ছয় সখীয়েক এক ৰাক্ষসীৰ গল্প  | Story: Soi Hokhiyek, Ek Rakhyokhi

ছয় সখীয়েক এক ৰাক্ষসীৰ গল্প  | Story: Soi Hokhiyek, Ek Rakhyokhi, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, ছয় সখীয়েক এক ৰাক্ষসীৰ গল্প, সাধুকথা, অসমীয়া কাহিনী, ছয় সখীয়েক এক ৰাক্ষসীৰ গল্পশিশুৰ বাবে কাহিনী

এখন নগৰত পাঁচটা ডেকা লৰাই সিহঁতৰ বাপেকহঁতৰে সৈতে দ্বন্দ্ব কৰি ঘৰত নাথাকো বুলি দেশ ভ্ৰমণ কৰিবলৈ ওলাল । সিহঁতৰে সৈতে সেই দেশৰ এলাগী ৰাণীৰ লৰা এটাও ওলাল । এলাগীৰ কোঁৱৰেও বাপেকৰ পৰা মৰম চেনেহ নেপাইছিল দেখি তাৰ মনতো বিৰক্তি লাগি আছিল । এতিয়া ছয়োটাই সখী বন্ধাই লৈ কোনেও কাকো কেতিয়াও নেৰো বুলি কথা বান্ধি ললে । 

সিহঁত গৈ থাকোঁতে গৈ থাকোঁতে বাটতে ৰাতি হল । বাটত যাওঁতে গধূলিপৰত সিহঁতে দেখিলে যে সিহঁতৰ পিছে পিছে কৰবাৰ পৰা এজনী ফিন্দখোৱা ওহাৰেৰে গাখীৰতী ছাগলী আহিব লাগিছে । সিহঁতে এজোপা বৰগছৰ তলত থাকি কটাবলৈ মন কৰি ৰলত দেখিলে যে ছাগলীজনীও তাতে ৰল । ছাগলীজনীয়ে সেইদৰে সিহঁতৰ লগ লোৱা দেখি সিহঁতে তাইক নেখেদাই ওচৰতে বান্ধি থলে আৰু কোৱা মেলা কৰিলে যে “ভালেই হল ৰাতি এইৰ গাখীৰ খীৰাই সামহক ।” অলপ ৰাতি হলত সঁচাকৈয়ে সিহঁতে ছাগলীজনী খীৰাই বহুত গাখীৰ পালে আৰু আটাইকেইটাই হেঁপাহ পলুৱাই গাখীৰ খাই মহা আনন্দেৰে শুই থাকিল । ছাগলীজনী আচলতে ৰাক্ষসী আছিল । ৰাতি দুপৰ হলত তাই মনে মনে নিজ মূৰ্তি ধৰি ৰাক্ষসী হৈ ছয় সখীয়েকৰ এটাক খাই থৈ আকৌ ছাগলী ৰূপ ধৰি আগৰ ঠাইতে বান্ধ খাই থাকিল । ৰাতি পোৱালত সিহঁতে উঠি লগৰ সখীয়েক এটাক নেদেখি ভাবিলে যে সি সিহঁতক এৰি ৰাতিয়েই পলাই গল । নাইকিয়া হোৱা সখীয়েকৰ কাৰ্যত গৰিহণা দি সিহঁতে সেইদিনা আকৌ যাবলৈ ধৰিলে আৰু যাৰ ছাগলী তাৰ ঘৰলৈ যাওক বুলি ছাগলীজনী মেলি দিলে । কিন্তু অলপ গৈ দেখিলে যে ছাগলীজনীয়ে সিহঁতৰ পিছ নেৰা হল ।

সেইদিনা ৰাতি হলত পাঁচ সখীয়েক আকৌ আগৰদৰে গছ এজোপাৰ তলতে শুই থাকিল আৰু সিহঁতে ছাগলীজনীৰ গাখীৰ খীৰাই খাই তাইক ওচৰতে বান্ধি থলে । সেই নিশাও ছাগলীৰূপী ৰাক্ষসীয়ে আগৰ ৰাতিৰদৰে পাঁচ সখীয়েকৰ এটাক খালে আৰু বাকীকেটাই সেই কথা গমকে ধৰিব নোৱাৰিলে । পোৱা চাৰি সখীয়েকে আকৌ সিহঁতৰ ভিতৰত এটাক নেদেখি সিয়ো বিশ্বাসঘাতকতা কৰি সিহঁতক এৰি গল বুলি বেজাৰ কৰিলে আৰু সিহঁতে চাৰিওজনৰ ভিতৰত কোনেও আৰু কাকো নেৰো বুলি শপত খালে । 

সেইদিনাও গধূলি হলত চাৰি সখীয়েকে এজোপা গছৰ তলত আশ্ৰয় লৈ ছাগলীজনী বান্ধি গাখীৰ খীৰাই খাই শুই থাকিল ; কিন্তু ৰাতি আকৌ আগৰ দৰে ঘটিলে , তেওঁলোকৰ এজন ৰাক্ষসীৰ পেটত সোমাল । ৰাতিপুৱা বাকী তিনিজনে পুনৰ তেনে ঘটনা ঘটা দেখি বৰ বেজাৰ কৰি আকৌ যাবলৈ ধৰিলে । সেই ৰাতিও পূৰ্বৱতে তেওঁলোক এজোপা গছৰ তলত শুই থাকোঁতে তিনিজনৰ এজনক আকৌ ৰাক্ষসীয়ে খালে । ৰাতিপুৱা বাকী থকা দুই সখীয়েকে বাৰে বাৰে তেনে হোৱা দেখি নথৈ বেজাৰ কৰি সেই গছৰ তল এৰি যাবলৈ ধৰিলে । 

গধূলি দুয়ো আগৰদৰে আকৌ এজোপা গছৰ তলত থিতি হল আৰু খাই বৈ শুই থাকিল ; কিন্তু মনত নানা ভাৱনা  চিন্তা হোৱা বাবে তেওঁলোকৰ ভালকৈ টোপনি অহা নাছিল । এনেতে ৰাতি দুপৰ হল । ৰাক্ষসীয়ে ছাগলীৰ ৰূপ এৰি নিজ মূৰ্তি ধৰিলে । যেই তাই এজনক খাবলৈ ধৰিলে , সি ৰাক্ষসীক কাকূতি কৰিবলৈ ধৰিলে , “মোক নাখাব , নাখাব” বুলি । কিন্তু এক নিমিষতে তাৰ মাত মাৰ গল , সি ৰাক্ষসীৰ পেটলৈ গল । কাণ্ড দেখি ভয়ত সিজন নি:সাৰে পৰি থাকিল । এতিয়া যিজন বাকী ৰল , সেইজন হৈছে ৰজাৰ সেই এলাগী কুঁৱৰীৰ পুতেক । ৰাতি পুৱালতে এলাগীৰ কোঁৱৰে ছাগলীজনী তাতে এৰি থৈ ঘৰমুৱা হৈ খোজ ললে । অলপ বাট গৈ সি উভতি চাই দেখিলে যে ছাগলীজনী তাৰ পিছে পিছেই আহিছে । মাৰি এডাল লৈ সি ছাগলীজনী ইমানকৈ খেদালে কিন্তু একোপধ্যে ৰাক্ষসী ছাগলী তাৰ পিছ নেৰা হল । শেষত সি কোবা কুবিকৈ গৈ নগৰৰ ওচৰ পাই লৰ ধৰি নগৰত সোমালগৈ আৰু ছাগলীজনী এজনী সুন্দৰী ছোৱালী হৈ তাৰ পিছে পিছে লৰিবলৈ ধৰিলে । কোঁৱৰে উধাতু খাই গৈ ৰজাৰ আগতে ওলাল সকলো কথা কলত , তাৰ পিছত যোৱা ছাগলীজনীয়েও সেইবোৰ মিছা বুলি ৰজাক কলে । ৰজাই তাইৰ ৰূপ দেখি মোহ গৈ কোঁৱৰৰ কথা মিছা বুলি উৰাই দি ছোৱালীজনীক নিজৰ কুঁৱৰী পাতি ললে । বাপেকৰ ব্যৱহাৰত মৰ্মান্তিক বেজাৰ পাই এলাগীৰ পুতেক গুচি গৈ নিজৰ ঘৰত থাকিলগৈ । 

এমাহমানৰ ভিতৰতে ৰজাই দেখিবলৈ পালে যে ৰজাৰ ঘৰৰ মানুহ ঢুকাই যাবলৈ ধৰিছে । ৰজাই এই কথাটোৰ কাৰণ বিচাৰি দেখিলে যে তেওঁৰ মৰমৰ কুঁৱৰীয়ে দিনৌ ৰাতি এটা এটাকৈ মানুহবোৰ খাই ঢুকাই নিছে । তেতিয়া ৰজাই বুজিব পাৰিলে যে এলাগী কুঁৱৰীৰ পুতেকে কোৱা কথা সঁচা ; তেওঁ যাৰ ৰূপত মোহ গৈ যাক তেওঁৰ মৰমৰ ৰাণী পাতিছে সেইজনী ৰাক্ষসীহে । ইয়াৰ পিছতে ৰজাই এলাগীৰ পুতেকক মতাই আনি কলে যে যদি সি সেই ৰাক্ষসীৰ হাতৰপৰা তেওঁক সৰুৱাই দিব পাৰে তেন্তে তাক তেওঁ উঠি ৰজা পাতিব । পুতেকে এই কথা শুনি “বাৰু চেষ্টা কৰি চাওঁ ” – বুলি ওলাই গৈ এখন নৈৰ কাণত বহি ভাবি আছে । এনেতে এটা চিলনী কৰবাৰ পৰা উৰি আহি তাৰ ওচৰতে পৰি তাক কলে যে “তুমি কিয় এইদৰে ভাবি আছা ; তুমি এই নৈৰ পাৰেদি হাবিয়ে হাবিয়ে দিনচেৰেকৰ বাট গলে এখন ৰাক্ষসৰ দেশ পাবাগৈ । তাতে এই ৰাক্ষসী ৰাণীৰ মাক থাকে । মাকৰ নাম মালতী আৰু এই ৰাণী হৈ থকা জীয়েকৰ নাম আলতী । তুমি আলতীৰ পুতেক বুলি তাতে কান্দি থাকি মাকৰ আগত চিনাকি দিলেই তোমাক কাৰ্য সিদ্ধি হব ।” এইদৰে যি যি কৰিব লাগিব চলনীয়ে তাক শিকাই দিলে । চিলনীৰ কথা শুনি কোঁৱৰে সেইদৰে গৈ ৰাক্ষসীৰ দেশ পালেগৈ আৰু এঠাইত বহি – 

“আলতীৰ মাক মালতী ঐ ! 

জীয়েকৰ নৰীয়া টান !”

– বুলি বিনাই কান্দিবলৈ ধৰিলে । তাৰ কান্দোন শুনি মালতী ওলাই আহি তাক সুধিলে , “তই কোন ? আলতীৰ কি হৈছে ? কিয় কান্দিছ ?” কোঁৱৰে উত্তৰ দিলে – “মই আলতীৰ পুতেক । তেওঁক বৰ মৰামুছা নৰীয়া ! সেইদেখি মোৰ বুঢ়ী আইক বাতৰি দিবলৈ আহিছোঁ । তুমিনো কোন ?” মালতীয়ে কলে , “ময়েই মালতী ।” এই কথা শুনি কোঁৱৰে বৰকৈ কান্দিবলৈ ধৰিলত , মালতীয়ে কোঁৱৰক নাতিয়েক ভাবি মৰম কৰি ঘৰলৈ লৈ গল । কিন্তু কোঁৱৰে বৰকৈ কান্দি মালতীক কবলৈ ধৰিলে , “বুঢ়ীআই , মোৰ আইৰ ইমান নৰীয়া মই দেখি আহিলোঁ এতিয়ামানে তেওঁ কিজানি ঢুকালেই ।” এই কথা শুনি মালতীয়ে তাক বুজনি দি কলে , “মোৰ সোণই , তই বেজাৰ নকৰিবি তোৰ মাৰ মৰিব নোৱাৰে । মই তোৰ মাৰৰ দেহ লাও তোক দেখুৱাও আহ ।” এই বুলি চোৰ চাঙত তাক তুলি মালতীয়ে জীয়েকৰ দেহ লাওটো দেখুৱাই কলে , “এইটো দেহ লাও মোৰ , সেইটো মাৰৰ , সৌ কেইটা মোমায়েৰহঁতৰ । বোপাই , এই দেহলাওকেইটা নাকাটিলে আমি কোনো নামৰো । তই মিছাতে কিয় বেজাৰ কৰিছ ?” ইয়াৰ আগেয়ে চিলনীৰ বুদ্ধিমতে কোঁৱৰে তাৰ গাৰ কাপোৰৰ ভিতৰত লুকাই দা এখন লৈ গৈছিল । সি তৎক্ষণাৎ সেইখন উলিয়াই লৈ তাৰ ঘেচ ঘেচ কৰে দেহ লাওকেইটা কাটি পেলালে । কটা মাত্ৰকে ধূপ ধূপ কৰে ৰাক্ষসবোৰ পৰি মৰিল । ই ফালেও ৰজাৰ আগতে আলতী নিজৰ ৰাক্ষসী ৰূপ ধৰি ধূপূৰকাৰে পৰি মৰি থাকিল। 

Read Also: বৰ চোৰ সাধু | Bor Chur Hadhu Kotha

ইয়াৰ পিছত এলাগীৰ কোঁৱৰক উঠি ৰজা পাতি নিজে বহি ৰজা হৈ সুখেৰে থাকিল ।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। ছয় সখীয়েক এক ৰাক্ষসীৰ গল্প এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। ছয় সখীয়েক এক ৰাক্ষসীৰ গল্প এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। ছয় সখীয়েক এক ৰাক্ষসীৰ গল্প এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply