পাচেতি বা পাচতি উৎসৱ | Pacheti or Pateti Festival

পাচেতি বা পাচতি উৎসৱ | Pacheti or Pateti Festival

আই মাতৃসকলে সন্তান জন্ম দিয়াৰ পৰা পাচ দিনৰ দিনা আয়োজন কৰা মঙ্গলসূচক অনুষ্ঠানৰ নামেই হ’ল পাচেতি বা পাচতি উৎসৱ।এই পাচতি উৎসৱ নামনি অসমত দুই ধৰণে পালন কৰা দেখিবলৈ পোৱা যায়। কিছুমান ঠাইত এই উৎসৱ ঘৰুৱা ভাৱে আৰু কিছুমান ঠাইত সত্ৰ, নামঘৰ, মন্দিৰ আদিত এই উৎসৱ পালন কৰা দেখিবলৈ পোৱা যায়। ঘৰুৱাভাৱে পালন কৰা পাচতি উৎসৱত সন্তান জন্মৰ পাচদিনৰ দিনা আই মাতৃ জনীক গা-ধুওৱা হয়। মাতৃৰ লগত সন্তানটিকো হালধি পানীৰে গা-ধুওৱা হয়। এই গা-ধুওৱা দিনটোৰ পৰাহে শিশুটিক আন মানুহে ল’ব পাৰে, এইটো নিয়ম। প্ৰকৃতাৰ্থত ক’বলৈ হ’লে- পাচতি উৎসৱ হ’ল- “জন্ম পোৱা শিশুক আৰু জন্ম দিয়া আই মাতৃক পৱিত্ৰ কৰা এক অনুষ্ঠান।”

Read Also: দেৱালী | Diwali

সত্ৰ, নামঘৰ, মন্দিৰ আদিত অনুষ্ঠিত কৰা পাচতি উৎসৱ শ্ৰীকৃষ্ণৰ জন্মৰ লগত জড়িত। গোৱালৰ ৰজা নন্দই শ্ৰীকৃষ্ণৰ জন্মৰ পিচদিনা আয়োজন কৰা নন্দোৎসৱৰ লগত ইয়াৰ গভীৰ সম্পৰ্ক আছে। নন্দ ৰজাই নন্দোৎসৱ পালন কৰিছিল কৃষ্ণ জন্ম হোৱাৰ এদিন পাচতেই । শ্ৰীকৃষ্ণক কংসৰ কবলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে নন্দোৎসৱৰ আয়োজন কৰিছিল। ইয়াৰ বিপৰীতে আমাৰ লোক-সমাজখনেও নিজৰ সন্তানক বিশেষকৈ পুত্ৰসকলক শক্ৰৰ হাতৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এই উৎসৱ পালন কৰা হয়। সত্ৰ, নামঘৰ, মন্দিৰ আদিত কিদৰে নন্দই কি আৰ্হিত নন্দোৎসৱ পালন কৰিছিল তাৰ সুস্পষ্ট ইতিহাস নাই যদিও, এই উৎসৱৰ পৰা সিদ্ধান্ত ল’ব পাৰি যে, বৈষ্ণৱ ধৰ্মৰ সম্প্ৰসাৰণৰ বাবেই নন্দই এই নন্দোৎসৱ পালন কৰা বুলি অনুভৱ কৰিব পাৰি। তদুপৰি বৈষ্ণৱ ধৰ্মৰ সম্প্ৰসাৰণৰ যুগত লোক-সমাজৰ পাচতি উৎসৱৰ আৰ্হিত শ্ৰীকৃষ্ণৰ জন্মৰ পিচত গোৱাল ৰজা নন্দই আয়োজন কৰা নন্দোৎসৱৰ লগত খাপ-খুৱাই বৈষ্ণৱ ধৰ্মৰ পৰম্পৰা ৰক্ষা কৰা এটা জনপ্ৰিয় অনুষ্ঠানৰ জন্ম দিয়া বুলিও ক’ব পাৰি।

পাচেতি বা পাচতি উৎসৱ 2

পাচতি উৎসৱৰ সময়সূচী লোক-সমাজৰ প্ৰতি লক্ষ্য ৰাখি ভাদ মাহৰ কৃষ্ণ জন্মাষ্টমীৰ পৰা আৰম্ভ কৰি কাতি মাহৰ শেষ দিনটোলৈ নাইবা কোনো কোনো অঞ্চলত ভাদ মাহৰ শেষ দিনটোলৈ এই উৎসৱ পালন কৰা হয়। লোক সমাজখনৰ যাতে ভাদ মাহত কৃষি-কাৰ্য ৰূপায়নৰ ক্ষেত্ৰত অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই যেন এই সময়সূচী নিৰ্ধাৰণ কৰিছে তাক ভাবিবৰ যথেষ্ঠ অৱকাশ আছে। অসমৰ, কামৰূপ জিলাৰ খট্ৰৰা, ঔতলা আদি সত্ৰত এই উৎসৱ সাৰ্বজনীনভাৱে মহা ধূম-ধামেৰে পালন কৰা দেখিবলৈ পোৱা যায়। পাচতি উৎসৱৰ এই অনুষ্ঠানবোৰত বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ মানুহবোৰকো এই উৎসৱত অংশগ্ৰহণ কৰা দেখা যায়।

পাচতি উৎসৱক বিশেষকৈ গোৱাল ৰজা নন্দৰ নন্দোৎসৱৰ অনুকৰণত গঢ়ি উঠা এক উৎসৱ বুলি কোৱা হয় যদিও বৰ্তমান সময়ত এই উৎসৱটো সন্তানক বাহিৰলৈ উলিয়াই অনা লোক-উৎসৱৰ লগতহে ইয়াৰ গভীৰ সম্পৰ্ক দেখা যায়। কামৰূপ জিলাৰ খট্ৰৰা সত্ৰত আয়োজন কৰা পাচতি উৎসৱৰ দিনাখন পৰম্পৰাগতভাৱে ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ মূৰ্ত্তি কীৰ্তন ঘৰত ৰাখি পূজা কৰাৰ নিয়ম পুৰণি কালৰ পৰাই নিয়মিতভাৱে চলি আহিছে। খট্ৰৰা সত্ৰৰ প্ৰতিষ্ঠাপক গোবিন্দ আতাই জন্ম পোৱা সন্তান দুষ্টলোকৰ হাতৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰীশ্ৰী মাধৱদেৱৰ পৰামৰ্শমতে থলুৱাভাৱে ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ মূৰ্ত্তি পূজা কৰা হয় বুলি জানিব পৰা যায়। সেই কাৰণে পাচতি উৎসৱত বিশেষকৈ সত্ৰত অনুষ্ঠিত কৰা এই উৎসৱসমূহত ৰাম-কৃষ্ণ উভয়ৰে পূজা কৰা হয়। কোনো কোনোৱে সেই কাৰণে পাচতি উৎসৱক ধৰ্ম নিৰ্বিশেষে পালন কৰা এক মহা-আনন্দৰ উৎসৱ বুলিও অভিহিত কৰিব বিচাৰে।

পাচতি উৎসৱ পালনৰ প্ৰথম দিনাখনৰ ৰাতি দধি মন্থন ভাওনা অনুষ্ঠিত কৰা হয়। প্ৰথম দিনাখনৰ পিচত অনুষ্ঠিত কৰা হয় গোৱাল ৰজা নন্দৰ নন্দোৎসৱ। কামৰূপ জিলাৰ খট্ৰৰা সত্ৰৰ প্ৰধান আকৰ্ষণীয় অনুষ্ঠান হ’ল দধি মন্থন ভাওনা। সেই দিনাখন কীৰ্তন ঘৰত ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ পূজা-অৰ্চনা, নাম-কীৰ্তন আদি কৰি মুকলিকৈ সাজি উলিওৱা মঞ্চত দধি মন্থন ভাওনা অনুষ্ঠিত কৰা হয়। দধি মন্থন ভাওনাৰ পিচদিনা নন্দ ৰজাৰ নন্দোৎসৱ পালন কৰা হয়। আচলতে সত্ৰ সমূহত অনুষ্ঠিত কৰা পাচতি উৎসৱৰ জৰিয়তে ৰাম আৰু কৃষ্ণ যে কোনো বেলেগ নহয় সেই বৈষ্ণৱ ধৰ্মৰ মতটিকে প্ৰতিষ্ঠা কৰিছে। পাচতি উৎসৱৰ মন কৰিবলগীয়া দিশটো হ’ল যে, এই উৎসৱ যিবোৰ স্থানত বহুলভাৱে বা বৰ্ণাঢ্যভাৱে আয়োজন কৰা হয়, সেই স্থানবোৰত একোখন বৃহৎ মেলাও দেখিবলৈ পোৱা যায়। এই মেলা সমূহলৈ বিভিন্ন জাতি, সম্প্ৰদায়ৰ মানুহবোৰৰ সুদূৰপ্ৰসাৰী ভাৱে আগমন ঘটে। লোক-সমাজৰ এই আগমনে পাচতি উৎসৱৰ স্থলী লোকে লোকাৰণ্য হৈ পৰে আৰু এই উৎসৱৰ গভীৰতা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। সাম্প্ৰতিক সময়ত, সেয়েহে এই উৎসৱ সাৰ্বজনীন বা গণ-ভিত্তিক অনুষ্ঠান ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

আমি আশা কৰিছো পাচেতি বা পাচতি উৎসৱ | Pacheti or Pateti Festival আপোনালোকক সহায় কৰিব। যদি আপোনাৰ পাচেতি বা পাচতি উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply