ৰাস – উৎসৱ | Rash – festival

ৰাস – উৎসৱ | Rash – festival

ভাৰতত প্ৰচলিত ৰাস -উৎসৱ বৈষ্ণৱ ধৰ্মৰ লোকসকলৰ এক সাৰ্বজনীন জনপ্ৰিয় অনুষ্ঠান। এই উৎসৱত গোপিনীসকলে প্ৰধান ভূমিকা পালন কৰে। ৰাস-উৎসৱত গোপিনীসকলে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি একান্ত-চিত্ত ভক্তিৰে ভগৱানৰ লগত বিলীন হোৱা প্ৰক্ৰিয়াটোতেই ৰাস-উৎসৱৰ দাৰ্শনিক তত্ত্ব নিহিত হৈ আছে। যাক আমি পৰম সত্ত্বাৰ সান্নিধ্য লাভৰ উপায় বুলি ক’ব পাৰোঁ। এই উৎসৱক সেইকাৰণে বহুতে শ্ৰীকৃষ্ণৰ লগত গোপিনী সকলৰ আত্মিক সম্পৰ্কৰ উৎসৱ বুলিও ক’ব বিচাৰে। আমাৰ অসমত ৰাস-ভাওনা বা কৃষ্ণ লীলাৰ ভাওনা বিশেষকৈ সত্ৰসমূহত অনুষ্ঠিত কৰা হয় যদিও বিভিন্ন নামঘৰ, মন্দিৰ আদিৰ প্ৰাংগণত কৃষ্ণ-লীলাৰ ৰাস-উৎসৱ অনুষ্ঠিত কৰা হয়। ৰাস-উৎসৱ আঘোণৰ পূৰ্ণিমাৰ ৰাতি আকাশ যেতিয়া ফৰকাল হৈ জোনাকেৰে ভৰি পৰে, সেই সময়ত গোপিনীসকলে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি কৃষ্ণক বিচাৰে। প্ৰকৃতাৰ্থত ৰাস উৎসৱ হৈছে শ্ৰীকৃষ্ণৰ লীলা মাহাত্ম্যসমূহ পুতলাৰ জৰিয়তে জন-সমাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাই এই উৎসৱৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য।

ৰাস - উৎসৱ 2

ৰাস উৎসৱৰ মূল নাটকীয় উপাদানখিনি আহিছে শ্ৰীকৃষ্ণই মথুৰা এৰি দ্বাৰকা নগৰলৈ যোৱাৰ পিচত। শ্ৰীকৃষ্ণক শাৰীৰিকভাৱে দেখা নাপাই গোপিনীসকলে তেওঁৰ স্মৃতিত গভীৰ ভাৱ প্ৰকাশ কৰিছে। গোপিনীসকলে কৃষ্ণৰ গুণানুকীৰ্তন কৰোঁতে নানান ধৰণৰ অভিনয় প্ৰদৰ্শন কৰিছে। এই অভিনয়ৰ অংশ হিচাপে শ্ৰীকৃষ্ণৰ জন্ম, গোপিনীসকলৰ দধি মন্থন, গোপিনীসকলৰ বস্ত্ৰ-হৰণ, কালীয় দমন, বিভিন্ন অসুৰ বধৰ কাহিনী আদিৰে। সাধাৰণ অৰ্থত ক’বলৈ হ’লে ৰাস উৎসৱ হ’ল শ্ৰীকৃষ্ণৰ জীৱন-লীলা উৎসৱ। এই উৎসৱৰ প্ৰধান গূঢ়াৰ্থ তত্ত্বটো হ’ল- “একান্ত ভক্তিৰ বলতহে ভগৱানৰ সান্নিধ্য লাভ কৰিব পাৰি।”

Read Also: দেৱালী | Diwali

ৰাস উৎসৱৰ দাৰ্শনিক তত্ত্বসমূহে জনসমাজক যিধৰণে আকৃষ্ট কৰি আহিছে, ঠিক তেনেদৰে এই উৎসৱে লোক সমাজত কৃষ্টি আৰু সংস্কৃতিৰো তাৎপৰ্য বহন কৰি আহিছে। ৰাস-উৎসৱৰ অনুষ্ঠানসমূহ ৰূপায়িত কৰিবৰ বাবে বিশেষকৈ গাঁও অঞ্চলবোৰৰ বৈষ্ণৱ প্ৰধান সমাজত সকলো মানুহ লগ হৈ সহযোগিতাৰে অনুষ্ঠিত কৰে। গাওঁ অঞ্চলবোৰৰ প্ৰায় সকলো মানুহ লগ হৈ পৰে। আগৰ দিনত ৰাস-উৎসৱৰ অনুষ্ঠান সমূহত গোপিনীৰ ভাও ছোৱালী বা মহিলা সকলে কৰিছিল যদিও বৰ্তমান এই কাৰ্যত পুৰুষ সকলো জড়িত হৈ পৰে। এই উৎসৱৰ অনুষ্ঠান সমূহত অভিনয় কৰা লোকসকল আৰু অভিনয় চাই থকা দৰ্শকসকলৰ মাজত পৰম সত্ত্বাৰ এক আত্মিক মিলন যেন তেওঁলোকৰ মাজত সম্ভৱ হৈ উঠে আৰু এই কাৰ্যই ভগৱানৰ প্ৰতি উঠলি উঠা প্ৰেমৰ আদৰ্শও যেন গভীৰ ৰূপত প্ৰতিষ্ঠিত হয়। সেই কাৰণে ৰাস-উৎসৱ হৈ পৰিছে লোক সমাজৰ মহা আদৰ্শৰ মহা-উৎসৱ। 

ৰাস - উৎসৱ 3

সাম্প্ৰতিক সময়ত সমগ্ৰ অসমতে ৰাস-উৎসৱ বৈষ্ণৱ সত্ৰ সমূহত অনুষ্ঠিত কৰা হয়। অৱশ্যে বৰ্তমান সময়ত নামঘৰ আৰু মন্দিৰৰ প্ৰাঙ্গণতো ৰাস পালন কৰা দেখিবলৈ পোৱা যায়। এই উৎসৱ কিছুমান ঠাইত দুদিনীয়াকৈ পালন কৰা হয়। অসমৰ কিছুমান ঠাইত এই উৎসৱৰ অনুষ্ঠান আৰম্ভ কৰোঁতে গোপিনীৰ সংখ্যা ইমানেই বেছি হয় যে, প্ৰথম দিনাখন গোপিনীসকল ভাওনা থলীত প্ৰৱেশ কৰি নৃত্য-গীত পৰিৱেশন কৰি সম্পূৰ্ণ এটা পাক শ্ৰীকৃষ্ণৰ সৈতে মাৰোতেই ৰাতি পুৱা হৈ যায়। দ্বিতীয় দিনা শ্ৰীকৃষ্ণৰ লীলা মাহাত্ম্যসমূহ অভিনয় কৰা হয়। গোপিনী সকলে নিজৰ ঘৰ, স্বামী, পুত্ৰ কন্যা আদি এৰি শ্ৰীকৃষ্ণৰ প্ৰেমত আপ্লুত হৈ “হা কৃষ্ণ, হা কৃষ্ণ” বুলি উন্মাদ প্ৰায় হৈ পৰে, এই অৱস্থাই ভগৱান প্ৰেমৰ বিৰল নিদৰ্শন জন সমাজৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে। পাৰ্থিৱ জগতৰ সংসাৰৰ সকলো মায়া-মোহ ত্যাগ কৰি ভগৱানৰ চৰণত নিজক অৰ্পণ কৰি নাৰী-পুৰুষ উভয়ে এক আদৰ্শ বহন কৰিব পাৰিছে। এই কাৰ্যই অসমৰ ৰাস-উৎসৱৰ ক্ষেত্ৰত এক বিস্তাৰিত প্ৰভাৱ পেলাব পাৰিছে। ৰাস-উৎসৱত অনুষ্ঠিত ৰাস-লীলা ভাওনা সমূহ কিছুমান ঠাইত বাৰখন গাওঁ বা তাতোকৈ অধিক গাঁৱৰ জন-সমাজৰ সহযোগিতাত বিশাল ৰভা সাজি অনুষ্ঠিত কৰা হয়। ৰভাথলী নানা ধৰণৰ ৰং-বিৰঙেৰে পোহৰাই তুলি এক অনবদ্য আকৰ্ষণৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলে। তাত অনুষ্ঠিত কৰি অহা অনুষ্ঠান সমূহে মানুহক বাৰুকৈয়ে আকৃষ্ট কৰি আহিছে। নৃত্য, গীত, ভাওনা আদিৰ পৰিৱেশে উৎসৱটোকে গভীৰ মৰ্যদা দান কৰিছে। ৰাস-উৎসৱৰ এই মৰ্যদাই যেন আমাক অৰ্থাৎ লোক সমাজক মহামিলনৰ এক সুদূৰ প্ৰসাৰী স্থান হিচাপে সদায় ৰক্ষা কৰি আহিছে। সেই কাৰণে ৰাস লোকসমাজৰ মাজত সাৰ্বজনীন উৎসৱত পৰিণত হৈছে।

আমি আশা কৰিছো ৰাস – উৎসৱ | Rash – festivalআপোনালোকক সহায় কৰিব। যদি আপোনাৰ ৰাস – উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply