পেট – ভাতুৰ কথা কাহিনী | Pet Bhatur Kotha

পেট – ভাতুৰ কথা কাহিনী | Pet Bhatur Kotha, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, পেট – ভাতুৰ কথা গল্প, সাধুকথাঅসমীয়া কাহিনী, পেট – ভাতুৰ কথা গল্পশিশুৰ বাবে কাহিনী

কোনো এক দেশত এজন ৰজা আছিল । ৰজাজনৰ এটি লৰা আছিল আৰু তেওঁৰ মন্ত্ৰীজনৰো এটি লৰা আছিল । সৰুকালৰে পৰা ৰজাৰ লৰাৰ লগত মন্ত্ৰীৰ লৰাৰ বৰ মিল আছিল আৰু দুয়োজনে সখী বন্ধাইছিল । তেওঁলোকৰ ভিতৰত এনে বন্ধু ভাব হৈছিল যে দুয়ো কেতিয়াও এৰা এৰি নহৈছিল । খোৱা বোৱা আদি কামবিলাক দুয়োজনৰে একেলগে চলিছিল । তেতিয়া তেওঁলোক ডাঙৰ হল , লেখা পঢ়া শিকি তেওঁলোকৰ বুদ্ধি চোকা হল তেতিয়া দুয়োজনৰ মনত দেশ চাই ফুৰিবৰ ইচ্ছা জন্মিল । বাপেক মাকে এই কথাৰ গম পালে তেওঁলোকৰ ইচ্ছা পূৰ্ণ নোহোৱাৰ ভয়ত দুয়োজনে মনে মনে বাপেক মাকে বাতিৰ নোপোৱাকৈ এদিনাখন ৰাতি পলাই গল । ৰজাই আৰু মন্ত্ৰীয়ে পাছদিনা পুতেকহঁতক দেখা নাপাই বৰকৈ বিচাৰ খোচাৰ কৰিলে , কিন্তু কোনো ঠাইতে তেওঁলোকৰ বাতৰি নেপাল । শেষত ৰজা মন্ত্ৰী দুয়ো অসন্তোষ মনেৰে থাকিল । সিফালে দুয়োজন সখীয়েকে অনেক ঠাই ফুৰি ফুৰি এক ৰজাৰ নগৰত উলালগৈ । সেইদিনা ৰাতি সেই ৰজাৰ ঘৰত থাকিবলৈ মন কৰি গধূলি সময়ত দুয়ো ৰজাৰ ঘৰ পালেগৈ । ৰজাঘৰৰ মানুহেও গধূলিৰ অতিথি দেখি তেওঁলোকক সোধ পোছ কৰিলে । তেওঁলোকেও , “বহুত ঠাই ফুৰি আমাৰ ভাগৰ লাগিছে , আজি ৰাতিটো ইয়াতে পৰি থাকোঁ ” – বুলি কলে । ৰজাঘৰৰ মানুহে তেওঁলোকক তেতিয়াই বৰিয়াকৈ খোৱা শোৱা আদিৰ দিহা কৰি দিলে তেওঁলোকে মহা আনন্দেৰে খাই বৈ ৰজাৰ ঘৰতে শুই থাকিল ।

ৰাতি দুয়োজনৰ টোপনি আহিল । কিছুমান সময়ৰ মূৰত ৰজাৰ লৰাই সাৰ পালে । সাৰ পাই , সেইদিনা ৰজাৰ ঘৰত নিজৰ ঘৰৰ দৰে খাবলৈ শুবলৈ পাই ৰজাৰ লৰাই মনৰ আনন্দত এটা ৰাগ দিলে । যদিও তেওঁলোক দুজনে সোনকালে খাই বৈ শুই সাৰ পালে কিন্তু ৰজাঘৰৰ মানুহে সেই সময়ত খাই বৈ উঠিছিলহে । ৰজাৰ পুতেকৰ ৰোগটো শুনি  ৰজাঘৰীয়া সকলোৱে হৰ্ষ পালে ; কাৰণ ৰজাৰ পুতেকে ইমান সুৰীয়াকৈ ৰাগ দিছিল যে , এনে শুৱলা সুৰীয়া ৰাগ তেওঁলোকে আগেয়ে কেতিয়াও শুনা নাছিল । ৰজাৰ এজনী গাভৰু ছোৱালী আছিল । ৰাগটিয়ে সেই ছোৱালীজনীৰ মনটোহে সৰহকৈ বিন্ধিলে । ছোৱালী জনী ৰাগ শুনি ইমান মোহিত হৈছিল যে , তেওঁ লাজ কাজ এৰি , সেই ৰাগ দিয়া অতিথি ডেকাজনৰ লগত তেওঁক বিয়া দিব লাগিব বুলি মাকক কলে আৰু নিদিলে আত্মঘাতী হব বুলি কলে । মাকে জীয়েকৰ কথা শুনি অসন্তোষ মনেৰে বুজাবলৈ ধৰিলে – “আই ! তুমি ৰজাৰ জীয়ৰী হৈ অচিনাকি মানুহৰ লগত বিয়াত সোমাব খোজা , ই বৰ বেজাৰৰ কথা । অতিথিৰ জাতি কুলৰ ঠিক নাই , স্বভাৱ চৰিত্ৰৰ বিষয়ে আমি একো নাজানো , এনে থলত যদি আমি তোমাক সেই অলহিলৈ বিয়া দিওঁ তেন্তেনো লোকে আমাক কি বুলিব ? এতেকে তুমি তেনে কথা নকবা ।” কিন্তু জীয়েকে মাকৰ বুজনি নুশুনিলে । জীয়েকৰ কথাত বিবুদ্ধি হৈ ৰজাৰ আগত সেই কথা কলেহি । ৰজায়ো মনত বেয়া পাই , জীয়েকক মতাই নি কত বুজাবলৈ ধৰিলে , কিন্তু জীয়েকে সেই বুজনিও নমানত পৰিল । অন্তত ৰজাই ৰাণীয়ে একো উপায় নাপাই অলহিলৈকে জীয়েকক বিয়া দিবলৈ সন্মত হৈ জীয়েকক কলে , “আই অ’ যি থাকে কপালত , তোৰ কথামতে আলহীৰ লগতে তোক বিয়া দিম , আজি ৰাতি শুই থাকগৈ ।” এইবিলাক গোলমালৰ পিছত তিনিওজনাই নিজ নিজ ঠাইত শুলেগৈ , কিন্তু ৰাতি এজনৰো টোপনি নাহিল । তিনিউজনাই এইবিলাক কথা ভাবি চিন্তি থাকোতেই ৰাতি পোৱা । ৰাতিপুৱা সকলো নিজ নিজ শোৱাপাটি এৰি উঠি আহিল । আলহীযোৰা ৰাতিপুৱা কোনোবাফালে গুচি যায় বুলি সিহঁতক ৰাখিবৰ নিমিত্তে ৰজাই বান্দী এজনীক মাতি আনি কলে , “আজি ৰাতি আমাৰ আলহী দুজনৰ কোনজনে ৰাগ দিছিল সেইজনক মাতি আন ।” ৰজাৰ আদেশ শুনি বান্দীজনী আলহী থকা ঘৰলৈ গল । সিফালে মন্ত্ৰীৰ লৰাই শোৱাপাটি এৰি উঠি আহিছে , ৰজাৰ লৰা উঠাই নাই । এনেতে বান্দীজনীয়ে মন্ত্ৰীৰ লৰাক সুধিলে , “আজি ৰাতি কোনজনে ৰাগ দিছিলা ? ৰজাই মোক তেওঁক নিবলৈ কৈছে , সোনকালে ওলোৱা ।” মন্ত্ৰীৰ লৰাই ভাবিলে ৰজাই যদি ৰাগ দিয়া বাবে কিবা বেবেৰিবাং লগাই জগতহে পৰিব পাৰে , এতেকে পাৰো যদি মই নিজৰ গাতে দায় লৈ কৈ মেলি সাৰি আহোঁ আৰু নোৱাৰো যদি তেওঁৰ হকে ময়েই বিপদত পাৰোঁ , তেৱেঁই ভালে কুশলে থাকি ৰাজ্যলৈ উভতি যাওক । ইয়াকে ভাবি , ৰাগ দিয়া মানুহজন ময়ে বুলি গাত লৈ মন্ত্ৰীৰ লৰা বান্দীজনীৰ লগত জৰাৰ ঘৰৰ ভিতৰলৈ গল । মন্ত্ৰীৰ লৰাক ৰজাৰ আগত সোধাই দিয়া হলত ৰজাই তেওঁক সুবিলে , “আজি ৰাতি তুমি ৰাগ দিছিলা নে ?” মন্ত্ৰীৰ লৰাই উত্তৰ দিলে , “হয় স্বৰ্গদেউ ।” উত্তৰ শুনি ৰজাই এডোখৰ ভাল ঠাই দেখুৱাই কলে , “তুমি মোৰ দোচোৰা আদেশ নুশুনালৈকে এই ঠাইতে বহি থাকা ।” মন্ত্ৰীৰ লৰায়ো ঈশ্বৰক চিন্তি ৰজাই দেখুওৱা ঠাইখিনিতে বহি থাকিল।

ইফালে ৰজাৰ টোপনিৰ পৰা সাৰ পাই দেখে যে , তেওঁৰ সখীয়েক ওচৰত নাই । সখীয়েকক নেদেখি তেওঁ বিচুৰ্তি হল । নানাৰকম শোক , দুখ ভাবনাই তেওঁৰ মন খলক লগালে । ৰজাৰ লৰাই ভাবিবলৈ ধৰিলে , আজি ইমান দিন সখীৰ ওপৰত নিৰ্ভৰ কৰিয়েই মই মহা সুখে কটালোঁ ;  এতিয়া সখীয়ে মোক এনে বিপদত পেলাইনো মোক এৰি কলৈ গল ? আৰু মইনো এতিয়া অকলে কলৈ যাওঁ , কত থাকোঁ ? ঈশ্বৰেনো মোক পিবদত পেলাবলৈহে এই বিদেশলৈ লৈ আহিছিল নেকি ? এইবিলাক কথা ভাবি চিন্তি তেওঁ ৰজাৰ ঘৰৰপৰা বাহিৰ ওলাল আৰু গোটেই নগৰতে সখীয়েকক বিচাৰি ফুৰিবলৈ ধৰিলে । দিনৰ দিনটো ভাত পানী এৰি ৰজাৰ লৰাই সখীয়েকক বিচাৰি কতো নেপাই শেহত গধূলি বেলিকা সেই ৰজাৰ নগৰৰে এজন সাউদৰ ঘৰত ইলালগৈ । সাউদে গধূলি পৰত তেওঁক অহা দেখি কৰপৰা আহিছে সুধিলে । ৰজাৰ লৰাই “মই অকলশৰীয়া মানুহ , মোৰ ঘৰ দুৱাৰৰ ঠিক নাই , যতে পাওঁ ততে থাকোঁ ” – বুলি মিছাকৈয়ে চিনাকি দিলে । তেতিয়া সাউদে সুধিলে , “যদি তোমাৰ ঘৰ দুৱাৰ ঠিক নাই , তেনেহলে ময়ে ৰাখোঁ , মোৰ ইয়াতে থাকা ।” ৰজাৰ লৰায়ো “ৰাখিলে থাকিবও পাৰোঁ– বুলি কলে । তেতিয়া সাউদে কলে , “তুমি থাকোঁ বুলিছা হয় কিন্তু মই ভাল বন্দবস্ত নকৰাকৈ মানুহ নাৰাখোঁ ।” সাউদৰ কথা শুনি ৰজাৰ লৰাই কলে , “বাৰু কি বনৱস্ত কৰে কৰক ।” সাউদে পিছত নথকা হলে মই তাৰ নাকে কাণ লোৰ শলা মাৰি আমাৰ ৰজাঘৰৰ পোতাশালত তাক পেলাই থওঁ । যেয়ে ইয়ালৈ আগবাঢ়িব পাৰে মই তাকহে ৰাখোঁ আৰু সেইটো গাত নললে মই তাক নাৰাখোঁ ।” ৰজাৰ লৰায়ো আগ পাঁছ নুগুণী তাতে সন্মত হল আৰু সেইদিনা খাই বৈ ৰজাৰ লৰা সেই সাউদৰ ঘৰতে থাকিল ।

Read Also: কথাবাহী বুঢ়া সাধু | Kothabahi Burha Hadhu Kotha

ইফালে ৰজাই লৰালৰিকৈ বিয়াৰ কাৰবাৰৰ নিমিত্তে মানুহ লগাই দিলে । মন্ত্ৰীৰ লৰাই জগৰৰ ভয়ত ঈশ্বৰক সুমৰি বহি আছে । গধূলি হলত নিয়মমতে ৰজাই জীয়েকক মন্ত্ৰীৰ লৰাৰ লগত বিয়া দিলে আৰু জীয়েক জোঁৱায়েক থাকিবলৈ ৰজাৰ ঘৰৰপৰা অলপ দূৰত এটি ঘৰ দিলে । তেওঁলোকেও তাতে থাকি সুখেৰে দিন কটাবলৈ ধৰিলে ।

ইফালে ৰাতি পোৱালত সাউদে তেওঁৰ আন আন চাকৰবোৰৰ লগত ৰজাৰ লৰকো বন কৰিবলৈ পঠাই দিলে । ৰজাৰ লৰাই সৰুৰেপৰা পৰৰ ওপৰত খাই বৈ আছিল , তেওঁৰ সুখীয়া দেহা , কি বন কৰিব ? আকৌ বন কৰিব নোৱাৰিলে সাউদৰ গালি শপনিও খাব লাগে । বন কৰিব নোৱাৰোঁ বুলিলেও সাউদে নেৰে । গতিকে তেওঁ নিৰূপায় অৱস্থাত পৰি কোনোমতে চাৰি দিনমান দিখে কষ্টে কটালে । পিছত আৰু দেহেৰে নটা হলত এদিন গধূলি তেওঁ সাউদক কলে , “দেউতা মই আৰু আপোনাৰ ঘৰত থাকিব নোৱাৰোঁ  , মোৰ আগৰপৰা বন কৰা অভ্যাস নাছিল । অনুগ্ৰহ কৰি মোক কালিৰপৰা বিদায় দিয়ক ।” এই কথা শুনি সাউদে খঙতে জ্বলি উঠি কলে , “মই আগেয়ে তোৰ আগত কৈছোঁ , যি মানুহে আগেয়ে মোৰ ঘৰত থাকোঁ বুলি শেহত নথকা হয় , মই তাৰ নাকে কাণে লোৰ শলা মাৰি আমাৰ ৰজাৰ পোতাশালত থওঁ । এতিয়া তয়ো তাৰ ভাগ পাবি ।” ৰজাৰ লৰাই কলে , “মোক দোছোৱা কৰি কটিলেও মই আৰু বন কৰিব নোৱাৰোঁ ।” সাউদে কলে , “বাৰু তেন্তে !” – এইবুলি সেই ৰাতিটো গলত , পাছদিনা ৰাতিপুৱা সাউদে ৰজাৰ লৰাক লগত লৈ ৰজাৰ ঘৰলৈ গল ; আদি অন্ত সকলোখিনি কৈ দিয়াত সিহঁতৰ বন্দৱস্ত মতে ৰজাই ৰজাৰ লৰাক নাকে কাণে লোৰ শলা মৰাই পোতাশালত থৈ দিয়ালে । সাউদ ঘৰলৈ গুচি আহিলে । ৰজাৰ লৰাই অসহ্য যন্ত্ৰণা ভোগ কৰি দিন কটাবলৈ ধৰিলে । কেইদিনমানৰ মূৰত এদিন ৰজাৰ লৰাই ৰাতি শুই নিজৰ সুখ দুখৰ কথাবিলাক মনত ভাবি থাকোঁতে , তেওঁৰ মনত কিবা এটা ভাব ওলাই পূৰ্বৰ নিচিনা সুললিত মাতেৰে ৰাগ দিলে । সেই ৰাগটি আকৌ ৰজাৰ জীয়েকৰ কাণত পৰিলগৈ । ৰজাৰ জীয়েকে এই ৰাগ শুনি মনে মনে ভাবিবলৈ ধৰিলে “মোৰ কি দুৰ্কপাল ! মই যি ৰাগত মোহ গৈ পিতৃ মাতৃৰ বিৰোধী হৈ আলহীৰ লগত বিয়া সোমালোঁ এতিয়া দেখোঁ সেই ৰোগটো আকৌ পোতাশালৰ ফালেহে শুনিবলৈ পাওঁ । ঈশ্বৰে নো মোক কি ছল কৰিলে ।” এইবিলাক কথা ভাবি চিন্তি তেওঁ একো ঠিক কৰিব নোৱাৰি শেহত ইয়াৰ ভালকৈ ওৰ লবৰ নিমিত্তে তেওঁৰ গিৰিয়েকক সুধিলে – “আপোনাৰ লগত যে পিতাই মোক বিয়া দিলে মই ইয়াৰ কাৰণ একো বুজিব নোৱাৰিলোঁ । আপুনি দেখোঁ আমাৰ অচিনাকি মানুহ ; পিছে পিতাই বা মোক আপোনাৰ সতে কিয় বিয়া দিলে , আপুনিয়েই বা মোক কেনেকৈ বিয়া কৰাবলৈ পালে , মোৰ আগত এই কথাৰ আঁতি গুৰি আজি ভাঙি কওকচোন ।”

তেতিয়া মন্ত্ৰীৰ লৰাই কলে , “যিদিনাখন ৰাতি আমি তোমালোকৰ ঘৰত আলহী হৈ আছিলোঁ , সেইদিনা ৰাতি মই এটা ৰাগ দিছিলোঁ । ৰাতিপুৱা উঠি দেখোঁ তোমালোকৰ বান্দী এজনীয়ে ৰাতি ৰাগ দিয়া মানুহজন বিচাৰি আহিছে । মই তাইৰ আগত সৈ কঢ়াত মোক তাই নি ৰজাৰ আগত ভেঁটাই দিলে । তাৰ পিছত ৰজাই তোমাক মোৰ লগত বিয়া দিলে । মই এইখিনিকে মাথোন জানো ।” 

তেতিয়া ৰজাৰ জীয়েকে কলে , “তেনেহলে তুমি মোক ছল কৰিহে বিয়া কৰালা !” মন্ত্ৰীৰ লৰাই সুধিলে , “মই তোমাক কি ছল কৰিলোঁ ?” ৰজাৰ জীয়েকে কলে , “আমি সেইদিনা যিজন মানুহৰ ৰাগ শুনিছিলোঁ , সেই মানুহজনৰ ৰাগ দেখোন আজি আকৌ পোতাশালৰ ফালেহে শুনিবলৈ পালোঁ । সিদিনাখনৰ ৰাগৰে সৈতে দেখোন আপোনাৰ মাত নিমিলে ?”

মন্ত্ৰীৰ লৰাই কোনো ৰকমে ৰজাৰ জীয়েকৰ কথাত সাৰিব নোৱাৰি শেহত সকলো কথা সৈ কাঢ়ি তেওঁক ভাঙি কলে । সেই কথা শুনি ৰজাৰ জীয়েকৰ মনত বৰ অসন্তোষ লাগিল । মন্ত্ৰীৰ লৰাই ৰজাৰ জীয়েকৰ অসন্তোষ দেখি তেওঁক অসন্তোষ কৰিবলৈ হাক দিলে আৰু তেওঁৰ সকলো দুখ বেজাৰ গুচাব বুলি প্ৰতিজ্ঞা কৰিলে । 

পাছদিনা ৰাতিপূৱালতে মন্ত্ৰীৰ লৰাই শোৱা পাটিৰপৰা উঠি হাত মুখ ধুই পোতাশালত ৰাগ দিয়া মানুহজননো তেওঁৰ সখীয়েক হয় নে নহয় চাবলৈ গল । গৈ দেখে যে সেইজন তেওঁৰ সখীয়েকজনেই হয় । মন্ত্ৰীৰ পুতেকে তাৰপৰা উভতি আহি বাহিৰে বাহিৰে শহুৰেকৰ ওচৰলৈ গল আৰু শহুৰেকক নমস্কাৰ কৰি তেওঁক এটা লগুৱা লাগে বুলি কলে । ৰজাই জোঁৱায়েকৰ কথা শুনি , কোনটো মানুহ তোমাক লাগে নিয়া ” – বুলি কলে । তেতিয়া ৰজাই পোতাশালৰ গৰাকীজনক মতাই আনি জোঁৱায়েকক লগত দি কলে , “এওঁ যিজন বন্দী আনিব খোজে সেইজনকে মোকোলাই দিবা ।” ৰজাৰ আদেশমতে পোতাশাললৈ গৈ মন্ত্ৰীৰ লৰাই সখীয়েকক পোতাশালৰ পৰা মোকলাই ঘৰলৈ লৈ আহিল ।

ঘৰ পাই ৰজাৰ লৰাৰ মুখৰ পৰা তেওঁলোকে তেওঁৰ দুখৰ কথা শুনি তিনিওজনে কান্দিবলৈ ধৰিলে । তাৰ পিছত তেওঁলোকৰ কতস বতৰা শেষ কৰি ৰজাৰ জীয়েকে ভাত পানীৰ দিহা কৰিলে আৰু তিনিওজনে খাই বৈ উঠিল । 

এতিয়া মন্ত্ৰীৰ লৰাই ৰজাৰ পুতেকৰ লগত ৰজাৰ জীয়েকৰ তিৰী মুনিহৰ সম্বন্ধ লগাই দি সখীয়েকৰ শত্ৰু সাউদক এশেকা দি সখীয়েকৰ প্ৰতিশোধ লবলৈ তেওঁলোকৰ ওচৰত বিদায় লৈ ওলাই গল ।

যিজন সাউদে ৰজাৰ লৰাক দুৰ্গতি কৰি পোতাশালত থৈছিল সেই সাউদৰ ঘৰতে মন্ত্ৰীৰ লৰাও গধূলি বেলিকা উলালগৈ । সাউদে তেওঁক দেখা পাই অহাৰ কাৰণ সুধিলে । মন্ত্ৰীৰ লৰায়ো “ফুৰি ফুৰি গধূলি হোৱাত আলহী চাপিলোঁ” – বুলি কলে । তাৰ পিছত সাউদে তেওঁৰ আঁতি গুৰি সোধাত চতুৰ মন্ত্ৰীৰ লৰাই লাহেকৈ কলে , “সৰু কালতে মোৰ আই বোপাই মৰিল । যেতিয়া মোৰ আই মৰে , তেতিয়া মই পিয়াহ খোৱা । মোৰ আই মৰাত মোক ডাঙৰ কৰিবলৈ কোনো নোহোৱাত আমাৰ গাঁৱৰ এঘৰ মানুহে মোক প্ৰতিপাল কৰিবলৈ নিছিল । মই পিয়াহ খোৱা , তেওঁলোকে মোক কৰপৰা পিয়াহ দিব ? পিয়াহঁৰ সলনি তেওঁলোকে মোক ভাতকে দিবলৈ ধৰিলে । তাতে মোৰ দুদ মৰকীয়া লাগি মই ভাত সৰহকৈ খাবলৈ ধৰাত মোৰ পেটটো টেকেলিৰ দৰে ওলাল । সেইখিনি মানুহে মোক পেট – ভাতু বুলি মাতিবলৈ ধৰিলে । আজি পৰ্যন্ত মোৰ সেই নামেই থাকিল । মই এতিয়া ডাঙৰ হোৱাত মোক প্ৰতিপাল কৰা মানুহঘৰে সৈতে মোৰ দ্বন্দ্ব হাই লাগিবলৈ ধৰিলে । তাতে তেওঁলোকে আমনি পাই মোক মাৰি কিলাই খেদি দিলে । ময়ো মনৰ বেজাৰত দেশ চাওঁ বুলি গুচি আহিলোঁ । আজি আপোনাৰ ইয়াতে ঈশ্বৰে ঠেকালে । মই এইদৰে ফুৰি থাকিম বুলিয়েই মনত ভাবিছোঁ আৰু সুবিধা পালে কোনোৱাই ৰাখিলে থাকিবও পাৰোঁ ।”

থকাৰ কথা শুনি সাউদে মাত লগালে , “বোপাই , থাক যদি ময়ে ৰাখিব পাৰোঁ ।” পেট – ভাতুৱে উত্তৰ দিলে , “ভাল যতে ততে চুচৰি বাগৰি ফুৰাতকৈ একেঘৰতে থাকিব পাৰিলে ময়ো বৰ্তো ।” সাউদে কলে , “বোপাই , থাকোঁ বুলি কৈছ হয় , কিন্তু এটা কথা – যি মানুহ আগেয়ে মোৰ ইয়াত থাকোঁ বুলি শেহত নথকা হয় , মই তাৰ নাকে কাণে লোৰ শলা মাৰি আমাৰ ৰজাঘৰৰ পোতাশালত থওঁ ।” পেট – ভাতুৱে কলে , “মোৰো তেনে এটা দস্তুৰ আছে ; অৰ্থাৎ যি মানুহে মোকো ৰাখোঁ বুলি শেহত নৰখা হয় , তেওঁকো নাকে কাণে লোৰ শলা মাৰি যেন ৰজাৰ পোতাশালত থব পাৰোঁ তেনেকুৱা এটা বন্দৱস্ত লগাইহে থাকোঁ । ” এইদৰে কোৱামেলা কৰি সেই ৰাতিয়েই দুয়ো বন্দৱস্ত কৰি ৰখা আৰু থকাৰ ঠিক কৰিলে । 

পাছদিনা ৰাতিপুৱা সকলো মানুহ উঠিল । সাউদে আন আন চাকৰৰ লগত পেট – ভাতুকো বন কৰাবলৈ লৈ গল । পেট – ভাতুৱে ইমান উৎসাহেৰে বন কৰিবলৈ ধৰিলে যে , সাউদৰ আন চাকৰবিলাকে তাক কোনো বনতে বলে নোৱাৰা হল । চাকৰবিলাকক গৰাকীয়ে বন পাচিলেহে কৰে , কিন্তু পেট – ভাতুৰ হলে সেইটো নহয় , গৰাকীয়ে নাপাচিলেও সি নিজৰ দিহামতে কামবোৰ কৰিবলৈ ধৰিলে । তাৰ বন দেখি সাউদৰ মনত বৰ ৰং লাগিল । শেহত সাউদে তাক আন চাকৰবিলাকৰ ওপৰত মুখিয়াল পাতি দিলে । পেট – ভাতুৱে আৰু দুগুণ উছাহেৰে কাম কৰিবলৈ ধৰিলে । সি চাকৰহঁতক যে থান থিত নিদিয়েই নিজেও বন কৰাত আগতকৈও বেছিকৈ কোৱাল হল । তাৰ বন আৰু উছাহ দেখি সাউদৰ পেট – ভাতুহে পেট – ভাতু হল । গোটেইখন ঘৰ সাউদে পেট – ভাতুক সপি দলে । সাউদে নিজে কিবা কৰিব লাগিলও পেট – ভাতুক নোসোধাকৈ নকৰাত পৰিল । আনকি পেট – ভাতুৱে সাউদৰ ঘৈণীয়েকক ভাত ৰান্ধিবলৈ শিকাবও লগাত পৰিল । যিদিনা ভাত ৰান্ধোতে পেট – ভাতু নাথাকে সেইদিনা সাউদৰ ভাত আঞ্জাৰ জুতিয়েই নালাগে । 

এইদৰে কেইদিনমান আছে , এদিন সাউদে পেট – ভাতুক ওচৰলৈ মাতি নি কলে , “বোপা , মই কাইলৈ বেপাৰলৈ যাম ; তুমি ঘৰখন ভালকৈ চাবা । বিশেষকৈ বাৰীখন চিকুণাই ৰাখিবা , যেন তাত ফু মাৰি ভাত খাব পৰা হয় । মই ঘূৰি আহি কোৱা কথাৰ লৰচৰ দেখিব নালাগে ।” পেট – ভাতুৱে সাউদৰ কথা শুনি “ভাল দেউতা” বুলি শলাগি থলে ।

পাছদিনা ৰাতিপূৱালতে সাউদ নাৱত উঠি বেপাৰলৈ গল । ই ফালে পেট – ভাতুৱে বাৰী চিকোনোৱা কামত ধুমধাম লগালে । চাকৰ লগাই দি বাৰীত যি শইচ সাৰ আছিল সকলোবোৰ কটাই নৈত উটাই দিবলৈ ধৰিলে । ঘৰৰ মানুহে সেইবাবে তাক কিবা কলে সিহে আকৌ সিহঁতক ডাবি দি উঠে । পেট – ভাতু আগৰেপৰাই সাউদৰ বিশ্বাসী চাকৰ , কিজানি সাউদে তাক সেইদৰেই কৰাবলৈ কৈ গৈছে , এইবুলি ঘৰৰ আন মানুহেও তাক হাক দিবলৈ সাহ কৰিব নোৱাৰে । সিফালে পেট – ভাতুৱে বাৰীত যি জাবৰ জোঁথৰ আছিল সেইবিলাক আঁতৰ কৰাই মছাই সৰাই একেবাৰে সাউদে কোৱাতকৈ ওপৰ কৰি ফু মাৰি ভাত খাব পৰা কৰি থলে ।

এনেতে সিফালৰ পৰা সাউদো বেপাৰ কৰি উভতি আহিল । আহোঁতে , নৈত উটাই দিয়া আম কঁঠাল আদিৰ গছবিলাক সাউদে নৈত জাঁজি হৈ থকা লগ পাবলৈ ধৰিলে । সেইবিলাক দেখি সাউদৰ মনত এটা অসন্তোষৰ ভাব আহি সোমাল । তেওঁ ভাবিলে , মই আহোঁতে বাৰীখন চিকুণাই থবৰ নিমিত্তে পেট – ভাতুৰ আগত কৈ আহিছিলোঁ ; কিজানি সিয়ে মোৰ মনৰ ভাব নুবুজি অন্য ৰকম কাম কৰিলে ? ইত্যাদি ভাবি চিন্তি আহোঁতে সাউদে নিজৰ ঘাট পালেহি । ঘাট পায়েই সাউদে নাৱৰপৰা নামি অইন ফালে চকু নিদিয়াকৈয়ে বাৰীৰ ফালে লৰ ধৰিলে । বাৰী পাই তেওঁ দেখিলে যে পেট – ভাতুৱে মানুহ লগাই বাৰীখন মছাব সৰাবই লাগিছে । সাউদে দেখিয়েই মূৰে কপালে হাত দি বহিল । বহুত পৰ সাউদে তলমূৰ কৰি থাকি পেট – ভাতুক সুধিলে , “হেৰ ! তই দেখোন একেবাৰে মোৰ সৰ্বনাশ কৰিলি অ’ ?” পেট – ভাতুৱে উত্তৰ দিলে “দেউতা , বন্দীয়ে আপুনি কোৱাৰ উপৰ হবলৈহে প্ৰাণপণে যত্ন কৰিছোঁ ।” সাউদে আৰু একো উত্তৰ নিদি ঘৰলৈ আহি মনৰ বেজাৰত কাকো নমতা – নোবোলাকৈ শোৱাপাটিত পৰি থাকিল । পাছদিনা ৰাতিপুৱা পেট – ভাতুৱে তাৰ তলৰ বনুৱাবিলাকক ভাগে ভাগে বিনলৈ পাচি দিলে । নিজে ঘৰত থাকি সাউদৰ ঘৈণীয়েকক কলে , “আই , দেউতা অনেক দিনৰ মূৰত আহি ঘৰ পাইছেহি । কালি গধূলি কিবা গা মূৰৰ অসুখতে নেকি , দেখোন ভাত খোৱাও দেখা নাপালোঁ । এতিয়া আজি নো দেউতাক কিহেৰে ভাত খুৱাব খুজিছে বা ? এই খাহীটোকে মাৰো ।” – এইবুলি কৈ সি উত্তৰ লৈ বাট নেচাই খাহীটো একে কোবেই মাৰি পেলালে । সাউদে ইয়াতো তাক একো বুলিবলৈ বাট বিচাৰি নাপালে । তাৰ পাছত পেট – ভাতুৱেও সাউদলৈ ৰন্ধা ভাত আঞ্জাৰ জুতি দেখুৱাবলৈ ৰান্ধনীৰ পাছে পাছে ধুম ধূপালকৈ লৰিবলৈ ধৰিলে ।

সাউদনীয়ে পেট – ভাতুৰ দিহামতে ভাত আঞ্জা ৰান্ধি শেষ কৰিলে । তাৰ পিছত সি সাউদনীক মঙহ ভাজিবলৈ চৰুত তেল বহাবলৈ দিলে আৰু চৰুত তেল বহোৱাৰ পিছত , সোনকালে তেল পকী উঠিবলৈ চৰুৰ তলত ডাঙৰকৈ জুই দিবলৈ কলে । সাউদনীয়ে পেট – ভাতুৰ কথামতে কাম কৰিলে । তেতিয়া তেল পকী জুই উঠিবলগীয়া হল , সাউদনীয়ে সুধিলে , “পেট – ভাতু , এতিয়া মঙহ বনাই দিওঁ ?”  পেট – ভাতুৱে কলে , “ৰ’বা আই ব’ৰা , তেল ভালকৈ পকা নাই ।” এইদৰে দুয়ো চাই আছে । পেট – ভাতুৱে যেতিয়া দেখিলে জুই নুঠিবৰ আৰু কোনো কাৰণ নাই , তেতিয়া সাউদনীক কলে , “আই এতিয়া মঙহ বহাই দিয়া ।” তাৰ কথামতে সাউদনীয়ে মঙহ বহাই দিয়াত ভমক কৰি জুই উঠি ৰান্ধনী ঘৰৰ চালত লাগিলগৈ । ৰান্ধনী ওলাই লৰ মাৰিলে । এক মুহুৰ্তৰ ভিতৰতে জুইয়ে আটাইবোৰ ঘৰ আগুৰি পেলালে । সাউদৰ আৰু তেওঁৰ ঘৰৰ মানুহবিলাকৰ চিঞৰ বাখৰ লাগি পৰিল । মানুহবিলাকৰ কোনোৱে জুই নুমাবলৈ চেষ্টা কৰিবলৈ ধৰিলে , কোনোৱে বস্তু ৱেহানি উলিওৱাত লাগিল । সাউদ বেবুৱা লাগি ইফালে সিফালে লৰি ফুৰিবলৈ ধৰিলে । সাউদে মনৰ বেজাৰত কলে “এই নষ্ট যোৱাৰণো আজি কি হয় ? ই কিয় এনেকৈ মোৰ পাছে পাছে লৰি ফুৰিছে ? ইয়াক নো কোনেও কোৱাই মাৰিব নোৱাৰে নে ? সাউদৰ কথা শুনি পেট – ভাতুৱে টপৰ কৰে মাত লগালে , “মই হেন বন্দী থাকোতে দেউতাব এনে দুখ হব লাগিছেনে ! মই তেনেহলে কেলেই বা দেউতাৰ ঘৰত আছোঁ !” এই বুলিয়েই সি টাঙোন এডাল আনি লৰাটো কোৱাই মাৰিলে । পেট – ভাতুৱে এইদৰে সাউদৰ কৰিবলগীয়া সকলোখিনি কৰিলে । পেট – ভাতুক আৰু ৰখা হলে আগলৈকে সি এনেকুৱা অনিষ্টহে কৰি থাকিব , এই ভাবি সাউদে পেট – ভাতুক বিদায় দিলে ।

পেট – ভাতুৱে তেওঁলোকৰ বন্ধৱস্তমতে ৰজাৰ আগত গোচৰ দিলেগৈ । ৰজাই সাউদক ধৰাই নি সুধাত সাউদে পেট ভাতুৰ অত্যাচাৰৰ কথাবিলাক বৰ্ণনা ৰজাৰ আগত কলে । পেট – ভাতুৱে কলে , “স্বৰ্গদেউ , তেওঁৰ কোৱা কথাৰ বাহিৰে চুলি এডলাৰ ইফাল সিফাল মই কৰা নাই । তেওঁ বেপাৰলৈ যাওঁতে মোক বাৰীখন ফু মাৰি ভাত খাব পৰা কৰি থব দিছিল ; ময়ো তাকে কৰিছোঁ । ঘৈণীয়েকক মই ভাত ৰান্ধিবলৈ শিকাব লাগে ; আঞ্জাত লোণ খাৰ দিবলৈ দেখুৱাবলৈ গৈছিলোঁ । ঘৈণীয়েকে তেল মাৰোঁতে ঘৰত জুই লগাই দিলে , মই কি কৰিম ? তেওঁ তেওঁৰ লৰাটো মাৰিবলৈ কোনো নাই বুলি দুখ কৰাত , চাকৰ থাকোঁতে গৰাকীৰ এনে দুখ হোৱা দেখি মই বেয়া পায় লৰাটি মাৰি দিলোঁ । স্বৰ্গদেৱে এতিয়া বিবেচনা কৰি চাই দোষীক দণ্ড কৰক ” – এইবুলি পেট – ভাতুৱে কলে । ৰজাই বিচাৰ কৰি চাই পেট – ভাতুক নিৰ্দোষী পালে । কবুলত হৰা দোষত ৰজাই সাউদৰ নাকে কাণে লোৰ শলা মৰাই সাউদক পোতাশালত থবলৈ আদেশ দিলে ।

তেতিয়া মন্ত্ৰীৰ লৰাই আনন্দ মনেৰে সখীয়েকৰ ঘৰলৈ আহি সকলো কথা সখীয়েকৰ আগত কলে । সাউদৰ অৱস্থাৰ কথা শুনি সখীয়েকৰ আৰু ঘৈণীয়েকৰ আনন্দৰ সীমা নাইকিয়া হৈ পৰিল । এতিয়া তিনিওজনে গৈ ৰজাৰ ওচৰত নিজ নিজ চিনাকি দিলে আৰু নিজ ৰাজ্য লৈ যাবৰ নিমিত্তে অনুমতি প্ৰাৰ্থনা কৰিলে । 

ৰজাই সকলো কথা জানিব পাই সন্তোষ পালে । তাৰ পিছত ৰাণী আৰু প্ৰজাবিলাকে এই শুভ বাতৰি পাই ৰঙত তোলপাৰ লগাই দিলে । ৰজাই আৰু ৰাণীয়ে জোঁৱায়েকক খুৱাই বুৱাই অনেক ঐশ্বৰ্য বিভূতি দি পঠিয়াই দিলে । তেওঁলোকেও আনন্দ মনেৰে নিজ ৰাজ্যলৈ গুচি আহিল ।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। পেট – ভাতুৰ কথা এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। পেট – ভাতুৰ কথা এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। পেট – ভাতুৰ কথা এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply