সৰস্বতী পূজা | Saraswati Puja
জগত সভাৰ বেদনাক্লিষ্ট মানৱে এই পাৰ্থিৱ জগতৰ সংসাৰ যাত্ৰাত নানান ধৰণৰ ঘাট আৰু প্ৰতিঘাতৰ মাজেদি যেতিয়া কোনো উৎসৱ বা পাৰ্বনত ভাগ ল’ব পাৰে, তেতিয়া মানুহে ক্ষন্তেকৰ কাৰণে হ’লেও সেই উৎসৱৰ আনন্দৰ ৰেঙনিয়ে অন্তৰৰ গুপুত কোণত ৰৈ থকা দুখ-বেজাৰক নিৰাময় কৰি মানৱক জীয়াই থকাৰ প্ৰেৰণা যোগাই আহিছে উৎসৱ-পাৰ্বন সমূহে। সেই কাৰণে সমগ্ৰ জগতৰ মানুহেই উৎসৱ সমূহক ভাল পায়। আদিম যুগৰ পৰা মানৱ সমাজে উৎসৱ সমূহ পালন কৰি আহিছে প্ৰেৰণাৰ প্ৰতীক হিচাপে।
সৰস্বতী হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী। বিদ্যাৰ দেৱীক বাগদেৱী বীণাপানি বুলিও কোৱা হয়। শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীয়ে বিদ্যা আৰু জ্ঞানৰ অধিকাৰী বুলি জ্ঞান কৰি প্ৰতি বছৰে মাঘ মাহৰ পঞ্চমী তিথিত পূজা-অৰ্চনা কৰি সৰস্বতী উৎসৱ পালন কৰে। সৰস্বতী দেৱীৰ আন এটা নাম হৈছে “বাণী”। “বাণী” হৈছে জ্ঞান আৰু বিদ্যাৰ প্ৰতীক। এই বিদ্যা আৰু জ্ঞানক প্ৰথমতে আৰ্য ঋষিমুনিসকলে শুক্লৰূপে কল্পনা কৰিছিল। কাৰণ বিদ্যা আৰু জ্ঞানে মানুহৰ সকলো কলুষতা আৰু মলিনতা দূৰ কৰে। বিদ্যাই মানুহৰ সকলো অন্ধকাৰ দূৰ কৰি জ্ঞান আৰু পৱিত্ৰতাৰে অন্তৰবোৰ শুদ্ধ কৰে। সেই কাৰণেই হয়তো আৰ্যসকলে এইজনা দেৱীক শুক্ল বস্ত্ৰ পৰিধান কৰাই শ্বেতপদ্ম আসনত বহুৱাই, সংশ-বাহন দি পূজা অৰ্চনা কৰিছিল। এই সৰস্বতী পূজা প্ৰতি বছৰ মাঘ-মাহৰ শুক্লা-পঞ্চমীত এই পূজা কৰা হয় বাবে ইয়াক “শ্ৰীপঞ্চমী” পূজা বুলিও কোৱা হয়।

সৰস্বতী দেৱী অকল ছাত্র-ছাত্ৰী আৰু শিক্ষাৰ্থীৰহে দেৱী তেনে নহয়। কাৰণ সৰস্বতী দেৱীৰ হাতত থকা বীণা আৰু কিতাপে মানুহক জ্ঞান, বিদ্যাৰ উপৰিও ইয়াৰ লগত যে সংগীতৰ এক গভীৰ সম্পৰ্ক আছে, তাকো বুজাব বিচাৰিছে। সাহিত্য, সংগীত আৰু সুকুমাৰ কলা সমূহক এডাল সূতাৰেই বান্ধি থোৱা হৈছে- এটাক বাদ দি আনটো কেতিয়াও পূৰ্ণ নহয় বাবেই হয়তো সৰস্বতী দেৱীৰ মূৰ্তিত বীণা আৰু কিতাপ অংকিত কৰা হৈছে। সেই কাৰণে সৰস্বতী দেৱীক কবি, সাহিত্যক, শিক্ষক, গায়ক, চিত্ৰকৰ, গীতিকাৰ, ছাত্র-ছাত্ৰী আদি সকলোৱেই সৰস্বতী দেৱীক ভক্তি আৰু শ্ৰদ্ধা সহকাৰে পূজা-অৰ্চনা কৰে। এইবোৰ যিয়েই নহওঁক কিয়, এই উৎসৱ প্ৰধানত : ছাত্র-ছাত্ৰীৰ উৎসৱ। স্কুল, কলেজ, বিশ্ববিদ্যালয় আৰু আন আন সকলো শিক্ষানুষ্ঠানতেই এই উৎসৱ পালন কৰা হয়। এই উৎসৱত শিক্ষানুষ্ঠানৰ বিদ্যাৰ্থীসকলে এই উৎসৱটোক নিজৰ আপোন উৎসৱ বুলি ভাবি পূজাৰ আৰম্ভণিৰ পৰা পূজা শেষ হোৱালৈকে পূজাত তেওঁলোকে ভাগ লয়।
সৰস্বতী পূজা পালন কৰিবলৈ ছাত্র-ছাত্ৰীসকলে কেইদিনমান আগৰে পৰা সৰস্বতী দেৱীৰ মণ্ডপ সজাত ব্যস্ত হৈ পৰে। পূজাৰ আগদিনাখন সন্ধিয়া দেৱীৰ গুণ-গান গায় মূল মণ্ডপত দেৱীক প্ৰতিষ্ঠা কৰে। দেৱীক পূজা-অৰ্চনা কৰিবৰ বাবে আৱশ্যকীয় সকলো দৰকাৰী বস্তু-বাহানি আগদিনাখন গধূলিতেই জা-যোগাৰ সমূহ কৰি ৰখা হয়। সৰস্বতী পূজাৰ সকলো কাম নিয়াৰিকৈ সমাধা কৰিবলৈ এখন পূজা-কমিটি গঠন কৰি দিয়া হয়। মূল কমিটীখনত এজন সভাপতি, এজন সম্পাদক, এজন ধন-ভৰালী আৰু কেইজনমান সদস্য থাকে। পূজাৰ সকলোবোৰ দায়িত্ব কমিটীখনৰ ওপৰতে ন্যস্ত থাকে। পূজাৰ দিনটোত ৰাতিপুৱাৰ পৰাই ছাত্র-ছাত্ৰী সকলৰ মনত উখল-মাখল এক আনন্দৰ পৰিৱেশ বিৰাজমান কৰে। সকলো ছাত্র-ছাত্ৰীয়ে পৰিস্কাৰ সাজ-পাৰ পিন্ধি তেওঁলোকে পূজাৰ আৰম্ভণিৰে পৰা শেষলৈকে ব্যস্ত হৈ থাকে। পূজাৰ দিনাখন পুষ্পাঞ্জলি নিদিয়ালৈকে ছাত্র-ছাত্ৰীসকলে কোনো ধৰণৰ আহাৰ গ্ৰহণ নকৰে। ছাত্র-ছাত্ৰী সকলৰ বাবে যেন ই এটা উপবাস। উপবাসে মানুহৰ অন্তৰ শুদ্ধ কৰে। সেই কাৰণে ছাত্র-ছাত্ৰী সকলে এখন শুদ্ধ অন্তৰেৰে পৱিত্ৰ ভাৱ মনত লৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক ফুল, তুলসী আৰু বেলপাত হাতত লৈ সকলোৱে পুৰোহিতৰ লগে লগে- “ভদ্ৰকলৈ নমো নিটং সৰস্বতৈ নমো নম :” মন্ত্ৰ উচ্চাৰণ কৰি দেৱীৰ শ্ৰীচৰণত পুষ্পাঞ্জলি অৰ্পণ কৰে। শাস্ত্ৰৰ বিধান মতে পুৰোহিতে দেৱীৰ পূজাও হোম বা যজ্ঞও কৰা হয়। সেই হোম বা যজ্ঞৰ ছাইৰ ফোঁট সকলো বিদ্যাৰ্থীৰ কপালত দিয়া হয়। ছাইৰ ফোঁট লৈ বিদ্যাৰ্থীসকলে একান্ত ভক্তিৰে দেৱীক প্ৰণিপাত জনায় কয়, হে দেৱী তুমি জ্ঞান, বিদ্যা দিবলৈ আমাৰ কণ্ঠতে থাকিবা।” এনেদৰে পূজা শেষ হোৱাত সকলোৱে মিলি মাহ প্ৰসাদ খায়। পূজাৰ দিনাখন শিক্ষানুষ্ঠানৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰীয়ে একেলগে প্ৰীতিভোজন কৰে। সকলোৱে মিলি ভোজন কৰা এই ভোজনত আছে এক মহা আনন্দ, যি আনন্দই আমাৰ মনলৈ কঢ়িয়াই আনে মিলনৰ একত্ৰিত ভাৱধাৰা।

তদুপৰি পূজাৰ দিনাখন ছাত্র-ছাত্ৰীয়ে নিমন্ত্ৰণ জনোৱা অতিথিবৃন্দক চাহ-জলপান আদিৰে আপ্যায়ন কৰে। ছাত্র-ছাত্ৰীসকলে গধূলি দেৱীৰ সন্মুখত তেওঁৰ সন্তুষ্টিৰ বাবে আৰতিৰ ব্যৱস্থা কৰে। আৰতিৰ ব্যৱস্থা কৰিয়েই ছাত্র-ছাত্ৰী সকলে নাটক, ভাওনা, গীত, নৃত্য, সংগীত আদি অনুষ্ঠানৰো আয়োজন কৰে। এইবোৰ অনুষ্ঠানৰ যোগেদি ছাত্র-ছাত্ৰীসকলৰ সুকুমাৰ কলাৰ বিকাশ সাধন হয়। পূজাৰ পিচদিনা দেৱী বিসৰ্জন দিয়াৰ দিন। দেৱীক বিসৰ্জন দিবলৈ ছাত্র-ছাত্ৰীসকলে ধূপ-ধূনা আদি জ্বলাই পূজা কৰি দেৱীৰ মূৰ্তি লৈ ছাত্ৰ-ছাত্ৰী সকলে শোভাযাত্ৰা কৰে। দেৱী বিসৰ্জনৰ শোভাযাত্ৰাই ছাত্ৰ-ছাত্ৰী সকলৰ শেষ আনন্দ। এই শেষ আনন্দতেই ছাত্র-ছাত্ৰী সকলে দেৱীৰ নামত বিভিন্ন শ্লোগান দি, বিভিন্ন গীত মাতেৰে দেৱীক কোনো নৈ, বিল, খাল, জলাশয় আদিত বিসৰ্জন দি পূজাৰ সামৰণি মাৰে।
Read Also: খ্ৰীষ্টমাছ বা বৰদিন | Christmas
সৰস্বতী পূজাত বেছি জাকজমকতা নাই যদিও, এই পূজাত ছাত্র-ছাত্ৰীৰ অন্তৰত এক পৱিত্ৰ ভাৱৰ উদয় হয়। এই পৱিত্ৰভাৱে ছাত্র-ছাত্ৰীৰ মনত বিদ্যা আৰু জ্ঞানৰ প্ৰতি ধাউতি বঢ়ায়। ইয়াৰ ফলত শিক্ষক বা গুৰুৰ প্ৰতি তেওঁলোকৰ মনত শ্ৰদ্ধা ভাৱৰ উদ্ৰেক হয়। এই শ্ৰদ্ধা ভাৱেই ছাত্র-ছাত্ৰী সকলক ইজনে-সিজনক, পৰস্পৰে-পৰস্পৰক আকোৱালি ল’ব পৰা গুণ তেওঁলোকৰ সৃষ্টি হয়। সৰস্বতী পূজাৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলে মহান আদৰ্শ ল’ব পাৰে, তদুপৰি তেওঁলোক সমাজৰ প্ৰতিও সচেতন হৈ উঠিব পাৰে তেওঁলোকৰ কোমল অন্তৰবোৰত, তেতিয়াই কৰ্মচেতনা জাগ্ৰত হ’ব। সেই কৰ্ম চেতনাইহে গঢ়িব পাৰিব ভাল এখন দেশ।
আমি আশা কৰিছো সৰস্বতী পূজা | Saraswati Puja আপোনালোকক সহায় কৰিব। যদি আপোনাৰ সৰস্বতী পূজা সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।