সাধুকথা: পানেশৈ | Panekhoi Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: পানেশৈ, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: পানেশৈ, শিশুৰ বাবে কাহিনী
এখন গাঁৱত এজনী বুঢ়ী আছিল। তাইৰ এটা মৰমৰ ল’ৰা আছিল৷ ল’ৰাটোৱে এদিন পাণনি চুৰুকি থাকোঁতে হঠাৎ হাঁহকণী এটা পাই মাকর দিলেগৈ। মাকে কণীটো ধোঁৱাচাঙত ওপৰত তুলি থ’লে। কৰ্ণীটো ফুটি তাৰ পৰা এজনী দিবা ছোৱালী হৈ মনে মনে ধোঁৱাচাঙতে লুকাই থাকিল। বুঢ়ী ফুৰিবলৈ গ’লে ছোৱালীজনীয়ে সদায় চাঙৰ পৰা নামি আহি বুঢ়ীৰ ঘৰৰ পঁইতা ভাত খাই তপত এগাল ৰান্ধি থৈ মনে মনে চাঙৰ ওপৰত উঠি থাকেগৈ। এদিন বুঢ়ীৰ মনত গাজিলে– মই চৰুত পঁইতা ভাত থৈ যাওঁ কোনেনো দিনৌ পঁইতা যাই তপতগাল ৰান্ধি থৈ যায়হি বুঢ়ীয়ে এদিন বুধি পাতি ওচৰ-চুবুৰীয়াক ডাঙৰ ডাঙৰকৈ ক’লে– “আজি মই দূৰলৈ ফুৰিবলৈ যাম। তহঁতে মোৰ ঘৰ চাবি দেই।” এইবুলি বুঢ়ীয়ে কৈ দুৱাৰৰ চুকত লুকাই থাকিল। আনদিনাৰ দৰে ছোৱালীজনীয়ে বুঢ়ী ওলাই গ’ল ভাবি নামি আহি পঁইতাগাল খাই তপত এগাল ৰান্ধি থৈ, বেৰেদি চাঙলৈ উঠি যাওঁতেই বুঢ়ীয়ে খপ্কৰে ছোৱালীজনীৰ ভৰিত ধৰিলে। বুঢ়ীয়ে তেতিয়া “তই ক’ৰ ছোৱালী? ইয়াত তই কেলৈ আছ?” বুলি। সোধাত তাই আঁতি-গুৰি সোপাকে ভাঙি বুঢ়ীক কৈ দিলে। সেইদিনাখনৰ পৰা তাই বুঢ়ীৰ ঘৰত দেখা-শুনাকৈ থাকিল আৰু তাইৰ নাম পানেশৈ দিলে। অইন মানুহে এইজনী ক’ৰ ছোৱালী বুলি সুধিলে বুঢ়ীয়ে “মোৰ জী” বুলি কয়।
বুঢ়ীৰ পুতেক লাহে লাহে ডেকা হৈ উঠিল। পানেশৈকে তাৰ বিয়া কৰাবৰ মন গ’ল। কিন্তু লাজত সি মাকক একো ক’ব নোৱাৰি ৰোহঘৰৰ ভিতৰত ওখ চাঙত উঠি শুই থাকিলগৈ। ইপিনে মাকে পুতেকক বিচাৰি গোটেইখন খলক লগালে, পুতেক নাই। পাছে বুঢ়ীয়ে ৰোহঘৰ সাৰিবলৈ যাওঁতে চাঙৰ তলত তামোলৰ চোৱা এখন পৰি থকা দেখি ওপৰলৈ চাই পুতেকক দেখি মাতলে– “বোপাই, নামি আহ, তোক মই যিহকে লাগে তাকে দিম।” এতিয়া পুতেকে মাকক ক’লে যে তাৰ পানেশৈক বিয়া কৰাবৰ মন গৈছে। বুঢ়ীয়ে এৰাব নোৱাৰি মাস্তি হৈ পানেশৈয়ে গম নোপোৱাকৈ তলে তলে বিয়াৰ দিন ঠিক কৰিলে। বিয়াৰ দিনা নৈৰ ঘাটত মাহ-হালধি বাঢ়ি আহি পানেশৈক “আই মোক মাহ দুটামান দিয়া” বুলি খুজি বুঢ়ী এজনী তাইৰ ওচৰতে বহিলহি। পানেশৈয়ে “যা ক’ৰ বুঢ়ী। মই ককাইৰ বিয়ালৈ মাহ-হালধি বাটিছোঁ, তোক কেনেকৈ দিম?” এইবুলি ক’লে। বুঢ়ীয়ে “বাৰু আই ভাল, ককায়েৰৰ বিয়ালৈ মাহ-হালধি ব্যটি ছোৱালী কোন ক’ব পাৰ নে?” এইবুলি সুধিলে। পানেশৈয়ে “নোৱাৰোঁ ক’ব বাই, কোননো কচোন ?” বুলি বুঢ়ীক সোধাত বুঢ়ীয়ে ক’লে– “ছোৱালী কোন হ’ব আই, তোৰে লগত বিয়া পাতিছে।“ পানেশৈয়ে কথাটো শুনি ভয় খাই বুঢ়ী “বাই মইনো এতিয়া কি কৰিম কচোন ?” বুলি সোধাত বুঢ়ীয়ে ক’লে– “তই ইকৰাৰ নাও এখন আৰু ইকৰাৰ বঠা এপাত লৈ তহঁতৰ ঘৰৰ পিছত থকা হৰ পুখুৰীতে খেলাই থাকগৈ। তোক মাতিলে কেতিয়াও নাহিবি। ৰাতি হ’লে পুখুৰীৰ পাৰতে থকা চেৱা গছৰ মূঢ়াতে সোমাই থাকিবি।” বুলি বুধি দি গুচি গ’ল। পানেশৈয়ে ঘৰলৈ আহি ইকৰাৰ নাও আৰু ইকৰাৰ বঠা এখন লৈ পুখুৰীত খেলাই থাকিবলৈ ধৰিলে৷ মাকে মাতেহে মাতে পানেশৈ নাহে। পানেশৈ নহা দেখি মাকে বিনাই বিনাই মাতিলে–
“পানেশৈ, পানেশৈ, মোৰ আই পানেশৈ
মোৰ ঘাটে চপাই দে নাও।
দুহাতে দুমুঠি দি যাম চাৰি মুঠি
ডিঙিতো পিন্ধামে হাৰ।
খাটলিপীৰাতে বহি ভাতে খাবি
বেটীয়ে ধৰিব আল।”
পানেশৈয়ে উত্তৰ দিলে–
“দুহাতে দুমুঠি নলওঁ চাৰি মুঠি
তোৰ ঘাটে নচপাওঁ নাও।
খাটলিপীৰাতে বহি ভাতে নাখাওঁ
বেটীয়েও নধৰক আল।”
মোৰ ঘাটে চপাই দে নাও।
ককায়েকেও পানেশৈক মাতিলে–
“পানেশৈ পানেশৈ, মোৰ ভনী পানেশৈ,
মোৰ ঘটে চপাই দে নাও ৷
দুহাতে দুমুঠি দি যাম চাৰি মুঠি,
ডিঙিতো পিন্ধাম মই হাৰ।
খাটলিপীৰাতে বই ভাতে খাবি,
বেটীয়ে ধৰিব আল ।।”
পানেশৈয়ে উত্তৰ দিলে–
“ককাইদেউ ককাইদেউ, অ’ মোৰ ককাইদেউ,
তোৰ ঘাটে নচপাওঁ নাও ৷
দুহাতে দুমুঠি নলওঁ চাৰি মুঠি,
ডিঙিটো নিপিন্ধো হাৰ।
খাটলিপীৰাতে বহি ভাতে নেখাওঁ,
বেটীয়ে নধৰক আল ৷
আগেয়ে আছিলা মৰমৰ ককাইদেউ,
এতিয়া হলাহি স্বামী।”
পানেশৈয়ে এইদৰে কৈ একোতে নাহিলে, মাক আৰু ককায়েক বেজাৰত ঘৰলৈ গুচি আহিল। দিনত পানেশৈয়ে ইকৰাৰ পাতৰ নাও আৰু বঠা লৈ এইদৰে খেলাই ফুৰে, ৰাতি চেৱা গছৰ মূঢ়াতে সোমাই থাকে।
Read Also: সাধুকথা: জদ্গৱ ৰজাৰ উপাখ্যান | Jodgob Rojar Upakhyan Hadhu Kotha
এদিন কঞ্চায়েকে চেৱাৰ মূঢ়াৰ ওপৰত উঠি বৰশী বাইছিল। বৰশীত মাছে নুখুটি কেবল কাণী-পুঠি দুটামানে খুটিছিল। তাকে দেখি পানেশৈয়ে মূঢ়াৰ ভিতৰৰ পৰা মাত লগালে–
“একো মাছে নোখোটে, খোটে কাণীপুঠি।
ককায়ে বৰশী বায় চোৱা মৃঢ়ত উঠি।”
এইদৰে কেইবাবাৰো মাতি আছে। ককায়েকে শুনি থাকি ইয়াতনো কি আছে বুলি মূঢ়াটো কুঠাৰ এখন আমি চিটাচিট কৰি পেলালেহি। এনেতে সেই মগনিয়াৰ বুঢ়ীজনী আহি এচটা খৰি খুজিলে। সি খঙত জ্বলি উঠি ক’লে– “বেটা তয়ে মোৰ বিয়াখন ভাঙিলি। এতিয়া আকৌ খৰি বিচাৰি আহিছ। তোক খৰি নিদিওঁ।” বুঢ়ীয়ে নৈৰ পলসবোকাত চিটিকি পৰি থকা চলি এচটাকে লৈ গুচি গ’ল চলি চটা বুঢ়ীয়ে ধুই পখালি ধোঁৱাচাঙত তুলি থ’লেগৈ। পানেশৈ সেই চালিতে সোমাই আছিল। বুঢ়ী বাহিৰলৈ ওলাই ঘ’ল। পানেশৈয়ে চৰৰ পইতা ভাত খাই তপত ভাত ৰান্ধি থয়। এইদৰে বহুত দিন গ’ল। এদিন পানশৈ বুঢ়ীৰ হাতত ধৰা পৰিল৷ দিনত পানেশৈয়ে বুঢ়ীৰ ঘৰত খুৰী ঘিলাহাঁহ এজনী হৈ থাকে; ৰাতি ছোৱালী বৈ বুঢ়ীৰ লগতে শুই থাকে। এদিন ককায়েকে এই বুঢ়ীৰ চোতালত সমীয়া ল’ৰা দুটামানৰ সৈতে ঘিলা যেগি আছিল। গানেশৈ খুৰী হজনী ওচৰতে টোকুটোকাই আছিলছি। ককায়েকে ঘিাটা মাৰি নিলে তাই থাপ মাৰি লৈ গ’ল। ককায়েকে ভাবিলে– “এইজনী হাঁহতো কম নহয়; এই হাঁহ নহয় কিবাহে ।”
ইয়াকে ভাবি সি ৰোহঘৰত সোমালহি। মাকে কি হৈছে বুলি তাক সুধিলে সি কলে– “বুঢ়ীৰ ঘৰৰ হাঁহজনী মোক লাগে।” মাকে মগনিয়াৰ বুঢ়াক বৰকৈ ধৰি বগবান দি হাঁহজনী আনি পুতেকক দিলে। পুতেকে হাঁহজনী আতোপ-তোলকৈ ৰম কৰি ৰাখে আৰু ৰাতি নিজৰ লগতে শোৱাপাটীত শুৱাই থয়। এদিন মগনিয়া এজনীয়ে ল’ৰাটোৰ পৰা সকলো বৃত্তান্ত শুনি ক’লে– “বোপাই, সেইজনী হাঁহ নহয়, তোৰ পানশৈহে। আজি ৰাতি তই টোপনিৰ ভাও জুৰি পৰি থাকিবি। তোক হাঁহজনীয়ে খুটিব, কিন্তু তই নুঠিবি। তেতিয়া তোৰ টোপনি আহিছে বুলি ভাবি তাই মোট সলাই বাহিৰলৈ যাওঁতেই তই মোটটো তুঁহজুই একুৰাত সুমাই দিবি। তাই তেতিয়া ভিতৰলৈ লৰি আহি মুছকছ গৈ পৰিব। তেতিয়াই তাইৰ মুৰত তেল-পানী আৰু নেমুটেঙা থপিয়াই দিবি আৰু বিচনীৰে বিচিবি। তেনে কৰিলেই তাই জ্ঞান পাব।” এইবুলি মানিয়াৰ বুঢ়ী গুচি গ’ল। লখাই খাতি ঠিক মগনিয়াৰ বুঢ়ীয়ে কোৱাৰ দৰে কৰিলে হাঁহজনী এজনী দিবা ছোৱালী হৈ পৰিল। তায়ে সেই পানেশৈ। ইয়াৰ পিছত সি তাইক বিয়া কৰাই ঘৰ পাতি বহুত দিন সুখেৰে কটালে।
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: পানেশৈ এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: পানেশৈ এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: পানেশৈ এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।