ৰোম দেশৰ সাধু | Rum Dekhor Hadhu Kotha

ৰোম দেশৰ সাধু | Rum Dekhor Hadhu Kotha, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, ৰোম দেশৰ সাধু , সাধুকথা, অসমীয়া কাহিনী, ৰোম দেশৰ সাধু শিশুৰ বাবে কাহিনী

এসময়ত ৰোম দেশত কিছুমান বৰ নিষ্ঠুৰ মানসিকতাৰ মানুহ আছিল। দুখীয়া মানুহৰ ল’ৰাবোৰ ঘৰত কাম কৰিবলৈ কিনি আনিছিল আৰু কামত অকণমান দোষ পালেই কঠোৰ শাস্তি দিছিল। খোৱা আহাৰৰো আধাহে দিছিল। কেতিয়াবা খঙাল গৃহস্থই বন কৰা ল’ৰাবোৰক কামত আসোঁৱাহ পালে বাঘ, সিংহৰ গড়াললৈ সুমুৱাই দিছিল। নিজে কাম কৰিব নোৱাৰিলে শাস্তি দিয়েই আকৌ বাঘ সিংহয়ো আকুহি-বাকুহি কামুৰিবলৈ সিহঁতৰ মাজলৈ এৰি দিছিল। 

এবাৰ এটা ঘটনা ঘটিল। এইটোও সাধুৱেই।  ভাল কাম কৰিলে ভাল ফল ভগৱানে দিবই। তাৰে প্ৰমাণ এই সাধুটো। এঘৰ মানুহৰ ঘৰত এটা বন কৰা ল’ৰা আছিল। তাৰ নাম আছিল এনদ্ৰক। এনদ্ৰক দেখাত বৰ ধুনীয়া আৰু শান্ত স্বভাৱৰ আছিল। ঘৰৰ অৱস্থা একেবাৰে বেয়া সেইকাৰণেই মানুহৰ ঘৰত বন কৰা হিচাপে থাকিবলৈ গৈছিল। গৃহস্থ ঘৰে টকা দি তাক কিনি লৈছিল।

এনদ্ৰকৰ গৃহস্থ বৰ খঙাল আৰু উগ্ৰ স্বভাৱৰ আছিল। সি কৰি থকা কামবোৰৰ মাজতে একোটা দোষ উলিয়াই তাক খুব মাৰ ধৰ কৰিছিল। গৃহস্থই নিজে ভাল ভাল বস্তুবোৰ খাই তাক বেয়াবোৰ খাবলৈ দিছিল।

এইদৰে একোটা সৰু কথাতে মাৰ খাই বেচেৰা এনদ্ৰকৰ গাল, হাত-মুখ উখহি পৰিছিল। লাহে লাহে তাৰ অসহ্যকৰ অৱস্থা হ’ল। এদিন এনদ্ৰকে মনে মনে ওচৰৰে হাবি এখনত লুকাই থাকিবলৈ গুচি গ’ল। হাবিখনত লুকাই থকা ঠাই বিচাৰি ফুৰোতে এটা গুহা দেখা পালে। তাতে ৰাতিটো কটাব পাৰিব বুলি ভাবি গুৱাটোলৈ সোমাই গ’ল। গুহাৰ ভিতৰত কিছুমান হাড়-মূৰ পৰি থকা দেখি সেইবোৰ আতৰাই বাহিৰলৈ ঠেলি তাতে টোপনি যাবলৈ শুই পৰিল। এনদ্ৰকৰ খুব ভয় লাগিছিল। বেচেৰা সৰু ল’ৰা মাক-দেউতাকৰ লগত থাকিব লাগিছিল অৱস্থাই তাৰ সেই দশা কৰিছে। ভয়তে এনদ্ৰকে ভগৱানক প্ৰাৰ্থনা কৰিলে-

         “ভগৱান আৰু মোক কষ্ট নিদিবা,

         ইয়াতেই থাকো মই লগতে থাকিবা।।

         কিমান সহিম মই গৃহস্থৰ কোব,

         তুমিহে দয়ালু প্ৰভু দয়া কৰা মোক।”

এনদ্ৰকৰ টোপনিটো আহো আহো হওতেই দূৰৈত শুনিলে কিবা এটাই গুজৰি-গুমৰি তাৰ গুহাটোৰ ফালে আগবাঢ়ি অহা যেন পালে। সি ভগৱানক ভাবি সাহসেৰে গুহাৰপৰা ভুমুকি মাৰি চাই দেখিলে এটা সিংহ লেঙুৰীয়াই লেঙুৰীয়াই তাৰ গুহাটোৰ ফালে আহি ওচৰ পালেহি। এনদ্ৰকে আকৌ একান্ত ভক্তি ভাবেৰে ভয়ে ভয়ে ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। সিংহটোৰ কাষ চাপি এনদ্ৰকে দেখিলে যে সিংহটোৰ ভৰিৰ তলুৱাত ডাঙৰ এডাল কাইটনে হুল সোমাই ভৰিখনৰ পৰা তেজ ববলৈ ধৰিছে।

এনদ্ৰকে গৈ মৰমেৰে সিংহৰ গাত হাত ফুৰাই বহুৱাই দি আলফুলকৈ সিংহটোৰ ভৰিৰ পৰা হুলডাল উলিয়াই দিলে। ওচৰতে থকা বন এবিধ আনি হাতেৰে মহাৰি সেই তেজ ওলোৱা ঠাইত লগাই দিলে। সিংহটোৱে আৰাম পাই অকণমান টোপনিও মাৰিলে। সিংহৰ উগ্ৰ স্বভাৱ বুলি সকলোৱে জানাহক কিন্তু উগ্ৰ স্বভাৱকো মৰমেৰে নাইকিয়া কৰিব পাৰি। তাকেই আমি এনদ্ৰকৰ আৰু সিংহৰ মাজৰ ব্যৱহাৰৰ পৰাই বুজিব পাৰিলো। এনদ্ৰকে সিংহটোক গুহাৰ ভিতৰলৈ ধৰি নিলে। দুদিনৰ পিছত সিংহ লাহে লাহে এনদ্ৰকৰ সহায় লৈ খোজ চলাব পৰা হ’ল। এনদ্ৰকে হাবিৰ পৰা যি পাই ফল আদি আনি সিংহক খাবলৈ দিয়ে সি নিজেও খায়। এনদ্ৰক কেইবাদিনো কোব নোখোৱাকৈ সিংহৰ লগত আৰামত থাকিল। এনদ্ৰকৰ মৰম আবদাৰ পাই সিংহৰ খং একেবাৰে নোহোৱা হ’ল।

Read Also: জোনালী, সোণালী আৰু পৰীৰ কাহিনী | Junali, Hunali Aru Porir Kahini

এদিন এনদ্ৰকৰ হাবিৰ পৰা অকণমান বাহিৰলৈ ওলাবৰ মন গ’ল। সি গৈ এখন বজাৰত বস্তুবোৰ চাই ঘূৰি ফুৰোতে তাৰ গৃহস্থই দেখা পালে। ওচৰলৈ গৈ এনদ্ৰকৰ হাতখনত ধৰি থাচ থাচকৈ দুই গালত চৰিয়াবলৈ ধৰিলে। তাৰপৰা ধৰি নি কাৰাগাৰক সুমুৱাই দিলেগৈ।

গৃহস্থই খং সামৰিব নোৱাৰি এনদ্ৰকক তাৰপৰা আনি হাতত এখন সৰু তৰোৱাল দি ভোকাতুৰ সিংহৰ গড়ালত সুমুৱাই দিলে। সিংহৰ লগত এনদ্ৰকৰ যুদ্ধ আৰম্ভ হ’ল। বজাৰখনৰ চাৰিওফালে ঘূৰি ফুৰা মানুহবোৰে থৰ হৈ চাই থাকিল ‘কিজানিবা ল’ৰাটোক সিংহটোৱে খায়েই পেলায়।’ বহুত মানুহৰ কোমল ঋদৈ গলি চকুপানীও ওলাল। তাৰে কিছুমানে চিঞৰ-বাখৰো কৰিলে।

লাহে লাহে দেখোন সিংহটোৰ গোজৰণী কমি আহিল। হঠাতে সিংহটোৱে এনদ্ৰকক সেৱা জনোৱাৰ দৰে বহি পৰিল। সিংহটোৰ কাণ্ড দেখি তাত গোট খোৱা সকলো মানুহ আচৰিত হৈ চাই থাকিল। আনন্দতে কোনোবাই কান্দিয়েই দিলে। কিছুমানে আনন্দত হাত চাপৰি মাৰিবলৈ ধৰিলে।

ঘটনাটো হ’ল কি জানা ?

এনদ্ৰক যেতিয়া গৃহস্থৰ অত্যাচাৰত হাবিত লুকাই এটা গুহাৰ ভিতৰত আছিলগৈ তেতিয়া এই সিংহটোৰ ভৰিৰ হুল এনদ্ৰকেই মৰমেৰে উলিয়াই দি বনষৌধেৰে তাৰ ভৰি ভাল কৰি দিছিল। তিনিদিন লগত ৰাখি সিংহৰ শুশ্ৰূষাও কৰিছিল। 

গৃহস্থই গড়ালৰ ভিতৰত সুমুৱাই দিয়া ল’ৰাজনেই সেই সিংহটোৰ উপকাৰীজন বুলি চিনি পাই হিংসাৰ ভাব পৰিহাৰ কৰি খং দমন কৰি উপকাৰী এনদ্ৰকক বহি সন্মানহে জনালে।গড়ালৰ পৰা সুস্থ অৱস্থাৰে এনদ্ৰকক ওলাই অহা দেখি তাক সকলোৱে মৰম কৰি আকোঁৱালি ল’লে।

এই কাণ্ডটো গৈ ৰোম দেশৰ ৰজাৰ কাণত পৰিলগৈ আৰু এনদ্ৰকক ৰাজ দৰবাৰলৈ লৈ যাবলৈ আদেশ দিলে।

ৰাজ দৰবাৰত বিৰাট সভা বহিল। ৰজাই এনদ্ৰকক ওচৰলৈ মাতি নি সুধিলে-

“তুমি কি বুদ্ধিৰে সিংহৰ মুখৰপৰা বাচিলা ?”

: সেই সিংহটোৰ ভৰিত এডাল ডাঙৰ হুল সোমাই তেজ ওলাই আছিল, মই মৰম কৰি বহুৱাই হুলডাল উলিয়াই দি তেজ বন্ধ হ’বলৈ বন পাতৰ ঔষধো লগাই দিছিলো।”

: সিংহটোক তুমি কেনেকৈ ক’ল লগ পাইছিলা ?

: মই গৃহস্থৰ অত্যাচাৰ সহিব পৰা নাছিলো, চৰ খাই গাল ফুলি আছিল ইফালে ভালকৈ খাবলৈও নিদিয়ে, তেতিয়া গালৰ বিষ সহ্য কৰিব নোৱাৰি হাবিত লুকাই আছিলোগৈ তেতিয়া সেই সিংহটোৰ গড়ালতে মই আছিলো। তাৰ ভৰিত হুল তেতিয়াই সোমাইছিল তাৰ লগতে দুদিন থাকি তাক খোৱা বস্তু দি সহায় কৰিছিলো। সি দুদিনৰ পিছত মোৰ সহায় লৈ খোজ কাঢ়িব পৰা হ’ল। 

: তুমি সিংহৰ গড়াললৈ সুমুৱাই দিওঁতে ভয় কৰা নাছিলা নেকি ?

: ভয় লগা নাছিল ! মই ভাবিছিলো এনেকুৱা নিষ্ঠুৰ গৃহস্থৰ ঘৰত থাকি শাস্তি ভোগাতকৈ সিংহৰ কামোৰত মৰাই ভাল।

ৰজাৰ বৰ বেয়া লাগিল। এনদ্ৰকক পিঠিত হাত ফুৰাইমৰম কৰিলে। সেই ৰাজসভাত উপস্থিত থকা সকলো মানুহকে শুনাই দিলে “আজিৰ পৰা এনদ্ৰক কাৰো ঘৰত বন কৰা ল’ৰা হৈ থাকিব নোৱাৰে। সি মুকলিমুৰীয়া হৈ মোৰ ৰাজ্যতে থাকিব পাৰিব।”

লগে লগে এনদ্ৰকক ৰখা সেই গৃহস্থজনকো ক’লে আৰু যেন তেওঁ এনদ্ৰকক ঘৰত থাকিবলৈ নিনিয়ে।

Read Also: Class 9 Assamese Question Answer

বেচেৰা এনদ্ৰকে সিংহটোক উপকাৰ কৰি থোৱাৰ বাবে আৰু ভগৱানৰ প্ৰতি একান্ত ভক্তি বিশ্বাস থকাৰ বাবেই ইমান ডাঙৰ বিপদৰ পৰা সি ৰক্ষা পৰিছিল। তাৰ সততাৰ বাবেই ৰজাৰো অনুগ্ৰহ লাভ কৰিছিল।

কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। ৰোম দেশৰ সাধু এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। ৰোম দেশৰ সাধু এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে ৰোম দেশৰ সাধু এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply