সাধুকথা: সৰব্‌জান | Sorbojan Hadhu Kotha

সাধুকথা: সৰব্‌জান | Sorbojan Hadhu Kothaবুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: সৰব্‌জান, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: সৰব্‌জানশিশুৰ বাবে কাহিনী

কোনো এখন গাঁৱত ফৰিং নামেৰে এটা খেতিয়ক মানুহ আছিল। মানুহটোৰ ঘৈণীয়েকজনী আপোনপেটীয়া স্বভাৱৰ আছিল। ঘৰখনত মাথোন গিৰীয়েক আৰু ঘৈণীয়েক। সিহঁতৰ সন্তান-সম্ভতি হোৱা নাছিল। মাঘমহীয়া অলপ কিনকিনীয়া বৰষুণ। ৰাতিপুৱাই ফৰিঙে শোৱাপাটীৰ পৰা উঠি ঘৈণীয়েকক ক’লে– “আজি ডাৱৰীয়া বতৰ; মোৰ পিঠা খাবৰ মন গৈছে, তই পিঠা খনচেৰেক ভাজি দিব নোৱাৰনে? আজি ভাত নাখাওঁ বুলিছোঁ।” গিৰীয়েকৰ কথা শুনি ঘৈণীয়েকে ক’লে–“পিঠালৈ বৰাধান ক’তা ? বৰাধানতো আমাৰ ভঁৰালত নাই।” গিৰীয়েকে ক’লে– “তেন্তেকি হ’ব ? পিঠা খোৱা নহ’ল দেখিছোঁ।” ঘৈণীয়েকে উত্তৰ দিলে-“যোৱাচোন, কাৰ ঘৰত বৰাধান মাৰিছে চোৱাগৈ। এগাল খুজিয়েই নহয় লৈ আহাগৈ।” ঘৈণীয়েকৰ কথা শুনি গিৰীয়েক অলপ পৰ তভক মাৰি ভাবি থাকি এটা বুধি সাজি, গাত এখন এৰীয়া কাপোৰ লৈ ওলাই গ’ল। 

ফৰিঙে ওচৰচুবুৰীয়া এঘৰত বৰাধানৰ মৰণা মৰা দেখি, মৰণাৰ ওচৰতে বহি তাৰ গিৰিহঁতৰ সৈতে ভাত খোৱা, শাক খোৱা আদি সুখ-দুখৰ নানা কথা পাতিবলৈ ধৰিলে। ভালেখিনি পৰ সেইদৰে কথা পাতি তাতে বহি আছিল। মৰণাৰ ধান সৰিল। গিৰিহঁতে খেৰ জোকাৰি ধানবোৰ এফলীয়া কৰিলে। এনেতে ফৰিঙে তাৰ বৰকৈ পেটকামোৰাৰ ভাও জুৰি, গাত লৈ থকা এৰীয়া কাপোৰেৰে সৈতে ধানৰ ওপৰত বাগৰ দিলে। একেই চকুৱা বৰাধান, তাতে এৰীয়া কাপোৰ, ধানে কাপোৰখন তেনেই সী সী ধৰিলে। ধানৰ ওপৰত ভালকৈ তিনি-চাৰি বাগৰ দি ফৰিং উঠি কেঁকাই কেঁকাই লাহেকৈ ঘৰলৈ উভতি আহিল। ঘৰ পাই ফৰিঙে এৰীয়া কাপেৰাখন জোকাৰি এদোন বৰাধান পালে। ঘৈণীয়েকে বৰাধান দোন দেখি ৰং পাই সিজাই ৰ’দত শুকাই-উবাই চাউল উলিয়াই পিঠাগুৰি খুন্দিলে। গধূলি ঘৈণীয়েকে ভাত ৰান্ধি ফৰিঙক খুৱাই অতাই, পিঠাৰ খোলা পাতি পিঠা ভাজিবলৈ বহিল। ভাত খাই উঠি ফৰিঙৰ টোপনি আহিল ফৰিং শুই থাকিল। ঘৈণীয়েকে বাৰবুৰি পিঠা ভাজি ডলা এখনত থৈ অতাই, অন্তত সৰহখিনি পিঠা নিজে খাই, মাথোন খনচেৰেক পিঠা বাটি এটাত ভৰাই থৈ দিলে। ঘৈণীয়েকে শুবৰ সময়ত গিৰীয়েকক জগাই ক’লে– “পিঠা ভজা হ’ল; কিন্তু তোমাৰ সৈতে এটা কথা বান্ধো। কাইলৈ ৰাতিপুৱা আমাৰ দুয়োৰে ভিতৰত যেয়ে শোৱা পাটীৰ পৰা আগেয়ে উঠিব, সিয়ে তিনি ভাগৰ এভাগ পিঠা খাব আৰু যি পিছত উঠিব সি দুভাগ খাবলৈ পাব।” ফৰিং ঘৈণীয়েকৰ কথাত মান্তি হৈ শুই থাকিল। 

পিছদিনা পুৱা শোৱাপাটীৰ পৰা এটাও নুঠা হ’ল। ৰ’দ ওলাই পকিব লগ| ই’ল। তথাপি দুয়োৰে কোনো মুঠে, দুয়ো টোপনিৰ ভাও জুৰি নাক ঘোৰ্ঘোৰাই শুই আছে। শেষত ফৰিঙে দেখিলে যে এইদৰে সি হাল-কোৰ, বন-বাৰী পেলাই থৈ কিমান শুই থাকিব। ঘৈণীয়েকেই পিঠা দুভাগ খাওক, সি এভাগকে থাব। ইয়াকে ভাবি সি উঠি আহিল। গিৰীয়েকক উঠি অহা দেখি ঘৈণীয়েকে মাত লগালে “তুমি মোতকৈ আগেয়ে উঠিলা, এতেকে তোমাৰ এভাগ, মোৰ দুভাগ” _ গিৰীয়েকে উত্তৰ দিলে, “বাৰু তয়ে খাবি দুভাগ!” 

ফৰিঙে পিঠা খাবলৈ গৈ দেখিলে যে পিঠা খনচেৰেকহে মাথোন আছে৷ সি ঘৈণীয়েকক সুধিলে– “আৰু পিঠা ক’তা?” ঘৈণীয়েকে উত্তৰ দিলে-“আৰু ক’ৰপৰা পিঠা ওলাব। যি হৈছিল এটাইবোৰ সেই বাটিতে আছে। তুমি তাৰে এভাগ খাই দুভাগ মোলৈ থৈ দিবা।” গিৰীয়েকে পেটে পেটে ভাবিনে . যে এইটো বৰ আচৰিত কথা। প্রদোন ধানৰ মুঠেই এইকেইখন পিঠাহে হ’ল। বেৰত আঁৰি থোৱা ডলাখনলৈ এনেতে হঠাৎ তাৰ চকু গ’ল সি দেখিলে মে তাত পিঠাৰ সাঁচ বান্ধি আছে। সি সেই সাঁচবোৰ লেখি তিনিকুৰি পালে। কিন্ত ঘৈণীয়েকক সিএকোকে নকৈ ওলাই আহি বাহিৰত বহিছিল, এনেতে ঘৈণীয়েকে বঁটাটো উলিয়াই আনি তাক তামোল-চালি কাটি দিওঁতেই সি তামোল এখন হাতত লৈ ফকৰা মাতিলে–

“নাঙলতে মঙল, এছাৰিতে দেও। 

তিনিকুৰি পিঠা খালে নাজানিলে কেও।।” 

গিৰীয়েকৰ ফকৰাটো ঘৈণীয়েকে বুজিব পাৰি লাজত আগৰ পৰা| উঠি আহি কাষত কলহ লৈ পানী আনিবলৈ নৈৰ ঘাট পালেগৈ। ঘাটত কেবাজনীও চিনাকি তিৰোতা মানুহ (দেখি তাই সিহঁতক সেই কথাটো ভাঙি ক’লে যে তাইৰ গিৰীয়েক সৰব্‌জান। তিৰোতা মানুহৰ কথা, ইজনী-সিজনীৰ কাণত পৰি বহল হৈ গ’ল আৰু সকলো গঞা মানুহে ফৰিঙক সৰব্‌জান বুলি জানিলে। 

ইতিমধ্যে এটা মানুহৰ ক’লা গৰু এজনী হেৰাইছিল; গৰুৰ গৰাকীয়ে পাঁচ দিন সেই গৰুজনী বিচাৰি নাপাই শেষত ফৰিং সৰব্‌জান বুলি শুনি ফৰিঙৰ কাষ পাই গৰুৰ কিবা ভু ফৰিঙে দিব পাৰে নে বুলি ফৰিঙক সুধিলে। দৈৱক্ৰমে সেইদিনা পুৱা ফৰিঙক তাৰ বাৰীৰ পিছফালে উলুৱনিৰ মাজত সেই ক’লী গাইজনী চৰি থকা দেখি আহিছিল। সেইদেখি ফৰিঙে তাক ক’লে– “বাৰীৰ পিছফালে এইপিনেই বিচাৰি গ’লে তুমি তোমাৰ গৰুজনী পাবা ৷ ” মানুহটোৱে ফৰিঙৰ কথামতে গৈ থিতাতে গৰুজনী পাই আনিলে। ইয়াৰ পিছত ফৰিং যে বৰ প্রৰমাণী সৰব্‌জান, সেই কথা চাৰিওফালে ডহ-ডহীয়া হৈ পৰিল। এই কথা গৈ ৰজাৰ কাণত পৰিলগৈ। ইতিপূৰ্বে ৰজাৰ ঘৰত এক লাখ টকা বেচৰ সোণৰ হাৰ এডাল হেৰাইছিল। ৰজাই অনেক বিচাৰ-খোচাৰ কৰিও সেই হাৰডাল উলিয়াব নোৱাৰিলে। সেইদেখি ৰজাই সৰব্‌জানক হাৰ উলিয়াই দিবলৈ মাতিলে ৷এই কথা টেকেলাই ফৰিঙক ক’লে ফৰিং থিয়ৈ মুছকঁছ যোৱা যেন হ’ল। নগলেও ৰজাই কাটিব, গৈ হাৰ উলিয়াই দিব নোৱাৰিলেও কাটিব আৰু সি সৰব্‌জান নহয় বুলি ক’লেও ৰজাই কাটিব। এতেকে সি কি কৰিব একো ভাবি নাপাই,যি কপালত থাকে তাকে হ’ব বুলি ই্টশ্বৰক চিন্তি ৰজাৰ আগত উপস্থিত হ’লগৈ। ৰজাই সৰব্‌জানক অহা দেখি আদৰ-সাদৰ কৰি ঘৰৰ ভিতৰলৈ জলপান খুৱাবলৈ লৈ যাবলৈ ক’লে ফৰিঙক ৰজাৰ ঘৰৰ ভিতৰলৈ লৈ গৈ দৈ-গাখীৰ, কোমল চাউল, গুড়েৰে ভালকৈ এটা জলপান খাবলৈ দিয়া হ’ল। 

ৰজাৰ দুজনী কুঁৱৰী । এজনীৰ নাম মাদৈ, এজনীৰ নাম হাদৈ। হাদৈয়েই ৰজাৰ সোণৰ হাৰডাল চুৰি কৰি লুকাই থৈছিল। সৰব্‌জান অহা শুনি ধৰা পৰিম বুলি হাদৈৰ মুখত পানী নাই। সেইদেখি সৰব্‌জানে জলপান খোৱা ঘৰৰ ওচৰতে হাদৈয়ে থিয় দি বেৰৰ জলঙাইদি জুমি সৰব্‌জানক চাই আছিল। ভয়ত সৰব্‌জানৰ মুখতো পানী নাই। সি দৈ-গাখীৰেৰে জলপান বাটি দেখি আপোনা-আপুনি ক’লে– হা দৈ, আজিয়েই খাই ল, কাইলৈ ৰজাই কি কৰে চিন নাই।” সৰব্‌জানে, এইদৰে কোৱা শুনি সৰুকুঁৱৰী হাদৈয়ে ভাবিলে যে “সৰ্বনাশ! মোক সৰব্‌জানে ধৰিলে।” ইয়াকে ভাবি কুঁৱৰীয়ে ওলাই আহি সৰব্‌জানৰ হাতত ধৰি ক’লে-‘সৰব্‌জান, মোৰ কথা তুমি নক’বা, তোমাক যি লাগে মই তাকে দিম।” সৰব্‌জানে তেতিয়া বুজিবলৈ বাকী নাথাকিল যে হাদৈ নামৰ এই ৰাণীয়েই চোৰ। সি গহীনকৈ মাত লগালে– “আইচু, আপোনাৰ কথা বাৰু নকওঁ, কিন্তু আপুনি হাৰডাল এতিয়াই বজ্জাধ হাতনিপেৰাত থৈ দিয়কগৈ।” সৰব্‌জানৰ কথামতেই কুঁৱৰীয়ে হাৰডাল নি তেতিয়াই ৰজাৰ হাতনিপেৰাত সুমাই থৈ দিলে। 

Read Also: সাধুকথা: নুমলীয়া পো | Numoliya Pu Hadhu Kotha

পিছদিনা ৰজাই ৰাজসভালৈ সবব্‌জানক মতাই আনি হাৰ কোনে চুৰ কৰি নিছে ক’ব লাগে বুলি সোধাত, সৰব্‌জানে ওলগ লৈ ক’লে– “স্বৰ্গদেউ, বন্দীয়ে কোনেও হাৰ চুৰ কৰা নাপাওঁ। স্বৰ্গদেৱৰ হাতনিপেৰাতে হাৰ থকা মোৰ ভাব হয়।” তেতিয়াই ৰজাই হাতনিপেৰা অনাই মেলি চালে। দেখিলে সঁচা, হাৰ তাতে আছে। কথাটো দেখি সকলো আচৰিত হ’’ল। ৰজাই সৰব্‌জানক মাটিবাৰী ধন-বস্তু, বঁটা দি মান ধৰি ৰজাৰ সভাতে সভাসদ কৰি ৰাখিলে। ‘_, 

এদিন ৰজাই হাতৰ মুঠিতে ফৰিং এটা সুমাই মুঠি মাৰি ধৰি সৰব্‌জানক “মোৰ হাতৰ মুঠিক কি আছে কোৱা ৷” বুলি সুধিলে সৰব্‌জানে তাৰ তালু ফুটি জীৱ গ’ল৷ যেন পাই, বেজাৰতে ক’লে–

“এক ক’লো লেখি, 

এক ক’লোঁ দেখি, 

হা দৈ বোলোতে ওলাল হাৰডাল 

এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ কাল।” 

ৰজাই সৰব্‌জানৰ নামটো জনা নাছিল; সেইদেখি “ফৰিঙৰ মৰণৰ কাল” শুনি হাতৰ মুঠিত থকা ফৰিঙৰ কথাটো কৈছে বুলি সন্তোষ পাই মুঠিৰ ফৰিংটো এৰি দি সৰব্‌জানক নিজৰ গাৰ সাজ-কাপোৰ সোলোকাই দি বঁটা পিন্ধালে। 

এদিন ৰজাই হাতৰ মুঠিত শেলুক এটা লৈ সৰব্‌জানক “মোৰ হাতৰ মুঠিত ৰি আছে?” বুলি সুধিলে সৰব্‌জানে থতমত খাই ক’লে– “স্বৰৰ্গদেৱ, বাৰেপতি শোলকো”, ৰজাই শুনিনে “বুৰেপতি শেলুক”, তেওঁৰ হাতৰ শেলুকৰ কথাহে সৰব্‌জানে কৈছে বুলি সৰব্‌জানক ৰজাই বহুত ধন-সোণ দিলে।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: সৰব্‌জান এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: সৰব্‌জান এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: সৰব্‌জান এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply