সাত বিহু উৎসৱ | Nuton Puhar
চ’তৰ শেষত বহাগ আহে। এই বহাগে প্ৰকৃতি জগতকো এক বিনন্দীয়া ৰূপ আনি দিয়ে। এনে বিনন্দ প্ৰকৃতিৰ ৰহনীয়া ৰূপৰ মাজত ডেকা-গাভৰুৱে একেলগে গায়-
“চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি, ফুলিলে ভেবেলি লতা
কৈ থাকো মানে ওৰকে নপৰে ব’হাগৰ বিহুৰে কথা।

বহাগ বিহু মূলতঃ কৃষি উৎসৱ। এই কৃষি উৎসৱৰ লগত প্ৰজনন তত্ত্বও যে জড়িত হৈ আছে, তাক ক’ব পাৰোঁ। এই বহাগ বিহুৰ পৰম্পৰা আদিম যুগৰে পৰাই যে আমাৰ সমাজত প্ৰচলিত হৈ আহিছে তাক আমি বহাগ বিহুৰ ইতিহাসৰ পৰাই গম পাওঁ। লুইতৰ বিশাল সেউজীয়া ভূমিত অষ্ট্ৰিকসকলৰ বিকাশেই প্ৰথম বিহু উৎসৱৰ পাতনি মেলে বুলি অনুমান কৰা হয়। এই প্ৰসংগত লীলা গগৈৰ মতটো তাৎপৰ্যপূৰ্ণ- “অষ্ট্ৰিক সকলৰ উৰ্বৰা বিশ্বাস জড়িত মূল কৃষিভূমি উৎসৱটো বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শলৈ আহি সমৃদ্ধ ৰূপত বাৰেবৰণীয়া হৈ উঠিছে। কৃষি উৎসৱৰ লগত গৰু বিহু অৰ্থাৎ গো-পূজা, বিহুৱান দিয়া, মান-সৎকাৰ কৰা, নাম-কীৰ্ত্তন কৰা বা গোসাই বিহু পতা আদি অনুষ্ঠানো সংযোজিত হৈছে।” এইবোৰৰ উদ্দেশ্য হ’ল ৰাইজ, জীৱ-জন্তু, আৰু খেতি-বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা লোৱা।
বিহুৰ উৎসত্তি সম্পৰ্কে এটি সৰ্বসন্মত সিদ্ধান্ত আজিও কতোৱেই পোৱা নাযায়। পুৰণি অসমীয়া পুথি সমূহত কেতিয়াবা ক’ৰবাত “বিষুৱ” আৰু “বিহু” শব্দটো পোৱা যায়। কিন্তু উৎসৱ হিচাপে তাৰ বৰ্ণনা ক’তোৱেই পোৱা নাযায়। সম্ভৱতঃ সপ্তদশ শতিকাত এক মুছলমান ভ্ৰমণকাৰীয়ে থৈ যোৱা বৰ্ণনাই যেন বিহুৰ প্ৰথম বৰ্ণনা। এই মুছলমান ভ্ৰমণকাৰীজনে “নওৰোজ” নৱবৰ্ষত অসমৰ ৰাজধানীত পুৰুষ-মহিলা উভয়ে নৃত্য আৰু গীতেৰে যি ৰং-ধেমালি কৰিছিল তাৰ বৰ্ণনা সুন্দৰ ভাৱে দাঙি ধৰিছিল। ঢোল, পেপা, টকা আদি বাদ্যযন্ত্ৰৰ কথাও তেওঁ উল্লেখ কৰিছিল। তেওঁ আকৌ কৈছে যে, ডেকা-গাভৰুৰ মনৰ আদান প্ৰদানো এই সময়ত হয়। সম্ভৱতঃ আহোম ৰজা সকলে এই উৎসৱৰ পৰিপোষণ কৰি বিহুক এটি জাতীয় গঢ় দিয়াত সহায় কৰিছে। বিহুৰ পৰম্পৰা আছে। এই পৰম্পৰা যে আহোমসকলৰ দিনৰে পৰা জাতীয় ৰূপ লাভ কৰিছে তাত আমাৰ সন্দেহ নাই।

সাধাৰণতে ৰঙালী বিহুৰ উৎসৱকেই সাত বিহু বুলি ক’ব পাৰি। কাৰণ এই ৰঙালী বিহু এদিন এদিনকৈ সাতদিনলৈ সম্প্ৰসাৰিত হৈহে সাত বিহুৰ সৃষ্টি হৈছে। সেই কাৰণে সাত দিন ধৰি চলা বিহুকেই সাতবিহু বুলি কোৱা হয়।
এই সাত বিহু কেনেদৰে কেনেকৈ পালন কৰা হয় তাক তলত চমুকৈ আলোচনা কৰা হ’ল- সাত বিহুৰ প্ৰথম বিহুটোৰ নামেই হ’ল “গৰু বিহু”। এই বিহুৰ প্ৰধান উদ্দেশ্য হ’ল গো-সম্পদৰ সুৰক্ষা সাধন আৰু কুশল বা মংগল কামনা। গৰু বিহুৰ দিনাখন গৰুক গা-পা ধুৱাই লাউ-বেঙেনা খুৱাই দীঘলতি-মাখিয়তিৰে কোৱাই গধূলি জাগ দি নতুন পঘা দিয়াৰ লগতে সৰুৱে ডাঙৰজনৰ পৰা আশীৰ্বাদো লয়। গৰু বিহুৰ দিনা গোৱা গীত-
“গৰু বিহু দিনাখন ল’বা আশীৰ্বাদ,
তেহে পাবা বৈকুণ্ঠত ঠাই।”
সাতবিহুৰ দ্বিতীয় দিনাৰ বিহুটোৰ নামেই হ’ল “মানুহ বিহু”। মানুহ বিহুৰ দিনাখন মৰমৰ দীঘ দি চেনেহৰ বাণি বই হেপাহেৰে বোৱা, সপোনৰ ফুলেৰে ফুলামকৈ বোৱা বিহুৱান মূৰত লৈ ডেকাহতে বিহু মৰাৰ পাতনি মেলে, আৰু হুঁচৰি মাৰিবলৈ জয় যাত্ৰা আৰম্ভ কৰে। এনেদৰেই দ্বিতীয় দিনাৰ বিহু পালন কৰা হয়।
সাত বিহুৰ তৃতীয় দিনাৰ বিহুক “গোসাঁই বিহু” নামেৰে জনা যায়। এই বিহুৰ দিনা নামঘৰত গোসাঁইৰ নামত নৈবেদ্য আগবঢ়ায়। কোনো কোনো অঞ্চলত এই বিহুৰ দিনা গোসাঁইৰ নামত ঠগি আগবঢ়ায় গধূলি সময়ত নাম- কীৰ্ত্তনো কৰা দেখিবলৈ পোৱা যায়। এনেদৰে গোসাঁই বিহু পালন কৰা হয়।

সাত বিহুৰ চতুৰ্থ দিনা পালন কৰা বিহুক “ফাট বিহু” নামেৰে জনা যায়। ফাট বিহুৰ দিনা ডেকা-গাভৰু সকলে একলগহৈ বিহুগীত গায়, নৃত্য কৰে।
সাত বিহুৰ পঞ্চম দিনাৰ বিহুক “চেনেহী বিহু” বুলি কোৱা হয়। এই চেনেহী বিহুৰ দিনাখন ডেকা সকলে চেনেহীৰ স্মৃতি ৰক্ষাৰ কাৰণে গাভৰুহতৰ লগত নৃত্য কৰে, গীত গায় আৰু সেই স্মৃতি অন্তৰৰ গোপন কোণত লৈ ফুৰে বাবেই এই বিহুক “চেনেহী বিহু” বুলি কোৱা হয়।
Read Also: জগদ্ধাত্ৰী পূজা | Jagadhatri Puja
সাত বিহুৰ ষষ্ঠ দিনাৰ বিহুক “ৰঙালী” বিহু বুলি কোৱা হয়। এই ৰঙালী বিহুত ৰঙালীহত বা গাভৰুহত আছে বুলিয়েই বহাগৰ বিহু ৰঙালী বিহু। সেইকাৰণেই কিজানি এই বিহুত এনেদৰে গায়-
“আজি বিহু বিহু কালি বিহু বিহু,
বিহুৰে বিৰিণা পাত।
বিহু থাকে মানে বিহুকে বিনাবি,
বিহু গ’লে বিনাবি কাক।”
সাত বিহুৰ শেষৰ দিনৰ বিহুক “চেৰা বিহু” বুলি কোৱা হয়। সময়ক কোনেও বাধা দি ৰাখিব নোৱাৰে। সময়ৰ সোঁতত অতিকৈ চেনেহৰ ৰঙালী বিহু আহে আৰু সময়ত তাক বিদায় দিব লাগে। সাতদিনতকৈ অধিক দিন বিহুক ৰাখিব নোৱাৰি। উজনিৰ ফালে সাতবিহুৰ শেষৰ দিনা বৰগছৰ গুৰিত হাচতি আগবঢ়ায় বিহুক বিদায় দিয়ে বাবেই এই বিহুক “চেৰা বিহু” বোলে। তদুপৰি অসমৰ উজনি আৰু নামনি উভয়তে চেৰাবিহুৰ দিনা সাত-শাকী খোৱা প্ৰথা বৰ্তমানেও প্ৰচলিত হৈ আহিছে। এনে দৰেই সাত বিহু উৎসৱ পালন কৰা হয়।
আমি আশা কৰিছো সাত বিহু উৎসৱ | Nuton Puhar আপোনালোকক সহায় কৰিব। যদি আপোনাৰ সাত বিহু উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।