মহৰম | Muharram

মহৰম | Muharram

মুছলমান ধৰ্মাৱলম্বী লোক সকলৰ “মহৰম” হ’ল এটি মহান-পৱিত্ৰ পৰ্ব। “মহৰম” শব্দটো আচলতে মুছলমান সকলৰ এটা মাহৰ নাম। এই “মহৰম” মাহতেই এই পৰ্বটো পালন কৰা হয় বাবে ইয়াক “মহৰম” পৰ্ব বোলে। “মহৰম” পৰ্ব আচলতে ছিয়া সম্প্ৰদায়ৰ মুছলমানসকলে পালন কৰা পৰ্ব যদিও, এইপৰ্বৰ বিষাদ, কৰুণ স্মৃতিয়ে সমগ্ৰ মুছলমানকেই এই পৰ্বই আকৰ্ষণ কৰিব পাৰিছে। সেইফালৰ পৰা “মহৰম” পৰ্বক মুছলমান সকলৰ এক সাৰ্বজনীন পৰ্ব বুলিও অভিহিত কৰিব পাৰি।

“মহৰম” পৰ্ব পালন কৰাৰ মূলতে হ’ল- ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ নাতি হাচান আৰু হোচেনৰ ৰিদৈ বিদাৰক মৃত্যুৰ স্মৃতি উপলক্ষে এই পৰ্ব অনুষ্ঠিত কৰা হয়।

মহৰম 2

হজৰত মহম্মদৰ সৰু জীয়েক ফাতেমাক হজৰত আলিলৈ বিয়া দিছিল। ফাতেমাই দুটি পুত্ৰ সন্তানৰ জন্ম দিছিল। ডাঙৰ পুত্ৰজনৰ নাম আছিল হাচান আৰু সৰু পুত্ৰ জনৰ নাম হোচেন আছিল। হাচান-হোচেনৰ পিতৃ হজৰত আলি মদিনাৰ খলিফা আছিল। “খলিফা” মানে হ’ল ইছলাম ধৰ্মৰ সৰ্বোচ্চ পদ। হজৰত আলি খলিফা হৈ থকাৰ সময়ত চিৰিয়াৰ শাসনকৰ্তা মাবিয়াই হজৰত আলি খলিফা পদত অধিস্থিত হোৱা কাৰণে মাবিয়াই হজৰত আলিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে। ঠিক সেইসময়ত হজৰত আলিয়ে মদিনাৰ ৰাজধানী কুফা নগৰলৈ যাওঁতে বাটতে গুপ্তঘাতকৰ হাতত মৃত্যু মুখত পৰে। সেই কাৰণে কুফাবাসীসকলে হজৰত আলিৰ ডাঙৰ পুত্ৰ হাচানক মদিনাৰ খলিফা পদত অধিষ্ঠিত কৰে। এই সময়তো হিংস্ৰ প্ৰকৃতিৰ মাবিয়াই মদিনাৰ খলিফা পদ লাভ কৰিব নোৱাৰি ঈৰ্ষাত হাচানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। মাবিয়াৰ দূৰন্ত, হিংস্ৰ প্ৰকৃতিৰ সৈন্য-সামন্তৰ আগত শান্ত-সমাহিত হাচানৰ সহজ-সৰল সৈন্যবোৰ মাবিয়াৰ সৈন্যৰ হাতত অস্থিৰ হৈ পৰিল। সেই কাৰণে বাধ্য হৈ হাচানে মাবিয়াৰ লগত সন্ধিৰ প্ৰস্তাৱ দিলে। এই সন্ধিৰ চুক্তিমতে হাচানে খলিফা পদ ত্যাগ কৰিব আৰু মাবিয়া খলিফা পদত অধিষ্ঠিত হ’ব। এইখিনিতে সন্ধিৰ চুক্তি পত্ৰত আৰু এটি চুক্তি থাকিল সেইটো হ’ল- মাবিয়াৰ মৃত্যুৰ পিছত হাচানৰ সৰু ভায়েক হোচেনেহে খলিফা পদ লাভ কৰিব। ইয়াৰ বিপৰীতে মাবিয়াৰ অত্যাচাৰী, চৰিত্ৰহীন, ধৰ্মহীন পুত্ৰ এজিদে এই চৰ্তত মান্তি নহৈ এদিনাখন এই এজিদৰ কুমন্ত্ৰণাতেই ইমান হাচানক গোপনে বিহ খুৱাই হত্যা কৰে।

ইফালে মাবিয়াই সন্ধিৰ চুক্তিমতে হাচানৰ মৃত্যুৰ পিছত হোচেনক খলিফা পদত অধিষ্ঠিত নকৰি বৰ্বৰ, অত্যাচাৰী পুত্ৰকহে খলিফা পদত অধিষ্ঠিত কৰিলে। এজিদ খলিফা পদত অধিষ্ঠিত হোৱাৰ কাৰণে মক্কা, মদিনা আৰু কুফাৰ লোক সকলে মদপী, অত্যাচাৰী, বিশ্বাসঘাতক এজিদ খলিফা হোৱাত কোনেও সন্তুষ্ট নহ’ল। ইয়াৰ প্ৰধান কাৰণ হ’ল এজিদ এজন চৰিত্ৰহীন লোক, তেওঁ খলিফা পদটো কেতিয়াও উত্তৰাধিকাৰী ৰূপে পাব নোৱাৰে, খলিফা পদটো সৰ্বসাধাৰণ লোকসকলেহে নিৰ্বাচিত কৰিব লাগে। এনেবোৰ কাৰণতে এজিদৰ লগত হোচেনৰ তীব্ৰ বিৰোধৰ সৃষ্টি হ’ল। এই বিৰোধৰ ফলস্বৰূপেই হোচেন আৰু এজিদৰ মাজত যুদ্ধ আৰম্ভ হ’ল।

Read Also: আলি আই লৃগাং উৎসৱ | Ali – Ai – ligang Festival

সেই সময়ত কুফাৰ অধিবাসীসকলে দুৰ্দান্ত, হিংস্ৰ, চৰিত্ৰহীন, ধৰ্মহীন, মহাঅত্যাচাৰী, মদপী, নৃশংস এজিদৰ পৰা মুক্তি পাবৰ কাৰণে হোচেনৰ সহায় বিচাৰিলে। কুফাবাসীৰ সহায়ৰ কাৰণে হোচেনে এজিদক পৰাভূত কৰাৰ মানসেৰে লগত কিছু সৈন্য সামন্তলৈ নিজৰ ল’ৰা তিৰোতা আদিৰ সৈতে কুফালৈ যাত্ৰা আৰম্ভ কৰিলে। কিন্তু তেওঁ কুফা গৈ নাপালে। হোচেনৰ লগত যোৱা সৈন্য-সামন্তসহ তেওঁলোক ইউফ্ৰেটিছ নৈৰ পশ্চিমপাৰৰ নগৰৰ এজিদৰ গৱৰ্ণৰ জেনেৰেল নৰ-পিশাচ ওৱায়দুল্লাই কাৰবালাতেই ইউফ্ৰেটিছ নৈৰ পাৰত তেওঁ লোকক আৱদ্ধ কৰি ৰাখিলে।

ইফালে মদিনা চহৰৰ পৰা যোৱা পৰিশ্ৰমৰ ক্লান্তি, আনফালে ভোকে পিয়াহে আতুৰ হৈ পৰা হুচেনৰ পৰিয়ালবৰ্গ আৰু লগত যোৱা সৈন্য-সামন্তৰ মাজত পানীৰ কাৰণে হাহাকাৰ লাগিল। তেওঁলোকক আৱদ্ধ কৰি ৰখা ঠাইৰ ওচৰতে ইউফ্ৰেটিছ নৈখন পৰিপূৰ্ণ আছে; অথচ তেওঁলোকে এটুপি পিয়াহৰ পানীও খাবলৈ পোৱা নাই। তেওঁলোকৰ মাজৰ বহুতেই পানীৰ পিয়াহত মৃত্যু বৰণ কৰিলে। এনেকুৱা অৱস্থাত উপায়হীন হৈ হোচেনে লগত তাকৰীয়া সৈন্য লৈ এজিদৰ বিপুল সৈন্য বাহিনীৰ লগত যুদ্ধত অৱতীৰ্ণ হ’ল যদিও হোচেনৰ সৈন্য বাহিনী এজিদৰ সৈন্য বাহিনীৰ হাতত ছহিদ হ’বলৈ ধৰিলে।

বৰ পৰিতাপৰ কথা, হোচেনৰ মাকৰ পিয়াহ খোৱা কেচুৱা পুতেক আলি আছগৰে মাকৰ বুকুৰ মাজত গাখীৰ খাবলৈ নাপাই পিয়াহত আতুৰ হৈ পৰিল। হোচেনে কোনো ধৰণৰ উপায় নেদেখি মুমূৰ্খ অৱস্থাত কেচুৱাটোক কোলত লৈ নিজৰ জিভাখন কেচুৱাৰ মুখত দি শক্ৰ এজিদৰ সৈন্যৰ দুৱাৰমুখত থিয় হৈ এটুপি পানীৰ বাবে ভিক্ষা মাগিলে। হোচেনৰ এই ভিক্ষাৰ বিপৰীতে এজিদৰ সৈন্যই হোচেনৰ কোলাত পিয়াহত আতুৰ হৈ থকা পুত্ৰক এপাট শৰেৰে হত্যা কৰি ভিক্ষা দিলে এজিদৰ হিংস্ৰ সৈন্যই। হোচেনে ঘটনাটো সপোন নে দিঠক ধৰিব নোৱাৰি থৰক বৰককৈ কপা হাতেৰে মৃত পুত্ৰৰ ৰক্তাক্ত দেহাটি মাকৰ কোলাত তুলি দিলে। এফালে বিষাদৰ জুই আনফালে এজিদৰ নৰ-পিশাচ সৈন্যবোৰ পৈশাচিক আনন্দত উন্মত্ত আৰু মতলীয়া।

উপায়হীন হোচেনে তপত চকুলোৰে বন্ধু-বান্ধৱ, আত্মীয়স্বজন সকলৰ মৃত্যু যন্ত্ৰণা চকুৰ আগত দেখি তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে মহান কৰুণাময় আল্লাৰ ওচৰত দোৱা মাগিলে। হোচেনৰ নিজৰ ৰুগীয়া পুতেক এজন, ছোৱালী এজনী, শোকত আতুৰ হৈ থকা ঘৈণীয়েক আৰু আধা মৰা কৈ জীয়াই থকা লগৰ বন্ধু-বান্ধৱ সকলোকে আল্লাৰ ওচৰত গতাই দিলে। ঠিক এনে সময়তে এজিদৰ শক্ৰ সৈন্য আহি হোচেনৰ শিৰচ্ছেদ কৰি যাঠিত মূৰটো বিন্ধাই লৈ যায় আৰু পৰিয়ালৰ জীয়াই থকা আন সদস্যবোৰক বন্দী কৰি এজিদৰ হাতত গতাই দি এজিদৰ খলিফা পদ নিষ্কণ্টক কৰিলে।

কাৰবালাৰ বুকুত এই ৰিদৈ বিদাৰক ঘটনা সংঘটিত হৈছিল মুছলমান সকলৰ মহৰম মাহৰ দহ তাৰিখে। সেই কাৰণে প্ৰতি বছৰে মহৰম মাহৰ দহ তাৰিখে মুছলমানসকলে বিশ্বৰ ইতিহাসৰ কৰুণতম মৰ্মস্পৰ্শী ঘটনাটোক স্মৰণ কৰি এই পৰ্ব পালন কৰে। মুছলমান ধৰ্মপ্ৰাণ ৰাইজে এই দিনটোত লঘোণে থাকি, নামাজ পঢ়ি, কোৰাণ পঢ়ি কাৰাবালৰ ছহিদসকলৰ আত্মাৰ সদগতিৰ কাৰণে মাহন আল্লাৰ ওচৰত দোৱা মাগে বা প্ৰাৰ্থনা জনায়।

মহৰম 3

মহৰমৰ দিনাখন ছিয়া সম্প্ৰদায়ৰ লোকসকলে সেইদিনা কবৰৰ আকৃতিত কাগজ, কাৰ্টুন আদিৰে ৰং-বিৰঙৰ তাজিয়া সাজি “হায় হোচেন, হায় হোচেন” বুলি বুকুত ভুকুৱাই-ভুকুৱাই শোকৰ গীত গায় আৰু হুক-হুকাই কান্দে, বিলাপ কৰে। ইয়াৰ উপৰি কিছুমানে কাৰবালাৰ যুদ্ধৰ অনুকৰণৰ হাতত তৰোৱাল, লাঠি, জোং, শৰ আদিৰে যুদ্ধাভিনয় দেখুৱাই সমদল উলিয়ায়। এই সমদলে যেন হাচান আৰু হোচেনৰ কৰুণ গাথা জনমানসৰ মনত প্ৰকট হৈ উঠে। 

হাচান-হোচেনৰ কৰুণ গাথাক লৈ অনুষ্ঠিত কৰা “মহৰম” পৰ্বই জগত সভাত হাচান-হোচেনৰ ন্যায়, সত্য আৰু ধৰ্মৰ কাৰণে আত্মহত্যাগ কৰা মহান আদৰ্শৰ প্ৰতীক। এই পৃথিৱীৰ সমগ্ৰ মানৱ জাতিয়ে হাচান আৰু হোচেনৰ মহান আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই জগতৰ পৰা অন্যায়, ভ্ৰষ্টাচৰ, দুৰ্নীতি, অত্যাচাৰ, দুখ-কাৰুণ্য-বিষাদ আদি আতৰাই সত্য আৰু ধৰ্ম ৰক্ষাৰ কাৰণে সকলোৱে আত্মত্যাগ কৰিব পাৰিলেহে কাৰবালাৰ ছহিদ্ সকলে আত্মতৃপ্তি পাব। ছহিদৰ তেজৰ মূল্য দিব পাৰিলেহে মানৱে মুক্তি পাব। সেই কাৰণে আমি সকলোৱে ছহিদৰ আত্মত্যাগৰ অনুপ্ৰেৰণাৰ দ্বাৰা পৰিচালিত হৈ জীৱন নিয়াব পাৰিলে আনবোৰেও মুক্তি পায় আৰু নিজেও মুক্তি লাভ কৰে।

আমি আশা কৰিছো মহৰম | Muharram আপোনালোকক সহায় কৰিব। যদি আপোনাৰ মহৰম সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply