শীতলা পূজা | Shitala Puja

শীতলা পূজা | Shitala Puja

আই বা বসন্ত ৰোগ নিয়ন্ত্ৰণ বা নিৰাময় কৰিবলৈ যি দেৱীক পূজা কৰা হয়, সেই দেৱীৰ পূজাকেই “শীতলা পূজা” বুলি কোৱা হয়। আদিম যুগৰে পৰা মানুহে বসন্ত ৰোগৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এগৰাকী দেৱীৰ কল্পনা কৰি আহিছে। এই কল্পনা কৰি অহা দেৱী গৰাকীয়ে শীতলা দেৱী হিচাপে সমগ্ৰ অসমতে পূজা আৰু সেৱা পাই আহিছে।

আই বা বসন্ত ৰোগৰ দেৱী গৰাকী কিয় শীতলা দেৱী হ’ল সেই মতত ভিন্নতা থাকিলেও এক লোকবিশ্বাসৰ আধাৰত যে সকলোৱে মানি লৈছে তাক আমি ক’ব পাৰোঁ। এই ৰোগৰ জ্বলন-পোৰণ অতি বেছি আৰু যন্ত্ৰণাও অতি ভয়ংকৰ। এই ৰোগৰ জ্বলন, পোৰণ, যন্ত্ৰণা আদিৰ পৰা উপশম পোৱাটো সকলো ৰোগীয়েই বিচাৰে বাবে হয়তো এই গৰাকী দেৱীক শীতলা দেৱী বুলি কোৱা হয়। পুৰণি কালৰে পৰাই মানুহৰ এক বিশ্বাস আছিল যে শীতলা বুলি ক’লেই যেন ৰোগীৰ গালৈ শীতলতা আহে। এইবোৰ কাৰণতেই শীতলা পূজা আজি পৰ্যন্তও আমাৰ অসমৰ গাওলীয়া সমাজত পালন কৰি অহা দেখিবলৈ পোৱা যায়।

শীতলা পূজা 3

শীতলা দেৱীনো কোন? দেৱীৰ ৰূপ কেনেকুৱা এইবোৰ দিশত নানান ধৰণৰ মত পোৱা যায়। স্কন্ধপুৰাণৰ মতে শীলতা দেৱী হ’ল “গৰ্দভবাহনা”। আমাৰ অসমত প্ৰচলিত শীতলা দেৱী হ’ল “বৃষভবাহনা”। জয়ৰামৰ গ্ৰন্থ “শীতলা”ত দেৱীক বৃষভবাহনা বুলি কোৱা হৈছে। জয়ৰামৰ গ্ৰন্থ অসমত প্ৰচলিত হোৱা হেতুকে শীতলা দেৱীৰ বৃষভবাহনা ৰূপকেই মানি লোৱা হয়। অসমৰ বাহিৰে বাকীবোৰ ঠাইত অৰ্থাৎ পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আদিবোৰত স্কন্ধপুৰাণৰ মত অনুসৰি দেৱীক গৰ্দভবাহনা হিচাপেই পূজা কৰা হয়। তদুপৰি জয়ৰামৰ শীতলা পুথিত শীতলা দেৱীক দেৱী দুৰ্গাৰেই অন্য অৱতাৰ বুলি গণ্য কৰা হৈছে। জয়ৰামৰ পুথিত শীতলা দেৱীক শ্যামাদেৱী, মুণ্ডমালিনী, মহামায়া, ত্ৰিনেতা আয় বুলি সম্বোধন কৰা হৈছে। এই নামবোৰ দেৱী দুৰ্গাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়। শীতলা দেৱী হ’ল ত্ৰিনেতা, শ্বেতাংগী, বিবস্ত্ৰা, শূপ্ৰধাৰী আৰু চতুৰ্ভুজা। এই দেৱীৰ হাতত মাৰ্জনী, কলহ আৰু শূল থাকে। দেৱীৰ মূৰত শূপ্ৰ ব কুলা থাকে। এই দেৱীয়ে জ্বলন, পোৰণ, উত্তাপ আদি নিয়ন্ত্ৰণ কৰে বাবেই শীতলা দেৱী বুলি কোৱা হয়। 

মূৰ্তিপূজা যি ধৰণে কৰা হয়, ঠিক তেনেদৰে শীতলাপূজাও থাপনা সবাহ পাতি অনুষ্ঠিত কৰা হয়। আমাৰ গাও অঞ্চলৰ বয়সীয়া মহিলাসকলে শীতলা পূজা বা আই-সবাহ অতি ভক্তিভাৱেৰে আয়োজন কৰে। শীতলা পূজা বা আই সবাহ সম্পূৰ্ণৰূপে নিৰামিষ সৱাহ। এই পূজাত মাহ-প্ৰসাদ, ফল-মূল, ধূপ-দীপ, ফুল আদিৰে এই পূজা কৰা হয়। এই পূজাত বিশেষকৈ বগা ফুলহে ব্যৱহাৰ কৰা হয়।

শীতলা পূজা অনুষ্ঠিত কৰিবলৈ হ’লে পূবফালে থাপনা পাতি এটুকুৰা ঠাই ঘৰৰ চোতালৰ আগফালে নতুনকৈ মচি বা ঘৰৰ ভিতৰৰ মজিয়াত শীতলা পূজা বা আই-সবাহ অনুষ্ঠিত কৰা হয়। 

শীতলা পূজা 2

অসমীয়া সমাজত বহুল ভাৱে প্ৰচলিত আই নাম বা শীতলা নাম সমূহো অসমীয়া সাহিত্যৰ অমূল্য সম্পদৰূপে পৰিগণিত হৈ আহিছে। শীতলা নাম বা আই নামত বৰ্ণিত দেৱী গৰাকী হ’ল সৰ্বজয়া, মহামায়া, ভগৱতী। এই নাম সমূহ দেৱী দুৰ্গাৰেই অন্যৰূপ। শীতলা নাম বা আই নামত বৰ্ণিত কাহিনী অনুসৰি আইৰ বাসস্থান হ’ল কামাখ্যা। আইৰ মুঠ বাই-ভনী সাতগৰাকী। আইনামত কামাখ্যাৰ উল্লেখ স্পষ্টভাৱে পোৱা যায়-

                 “কামাখ্যাৰ মুখতে নাও ভৰা দিলে

                              লুইতৰ মুখলৈ চাই,

                   বাটত লগে পাই গণেশে সুধিলে, 

                                        কি ফুল ভৰা দিছা আই?…

আই ভগৱতীৰ পৰা বা শীতলা আইৰ পৰা অতিভক্তিৰে আয়তীসকলে সতি-সন্ততিৰ মঙ্গল, কুশল, আৰোগ্য আদি কামনা কৰে। আই ভগৱতীৰ ৰোষত পৰিলে শিশু সকলৰ আই ওলায় বুলি ধৰি লোৱা হয়। সেই কাৰণে আই ভগৱতীৰ ওচৰত কৰযোৰে প্ৰাৰ্থনা কৰিলেহে যেন এই বসন্ত ৰোগৰ পৰা পৰিত্ৰাণ পাব। আইৰ বন্দনাত পোৱা যায়-

                ‘আইৰ নাম শীতলা দুখীয়াৰ পুতলা

                              দি যোৱা বুকু জুৰায়।’…..

বসন্ত বা আই ওলালে যে শীতলা দেৱীকে পূজা কৰা হয়, তাক আই নাম সমূহেই ইয়াৰ ইংগিত বহন কৰে।

Read Also: সাত বিহু উৎসৱ | Nuton Puhar

শীতলা পূজা বা শীতলা সবাহত যে অময়া ভক্তিৰে কামাখ্যাকেই আৰধনা কৰা হয় তাক আইনাম বা শীতলা নাম সমূহৰ জৰিয়তে অনুমান কৰিব পাৰি। কামাখ্যাৰ পৰা নামি অহা দেৱী কাৰোবাৰ ৰোষত পৰিলে আই সকলে নাম-গুণ গাই আকৌ নীলাচললৈ উভতি যাবলৈ কৰযোৰে প্ৰাৰ্থনা জনায়। আইনামত ইয়াৰ উদ্ধৃতি পোৱা যায়, এনেদৰে-

                “দুয়ো চৰণতে প্ৰাৰ্থনা জনাইছোঁ

                            তুষ্ট হোৱা ভগৱতী।”…..

কামাখ্যাধামৰ দেৱী আই-ভগৱতী, মহামায়া দেৱীক অতি কাতৰভাৱে প্ৰাৰ্থনা জনাই, পূজা-সেৱা, নাম-গুণ গাই আদি কৰি লোক-সমাজত পৰিচিত বসন্ত বা আই ওলোৱা আৰু বিভিন্ন অপায় অমংগল সমূহৰ উপৰিও সতি-সন্ততি সকলৰ মঙ্গল আৰু কুশল কামনা কৰি অতি প্ৰাচীন কালৰে পৰা শীতলা পূজা পালন কৰি অহা হৈছে।

আমি আশা কৰিছো শীতলা পূজা | Shitala Puja আপোনালোকক সহায় কৰিব। যদি আপোনাৰ শীতলা পূজা সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply