শ্ৰীকৃষ্ণৰ কালীয় – দমন | Shri Krishnor Kaliyo Domon

শ্ৰীকৃষ্ণৰ কালীয় – দমন | Shri Krishnor Kaliyo Domon, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, শ্ৰীকৃষ্ণৰ কালীয় – দমন, সাধুকথা, অসমীয়া কাহিনী, শ্ৰীকৃষ্ণৰ কালীয় – দমনশিশুৰ বাবে কাহিনী

মইনাহত জানা নহয়, বিশ্বৰ ভগৱান শ্ৰীকৃষ্ণই সৰুতে বনত গৰু চৰাইছিল। এদিন খুব পুৱাতে উঠি অপূৰ্ব সাজেৰে সৰ্জিত হৈ গৰু চাৰিবলৈ ওলাল। এহাতে এডাল বাহৰ চেকনি আৰু আনখন হাতত সোণৰ বাহী। লগত গৈছে লগৰীয়াসকল আৰু দাদাক বলোৰাম। সকলোৰে লগে লগে ক’লা, কজলা, বগা, মুগাৰঙৰ একোজাক গৰু।

তেওঁলোকে গৰু চৰাবলৈ প্ৰায়েই যমুনা নদীৰ পাৰলৈ যায়। এদিন দেখিলে যমুনাৰ লগতে বিৰাট এটা কালীয় হ্ৰদ। সেই কালীয় হ্ৰদতে ভয়ঙ্কৰ কালীয় নাগ থাকে। গোটেই হ্ৰদৰ পানীবোৰ সৰ্পৰ বিষেৰে পৰিপূৰ্ণ, নীলা ৰঙৰ। সেই হ্ৰদৰ ওপৰেদি উৰি যোৱা চৰাইৰো গাত পানীৰ বতাহত বিষ লাগি মৰি যায়। এদিন দেখিলে যমুনাৰ পানীও বিষময় হৈ উঠিল। কৃষ্ণ বলোৰাম আৰু লগৰীয়া সকলে গৰুবোৰ চৰিবলৈ বনত এৰি দি বনৰ ফলমূল পাৰি খাই আনন্দত মগ্ন হৈ আছে। ফলমূল খাই যমুনানদীৰ পানী পান কৰি তৃপ্তি লাভ কৰি বনৰ মাজত সকলোৱে আনন্দেৰে খেলা-ধূলা কৰি থাকে। কৃষ্ণৰ বাহীৰ সুৰত মাজে মাজে শিশু গৰখীয়া সকলে নাচি-বাগিও ফুৰ্তি কৰে। গৰুবিলাকেও কোমল ঘাহ-বন খাই পানী পিবলৈ যমুনা নদীলৈ যায়।

Read Also: সাধুকথা: আইতাৰ মৰমৰ কলপিঠা | Hadhu kotha: Aitar Moromor Kolpitha

সেইদিনাও গৰুবিলাকে ঘাহ খাই যমুনালৈকে পানী পিবলৈ গ’ল। যমুনাৰ বিষময় পানী পি সকলো গৰু ঠাচ্ ঠাচ্ কৰি পৰি মৰি থাকিল। সকলো গৰখীয়া শিশুৱে গৰুবোৰৰ অৱস্থা দেখি কান্দি-কাটি চিঞৰ-বাখৰ লগালে।

ভগৱান কৃষ্ণ দৌৰি আহি সকলোকে আশ্বাস দি মৰি যোৱা গৰুবোৰক পুনৰ জীৱ দান কৰিলে। কিন্তু কৃষ্ণৰ চিন্তা লাগিল যে অকল গৰুৱেই নহয় সকলোৱেইটো যমুনাৰ পানী পিব, এইদৰে সকলো ধ্বংশ হোৱাৰেই সম্ভাৱনা বেছি। 

লাহে লাহে কৃষ্ণ গৈ ওচৰৰ কদম গছত উঠিল। কদম গছৰ পৰা কৃষ্ণ যমুনাৰ কালীয় সৰ্প থকা হ্ৰদলৈ জাপ মাৰি দিলে। লগৰ সকলো শিশুৱে চিঞৰ-বাখৰ হাহাকাৰ লগালে। আটাইবিলাকে কৃষ্ণ জাপ মাৰি দিয়া দৃশ্য দেখি কন্দা-কটা কৰিবলৈ ধৰিলে।

কৃষ্ণ যমুনাত জাপ দিয়াৰ লগে লগে যমুনাৰ পানীৰ খলকণীৰ ঢৌ বহুত ওপৰলৈকে উঠিবলৈ ধৰিলে। তলত কালীয় সৰ্পই দেখিলে যে এজন ল’ৰা মানুহ তাৰ ঘৰতে জপিয়াই পৰিছে, খঙত ফোচ ফোচ শব্দ কৰি ভয়ঙ্কৰ শব্দৰে তৰ্জন-গৰ্জন কৰিলে। সৰ্পইতো নাজানে যে তেৱেঁই জগতৰ গোহাঁই কৃষ্ণ। গতিকে শিশুটোক ধৰি গিলি খাই পেলালে।

কৃষ্ণক গিলি দিয়াৰ লগে লগে কাল নাগৰ পেট গৰম হৈ মুখেদি হোলোকা হোলোকে তেজ ওলাবলৈ ধৰিলে। তেজ বমিৰ লগতে কৃষ্ণ নাগৰ পেটৰ পৰা ওলাই পৰিল আৰু কালীয় সৰ্পৰ মূৰত উঠি নাচিবলৈ ধৰিলে। কালীয় সৰ্পই শিশুকৃষ্ণৰ ভৰ সহ্য কৰিব নোৱাৰি “মোৰ প্ৰাণ যায় অ যায়” বুলি চিঞৰিবলৈ ধৰিলে। কালীয় সৰ্পৰ অৱস্থা দেখি তাত থকা বাকী সৰ্পবোৰ হ্ৰদৰ পৰা পলাবলৈ ধৰিলে।

তেতিয়া হ্ৰদৰ তলৰ পৰা কালীসৰ্পৰ ঘৈণীয়েক সুবলা আৰু আন সৰ্পিনীবিলাক ওলাই আহি শিশু কৃষ্ণৰ চৰণত ধৰি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে-

“হে ভগৱান ! তুমি অগতিৰ গতি, জগতৰ পালক, তুমি প্ৰেমৰ ঈশ্বৰ, তুমি কৃপাৰ অবতাৰ তুমি দয়াৰ সাগৰ, প্ৰভু ! আমাৰ স্বামীক নিধন নকৰিবা, স্বামী অবিহনে আমি কেনেকৈ জীয়াই থাকিম, আমাক ৰক্ষা কৰা প্ৰভু ! 

দয়াৰ সাগৰ ভগৱান কৃষ্ণ নাগপত্নীসকলৰ প্ৰাৰ্থনাত তুষ্ট হৈ মধুৰ বচনেৰে ক’বলৈ ধৰিলে-

: হে নাগপত্নীসকল মই তোমালোকৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈছো, তোমালোক নিৰ্ভয়েৰে নিজ গৃহলৈ উভতি যোৱা। তোমালোকৰ পতি অমৰ হ’ব, কিন্তু তোমালোকে এই হ্ৰদ ত্যাগ কৰিব লাগিব। ‘ৰমণক দ্বীপ’ বৰ সুবিশাল ধুনীয়া দ্বীপ, তাতে গৈ তোমালোক সকলোৱে সুখে সন্তোষে থাকিবগৈ পাৰিবা। তালৈকে অতি সোনকালে ইয়াৰ পৰা গুছি যোৱা।

এই কথা কৃষ্ণৰ শ্ৰীমুখৰ পৰা শুনি নাগপত্নী সকলে কৃষ্ণলৈ চাই হাতযোৰ কৰি প্ৰাৰ্থনা কৰোতে শ্ৰীকৃষ্ণৰ মুখত এনেকুৱা এটা জ্যোতি (পোহৰ) দেখা পালে যে তেওঁৰ ওচৰৰ পৰা যাব নোৱাৰা হ’ল। সকলোৱে স্ততি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। 

: হে ভগৱান আমি অন্য ঠাইত থাকিবলৈ নাযাওঁ আমাক তোমাৰ লগতে লৈ যোৱা। শ্ৰীকৃষ্ণই তেওঁলোকৰ কথা প্ৰাৰ্থনাত হাহিবলৈ ধৰি ক’লে- 

“তোমালোকৰ মনৰ বাঞ্জা পূৰণ কৰিম।”

এখন ধুনীয়া ৰথ মায়াৰ বলেৰে মাতি পঠিয়ালে, অপূৰ্ব মনোৰম ৰথ আহি কৃষ্ণৰ সন্মুখত ঠিয় হ’ল। ৰথৰ পৰা সকলো নামি কিয়নো ৰথ আহ্বান কৰা হ’ল সুধিলে। সেই ধুনীয়া ৰথত কৃষ্ণই নাগপত্নী সকলক উঠাই গোলোকৰ ফালে পঠিয়াই দিলে।

মায়াৰ বলেৰে কৃষ্ণই এজনী নাগপত্নীৰ এটা ছায়া কৰি কালীনাগৰ ওচৰত থৈ সৰ্পৰ মূৰত হাত দি মৰি যোৱাৰ পৰা জীৱন দান কৰিলে।

মৃত্যু মুখৰ পৰা উভতি আহি কালীয় নাগে সন্মুখত ভগৱান কৃষ্ণৰ মূৰ্তি দেখি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। কৃষ্ণই সৰ্পক কিবা বৰ লাগে নেকি সুধিলে আৰু জলপথেৰে ৰমণক দ্বীপলৈ অতি সোনকালে গুছি যাবলৈ আদেশ দিলে। 

ৰমণ দ্বীপ বিশ্বকৰ্মাই কৃষ্ণৰ আদেশত অতি মনোৰম কৰি নিৰ্মাণ কৰি থৈছিল। সৰ্পৰাজে সপৰিয়ালে তালৈ গৈ বৰ আনন্দত বাস কৰিবলৈ ধৰিলে।

সিফালে যমুনাৰ কালীয় হ্ৰদৰ পৰা কালীয় সৰ্প আতৰ হোৱাই গকুলৰ সকলোৱে বিষ পান কৰি মৃত্যু হোৱাৰ পৰা ৰক্ষা পৰিল। 

Read Also: Class 9 Assamese Question Answer

বিশ্ব-বিধাতা ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত সদায় বিশ্বাস ৰাখি কৰ্মত আগবাঢ়িলে সুফল অৰ্জন কৰিব পাৰিবাহক।

কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। শ্ৰীকৃষ্ণৰ কালীয় – দমন এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। শ্ৰীকৃষ্ণৰ কালীয় – দমন এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে শ্ৰীকৃষ্ণৰ কালীয় – দমন এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply