ৰং – কেৰ উৎসৱ | Rang Ker Festival

ৰং – কেৰ উৎসৱ | Rang Ker Festival

ৰং – কেৰ হ’ল কাৰ্বি জনজাতীয় লোকসকলে পালন কৰা প্ৰধান কৃষি উৎসৱ। কাৰ্বি লোকসকলে কৃষি কাৰ্য আৰম্ভ কৰাৰ আগে আগে এই উৎসৱ পালন কৰে। কাৰ্বি সকলৰ প্ৰধান খেতি হ’ল ঝুমখেতি। ঝুম খেতি সাধাৰণতে শীতকালত কৰা হয়। সেই কাৰণে কাৰ্বি সকলে এই উৎসৱ শীত কালতেই পালন কৰে।

তদুপৰি কাৰ্বি লোকসকলে আৰু এক প্ৰকাৰ এই উৎসৱ প্ৰত্যেক পাচ বছৰৰ মূৰে মূৰে পালন কৰা হয়। এই পাচ বছৰৰ মূৰে মূৰে পালন কৰা এই উৎসৱক ৱ’ফং ৰং-কেৰ বোলে। এই উৎসৱ সাধাৰণতে এটা মৌজাৰ সকলোবোৰ মানুহ এক লগ হৈ পালন কৰে। এই উৎসৱৰো প্ৰধান উদ্দেশ্য হ’ল কৃষি কাৰ্যৰ কল্লাণ সাধন বা মঙ্গল সাধন।

Read Also: Class 10 Assamese Question Answer

বছৰে বছৰে পৰম্পৰাগতভাৱে পালন কৰা এই উৎসৱ সাধাৰণতে এদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। ইয়াৰ বিপৰীতে পাচ বছৰৰ মূৰে মূৰে পালন কৰা ৱ’ফং ৰং-কেৰ অনুষ্ঠিত কৰা হয় দুদিনীয়াকৈ।

কাৰ্বিসকলে বছৰেকত পালন কৰি অহা ৰং-কেৰ পূজাত ছাগলী আৰু মতা কুকুৰা দুয়োটাই বলি দিয়া হয়। কাৰ্বি সকলে পূজা কৰা প্ৰধান দেৱতাৰ নাম আৰ্ণাম ফাৰাউ আৰু থলুৱা দেৱতাৰ নাম থানা আৰ্ণাম সকলো দেৱতাকেই এই এই উৎসৱত পূজা কৰা হয়। পূজাৰ শেষত প্ৰধানদেৱতা আৰু থলুৱা বা স্থানীয় দেৱতা সকলৰ আগত ছাগলী আৰু মতা কুকুৰা বলি দিয়া হয়। কাৰ্বি লোক সকলে দেৱতাৰ আগত বলি দিয়া ছাগলী আৰু কুকুৰাৰ মাংস প্ৰসাদ হিচাপে গ্রহণ কৰি ভাত আৰু মদৰ লগত খায়। এই উৎসৱৰ প্ৰধান বৈশিষ্ট্য হ’ল এই উৎসৱ বিশেষকৈ পুৰুষ প্ৰধান উৎসৱহে। কাৰ্বি লোক সমাজৰ নিয়ম অনুসৰি এই উৎসৱৰ পূজা থলীত নাৰীসকলৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ। ৰং-কেৰ পূজাৰ সময়ত পুৰুষসকল নিজৰ পত্নীসকলৰ পৰা নিলগত হঙত থাকে।

ৰং-কেৰ উৎসৱত পৰম্পৰাগত প্ৰচলিত নিয়ম অনুযায়ী কোনো ধৰণৰ গীত-নৃত্য আদিৰ প্ৰচলন নহয়। কেৱল এই পূজাত মন্ত্ৰ গোৱা হয়। এই পূজাত ব্যৱহাৰ কৰা মন্ত্ৰবিলাক সহজ-সৰল আৰু পোনপটীয়া অৰ্থাৎ সকলোৱে বুজি পোৱা ধৰণৰ।

Read Also: পাচেতি বা পাচতি উৎসৱ | Pacheti or Pateti Festival

কাৰ্বি জনজাতীয় লোকসকলে যেনেদৰে কৃষি-কৰ্মৰ আৰম্ভণিতে ৰং-কেৰ অনুষ্ঠিত কৰে, ঠিক তেনেদৰে কৃষি-কৰ্ম শেষ কৰি শস্য চপোৱাৰ সময়তো তেওঁলোকে এটা উৎসৱ পাতে। সেই উৎসৱটোৰ নাম হ’ল “হাচা-কেকান”। এই উৎসৱ কৃষি-কৰ্মৰ শেষত পতা লখিমী সবাহৰ দৰে অনুষ্ঠান। এই উৎসৱত কোনো ধৰণৰ বলি-বিধানৰ নিয়ম-নীতি নাই। “হাচা-কেকান” উৎসৱত হঙত নাচ-গান কৰা হয় আৰু উৎসৱস্থলীত ৰাজহুৱা ভোজ-ভাতৰ ব্যৱস্থা কৰা হয়।

ৰং - কেৰ উৎসৱ 2

পাচ বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা বৃহৎ অনুষ্ঠান বৃহৎ ৰং-কেৰ বা ৰং-কেৰ পি অনুষ্ঠান। এই অনুষ্ঠানত সমগ্র মৌজাৰ যিমানবোৰ গাওঁ আছে সকলোৱে মিলি, একলগ হৈ প্ৰাকৃতিক দুৰ্যোগ, মাৰি-মৰক, অপায়-অমংগল আদিৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে পূজাৰ আয়োজন কৰে। ৰং-কেৰ উৎসৱত সকলোবিলাক গাঁৱৰ গাওবুঢ়া সকল বৰ গাওঁবুঢ়াৰ ঘৰলৈ আহে। বৰ গাওঁবুঢ়াৰ ঘৰতেই প্ৰত্যেক গাঁৱৰ দান-বৰঙণি সংগ্ৰহ কৰি বৰ ৰং-কেৰ উৎসৱৰ আয়োজন কৰা হয়। এই উৎসৱতো কাৰ্বিসকলে তেওঁলোকৰ প্ৰধান দেৱতা আৰ্ণাম ফাৰাউ আৰু থলুৱা বা স্থানীয় দেৱতা থানা আৰ্ণাম আদি সকলোকে পূজা কৰা হয়। এই উৎসৱতো বলি দিয়া হয় আৰু ৰাজহুৱা ভোজ-ভাতৰ আয়োজন কৰা হয়। মুঠৰ ওপৰত ৰং-কেৰ উৎসৱে কাৰ্বি সমাজৰ মাজত মিলনৰ এনাজৰীডাল সু-দৃঢ়ভাৱে ধৰি ৰাখি এক সুন্দৰ আদৰ্শ দি আহিব পাৰিছে।

আমি আশা কৰিছো ৰং – কেৰ উৎসৱ | Rang Ker Festival আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ৰং – কেৰ উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply