ৰিক – খবন উৎসৱ | Rik Khwan festival
আহোম ৰজাসকলে বিভিন্ন উদ্দেশ্যেৰে আয়োজন কৰা উৎসৱটিৰ নামেই হ’ল “ৰিক্-খবন ম্যু-খুন বান” বা “ৰিক্-খবন” উৎসৱ বুলি কোৱা হয়। আহোম বুৰঞ্জীত উল্লেখ থকা মতে আহোম ৰজাসকলে যুদ্ধত জয়লাভ কৰি তাৰ পিছত পালন কৰা এক উৎসৱ বুলিহে জনা যায়। পুৰণি কালত জয়-পৰাজয়, দুৰ্যোগ, অন্যায় কৰি সেই অন্যায়ৰ পৰা মুক্তি আদি পাবৰ কাৰণে এই উৎসৱ আহোম লোক সমাজৰ মাজত অনুষ্ঠিত কৰাৰ এক পৰম্পৰা চলিছিল। সেয়েহে কোনো কোনোৱে এই উৎসৱক “ফাই খবন ম্যু খবন” উৎসৱ বুলিও ক’ব বিচাৰে। শব্দৰ ফালৰ পৰা “ৰিক-খবন” উৎসৱক বিচাৰ কৰিলে- “ৰিক্” মানে আহ্বান কৰা, “খবন” মানে দীৰ্ঘায়ু কামনা কৰা। এইফালৰ পৰা যি উৎসৱৰ জৰিয়তে মানুহৰ দীৰ্ঘায়ু বা মঙ্গল কামনা কৰা হয় তাকেই “ৰিক্-খবন” উৎসৱ বোলে। আহোম সকলৰ বিবাহ-উৎসৱৰ লগত অনুষ্ঠিত কৰা “ৰিক্-খবন” উৎসৱত “খাও খামক” অৰ্থাৎ জলদেৱতাক পূজা কৰাৰ নিয়ম পুৰণি কালৰে পৰাই প্ৰচলিত হৈ আহিছে।

“ৰিক্-খবন” উৎসৱ নিৰ্দিষ্টকৈ আয়োজন নকৰি এই পূজা আহোম সকলে মেদাম মেফী বা ওম্ফা পূজাৰ লগত অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়। এটা সময়ত “ৰিক্-খবন” উৎসৱক টাই সম্প্ৰদায়ৰ লোকসকলেও পালন কৰিছিল। সাম্প্ৰতিক সময়ত মূলতে পুৰোহিত শ্ৰেণীৰ লোকসকলেহে এই পূজা অনুষ্ঠিত কৰা দেখা যায়। আচলতে ক’বলৈ হ’লে এই পূজা মূলতঃ অপৰাধীক প্ৰায়শ্চিত্ত কৰি তেওঁলোকৰ নতুন জীৱনৰ মঙ্গল কামনাৰ জৰিয়তে দীৰ্ঘায়ু কামনা কৰা উৎসৱহে।
“ৰিক্-খবন” উৎসৱৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ হ’ল- কেইটামান কুকুৰা কণী, এযোৰ কুকুৰা, তামোল-পাণ, তুলসী পাত, দুৱৰি বন, কল, মাহ, চাউল, কেইখনমান পৱিত্ৰ নৈৰ পানী বা তীৰ্থস্থানত ব্যৱহাৰ কৰা পানী, এগছি বন্তি, ছিংকৰা ফুল পৰম্পৰা নিয়ম অনুযায়ী অপৰিহাৰ্য। সেইকাৰণে হয়তো আহোম সম্প্ৰদায়ৰ দেওধাই পণ্ডিত সকলৰ ঘৰত ছিংকৰা ফুল দেখিবলৈ পোৱা যায়।
Read Also: মে’ দিৱস | May Day
“ৰিক্-খবন” উৎসৱ পালন কৰিবলৈ তিনিশ্ৰেণীৰ পুৰোহিতৰ প্ৰয়োজন হয়। এই তিনিশ্ৰেণীৰ পুৰোহিত হ’ল- দেওধাই, বাইলুং, আৰু মহন। এই উৎসৱ প্ৰায়শ্চিত্তৰ উৎসৱ যদিও ইয়াত অন্যান্য লোকসকলৰো সমাগম হয় আৰু অন্যলোক সকল ইয়ালৈ অহাটো এটা নিয়ম।

“ৰিক্-খবন” উৎসৱৰ বাবে আগবঢ়োৱা নৈবেদ্য সমূহ লেংদনক উদ্দেশ্য কৰি আগবঢ়োৱাৰ নিয়ম। যিসকল লোক অন্যায়কাৰী, অত্যাচাৰী, ভ্ৰষ্টাচাৰী, দুৰ্নীতিপৰায়ণ পাপী লোকসকলে আঠুকাঢ়ি বেদীৰ সন্মুখত বহি লয়। পুৰোহিতে এনে এক সময়তে মন্ত্ৰ পাঠ কৰে, নিয়ম-নীতি পালন কৰি তেওঁলোকৰ গাত পৱিত্ৰ পানী ছটিয়াই দি তেওঁলোকক পাপৰ পৰা উদ্ধাৰ কৰে। ইয়াৰ পিছত পাপী লোকসকলক পূজাত ব্যৱহাৰ কৰা পৱিত্ৰ পানীৰে গা-ধুওৱা হয়। এনেদৰে পাপী লোকসকল পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ পিছত ভোজ-ভাত দিয়াৰ প্ৰথা এটাও আগৰে পৰা চলি আহিছে। বৰ্তমান সময়তো এই প্ৰথা দেখিবলৈ পোৱা যায়। আহোম সম্প্ৰদায়ৰ লোকসকলে আনুষ্ঠানিক বিবাহ উদযাপন উপলক্ষে বিবাহৰ আগদিনাখন “ৰিক্-খবন” উৎসৱ পাতে। এই উৎসৱৰ মূল স্থান হ’ল নৈ, বিল, খাল আদিৰ কাষত এই অনুষ্ঠান আয়োজন কৰা হয়। এই উৎসৱ পতাৰ মূল উদ্দেশ্য হ’ল জল দেৱতা (খাওমাও) ক সন্তুষ্ট কৰি দৰা-কইনাৰ দীৰ্ঘায়ু আৰু মঙ্গল কামনা কৰা হয়।
মুঠতে ক’বলৈ হ’লে “ৰিক্-খবন” উৎসৱৰ গুৰুত্ব, প্ৰয়োজনীয়তা আদি যথেষ্টখিনি মনকৰিবলগীয়া।
আমি আশা কৰিছো ৰিক – খবন উৎসৱ | Rik Khwan festival আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ৰিক – খবন উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।