সাধুকথা: নুমলীয়া পো | Numoliya Pu Hadhu Kotha

সাধুকথা: নুমলীয়া পো | Numoliya Pu Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: নুমলীয়া পো, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: নুমলীয়া পোশিশুৰ বাবে কাহিনী

এহাল বুঢ়া-বুঢ়ী আছিল। বুঢ়া কালত সিহঁতৰ এটা ল’ৰা হ’ল। বুঢ়াই গুণিভাবি পুতেকৰ নাম কি থ’ব বিচাৰি নাপাই, গণকৰ হতুবাই নাম চোবাবলৈ এজন গণকৰ ঘৰলৈ গ’ল। গণকে বুঢ়াক সুধি-পুছি, তাৰ বুঢ়া কালত হোৱা আৰু একেবাৰেই নুমলীয়া দেখি ল’ৰাৰ নাম নোমল দিলে। বুঢ়াই গণকক পানী-গামোচা এখন আৰু এটা চৰতীয়া দি নামটো লৈ ঘৰলৈ উলতিল। বাটত আহোঁতে বুঢ়াই কেনেবাকৈ নামটো পাহৰে বুলি “নোমল নোমল” কৈ ৰিঙিয়াই আহিছিল। আহোঁতে লাহে লাহে তাৰ ভুল হৈ নোমলৰ ঠাইত “নেমেল নেমেল” ওলাবলৈ ধৰিলে। সি যাওঁতে এখন নৈৰ পাৰেদি গৈছিল। সেই নৈতে এজন সদাগৰে নাও বান্ধি আছিল। বুঢ়া আহি সদাগৰৰ নাৱৰ ওচৰা-উচৰি পাওঁতেই সদাগৰে তেওঁৰ নাওখন মেলিবলৈ নাৱৰীয়াহঁতক হুকুম দিলে। নাওৰীয়াহঁতে নাৱৰ গোজ উঘালি নাওখন মেলিবলৈ ধৰোঁতেই “নেমেল” “নেমেল” কৈ ৰিঙিয়াই যোৱা বুঢ়াৰ মাত শুনি সদাগৰক ক’লে-“দেউতা, ক’ৰবাৰ বুঢ়াই এটাই আমাক নাও মেলিবলৈ হাক দিছে।” নাৱৰীয়াহঁতৰ কথা শুনি সদাগৰে বুঢ়াক মতাই নি, সি কিয় নাও মেলিবলৈ হাক দিছে সুধিলে। 

Read Also: সাধুকথা: গঙাটোপ | Gonatup Hadhu Kotha

বুঢ়াই সদাগৰৰ কথাৰ উত্তৰ দিবলৈ গ’লে কিজানি সিফালে নামটো পাহৰি যায় কৰিবলৈ ধৰিলে। সদাগৰৰ খং উঠিল–“উস্‌ কটা! ইমান দিন ইয়াতে থাকি আজি দিন-বাৰ চাই নাওখন মেলিবলৈ হুকুম দিলোঁ, আপদীয়া এইটোৱে ক’ৰবাৰ পৰা আহি মোৰ শুভযাত্ৰাত বিঘিনি জন্মালে। কটা ধৰ ইয়াক” এই বুলি সদাগৰে নাৱৰীয়াহঁতক লগাই দি বুঢ়াক ভালকৈ এপিটন দিয়ালে। মাৰ খাই নেমেল বুলিবলৈ পাহৰি “নহ’বৰ হ’ল” “নহ’বৰ হ’ল” বুলিবলৈ ধৰিলে। বুঢ়াই “নহ’বৰ হ’ল” কৈ গৈ আছে। এনেতে সেই বাটেদিয়েই ভালকৈ সাজপাৰ পিন্ধি যোৱা মানুহ এটাক সি লগ পালে। মানুহটোৱে বুঢ়াই সেই “নহ’বৰ হ’ল” কথাটে৷ শুনি ভাবিলে, সি ভালকৈ ধুন-পেচ মাৰি সাজপাৰ পিন্ধি আহিছে দেখিহে বুঢ়াই তাক সেইদৰে হাঁহিছে। ইয়াকে ভাবি সি তাৰ হাতৰ লাখুটিডালেৰে বুঢ়াক  মাৰচেৰেক মাৰিলে। বুঢ়াই মাৰ ৰই, সেই “নহ’বৰ হ’ল” কথাবাৰকো পাহৰি “সিটোতকৈ ইটোহে চৰা” বুলি বাবলৈ ধৰিলে। এনেতে বুঢ়াৰ আগেদিয়েই দুটা গৰলীয়া মানুহ গৈছিল। সিহঁতে ভাবিলে বুঢ়’ই সিহঁতৰ গৰল দেখি সেইদৰে সিহঁতক হাঁহিছে। ইয়াকে ভাবি থং উঠি সিহঁত দুয়ো বুঢ়াক গুৰুলা-গুৰুলকৈ কিলালে। কিল খাই বুঢ়াই চুঁচৰি-বাগৰি কোনোমতে ঘৰ পালেগৈ৷ ঘৰ পাই সি তাৰ বুঢ়ীক বিপদৰ কথা ভাঙি ক’লে, বুঢ়ীয়ে বেজ্জাৰ কৰি বুঢ়াক সুধিলে, “বাৰু যি হ’ল হ’ল, এতিয়া গণকে দিরা নামটো কি কোৱাচোন ?” বুঢ়াই ক’লে–“কিলৰ তাপত মোৰ মনৰ পৰা নাম-কাম সোপাই পলাই গ’ল; মই নামটো পহৰিলোঁ। 

বুঢ়াৰ কথা গুনি বুঢ়ীয়ে ক’লে– “পাহৰিলা বদি পাহৰিলা, কি কৰিম।” ল’ৰাৰ নাম থোৱা হ’ল আৰু এতিয়া আমাৰ মাটিডৰা ৰুবৰ কাৰবাৰ কৰা ৷ বাৰীৰ চুকৰে মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠীয়া পাৰাগৈ যোবৱা।” “নুমলীয়াকৈ” কথাটো শুনিয়েই বুঢ়াৰ পুতেকৰ নামটো মনত পৰিল। বুঢ়াই তেতিয়া খঙত একোনাই হৈ বুঢ়ীক ক’লে—“হয়, তয়েই যদি মোৰ ল’ৰাৰ নামটো জান, তেন্তে মোক কিয় ইমানখন মাৰ-কিল খুৱালি?” এইবুলিয়েই বুঢ়াই ঘৈণীয়েকৰ পিঠিত ওঁ পাৰিলে।ইয়াৰ পিছত বুঢ়া-বুঢ়ীয়ে পুতেকৰ নাম নোমল দি খাই-বৈ থাকিল। আমি ঘৰলৈ গুচি আহিলোঁ।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: নুমলীয়া পো এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: নুমলীয়া পো এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: নুমলীয়া পো এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply