাকৈ সি মাথো দৌৰিয়েই ফুৰে।উপস্থিত বুদ্ধিৰে বহুত ক্ষেত্ৰত জয়লাভ কৰিব পাৰি।
কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। টেনালী ৰমনৰ উপস্থিত বুদ্ধি এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। টেনালী ৰমনৰ উপস্থিত বুদ্ধি এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে টেনালী ৰমনৰ উপস্থিত বুদ্ধি এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।