ৰাক্ষস পণ্ডিতৰ কাহিনী | Rakhyokh Ponditor Kahini

ৰাক্ষস পণ্ডিতৰ কাহিনী | Rakhyokh Ponditor Kahini, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, ৰাক্ষস পণ্ডিতৰ কাহিনী, সাধুকথা, অসমীয়া কাহিনী, ৰাক্ষস পণ্ডিতৰ কাহিনীশিশুৰ বাবে কাহিনী

সত্যকালত এক ৰাক্ষস আছিল । সি মানুহৰ বেশ ধৰি ” পণ্ডিত ” নাম লৈ এক ৰজাৰ নগৰত পঢ়াশালি পাতিলেহি । ৰাক্ষস পণ্ডিতে তাত সকলোৰে লৰা পঢ়ায় , কেৱল বাৰী মানুহৰ লাৰহে নপঢ়ায়  । সেই নগৰতে আকৌ এজনী বাৰীৰ এটা লৰা আছিল । পুতেকক পঢ়াবলৈ বাৰীৰ বৰ মন গৈছিল । কিন্তু পণ্ডিতৰ কথা শুনি মন ভোটা হ’ল । মন্ত্ৰীৰে সৈতে বাৰী মানুহজনীৰ চিনাকি আছিল । সেই নিমিত্তে বাৰীয়ে মন্ত্ৰীৰ ওচৰলৈ গৈ তাইৰ লৰাটো মন্ত্ৰীৰ বুলি পঢ়াশালিত পঢ়ুৱাবলৈ পণ্ডিতক দিবলৈ মন্ত্ৰীক খাটনি ধৰিলে । মন্ত্ৰীয়েও বাৰীৰ কথাত লাগি সেই লৰাটো পণ্ডিতৰ হাতত তেওঁৰ নিজৰ পুতেক বুলি পঢ়াবলৈ দিলে । লৰাটিয়ে পণ্ডিতৰ লগতে থাকি লেখা পঢ়া শিকিবলৈ ধৰিলে । পণ্ডিতে অলৈ ললৈ গলে তেওঁৰ তন্ত্ৰ মন্ত্ৰ থকা পেৰাটো , মছা ঘৰ এখোটালিত থৈ লৰাটোক চুবলৈ হাক দি যায় । এদিন লৰাটোৱে পণ্ডিত আঁতৰি গলত সেই পেৰাটোতনো কি আছে মনে মনে মেলি চালে । সি পেৰাটো মেলিলত তাত এটা মানুহৰ মূৰ আৰু কিছুমান পুথি পাজি দেখিবলৈ পালে । সেই পুথিবিলাকত  ৰাক্ষসৰ বিদ্যা অৰ্থাৎ নানান ৰূপ ধৰিব পৰা , মায়া হব পৰা , সৰ্বজান ইত্যাদি বিদ্যা লিখা আছিল । তেতিয়া বাৰীৰ লৰাই পণ্ডিতক ৰাক্ষস বুলি চিনিবলৈ আৰু বাকী নাথাকিল । সি দিনৌ পণ্ডিত ঘৰলৈ উভতি অহাৰ আগেয়েই লৰালৰিকৈ সেই পুথিবোৰ পঢ়ে আৰু পণ্ডিতে চিন ধৰিব নোৱাৰাকৈ আকৌ আগৰদৰে পৰেতে থৈ দিয়ে । এইদৰে পঢ়ি সি সেই বিদ্যাত খুব কাটন হৈ পৰিল । পণ্ডিতে কিন্তু এই কথাৰ গমকে ধৰিব পৰা নাছিল । এদিন পণ্ডিতে লৰাবিলাকক তেওঁৰ ঘৰ দেখুৱাবলৈ নিবলৈ ইচ্ছা কৰি মাতিলত সকলোবোৰে মাক বাপেকহঁতক কৈ যি যি পাৰিলে শক্তি অনুসৰি ভাৰ ভেটি বান্ধি লৈ পণ্ডিতৰ ঘৰলৈ যাবলৈ ওলাল । সিহঁত ওলোৱা দেখি পণ্ডিতৰ আনন্দৰ সীমা নোহোৱা হল আৰু মনে মনে ভাবিবলৈ ধৰিলে “ইহঁতক নি জ্ঞাতি কুটুমেৰে সৈতে ভোজ ৰান্ধি খামগৈ ।” ইয়াকে ভাবি পণ্ডিতে ছাত্ৰবোৰেৰে সৈতে তেওঁৰ ঘৰলৈ খোজ ললে । কিছুমান বেলিৰ বাট যোৱাৰ পিছত তেওঁলোকে গৈ এখন নৈ পালেগৈ । নৈ দেখি লৰাবিলাকে “কেনেকৈ পাৰ হম ?” – বুলি যেতিয়া পণ্ডিতক সুধিলে , পণ্ডিতে কলে , “তাৰ উপায় আছে , বাৰু তহঁতে চকু মুধহক । এটাই মোৰ গাত ধৰ , আন এটাই তাৰ গাত ধৰ , এই দৰে এটাইবিলাকে ইটোৰ গাত সিটোৱে ধৰাধৰিকৈ মোৰ পাছে পাছে আহি থাকহক আৰু যেতিয়ালৈকে মই তহঁতক চকু মেল নোবোলো তেতিয়া লৈকে চকু নেমেলিবিহক ; যদিহে মেল তেনেহলে এই পানীতে ৰবিহক । ” পণ্ডিত আগবাঢ়িল । পণ্ডিতৰ গাত বাৰীৰ লৰাই ধৰিলে , তাৰ গাত আন এটা লৰাই ধৰিলে , সেইটোৰ গাত আন এটা লৰাই ধৰিলে আৰু বাকীবিলাকেও সেইদৰে এটাৰ গাত আনটোৱে ধৰি লাগি লাগি পৰিল। 

সকলোৱে চকু মুদিলে কিন্তু বাৰীৰ লৰাই চকু নুমুদিলে । সি পণ্ডিতে নো কি কৰে তাকে চাই থাকিল । পণ্ডিতে দুটা চুঙা উলিয়ালে ; উলিয়াই প্ৰথমটো চুঙাৰে শুহা মাৰি নদীখন শুহি পেলাই সিপাৰ হলগৈ আৰু দ্বিতীয়টো চুঙাৰে ফু মাৰি আকৌ আগৰদৰে নৈখন কৰি পেলালে । তাৰ পিছত সিহঁতৰ চকু মেলিবলৈ কৈ আকৌ আগৰদৰে পণ্ডিত যাবলৈ ধৰিলে । কিছুদূৰ বাট যোৱাৰ পাছত সিহঁতে আকৌ এখন নৈ পালেগৈ । এইখনো আগৰ দৰে পণ্ডিতে সিহঁতক পাৰ কৰিলে । কিন্তু এইবাৰ পণ্ডিতে চুঙা দুটা বালিতে পুতি থৈ তাৰ পিছতহে সিহঁতক চকু মেলিবলৈ কৈছিল । এইবাৰো বাৰীৰ লৰাই আগৰদৰেই চাই আছিল । ঘৰ পাবলৈ অলপমান বাট থাকোতেই পণ্ডিতে সিহঁতক কলে , “বোপাহত , তহঁত ইয়াতে অলপ ৰ , মই ঘৰৰ পৰা আহোঁগৈ , তেহে তহঁতক নিব পাৰিম । মোৰ বৰ দৰকাৰ এটাত বেগাই আগবাঢ়ি যাওঁ , উভতি আহি তিলেকতে তহঁতক লৈ যামহি ।” সিহঁতে সিহঁতৰ গুৰুৰ কথা খুব শুনিছিল ; সেইদেখি সিহঁত পণ্ডিতৰ আজ্ঞামতে তাতে ৰল । পণ্ডিত আহি জ্ঞাতিক ভোজ দিবৰ নিমিত্তে ঠিক ঠাক কৰিবলৈ ধৰিলে । লৰাবিলাকে পণ্ডিত আহিব বুলি বাট চাই থাকিল , কিন্তু ভালেখিনি বেলি হল , পণ্ডিত নাই । বাৰীৰ লৰাই “ভাইহঁত , মই পণ্ডিতৰ ঘৰৰ পৰা লৰি আহোঁগৈ , তহঁতে ইয়াতে থাকে , তেঁওনো কি কৰিছে মই বেগতে গৈ চাই আহোঁচোন ।” – বুলি কৈ একে লৰেই পণ্ডিতৰ ঘৰ উলালগৈ । সেই সময়ত পণ্ডিত ঘৰত নাছিল , দিহিঙে দিপাঙে থকা ৰাক্ষসবোৰ মাতিবলৈ আৰু পাত পচলা গোটাবলৈ গৈছিল । ৰাক্ষসৰ ঘৰৰ বেৰত আৰি থোৱা মানুহৰ মূৰ দুটাকৈ বাৰীৰ পুতেকক দেখি কলে , “হেৰ ঔ তই কলৈ আহিছ ? তোক ৰাক্ষসে খাব , এতিয়াই এই গাঁৱৰপৰা পলা , বেগতে পলা ।” সি মূৰ দুটাৰ এই কথা শুনি তাৰপৰা তুৰন্তে পলাই একে কোৱেই লগৰীয়াহঁতৰ লগ পালেহি , পাই সিহঁতক সকলো কথা ভাঙি কলে । সিহঁতে শুনি ভয়ত থৰ থৰ কৰে কপিবলৈ ধৰিলে । বাৰীৰ লৰাই “কোনো ভয় নাই , মই আছোঁ , বলহক আমি আমাৰ ঘৰলৈ উভতি যাওঁগৈ ।” – এইবুলি কৈ ঘৰৰফালে খোজ ললে । এনেতে সিফালৰ পৰা ৰাক্ষসটো লৰি আহি লৰাবোৰক থোৱা ঠাইত নাপাই , অহা বাটেদি লৰিবলৈ ধৰিলে । বাৰীৰ লৰাই , ৰাক্ষসে যেনেকৈ সিহঁতক চকু মুদাই লৈছিল সেইদৰে লৈ , বালিত ৰাক্ষসে পুতি থোৱা চুঙা দুটা উলিয়াই লৈ , এটাত ফু মাৰি নৈৰ পানী শুহি আৰু আনটোত ফু মাৰি পানী উলিয়াই থৈ দুইখন নৈ পাৰ হৈ কলে , “বাৰু ভাল বুকু চাই কামোৰ মাৰিলি তই ! যা , যা , মইও গৈছোঁ পাছতে।” 

Read Also: বামুণ আৰু বামুণীৰ কাহিনী | Bamun Aru Bamunir Hadhu Kotha

এই কথা কৈ ৰাক্ষস উভতি গল । ইহঁত আহি গাঁও পাই ঘৰাঘৰী গুচি গল । বাৰীৰ লৰাই মাকৰ ওচৰত সকলো কথা ভাঙি কলেহি আৰু সি ধন আৰ্জিবৰ মনেৰে মাকক কলে , “আই , মই এটা ছাগলী হৈ থাকিম , তই মোক বজাৰত বেচিবলৈ নিবি ; আৰু কোনোবাই কিনিবলৈ আহিলে তাক মোৰ পঘাডাল নিদি মোক বেছি দিবি । মই তোৰ পাছতে উলামহি ।” মাকে তাৰ এই কথা শুনি “বাৰু” বুলি শলাগী থাকিল । পুতেকে ছাগলী এটা হল । পাছদিনা মাকে তাক হাটত বেচিবলৈ লৈ গল । পাছে সেই ৰাক্ষসেই ভেশচন ধৰি আহি ছাগলীটোত বাৰীয়ে যিমান বেচ বুলিলে সিমান দি ছাগলীটো লৈ গুচি গল । বাৰীয়ে ঘৰ পালত বাৰীৰ পিছতে পুতেক আহি ওলালহি । সি পাছদিনা আকৌ এটা ৰাজহাঁহ হৈ থাকিল । মাকে তাক বেচিবলৈ টোম এটাত ভৰাই লৈ গল । সেই ৰাক্ষসেই বাৰীৰ লৰাক খাবলৈ বুলি আন এটা মানুহ হৈ আহি ৰাজহাঁহটো কিনিলে । এইবাৰো মাকে টুমটো নিদি ৰাখিলে । হাঁহ বেছি মাক ঘৰ পালেহি , সিও পাছে পাছে ঘৰ ওলালহি । ৰাক্ষসৰ মনত মহা খং উঠিল আৰু “এইবাৰ কিনিব পাৰিলে তাক যিহতে আনে বা যিহৰে ধৰি বেচিবলৈ আনে সেই বস্তুটো নিদিওঁ – বুলি সি ঠিক কৰিলে। এইবাৰ বাৰীৰ পুতেক ঘোঁৰা এটা হৈ থাকিল । মাকে তাক ধৰি লৈ সেই নগৰৰ বজাৰত বেচিবলৈ লৈ গল । ৰাক্ষসেও সিফালৰ পৰা আহি ঘোঁৰাৰ গৰাকীয়নীয়ে যিমান দাম কলে , সিমান দামকে দি ঘোঁৰাই লেকামে লওঁ গুচি গল । বাৰীয়ে কত কলে লেকামডাল তাইক সি ওভোতাই দিবলৈ , কিন্তু সি নিদি লৈ গুচি গল । ৰাক্ষসে সেই নগৰ নদী এখনৰ কাষতে কোনো এটা ঘাটত ঘোঁৰাটো খাবলৈ মনতে ঠিক কৰিলে । তেতিয়া ভৰ দুপৰীয়া । ঘোঁৰাটোৱে এবাৰ ছল পাই ৰাক্ষসৰ হাতৰ পৰা এৰাই পানীত পৰি মাছ এটা হল । ৰাক্ষসে তাক শিহু এটা হৈ খেদি নিবলৈ ধৰিলে । সেই সময়ত ৰজাৰ জীয়েকে গা ধুবলৈ সেই নৈলৈকে আহিছিল । ৰজাৰ জীয়েকে গা ধুওতে অলংকাৰ পাতিবোৰ সোলোকাই এটা বাটিত থৈছিল। বাৰীৰ লৰাই পটকৰে মণি এটা হৈ সেই ৰজাৰ জীয়েকৰ অলংকাৰৰ লগত মিহলি হৈ গল । ৰজাৰ জীয়েকে গা ধুই উঠি সেই মণিটো দেখি সেইটো কৰপৰা তালৈ আহিল , কি কথা , কি বতৰা ইত্যাদি ভাবি চিন্তি ঠিক কৰিব নোৱাৰি , মণিটো ঘৰলৈ লৈ আহিল । ৰাক্ষসে এটা মানুহ হৈ ৰজাৰ আগত গোচৰ দিলেহি যে ৰজাৰ জীয়েকে তাৰ মণিটো বাটত পাই আনিছে আৰু এতিয়া তাক নিদিব কি বুলি ? ৰজাই ৰাক্ষকক “বাৰু তোমাৰ মণিটো যদি ছোৱালীয়ে আনিছে , মই কেলেই দিব ; তাই সৰু ছোৱালী , সেইবোৰৰ ভূ নাপায় , অলপ পৰ ৰবা ” – বুলি কৈ জীয়েকক মতাই আনি মণিটো মানুহটোৰ আগলৈ পেলাই দিলে । মণিটো মাটিত পৰিয়েই এটা সৰিয়হ হল । সৰিয়হ খাবৰ নিমিত্তে মানুহ হৈ থকা ৰাক্ষসটো এটা কপৌ হল । বাৰীৰ লৰাই তৎক্ষণাৎ সৰিয়হ গুচি শেন এটা হৈ কপৌটোৰ বুকুখন ফালি পেলালে । তেতিয়া ৰাক্ষসে নিজ মূৰ্তি ধৰি এটা ভয়ানক চিঞৰ মাৰি মৰি থাকিল । ৰজাই এইবোৰ চকুৰ আগতে সপোন যেন দেখি ভেবা লাগি ৰল । আন আন মানুহেও তবধ লাগিল । তেতিয়া বাৰীৰ লৰাই মানুহ হৈ সকলো কথা ৰজাক ভাঙি কলত , ৰজাই সন্তোষ পাই জীয়েকক তালৈ বিয়া দি তাক বহি ৰজা পাতিলে । বাৰীৰ লৰাই মাককো তাৰ লগলৈ তুলি নি খাই বৈ সুখেৰে থাকিল ।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। ৰাক্ষস পণ্ডিতৰ কাহিনী এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। ৰাক্ষস পণ্ডিতৰ কাহিনী এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। ৰাক্ষস পণ্ডিতৰ কাহিনী এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply