অবুজ ৰজাৰ বিবুজ মন্ত্ৰীৰ কাহিনী | Obuj Rojar Bibuj Montrir Kahini, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, অবুজ ৰজাৰ বিবুজ মন্ত্ৰীৰ কাহিনী, সাধুকথা, অসমীয়া কাহিনী, অবুজ ৰজাৰ বিবুজ মন্ত্ৰীৰ কাহিনী, শিশুৰ বাবে কাহিনী
এক ৰজা আছিল । এদিন তেওঁৰ ওচৰৰ আন এজন ৰজাই মানুহ এটাৰ হাতত চিঠি এখন দি তেওঁলৈ এই কথাকেইটা সুধি তাৰ উত্তৰ খুজি পঠিয়ালে – “অবুজ ৰজা কোন ? আৰু অবুজ ৰজাৰ বিবুজ মন্ত্ৰী কোন ? ভালৰ বেয়া, বেয়াৰ ভাল আৰু ৰজাৰ দুৱাৰৰ কুকুৰ কোন ?” এওঁ ৰজাতো চিঠি পঢ়ি অবাক ! এওঁ ভাবি নাপালে – ৰজা যদি অবুজ হল মন্ত্ৰীনো বিবুজ হব কেনেকৈ ? আৰু ভালৰ নো নেয়া হব কেনেকৈ ? বেয়াৰেই বা ভাল হব কেনেকৈ? যি বেয়া বেয়াই, যি ভাল ভালেই । ৰজাই ভাবি চিন্তি একো নেপাই মন্ত্ৰীক সুধিলে । মন্ত্ৰীয়ে কলে , “মহাৰাজ, আপুনি কিছুদিনৰ সময় লওক ; পিছত সেই সময়ৰ ভিতৰত কিবা এটা কৰিব লাগিব ।” ৰজাই সেই কথামতেই এবছৰৰ সময় লৈ তাৰ ভিতৰতে উত্তৰ দিম বুলি চিঠি অনা মানুহটোক বিদায় দিলে । এইদৰে কিছুদিন আছে , সময়ো লাহে লাহে যাব লাগিছে । এদিন হঠাৎ সেই চিঠিৰ আৰু প্ৰশ্নৰ কথা মনত পৰাত তেওঁ মন্ত্ৰীক সুধিলে – “মন্ত্ৰী আজি ইমান দিন হল , কতা দেখোন অমুক ৰজাই লিখা প্ৰশ্নকেইটাৰ উত্তৰ আজিলৈকে নিদিলা ?” এই কথাত মন্ত্ৰীয়ে কলে , “মহাৰাজ! তেনেহলে মোক কিছুদিনৰ নিমিত্তে বিদায় দিব লাগিব । এই সময়ৰ ভিতৰত মই যেনেতেনে মতে প্ৰশ্নকেইটাৰ উত্তৰ দিম ।” ৰজাই কলে , বাৰু তোমাক যিমান দিনৰ আৱশ্যক বিদায় দিলোঁ; এতিয়া যাতে মই লাজত নপৰো তাৰ দিহা কৰা ।” মন্ত্ৰীয়ে “ভাল মহাৰাজ , তাৰ নিমিত্তে কোনো চিন্তা নাই , এতিয়া মই আহিলোহে ” – এইবুলি ঘৰলৈ গল ।
তাৰ পিছদিনা মন্ত্ৰীয়ে খাই বৈ ভেশচন কৰি, সেই ওচৰ চুবুৰীয়া ৰজাৰ নগৰৰ ফালে খোজ ললে। এইদৰে ক্ৰমান্বয়ে কেইবাদিনো গৈ মন্ত্ৰী সেই ৰজাৰ নগৰ পালেগৈ , কিন্তু গধূলি হোৱা গতিকে নগৰৰ ভিতৰলৈ নোসোমাই ৰাতিটো বাহিৰতে আন কোনো ঠাইত থাকি কটাবলৈ মন কৰি এজনী নটিৰ তাত আশ্ৰয় ললেগৈ । নটিয়ে বৰ আদৰ সাদৰকৈ তেওঁক তাতে থাকিবৰ নিমিত্তে দিহা কৰি দিলে । মন্ত্ৰীয়ে ৰাতিটো তাতে কটাই পিছদিনা ৰাতিপুৱাই যাবলৈ ওলোৱাত নটিয়ে সুধিলে , “ডাঙৰীয়া , আপুনিনো কৰ মানুহ , কলৈ

যাব লাগে ?” মন্ত্ৰীয়ে ‘মই বেপাৰী মানুহ , ৰজাৰ নগৰলৈ যাবলৈ আহিছোঁ’ – বুলি কৈ তাৰপৰা বিদায় লৈ ৰজাৰ হাউলীৰ মুখে যাবলৈ ধৰিলে । এইদৰে গৈ থাকোঁতে তেওঁ বাটত তিনি মুৰীয়া বুঢ়া এটা বহি থকা দেখিলে । বুঢ়াই বাটেদি যাকে যোৱা দেখিছে তাৰ ফাললৈকে হাতযোৰ কৈ পইচা খুজিছে । মন্ত্ৰী সেইখিনি পালতে , বুঢ়াই সেইদৰে হাতযোৰকৈ পইচা খোজাত , মন্ত্ৰীয়ে সুধিলে , “বুঢ়া তই নো এইদৰে কিয় আছ ? তোক পোহ পাল কৰোঁতানো কোনো নাইনে ?” এই কথাত বুঢ়াই চকুলো টুকি কবলৈ ধৰিলে – “ডাঙৰীয়া মোৰ কথানো কি কম ; আগ বয়সত মই ৰজাৰ দুৱৰী আছিলোঁ । যিমান দিন গাত বল আছিল কাম কৰিছোঁ , এতিয়া বুঢ়া হলোঁ , কাম কৰিব নোৱাৰা হলোঁ , সেইদেখি ৰজাই মোৰ কামত আন এটাক ৰাখি মোক বিদায় দিলে । হাতত যি দুটা চাৰিটা পইচা আছিল , ভাঙি খালোঁ ; সেইকেইটা চুকালত এইদৰে ইয়াতে বহি , মানুহ যোৱা দেখিলে পইচা খোজো । কৰোবাৰ মন গলে দুটা চাৰি পইচা দিয়ে ; কেতিয়াবা আকৌ শুদা হাততে ঘৰলৈ উভতি যাব লগাত পৰো । মোৰ লৰা ছোৱালীও কোনো নাই ।” বুঢ়াৰ কথা শুনি মন্ত্ৰীয়ে বুঢ়াক ৰূপ এটকা দি আকৌ যাবলৈ ধৰিলে । এইদৰে গৈ বেলি এপৰমান যোৱাত তেওঁ ৰজাৰ সভাত সোমালগৈ ; কিন্তু সেইদিনা তেওঁক ৰজাই কোনো কথাকেই নুশুনিলে। এইদৰে তেওঁ দুই তিনিদিন সভালৈ গৈ তাত বহি থাকে আৰু মাজে মাজে একেষাৰ দুআষাৰ কথা কয় । সেই কথাবিলাক ৰজাৰ মনত খাই পৰাত এদিন তেওঁক ৰজাই ওচৰলৈ মাতি নি সুধিলে , “তুমি কৰ মানুহ ? কলৈ যাব লাগে ? আৰু মোৰ সভালৈকে বা অহাৰ সকাম কি ?” এই কথাত মন্ত্ৰীয়ে কলে , “মহাৰাজ মই বিদেশী মানুহ , দেশ চাই ফুৰিছিলোঁ ; মহাৰাজৰ নাম শুনি দেখা হবৰ মনেৰেহে এই সভালৈ আহিছিলোঁ ; মহাৰাজৰ দয়া হলে ইয়াতে থাকিবও পাৰোঁ ।” মন্ত্ৰীৰ কথা শুনি ৰজাই কলে , “বাৰু তুমি ইয়াতে থাকা , আজিৰপৰা তোমাকো এই সভাৰ এজন সভাসদ পাতিলোঁ ।” এই কথাত মন্ত্ৰীয়ে ৰজাক সেৱা কৰি সেইদিনাৰ পৰা ৰাজসভাৰ সভাসদ হৈ থাকিল । এইদৰে তাত থাকোঁতে থাকোঁতে ৰজাই তেওঁৰ কথা বতৰা শুনি আৰু কাম কাজ দেখি তেওঁৰ ওপৰত বৰ সদয় হল আৰু লগে লগে তেৱোঁ খোপে খোপে উধাবলৈ ধৰিলে । এইদৰে অলপ দিনৰ ভিতৰতে তেওঁ ডেকা মন্ত্ৰীৰ বাব পালে । সেই কামো এনে সুন্দৰৰূপে চলাবলৈ ধৰিলে যে ৰজাই তেওঁৰ কাম কাজবিলাকত মোহ গৈ শেহত তেওঁৰ একেজনী ছোৱালীকে তেওঁলৈ বিয়া দি ওচৰতে সুন্দৰৰূপে তেওঁৰ ঘৰ বাৰী কৰাই দিয়ালে ।
এইদৰে কিছুদিন যোৱাৰ পিছত এদিন ৰজাৰ কোঁৱৰে ডেকা মন্ত্ৰীক অর্থাৎ তেওঁৰ বৈনায়েকক কলে যে তেওঁলোক দুয়ো এদিন মৃগয়ালৈ যাবৰ মন কৰিছে ; তেওঁৰ মত কি ? মন্ত্ৰীয়ে কোঁৱৰৰ কথাত মত দিলত , পিছদিনাই দুয়ো মৃগয়ালৈ যাবলৈ ওলাল । দুয়ো দুটা ঘোঁৰা লৈ হাবিৰ ফাললৈ গল । হাবিয়ে হাবিয়ে গোটেই দিন দুয়ো ঘূৰি ঘূৰি দুয়োৰো ভিতৰত আবেলি পৰত এটা পহু মাৰিলে । কিন্তু পহুটো আনে কেনেকৈ ? লগত মানুহ বা হাতী নাই ; কাজেই দুয়ো কথা বতৰা হৈ থিৰ কৰিলে যে পহুৰ মূৰটোকে কাটি লৈ যোৱা যাওক । সেইমতেই পহুৰ মূৰটো কাটি কাপোৰেৰে ভালকৈ বান্ধি মন্ত্ৰীয়ে ঘোঁৰাৰ পিঠিত তুলি লৈ ঘৰৰ ফালে আহিবলৈ ধৰিলে । সেই বাটেদি আহোঁতে আকৌ ৰজাৰ কোঁৱৰৰ শহুৰেকৰ ঘৰ পায় । গধূলি হোৱা দেখি শহুৰেকৰ ঘৰৰ ওচৰ পাই ৰজাৰ কোঁৱৰে মন্ত্ৰীক কলে , “মই আজি ৰাতি ইয়াতে থাকোঁ , কাইলৈ ৰাতিপুৱাতে ঘৰলৈ যাম , আপুনি যাওক ।” এইবুলি ৰজাৰ কোঁৱৰ শহুৰেকৰ ঘৰত সোমাল আৰু মন্ত্ৰী নিজৰ বাঁহৰৰ ফালে যাবলৈ ধৰিলে । ঠিক গধূলি পৰত মন্ত্ৰীয়ে ঘৰ পায়েই সেই পহুৰ মূৰটো সেইদৰে বান্ধেৰেই , ভিতৰৰ শোৱা কোঠালিলৈ হাতত ওলোমাই লৈ গৈ তাতে সেইটো থৈ ঘৈণীয়েকক সুধিলে , “চিপৰাংখন কত আছে ?” ঘৈণীয়েকে তধা লাগিল । দিনৰ দিনটোৰ মূৰত এই ৰাতি উলাইছেহি , তাতো একেষাৰ কথা বতৰা নাই , আহিয়েই বোলে চিপৰাংখন দে । ইয়াৰ নো মানে কি ? ঘৈণীয়েকে গিৰিয়েকক কলে , “অলপ বহকচোন , কি নো হল ? চিপৰাঙেৰে নো ৰাতিখন এতিয়া কি কৰে ?” মন্ত্ৰীয়ে কলে , “একো হোৱা নাই , চিপৰাঙখন আনচোন বাৰু ।” ৰজাৰ জীয়েকৰ মনত কথাটো ভালকৈ নেলাগিল , সেইদেখি তেওঁ আকৌ সুধিলে , “নহয় , কিবা এটা হৈছে ; মোক আপুনি ফাঁকি দিছে ; কিনো হৈছে কওকচোঁন ।” ঘৈণীয়েকৰ কথাত মন্ত্ৰীয়ে কলে , “উহু , মই কব নোৱাৰো । বৰ ডাঙৰ কথা এটা হৈছে । কেলেই ৰজাই কেনেবাকৈ জানিব পাৰিলে মোক কাটিব ।” এই কথা শুনি ঘৈণীয়েকে কলে , “এনেনো ডাঙৰ কথা হল নে , কলেই ৰজাই আপোনাক কাটিব ? আৰু কটা যোৱা কথাটো নো মই আনক কবলৈ কি হৈছে ?” তথাপি গিৰিয়েকে “নহয় বুজিছনে কেনেবাকৈ কৰবাত ওলাই পৰিব ; ৰজাই শুংসূত্ৰ পালে মোক যে জীয়াই এৰিব সেইটো নহয় । কৰবাত তোমাৰ মুখৰপৰাও ওলাব পাৰে ; এতেকে নেলাগে শুনিব , থাকা ।” গিৰিয়েকৰ কথা শুনি জীয়েকে মন্ত্ৰীৰ গাত ধৰি কলে , “মই এই আপোনাৰ গা ছুই কৈছোঁ , কাৰো আগত নুলিয়াওঁ । এতিয়া কি হৈছে মোক কওক আৰু আপোনাৰ এটা বিপদ হলে মোৰ জানো নহয় ?”
এই কথাত মন্ত্ৰীয়ে বৰ বেজাৰকৈ কবলৈ ধৰিলে – “নুশুনা হলেই ভাল আছিল । তুমি কোনোমতেই নেৰা যেতিয়া কি কৰিম আৰু ? কওঁ শুনা – আজি বৰ ভয়ানক কাণ্ড এটা হল । তোমাৰ ককাদেউয়েৰাৰে সৈতে মই মৃগয়ালৈ গৈছিলোঁ । হাবিত এটা পহু খেদি তাৰ ওচৰলৈ যাবলৈ ধৰোঁতেই পহুটো বিম্বাশবদে লৰ মাৰিলে ; আমিও পিছে পিছে খেদি গলো । এইদৰে যাওঁতে যাওঁতে হাবিত তোমাৰ ককাদেউয়েৰা গল এফালে , মই গলো এফালে । কিছু দূৰ গৈ , আন ফালে কিহবাই হাবিবোৰ লৰাই লৰাই যোৱা যেন দেখিলো । মই পহু বুলি সেইফালে পোনাই কাড় মাৰি দিলোঁ আৰু তাৰ পিছতে ময়ো সেইখিনিলৈ গৈ দেখোঁ ছে সেইটো পহু নহয় , তোমাৰ ককাদেউয়েৰাকহে মাৰিলোঁ । কি কৰিম ? হাবিত পৰি থাকিলে শটো লোকে দেখি চিনিব আৰু ৰজাই মোক জগৰীয়া কৰিব , সেইদেখি একো উপায় নাপাই , সৌৱা মূৰটো কাটি বান্ধি চাতি লৈ আহিছোঁ , এই চালপীৰাখনৰ তলতে পুতি থওঁ । তুমি এতিয়া কথাটো যেন কতো নোলিওঁৱা । চিপৰাঙখন বেগেতে আনি দিয়াচোন এতিয়া।” ঘৈণীয়েকে আৰু চিপৰাং আনি দিয়ে কত ? ককায়েক মৰাৰ কথা শুনি কান্দিবলৈহে ধৰিলে । মন্ত্ৰীয়ে নিজেই চিপৰাং বিচাৰি আনি শোৱা চালপীৰাৰ তলতে গাঁত এটা খান্দি টোপোলাটো নেমেলাকৈয়ে তাতে পুতি মাটিখিনি আগৰ দৰে সমানকৈ থৈ বাহিৰলৈ ওলাই গুচি গল । ঘৈণীয়েকে কান্দিবলৈ ধৰিলে । ৰাতি তেওঁলোকৰ ৰন্ধা বঢ়া , খোৱা লোৱাও একো নহল ।
ৰাতি পোৱালতে ৰজাৰ জীয়েক কান্দি কান্দি বাপেকৰ ঘৰত উলালগৈ । মাকে জীয়েকক সিমান ৰাতিপুৱাই কান্দি কাটি অহা দেখি সুধিলে , “আই অ’ । তোৰ কি হল ? গিৰিয়েৰে মাৰিলে নে কি ? ইমান ৰাতিপুৱাই কান্দি কাটি আহিছ কিয় ? জীয়েকে উত্তৰ দিলে , “আমাৰ ফালে হল আৰু ।” মাকে আচৰিত হৈ সুধিলে , ”কি হল ?” জীয়েকে কলে , “কালি মৃগয়ালৈ গৈ পহু বুলি জোঁৱায়েৰাই ককাইদেউকে মাৰিলে ।” ৰাণীয়ে “কি মোৰ বোপাইক মাৰিলে ?” – বুলি হিয়া ভুকুৱাই কান্দি মাত্ৰকে গোটেইখন ঘৰ তোলপাল লাগি পৰিল আৰু তৎক্ষণাৎ বতাহৰ দৰে এই কথা গৈ ৰজাৰ কাণত পৰিল । ৰজাই শুনিয়েই – ‘কি সি কেলেহুৱা চপনিয়া এটাৰ ইমাম সাহ ? আন তাক এতিয়াই ধৰি ” – বুলি কলে আৰু কোৱা মাত্ৰকে কেইটামান পহৰীয়াই লৰ মাৰি গৈ মন্ত্ৰীক ধৰি আনি ৰজাৰ আগত থিয় কৰিলে । ৰজাই সোধ পোছ নকৰাকৈয়ে – ‘চাওদাং , এতিয়াই এই পাপিষ্ঠাৰ কটা মূৰ মোক দেখুৱাবহি লাগে ।” বুলি আদেশ কৰিলে । যেই কথা সেই কাম । তেতিয়াই গোটাচেৰেক পহৰীয়া আৰু চাওদাঙে ৰজাৰ জোঁৱায়েকক মৰিশালিৰ ফালে লৈ গুচি গল ।
মৰিশালিলৈ মন্ত্ৰীক নিওতে দৈৱক্ৰমে সেইপিনে , সেই যে মন্ত্ৰী ৰজাৰ নগৰলৈ আহিবৰ দিনা এজনী নটিৰ তাত তেওঁ ৰাতি খপিছিল , সেই নটিৰে সৈতে তেওঁ দেখা হল । তাই মন্ত্ৰীক সেই অৱস্থাত দেখি সুধিলে , “ডাঙৰীয়া ! এদিন আপুনি মোৰ তাত আছিল নহয় ? আৰু মই সোধাত আপুনি বেপাৰী বুলি কৈছিল নহয় ? পিছে নো এতিয়া কি কথা ? ইহঁতেনো আপোনাক এইদৰে কলৈ নিয়ে ? মন্ত্ৰীয়ে “এ নকবা দেও সেইবোৰ কথা । মোৰ দুখৰ কথানো কি শুনিবা ? তোমাৰ তাৰপৰা গৈ মোৰ কাম কাজ দেখি মোৰ ওপৰত তুষ্ট হৈ ৰজাই মোক ডেকা মন্ত্ৰী পাতিলে আৰু লগতে তেওঁৰ জীয়েককো মোলৈ বিয়া দিলে । তাৰ পিছত ইমানদিনে আহিছোঁ , সুখেৰেই ; পিছে কালি ৰজাৰ কোঁৱৰে মৃগয়ালৈ যাবলৈ বুলি আহি লগ লোৱাত তেওঁৰ লগত মৃগয়ালৈ গৈছিলোঁ ; কিন্তু দুৰ্ভাগ্যক্ৰমে মোৰ ধেনুৰ পৰা কাড় এপাট লাগি কোঁৱৰ মৰিল । পিছে মই কোঁৱৰৰ মূৰটো কাটি ভালকৈ বান্ধি লৈ ঘৰলৈ গলো , গৈ সেইটো পুতিবলৈ চিপৰাঙখন কত আছে বুলি আমাৰ ঘৈণীয় চিপৰাং খোজাত তেওঁ কিয় চিপৰাং খুজিছে , চিপৰাঙেৰে এই ৰাতিখন কি কৰে , কি হৈছে , কি কথা , ঘনে ঘনে এই বুলি সোধাত , মই সকলোখিনি ভাঙি পাতি কলো । পিছে ঘৈণীজনাই আজি ৰাতিপুৱাই শুই উঠিয়েই মাকৰ আগত এই কথা এই কথা কোৱা মাত্ৰকে ৰজাই খবৰ পাই মোক ধৰাই নি , একো সোধ পোছ নাই , বিচাৰ নাই , ডাওদাঙৰ হাতত কাটিবলৈ দিছে ।” নটিয়ে আচৰিত মানি সুধিলে – “কি , আপোনাৰ কোনো বিচাৰ কৰা নাই ?” মন্ত্ৰীয়ে কলে “এৰা নাই কৰা ।” এই উত্তৰ পাই তাই চাওদাং আৰু পহৰীয়াক কলে , “ককাইদেউহঁত , তহঁতে এওঁক এতিয়াই ৰজাৰ ওপৰলৈ উভোতাই ল । কি অন্যায় ! কি অধৰম ! ৰজাৰ পুতেকক মাৰিলে বুলিয়েই সোধ পোছ নোহোৱাকৈ মানুহজনক কাটিব পায়নে ?”
পহৰীয়াহঁতে, ৰজাৰ আদেশ ; আমি কেনেকৈ ওভোতাই লৈ যাওঁ ?” – বুলি কোৱাত , নটিয়ে – “এওঁক লৈ বল , তাৰ বাবে যি দায় জগৰ লাগে মোৰ গাত লাগিব , ৰজাই মোক কাটিব , ময়ো যাওঁ তহঁতৰ লগতে ।” – এই বুলি কৈ তাই আকৌ এটাইমখানে ওভোতাই লৈ ৰজাৰ সভাত হাজিৰ হলগৈ । ৰজাই মন্ত্ৰীক দেখিয়েই জ্বলি উঠি চাওদাঙৰ ফালে চাই কলে , “টোক মই ইয়াৰ কটা মূৰ আনিবলৈ কৈছিলোঁ নহয় ?” নটিয়ে তেতিয়া আগবাঢ়ি আহি কবলৈ ধৰিলে , “মহাৰাজ , চাওঁদাঙৰ গাত কোনো দোষ নাই , মইহে সিহঁতক ওভোতাই লৈ আহিছোঁ । শুনিবলৈ পালোঁ , মহাৰাজে কোনো সোধ পোছ নকৰাকৈয়ে এওঁক কাটিবলৈ হুকুম দিছে ।দোষ কৰিলে শাস্তি দিয়ে , কিন্তু তাৰতো বিচাৰ হব লাগে ।” এই কথাতে ৰজাই কলে , “বিচাৰ আৰু কি কৰিম ! সি মোৰ লৰাক মাৰিছে দেখি ময়ো তাক কাটিবলৈ দিছোঁ ।” নটিয়ে কলে , “নহয় মহাৰাজ! এইটো কোনো কথা নহয় । আপোনাৰ কোঁৱৰক মাৰিছে বুলিয়েই যে সোধ পোছ নোহোৱাকৈ কাটিবলৈ দিব এনে হব নোৱাৰে । সঁচাকৈয়ে মাৰিছেনে নাই ? মাৰিছে যদি কেনেকৈ মাৰিলে ? ইয়াৰতো এটা তত্ত্ব লোৱা উচিত । আন এটাক মৰা হলে জানো এইদৰে সোধ পোছ নকৰাকৈয়ে কাটিবলৈ পঠালেহেঁতেন ? কেতিয়াও নপঠায় ! আৰু বিশেষত: যদি আপোনাৰ কোঁৱৰক সঁচাকৈয়ে মাৰিছে হে , কোঁৱৰৰো মূৰটো আনি তেওঁৰ শোৱাপাইটিৰ তলতেই তো পুতি থৈছে , সেইটো আনি চালেই হয় দেখোঁ । মহাৰাজে জানো মূৰটো অনাই চাইছিল ?” নটিৰ কথা শুনি ৰজা কিছু সময় তবধ লাগি ৰল । তাৰ পিছত ৰজাই পহৰীয়া এটাক মাতি কলে , “বাৰু জাচোন তই এই মন্ত্ৰীৰ ঘৰলৈ ; ইয়াৰ শোৱা চালপীৰাৰ তলতে এটা মূৰ বোলে পুতি থোৱা আছে , খান্দি লৈ আহাগৈ ।” এই কথা কেইআষাৰ কৈয়ে ৰজাই তললৈ মূৰ কৰি নিমাত হৈ ৰল আৰু সভাৰ কোনো কোনোৱে শুদা মাটিখনকে আঁকিবলৈ ধৰিলে ।
Read Also: কৰুৱা চৰাই আৰু বামুণৰ সাধু | Koruwa Sorai Aru Bamunor Hadhu
অলপ সময়ৰ ভিতৰতে মূৰটো আনিবলৈ যোৱা মানুহ আহি পালেহি আৰু ৰজাই টোপোলাটো মোকোলাই দেখে যে তাৰ ভিতৰত এটা পহুৰ মূৰ । দেখি সকলোৱে আচৰিত মানি ভেবা লাগিল । নটিয়ে তেতিয়া কবলৈ ধৰিলে – “দেখিলে এতিয়া মহাৰাজ ! নভবা নিচিন্তাকৈয়ে কি কৰিছিল ? তেওঁ এদিনৰ নিমিত্তে হওক বা দুদিনৰ নিমিত্তে হওক নিশ্চয় আপোনাৰ জোঁৱায়েক । তেওঁকে মাৰিবলৈ ধৰিছিল নহয় ? এইটো কিমান অন্যায় কথা চাওক ।” ঠিক এনে সময়তে ৰজাৰ কোঁৱৰো শহুৰেকৰ ঘৰৰপৰা গৈ ৰজাৰ সভাত উপস্থিত হোৱাত সকলোবিলাক আৰু আচৰিত হল , – মৰা মানুহ দেখোন এইটো ! কিছুমান পৰৰ মূৰত ৰজাই মন্ত্ৰীক সুধিলে , “বোপা কি কথা নো ? মিছাকৈয়ে নো কথাটো কেলৈ উলিয়াইছিল ?” তেতিয়া মন্ত্ৰীয়ে মাত লগালে , ” মহাৰাজ !আপুনি অমুক ৰজালৈ অবুজ ৰজা আৰু অবুজ ৰজাৰ বিবুজ মন্ত্ৰী কোন ? ভালৰ বেয়া , বেয়াৰ ভাল কোন ? আৰু ৰাজদুৱাৰৰ কুকুৰ কোন ? এই প্ৰশ্নকেইটা লেখি তাৰ উত্তৰ খুজি পঠাইছিল নহয় ? পিছে সেই ৰজাই আপোনালৈ এবছৰৰ ভিতৰত আপোনাৰ প্ৰশ্নৰ উত্তৰ দিম বুলি লিখিছিল । আজি মই আপোনাৰ গাতে সেই কথাকেইটা দেখুৱাও । মহাৰাজ , ময়ে সেই ৰজাৰ মন্ত্ৰী ।”
মন্ত্ৰীৰ কথা শুনি ৰজাই সুধিলে , “মোৰ গাত নো সেইকেইটা কথা কেনেকৈ দেখুৱাব ?” মন্ত্ৰীয়ে “বাৰু কওঁ শুনক তেনেহলে”– বুলি কবলৈ ধৰিলে , “মহাৰাজ ! আপোনাৰ পুতেকক মই মৰাৰ কথা শুনিয়েই আপুনি মোক চাওঁদাঙৰ হাতত সোধ পোছ নকৰাকৈয়ে কাটিবলৈ দিছিল নহয় ? কাজেই আপুনি অবুজ ৰজা , আপোনাৰ বুজ বিচাৰ নাই । আৰু আপুনি বাৰু মোক কাটিবলৈকে দিলে , এইবিলাক সভাসদ মন্ত্ৰীতো ইয়াতে বহিয়েই আছিল । কতা , এটায়ো দেখোন আপোনাৰ কথাত বাদ ধৰিব নোৱাৰিলে ? আপুনি যি কলে সেয়ে হল ; কাজেই ইহঁত আটাইখন বিবুজ মন্ত্ৰী । তাৰ পিছত কালি পহুৰ মূৰটো বান্ধিলে আহি পুতিবলৈ ধৰোঁতে , সেইটো নো কি , আপোনাৰ জীয়েকক কত সুধিলে তথাপি মই একো নকলো ; শেষত মোৰ গাত ধৰি শপত খালে বোলে ‘মই শপত খাই কৈছোঁ কাৰো আগত নুলিযাওঁ ।’ পিছে আজি ৰাতি পোৱাবলৈ নৌ পাওঁতেই সেইজনী তিৰোতাই সেই খবৰটো আপোনালোকক কবলৈ আপোনাৰ ঘৰত উলাইছিলগৈ নহয় ? এইজনী নটি , কিন্তু এইৰ গাত যিমান বুজ , যিমান বিচাৰ আছে , বোধকৰো মহাৰাজৰ সভাত বা নিজ মহাৰাজৰো সিমান ফেৰা বিচাৰ বিবেচনা নাই । মহাৰাজে মোক কাটিবলৈ দিছিল ; কিন্তু তাই সকলো কথা শুনি মহাৰাজৰ গাত দোষ দেখি আকৌ মোক ওভোতাই অনাৰ নিমিত্তেহে মই ইমান সময়লৈকে জীয়াই থাকিবলৈ পাইছোঁ । এওঁ মোক প্ৰাণ দিলে । সেইদেখি বেয়াৰ ভাল এই নটি ; আৰু ভালৰ বেয়া মহাৰাজৰ জীয়েক । আৰু ৰাজদুৱাৰৰ কুকুৰ – মহাৰাজৰ পদূলিমুখত থকা সেই পুৰণি বুঢ়া দুৱৰীটো । সি ডেকা বয়সত কাম কৰিলে , এতিয়া সি বুঢ়া হলত মহাৰাজে তাক খেদি দিলে । মহাৰাজ , হয় নে নহয় ভাবি চাওক । প্ৰশ্নকেইটাৰ উত্তৰ দিবৰ নিমিত্তেহে আপোনাৰ সৈতে ইমান দিন আছিলোঁ ; আজি গুচি যামগৈ । আপোনাৰ জীয়েকৰ মন গলে মোৰ লগত যাব পাৰে , মন নগলে থাকিব পাৰে ; এনেকুৱা তিৰোতাত মোৰ সকাম নাই । ”
মন্ত্ৰীৰ কথাত ৰজাই বৰ লাজ পালে । তাৰ পিছত তেওঁক তাত থাকিবলৈ ৰজাই বৰকৈ ধৰিছিল ; কিন্তু মন্ত্ৰীয়ে “মহাৰাজ ! মইতো পূৰ্বেই কৈছোঁ , প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈহে আপোনাৰ ইয়ালৈ আহিছিলোঁ । আৰু ইমান দিন আছিলোঁ , আৰু নাথাকো।’ মন্ত্ৰীয়ে এইবুলি কৈ সেইদিনা তাতে থাকি পিছদিনা ৰাতিপুৱাই ঘৈণীয়েকৰ সৈতে ৰজাৰ ওচৰত বিদায় লৈ আগৰ নিজৰ ঘৰলৈ গুচি আহিল । নিজৰ ৰজাক তেওঁ সকলো কথা কোৱাত ৰজা মন্ত্ৰীৰ ওপৰত বৰ সন্তুষ্ট হল আৰু বহুত ধন সম্পত্তি , মাটি বাৰী মন্ত্ৰীক ৰজাই বঁটা দিলে । মন্ত্ৰীয়ে শেষত বৰ সুখেৰে দিন কটাবলৈ ধৰিলে ।
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। অবুজ ৰজাৰ বিবুজ মন্ত্ৰীৰ কাহিনী এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। অবুজ ৰজাৰ বিবুজ মন্ত্ৰীৰ কাহিনী এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। অবুজ ৰজাৰ বিবুজ মন্ত্ৰীৰ কাহিনী এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।