সুৱেৰি উৎসৱ | Suweri Festival
অসমৰ পুৰণি কামৰূপ জিলাৰ দক্ষিণ পাৰৰ মানুহে পালন কৰা জনপ্ৰিয় উৎসৱটিৰ নাম হ’ল “সুৱেৰি উৎসৱ”। এই উৎসৱটোক কোনো কোনো অঞ্চলত “স’ৰি” উৎসৱ বুলিও জনা যায়। এই উৎসৱ কেবাখন গাঁৱৰ লোক লগ হৈ বহল ভিত্তিতো অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়। সুৱেৰি উৎসৱৰ প্ৰধান উপাস্য দেৱতা হ’ল কৃষ্ণ বা বিষ্ণু। কামৰূপ জিলাৰ উত্তৰ পাৰৰ লোকসকলে অনুষ্ঠিত কৰা ভঠেলি উৎসৱৰ দৰে এই উৎসৱতো য’ত উৎসৱৰ স্থলী নিৰ্বাচন কৰা হয় সেই ঠাইত দুডাল বাহৰ খুঁটা পোতা হয়। এই উৎসৱৰ বাবে যি দুডাল বাহ পোতা হয়, সেই বাহ দুডালৰ ওপৰৰ ফালে থকা পাতবোৰ কাটি পেলোৱা নহয়। এই উৎসৱ পালন কৰা স্থানত বাহ দুডাল পোতা হয় সেই স্থানতে তেওঁলোকৰ প্ৰধান দেৱতা কৃষ্ণ বা বিষ্ণুৰ মূৰ্তি স্থাপন কৰিবলৈ সিংহাসন প্ৰস্তুত কৰি ৰখা হয়।

সুৱেৰি উৎসৱৰ কাৰণে কৃষ্ণ বা বিষ্ণুৰ মূৰ্তি স্থাপন কৰিবলৈ সিংহাসন কঢ়িয়াই আনোতে গাঁৱৰ লোক-সমূহৰ মাজত এখন ব্যংগ যুদ্ধৰ আয়োজন কৰা হয়। এই ব্যংগ যুদ্ধখনত গাঁৱৰ ৰাইজ দুটা ভাগত বিভক্ত হয়। ইয়াৰে এটা ভাগ আগতে গৈ মাজ বাটত ৰৈ থাকে আৰু আনটো ভাগে হাবি-বন কাটি মূৰ্তি কঢ়িয়াই নিয়ে। এনেদৰে মূৰ্তি কঢ়িয়াই নিয়া দলটোক মাজ বাটত ৰৈ থকা দলটোৱে আগভেটি ধৰি যুদ্ধৰ পাতনি মেলে। এই ব্যঙ্গ যুদ্ধখনৰ শেষত দুয়োটা দল লগ হৈ গাঁৱৰ প্ৰতিঘৰ মানুহৰ ঘৰলৈ মূৰ্তি কঢ়িয়াই নিয়া হয়।

আচলতে সুৱেৰি উৎসৱক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা কৃত্ৰিম যুদ্ধখনে বুজায় যে এসময়ত হয়তো মূৰ্তি কঢ়িয়াই নিয়াত বাধা দিয়া শক্তি আছিল। সেই শক্তিক বাধা দিবলৈ হয়তো যুদ্ধ কৰি হ’লেও নিজৰ গাঁৱৰ নিজৰ অঞ্চলৰ ঐতিহ্য ৰক্ষাৰ কাৰণে যুদ্ধৰ আয়োজন কৰিছিল। এই যুদ্ধখনৰ জৰিয়তে গাঁৱৰ বা অঞ্চলৰ লোক-সমাজক যেন সতৰ্কতাৰ প্ৰয়োজনীয়তাৰ কথাকেই সোৱৰাই দিব বিচাৰিছে।
Read Also: Class 10 Assamese Question Answer
সুৱেৰি উৎসৱ আৰম্ভ কৰা হয় দুপৰীয়াৰ পৰা। এই উৎসৱত একেলগ হোৱা বিভিন্ন গাৱঁৰ লোকবোৰে পূজা-অৰ্চনা কৰি আবেলি সময়ত প্ৰত্যেক গাৱৰে নিজৰ নিজৰ মূৰ্তিসমূহ লৈ যোৱা হয়। এই পূজাত নৈবেদ্য হিচাপে সাধাৰণতে গন্ধ, পুষ্প আদি পৰম্পৰাগত অনুযায়ী আগবঢ়োৱা হয়।

পুৰণি কালত সুৱেৰি উৎসৱক উদ্দেশ্য হিচাপে লৈ ম’হ যুজঁ, হাতী যুজঁ আদি অনুষ্ঠানৰো আয়োজন কৰা হৈছিল। সাম্প্ৰতিক সময়ত এই উৎসৱত এনেবোৰ অনুষ্ঠানৰ আয়োজন কৰা নহয়। তদুপৰি এই উৎসৱক কেন্দ্ৰ কৰি, উৎসৱ স্থলী সমূহত শ্ৰীকৃষ্ণৰ লীলা-মাহাত্ম্যৰ অভিনয় কৰা হৈছিল।
Read Also: মদন – কামদেৱৰ পূজা | Madan Kamadeva Puja
বৰ্তমান সময়ত পলাশবাৰী অঞ্চলত আজি পৰ্যন্ত সুৱেৰি পূজাৰ অংশ হিচাপে দধি-মন্থন কাৰ্যসূচী পালন কৰে। এই দধি-মন্থন কাৰ্যসূচী মূলতঃ শ্ৰীকৃষ্ণৰ শিশু-লীলাৰ মাহাত্ম্য প্ৰকাশৰ প্ৰধান অনুষ্ঠান। এই কাৰ্য্যসূচিত বাৰজন ল’ৰা (গোপাল) আৰু চাৰিজনী ছোৱালী (গোপী) লগ হৈ গীত-নৃত্যৰ মনোৰম অনুষ্ঠানৰ আয়োজন কৰি লোক-সমাজক শ্ৰীকৃষ্ণৰ মহিমা-লীলা-মাহাত্ম্য আদিৰ প্ৰতি আকৃষ্ট কৰে। গোপাল হ’ল গৰখীয়াৰ দেৱতা। এই গৰখীয়া দেৱতা অৰ্থাৎ গোপাল শ্ৰীকৃষ্ণক সুৱেৰি উৎসৱৰ লগত জড়িত কৰোৱাৰ ফালৰ পৰা ইয়াৰ লগত গো-কল্লাণ সাধনৰ উদ্দেশ্য যে জড়িত হৈ আছে তাক অনুমান কৰিব পাৰি।

আমি আশা কৰিছো সুৱেৰি উৎসৱ | Suweri Festival আপোনালোকক সহায় কৰিব। যদি আপোনাৰ সুৱেৰি উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।