চুকাফা দিৱস | Sukapha Divas

চুকাফা দিৱস | Sukapha Divas

সৌমাৰপীঠত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাক ইতিহাসৰ এক মহৎ আৰু গুৰুত্বপূৰ্ণ স্বৰ্গদেউ বুলি গণ্য কৰা হয়। চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা দিনটো আছিল ১১২৮ খ্ৰীষ্টাব্দৰ ১৬ আঘোণ প্ৰত্যেক বছৰৰ অৰ্থাৎ ১১২৮ খ্ৰীষ্টাব্দৰ পৰা অসমত ১৬ আঘোণৰ দিনটোক অতি তাৎপৰ্য্যপূৰ্ণ দিন হিচাপে গণ্য কৰি “চুকাফা দিৱস” বা “আধুনিক অসমৰ প্ৰতিষ্ঠা দিৱস” হিচাপে পালন কৰা হয়।

চুকাফা দিৱস 2

আহোম বুৰঞ্জীমতে চাওলুং চুকাফাই ১১২৮ খৃষ্টাব্দৰ ১৬ আঘোণৰ দিনটোতে অসমত প্ৰৱেশ কৰি, উজনি অসমৰ এটা ফালৰ পৰা মানুহৰ জীৱন-যাত্ৰাৰ উত্তৰণৰ নতুন আদৰ্শ, নতুন সভ্যতা আদিৰ জয় যাত্ৰাৰ সূচনা আৰম্ভ কৰিছিল। চুকাফাই অকল বীৰত্বৰে দেশ জয় কৰি আহোম ৰাজ্য প্ৰতিষ্ঠাৰ অভিযানত নামি পৰা নাছিল। তেওঁ আছিল এজন সুদক্ষ সমাজ আৰু সংস্কৃতিৰ ভাৱধাৰাৰ প্ৰতিষ্ঠা কৰা মহান ব্যক্তি। তেওঁ পাটকাই পৰ্বত পাৰ হৈ আহি অসমত সাধাৰণ এখন উপনিৱেশ স্থাপন কৰাৰ কথা তেওঁ ভবা নাছিল। ইয়াৰ বিপৰীতে তেওঁ ভাবিছিল অসমৰ এক সমন্বয়ৰ কথা, অসমৰ মানুহৰ নতুন জীৱন ধাৰাৰ কথা, য’ত থাকিব কেৱল সমন্বয়ৰ সংস্কৃতি। এই কথা ভাবি চুকাফাই থলুৱা মৰাণ, বৰাহী, চুতীয়া, কছাৰী, নগা, মিছিং, ৰাভা, কোচ আদি সম্প্ৰদায়ৰ লোকসমূহক লৈ তেওঁ এখন সমন্বয় সভাৰ আয়োজন কৰিছিল। এয়াই আছিল পোন-প্ৰথম আধুনিক অসমীয়া জাতিৰ সমন্বয়ৰ নতুন অসমৰ আৰম্ভণি।

চাওলুং চুকাফাৰ পিতৃৰ নাম আছিল ফুচাং কাং বা চাও ন্যেউ। চুকাফা তেওঁৰ তৃতীয়জন পুত্ৰ আছিল। চুকাফাৰ পিতৃ ম’ঙ মিৎ ৰাজ্য বা ম’ঙ-মিঠ-ক্লুপ-কিলিং-দাও ৰাজ্যৰ ৰজা আছিল। চুকাফাৰ মাকৰ নাম আছিল ম’ঙ-ব্লক-খাম-চেং আছিল। চুকাফাৰ মাক আছিল মাও লুঙৰ ৰজা টাই পঙৰ কন্যা।

Read Also: তুছু পূজা | Tusu Festival

চুকাফাৰ জন্ম হৈছিল চেং চেতেওৰ ঘৰত অৰ্থাৎ মাকৰ ঘৰত। সেইকাৰণে চুকাফা জন্মসূত্ৰে ম’ঙ মিৎ আৰু টাই পং দুখন ৰাজ্যৰ লগত জড়িত এজন টাই কোৱৰ। পিতৃৰ ৰাজ্যৰ উত্তৰাধিকাৰী হিচাপে চাওলুং চুকাফা আছিল ম’ঙ মিৎ আৰু কোং লাওৰ হাসংনকর্তা। সেই সময়ত সৰু সৰু ভ্ৰাতৃ সম্পৰ্কীয় ৰাজ্যবিলাকৰ মাজত পাৰস্পৰিক আত্মঘাতী যুজ বিলাক নিজৰ ভিতৰতেই আৰম্ভ হৈছিল। কিন্তু চুকাফাই কোনো এখন ৰাজ্যৰে পক্ষ ন’লৈ তেওঁ নিজৰ ৰাজ্য ত্যাগ কৰি ঐ ছালিলুং বামুউংদুম দুন খামলৈ যাত্ৰা আৰম্ভ কৰিলে। তেওঁ যাত্ৰা আৰম্ভ কৰা এই ঐছালি লুং হ’ল আজিৰ অসম। 

চুকাফাই অসমলৈ আহোতে লগত তেওঁৰ ৰাণী, বহুকেইটা সম্ভ্ৰান্ত পৰিয়াল, তেওঁলোকৰ উপাস্য দেৱতা ছোম দেও, চেং দেও সহিতে প্ৰায় ৯,০০০হেজাৰ ৰণুৱা লগত লৈ আহিছিল। তেওঁ অসমলৈ আহি সৌমাৰত এখন ৰাজ্য প্ৰতিষ্ঠাতে সীমাবদ্ধ হৈ নাথাকিল। এজন মহা পৰাক্ৰমী বীৰ, যোদ্ধা হিচাপে তেওঁ ৰৈ নাথাকি এজন নতুন সমাজ নিৰ্মাতা, নতুন আদৰ্শ দিওতা, নতুন সংস্কাৰ দিওতা, নতুন সমন্বয়ৰ সংস্কৃতিৰ প্ৰতিষ্ঠা কৰা মহান দূৰদৰ্শী পুৰুষ হিচাপেহে চিনাকি দিলে। অসমত প্ৰকৃত সহাৱস্থান আৰু প্ৰকৃত সন্মিলনৰ ভেটি প্ৰতিষ্ঠা কৰা চুকাফাৰ সমতুল্য ৰজা কোনো এজন নাছিল। চুকাফাই যুদ্ধ নকৰি বন্ধুত্বৰেহে এখন নতুন ৰাজ্য গঠন কৰাৰ প্ৰচেষ্টাহে তেওঁ কৰিছিল।

চুকাফাই প্ৰতিষ্ঠা কৰা ৰাজ্যখন আছিল বুঢ়ী দিহিং আৰু দিখৌ নৈৰ মাজত অৱস্থিত। এই ক্ষুদ্ৰ ৰাজ্যখনৰ সমীপৱৰ্তী কছাৰী, চুতীয়া আদি ৰজাসকলৰ লগত মিলা-প্ৰীতিৰে চুকাফাই সহাৱস্থান আৰু সংহতিৰ নীতি অনুসৰণ কৰিছিল। তদুপৰি তেওঁ চুতীয়া, কছাৰী, মৰাণ, বৰাহী আদি সম্প্ৰদায়বোৰৰ লগত গভীৰ সম্পৰ্ক গঢ়ি তুলিছিল আৰু ইয়ে পিচত বৃহৎ অসমীয়া জাতি এটা গঠনত যথেষ্ট সহায়ক হৈছিল। এই মহান গুণবোৰৰ কাৰণেই চুকাফাই নতুন মাটিত নতুন দেশ এখন গঢ়িব পাৰিছিল।

চুকাফা দিৱস 3

চুকাফাৰ নতুন দেশ গঢ়াৰ মূলমন্ত্ৰ আছিল- “অত্যাচাৰৰ বিৰুদ্ধে প্ৰেম আৰু বন্ধুত্ব, বিচ্ছিন্নতাৰ বিপৰীতে সম্প্ৰীতি আৰু মিলা-প্ৰীতি”। চুকাফাই মৰাণ, বৰাহী, কছাৰী, চুতীয়া আদি সম্প্ৰদায় সমূহৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি এক উদাৰ মনোভাৱ সকলোৰে মাজত প্ৰতিষ্ঠা কৰিব পাৰিছিল। তদুপৰি তেওঁ সকলো সম্প্ৰদায়ৰ মাজত পৰম বিশ্বাসেৰে নতুন পথৰ, নতুন সভ্যতাৰ সন্ধান দি এটা বৃহৎ নতুন জাতি গঠন কৰিব পাৰিছিল। যিটোক আমি বৰ্তমান অসমীয়া জাতি বুলি কও। সাম্প্ৰতিক সময়ত অসমত আমি সকলোৱেই চুকাফা দিৱস পালন কৰোঁ। এই চুকাফা দিৱস পালন কৰিলেই আমাৰ কৰণীয় শেষ হৈ নাযায়। এই দিৱসৰ মূল তাৎপৰ্য হ’ল “সংহতিৰ মন্ত্ৰ সকলোৰে আগত দাঙি ধৰা। চুকাফাৰ আদৰ্শই বৈচিত্ৰ্যৰ মাজত ঐক্য আৰু সংহতিৰে গঢ়ি তুলিলে এখন দেশ, এটা বৃহৎ অসমীয়া জাতি, এই জাতিটোও জীয়াই থকাৰ আদৰ্শও যেন দি গ’ল চুকাফাই। অসমীয়া জাতিৰ বিকাশৰ স্তৰো যেন তেওঁৱেই দি গ’ল। চুকাফা দিৱসত আমি সমগ্র অসমীয়া জাতি ওলাই আহি সকলোৱে ক’ব লাগিব- “সংহতি, ঐক্য আৰু প্ৰগতি আমাৰ লক্ষ্য” তেতিয়াহে আমাৰ অসমীয়া জাতিটোৰ অস্তিত্ব ৰক্ষা পৰিব আৰু আমাৰ জাতিটোৰ বিকাশ সাধন হ’ব, লগতে চুকাফাকো শ্ৰদ্ধা জনোৱা হ’ব।

আমি আশা কৰিছো চুকাফা দিৱস | Sukapha Divas আপোনালোকক সহায় কৰিব। যদি আপোনাৰ চুকাফা দিৱস সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply