তাৱৈয়েকৰ সাধু | Tawoiyekor Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, তাৱৈয়েকৰ সাধু, সাধুকথা, অসমীয়া কাহিনী, তাৱৈয়েকৰ সাধু, শিশুৰ বাবে কাহিনী
দুজন বৰ মৰমৰ সখি আছিল এজন মৰিবৰ সময়ত তেওঁৰ পুতেকক সধিয়েকৰ হাতত গতাই দি ক’লে– “সখি মোৰ ল’ৰাটো তোমাক গতালোঁ, তুমি তাক ধি ভসা দিচলাই-মৌল মানুহ কৰিবা।” পুতেককো সিক’– “মোৰ সখিৰ হাতত “তোক গতালোঁ, সখিয়ে তোক যিহকে কয় তাকে কৰিবি, যেনেকৈ চলায় তেনেকৈ চলিবি; কোনো কথাত সখিৰ বাইকৰ চুলি এডালৰ সমানো আঁতৰ নহবি; কোনো কাম কৰিবলগীয়া হ’লে সখিৰ কাণ ছুৱাইহে কৰিবি।”
বাপেক ঢুকাল। পুতেকেও সেই মনেচিতেই থাকি তাৱৈয়েকৰ কথামতে চলি আছে। এদিন তাৰ ঘৈণীয়েকৰ ল’ৰা এটা উপজিল সি তাৱৈয়েকক সেই বাতৰি দিলেগৈ। তাৱৈয়েকে তাক ক’লে– “তোমাৰ ঘৰৰ পিছফালে পোতা পুখুৰীটোত ল’ৰাটো নি এতিয়াই পুতি থোৱাগৈ।“ সি তাৱৈয়েকৰ কথাত অবাক হ’ল। কিন্তু বাপেকৰ আত্মা সুমৰি, একো নকৈ, ল’খাটো নি তাৰ ঘৰৰ পিছফালে পোতা পুখুৰীত পুতি থলেগৈ। ইয়াৰ এবছৰ পিছত তাৰ আকৌ এটা ল’ৰা উপজিল তাকো তাৱৈয়েকে আগৰ দৰে পুতি থ’বলৈ ক’লে সি মনত বৰ বেজাৰেৰে তাৱৈয়েকৰ কথা সাৰোগত কৰি মানি তাকে কৰিলে। ইয়াৰ ডেৰবছৰমানৰ পিছত তাৰ ঘৈণীয়েকে ছোৱালী এজনী পালে। এইবাৰ সি ভাবিলে, তাৱৈয়েকে আৰু আগৰ দৰে ছোৱালীজনী পুতি থ’বলৈ ব্যৱস্থা নিদিয়ে। কিন্তু সি বিস্ময় মানিলে যে তাৱৈয়েকে এই ছোৱালীজনীকো আগৰ ল’ৰা দুটাৰ দৰে সেই পোতা পুখুৰীতে পুতি থ’বলৈ ক’লে। ইয়াৰ দুবছৰমানৰ পিছত তাৰ ঘৈণীয়েকৰ আকৌ ল’ৰা এটা উপজিল। সি এইবাৰ ভাবিলে যে বাৰু, তাৱৈক এই বাতৰি দিওঁ, কিন্তু যি থাকে কপালত, এইবাৰ তেওঁ ল’ৰাটো পুতি থ’বলৈ ক’লেও আৰু মই তেওঁৰ কথা নুশুনো। ইয়াকে ভাবি সি তাৱৈয়েকৰ ঘৰলৈ গৈ ল’ৰা হোৱা বাতৰি দিলে, তাৱৈয়েকে তাক ক’লে– “বোপা, এই ল’ৰাটো তুমি ধুৱাই-পখলাই লোৱাগৈ। কিন্তু মই এটা কথা তোমাক কওঁ– তুমি তোমাৰ দৰে আগৰ ল’ৰা-ছোৱালীকেইটা য’ত পুতি থৈছিলা, আজি সেইখিনিতে পল’ এটা পাতি তাৰ ওপৰত পৰ দি বহি থাকিবা।” তাৱৈয়েকেৰ মতেই সি ঘৰলৈ গৈ ল’ৰাটো ধুৱাই-পখলাই ল’লে আৰু ৰাতি সেইদৰে পোতা পুখুৰীৰ মাজত পল’ এটা পাতি পৰ দি থাকিল।”
Read Also: ভেকুলীৰ সাধু | Vekulir Hadhu Kotha
ৰাতি দুপৰ হৈছে, এনেতে বৰাটো ল’ৰাই গাঁতৰ ভিতৰৰ পৰা মাত লগালে– “ভাইটি ঐ! মই থাকিবলৈ নাপালো। পোৱাহেঁতেন তাক থিয়ৈ থিয়ৈ শূলত দিলোহেঁতেন। উ: কটা ভাল সাৰিল।” মাজুটো ল’ৰাই মাত লগালে– “ককাইটিহঁত ঐ।মই থাকিবলৈ পোৱা হ’লে তাৰ ডিঙিত চিপজৰী লগালোহেঁতেন। তাৰ তাৱৈয়েকে আমাৰ মঙহ খালে। ইয়াৰ পিছত ঘেৱলীজনীয়ে মাত লগালে– “ককাইটিহঁত যদি মই কোনোবাকৈ থাকিবলৈ পালোহেঁতেন, তেন্তে তাক কেঁকোৰাই খোলাদি খুলি খুলি খালোহেঁতেন। কি কম ককাইহিত, মনৰ কথা মনতে ৰৈ গ’ল।”
এইবোৰ কথা-বার্তা শুনি মানুহটোৱে তেতিয়া ভালকৈ বুজিলে যে তাৰ তাৱৈয়েকে তাৰ কি পৰম উপকাৰ কৰিলে। তেতিয়া তাৱৈয়েকৰ ওপৰত তাৰ আৰু ডাঠ বিশ্বাস হ’ল।
ইয়াৰ কিছুদিনৰ পিছত তাৰ ধান বেচিবৰ হ’ল সি তাৱৈয়েকক সুধিলে– “তাৱৈ, মোৰ ধানগাল বেচিব খুজিছোঁ।” তাৱৈয়েকে তাক সুধিলে– “ধানৰ দৰ কি হৈছে?” সি উত্তৰ দিলে– “টকাত ১২ পূৰা ।” তাৱৈয়েকে ক’লে– “এতিয়া বেচিব নালাগে।” আৰু কিছুদিন পিছত সি তাৱৈয়েকৰ ঘৰ ওলাই তাৱৈয়েকক কলে– “তাৱৈ, ধানৰ দৰ কমিলেহে।” তাৱৈয়েকে ক’লে– “কেই পূৰাকৈ হৈছে?” সি ক’লে– “এতিয়া ২০ পূৰা হ’ল।”তাৱৈয়েকে ক’লে– “যোৱা এতিয়া বেছিদিয়াগৈ।”সিতাৱৈয়েকৰ কথামতে। টকাত ২০ পূৰাকৈ ধান বেছিটকাখিনি লৈ গৈ অবৈবেক দেখুৱালে তাৱৈয়েকে ক’লে– “ভাল হৈছে, এতিয়া তুমি এই টকাৰে সোণ কিনি আনি সোণাৰিৰ হতুৱাই এটা লাড্ডু গঢ়োৱা।” তাৱৈয়েকৰ কথামতে সি সোণৰ লাড়ুটো কৰি আনি তাৱৈয়েকক দিলে, তাৱৈয়েকে ক’লে– “এই লাড়ুটো তুমি নৈত পেলাই দিয়াগৈ।” সি তাৱৈয়েকৰ কথা শুনি মনত বেজাৰ পাইঅগত্যা সৌণৰ লাড়ুটো নৈত পেলাই দিলেগৈ।
মাহচেৰেকৰ মূৰ্ত মাছমৰীয়া এটাই এটা ৰৌমাছ বেচিবলৈ বুঢ়াৰ পুতেকৰ ঘৰলৈ আনিছিল। সি বৌমাছটো লৈ কাটিলে তাৰ পেটত সেই সোণৰ লাড়ুটো ওলাই পৰিল। সি তাৱৈয়েকক লাড়ুটো দেখুৱালে, তাৱৈয়েকে তাক ক’লে– “তোমাৰ এইটোহে নিজৰ বস্তু। যোৱা, এইটি ভালকৈ থৈ দিয়াগৈ। তুমি কিজানি আগেয়ে মোক তোমাৰ শত্ৰু বুলিহে ভাবিছিলা। এতিয়া মই দুইটা কথাৰ তোমাক পতিয়ন দিব পাৰি ঈশ্বৰৰ চৰণৰ সেৱা কৰিছোঁ। যোৱা বোপা তুমি ধৰ্মত মতি ৰাখি ঈশ্বৰৰ চৰণত নিৰ্ভৰ কৰি সকলো কৰিবলগীয়া কাম-কাজ কৰি সুখেৰে খাই-বৈ থাকাগৈ। কোনো চিন্তা নাই, প্রভুৱে তোমাক সততে মংগল কৰিব।”
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। তাৱৈয়েকৰ সাধু এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। তাৱৈয়েকৰ সাধু এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে তাৱৈয়েকৰ সাধু এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।