ঔকুঁৱৰীৰ গল্প | Ou Kunwari Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, ঔকুঁৱৰীৰ গল্প, সাধুকথা, অসমীয়া কাহিনী, ঔকুঁৱৰীৰ গল্প, শিশুৰ বাবে কাহিনী
এক ৰজাৰ দুজনী ৰাণী আছিল। তেওঁলােক দুয়াে গৰ্ভৱতী হ’ল। এদিন দুয়াে ৰাণীৰ সন্তান উপজিল। বৰণীয়ে এটি ল’ৰা আৰু সৰু ৰাণীয়ে এটা ঔ-টেঙা পালে। সৰু ৰাণীয়ে তেওঁৰ ঔ-টেঙাহে এটা উপজিল দেখি বৰ বেজাৰ পাই তাক চুপাতনিত দলিয়াই পেলাই দিলে। কিন্তু দেখা গ’ল ৰাণীয়ে কাম কৰিবৰ আৰু শুবৰ সময়ত সেই ঔ টেঙাটো বাগৰি আহি ৰাণীৰ ওচৰ পায়হি। ৰাণীয়ে তাক দলিয়াই পেলালেও সি আকৌ বাগৰি ৰাণীৰ কাষ পায়হি। এদিন ঔ-টেঙাটো দুপৰীয়া মানুহ-নুহ নােহােৱা সময়ত বাগৰি গৈ নৈৰ ঘাট পাই তাতে অলপ ৰৈ আছিল সেই সময়ত ৰজাৰ কোঁৱৰ এজনে সেই ঘাটৰ অলপ
আওহতীয়া ঠাইত বহি বৰশী বাই আছিল। কোঁৱৰে লক্ষ্য কৰি দেখিলে যে ঔ-টেঙাটোৰ ভিতৰৰ পৰা এজনী দীপলিপ সুন্দৰী কন্যা ওলাই নৈত গা ধুই উঠি,ৰূপেৰেচাৰিওদিশ উজ্জ্বল কৰি চুলিকোছা ৰ’দত শুকাই লৈ, আকৌ ঔ-টোটোৰ ভিতৰত সােমাই বাগৰি মাকৰ ঘৰলৈ উভতি আহিল। ৰজাৰ ল’ৰাই কন্যাজনীৰ ৰূপ দেখি মােহ গৈ ঘাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ৰেহঘৰত সােমাল। ইফালে কোঁৱৰক বাপেক-মাকে নেদেখি বিচাৰি চলাথ লগাই শেষত ৰেহঘৰত শুই থকা পালে । কি হৈছেবুলি তেওঁলােকে কোঁৱৰক সুধিলে, কোঁৱৰে ক’লে যে “অমুকা ৰজাৰ ঘৰত এটা বাগৰি ফুৰা ঔ-টেঙা আছে। সেই ঔ-টেঙাটোৰে সৈতে মােক বিয়া দিব লাগে।” ৰজাৰ ৰাণীয়ে প্ৰথমতে সেইটো হাঁহিউঠা অসম্ভৱ কথা বুলি কোঁৱৰক বুজাবলৈ ধৰিলে, কিন্তু কোঁৱৰে নুশুনিলে।
Read Also: বান্দৰ আৰু শিয়ালৰ গল্প | Monkey And Fox Hadhu Kotha
কোঁৱৰৰ খটবান্ধ এৰাব নােৱাৰি বাপেকে ৰজালৈ সেই বাতৰি দি ঔ-টেঙাৰে সৈতে নিজৰ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়ালে। ঔ-টেঙাৰ মাক ৰাণীয়ে সেই কথা শুনি কান্দি-কাটি ক’ল যে “মােক কিয় এইদৰে লাজ দিব লাগিছে?” কিন্তু শেষত তেওঁ এৰাব নােৱাৰি সেই কথাত মান্তি হৈ ঔ-টেঙাটো ধুৱাই–পখলাই কোঁৱৰেৰে সৈতে তাৰ বিয়া দিলে। বৰ ধুমধাম কৰি কোঁৱৰে ঔ-টেঙাক বিয়া কৰাই দোলাত তুলি আনি নিজৰ ঘৰ পােৱালেহি। বুঢ়ী আইৰ সাধু
ৰজাৰ কোঁৱৰে ঔ-টেঙাৰ সৈতে একেটা শোৱনি ঘৰতে থাকিল। ৰাতি কোঁৱৰে খাবলৈ মাকে যি ভাত পঠিয়াই দিয়ে তাৰ এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি শুই থাকে। কিন্তু কোঁৱৰৰ টোপনি আহিলেই ঔ-টেঙাটোৰ ভিতৰৰ পৰা কন্যাজনী ওলাই সেই ভাতগাল খাই আকৌ ঔ-টেঙাৰ ভিতৰত সোমাই থাকে। দিনৌ কোঁৱৰে টোপনিৰ পৰা উঠি সেই থৈ দিয়া ভাত নেদেখি আচৰিত মানে। কোঁৱৰে কাৰণ বুজিব নোৱাৰি মনত সদায় দুখ কৰি আমন-জিমনকৈ বহি থাকে। এদিন এজনী মগনীয়া বুঢ়ী কোঁৱৰৰ ওচৰত চাউল মাগিবলৈ আহিছিল। বুঢ়ীয়ে কোঁৱৰক আমন-জিনমকৈ বহি থকা দেখি সুধিলে– “বোপা ! তুমি দেখোন মন মাৰি বহি আছা? তুমি বিয়া কৰালা, কিন্তু ক’তা আমি দেখোন বোৱাৰীক দেখা পোৱা নাই?” বুঢ়ীৰ কথা শুনি কোঁৱৰে আগৰ পৰা গুৰিলৈকে সকলো কথা ভাঙি ক’লে বুঢ়ীয়ে মাত লগালে– “বোপা ! ঔ-টেঙাটোৰ ভিতৰতে তোমাৰ কুঁৱৰী আছে। শোৱনি ঘৰৰ ভিতৰত একুৰা তুঁইজুই ধৰি থ’বা আৰু দৈ গাখীৰ আঠীয়া কল ফেনেকি মিহলাই ওচৰতে এটা বাটিত থৈ দিবা। তুমি তোমাৰ শোৱাপাটীত টোপনি অহাৰ ভাও জুৰি নাক ঘোৰাই থাকিবা। তোমাৰ টোপনি আহিছে ভাবি যেতিয়া সেই ঔ-টেঙাটোৰ পৰা ছোৱালীজনী ওলাই ভাত খাবলৈ বহিব তেতিয়া তুমি ততালিকে উঠি সেই ঔ-টেঙাটো তুঁহজুইত সুমুৱাই দি পুৰি পেলাবা। কিন্তু তেতিয়া দেখিবা যে ছোৱালীজনী ধাচ কৰে মাটিত পৰি গৈছে। তেতিয়া লৰালৰিকৈ সেই বাটিৰ পৰা দৈ-গাখীৰ আৰু আঠীয়াকল আনি তাইৰ মূৰত ভৰণ দিবা। দিলেই তাই জ্ঞান পাই উঠি বহিব।” বুঢ়ীৰ বুদ্ধি শুনি কোঁৱৰে ৰং পাই তাইক বঁটা দি বিদায় দিলে আৰু ৰাতি সেই বুঢ়ীৰ কথামতেই কৰি ঔ-কুঁৱৰীক লাভ কৰিলে।
কোঁৱৰৰ বাপেক-মাকে পিছদিনা পুৱা এই ঘটনা শুনি আৰু বোৱাৰীয়েকক দেখি তেওঁলোকৰ মনত আনন্দই নধৰা হ’ল। বিয়ৈ-বিয়নী ৰজা-ৰাণীলৈ এই বাতৰি তেওঁলোকে কৈ পঠিয়ালে তেওঁলোকৰো মনত মহা ৰং মিলিল আৰু আকৌ তেওঁলোকে মহা পয়োভৰেৰে জীয়েক ঔ-কুঁৱৰীক কোঁৱৰলৈ বিয়া দিলে।
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। ঔকুঁৱৰীৰ গল্প এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। ঔকুঁৱৰীৰ গল্প এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে ঔকুঁৱৰীৰ গল্প এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।