বান্দৰ আৰু শিয়ালৰ গল্প | Monkey And Fox Hadhu Kotha

বান্দৰ আৰু শিয়ালগল্প | Monkey And Fox, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, বান্দৰ আৰু শিয়ালগল্প, সাধুকথা, অসমীয়া কাহিনী, বান্দৰ আৰু শিয়ালগল্পশিশুৰ বাবে কাহিনী

এটা শিয়াল আৰু এটা বান্দৰ আছিল। সিহঁতে দুয়াে সখি পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে। এদিন সিহঁতে কত কি খাবলৈ পাওঁ ভাবি হাবিৰ মাজৰ ৰাজআলি এটাৰ কাষত লুকাই আছিল। এনেতে সেই বাটেদি গােটাচেৰেক মানুহে বিয়াৰ গাখীৰ – গুড় , কল – কুঁহিয়াৰ ভাৰ বান্ধি লৈ যােৱা দেখিলে। তাকে দেখি শিয়ালে বান্দৰক ক’লে— “ সখি ! সেই মনুহকেইটাই লৈ যােৱা বস্তুবােৰ খাব লাগিল। এতেকে এটা বুধি উলিওৱা যাওঁক । তুমি অলপ দূৰতে বাটৰ কাষৰ জোপা এটাৰ ভিতৰত লুকাই থাকা। মই এইখিনিৰ জোপা এটাতে লুকাই থাকোঁ । সিহঁতে যেতিয়া আহি আমাৰ ওচৰ পাবহি , মই মাতিম “ হােৱা ” আৰু তুমি মাতিবা “ খােৱা ” । দেখিবা , সিহঁতে হঠাৎ আমাৰ “ হােৱা ” “ খােৱা ” শুনিলে ভয় খাই বস্তু পেলাই লৰ মাৰিব । 

বান্দৰে আৰু শিয়ালে এই বুদ্ধ আলচি লুকাই থাকিল । মানুহকেইটা আহি ওচৰ পালে , “ হােৱা ” “ হােৱা ” আৰু “ খােৱা ” “ খােৱা ” কৰিলে বাঘ কি ভালুক আহিছে বুলি মানুহকেইটা ভয় খাই ভাৰ – মােৰ তাতে পেলাই এৰি থৈ ভিৰাই লৰ মাৰিলে । মানুহকেইটাই পিয়াপি দি লৰ মৰা দেখি শিয়াল আৰু বান্দৰে ৰঙত দেওদোপাল পাৰি ভাৰৰ বস্তুবােৰ লৈ গৈ হাবিত সুমুৱালে । বান্দৰে শিয়ালক ক’লে– “ সখি , আমি বস্তুবােৰ ইয়াতে খাবলৈ বহিলে যদি সেই মানুহকেইটাই সিহঁতৰ বস্তু বিচাৰি উভতি আহে , তেন্তে আমাক ইয়াতে পালে মাৰি আধ্যা কৰি বস্তুবােৰ কাঢ়ি লৈ গুচি যাব । এতেকে এটা কাম কৰা যাওঁক মই বস্তুবােৰ লৈ এই ওখ গছজোপাৰ ওপৰত উঠো আৰু তুমি তলতে থাকা , তুমিতাে আৰু গছত উঠিব নাজানা । ওপৰত মােৰ ভাগ বস্তু মই খাম আৰু তােমাৰ ভাগৰ  বস্তুবােৰ মই এটা এটাকৈ তললৈ পেলাই দি থাকিম । এতেকে তুমি মােক বস্তুবােৰ দাঙি দিয়া , মই ওপৰলৈ তুলি নিওঁ । ” এই কথাত শিয়াল মান্তি হৈ বস্তুবােৰ দাঙি বান্দৰক দিবলৈ ধৰিলে আৰু বান্দৰে তুলি গছৰ ফেৰেঙনিত থ’বলৈ ধৰিলে । সকলােখিনি বস্তু থানথিত লগাই থৈ আঁতাই বান্দৰে গছৰ ডালত বহি মহা সুখে নিশ্চিত মনেৰে হেঁপাহ পলুৱাই খাবলৈ লাগিল । শিয়ালে গছৰ তলৰ পৰা মাত লগালে– “ সখি ! মােৰ ভাগ ক’তা ? ” বান্দৰে কল খাই বাকলিটো তললৈ পেলাই দি ক’লে–“সখি চাবা, সেইটি কল গৈছে ধৰিবা।” গাখীৰ খাই চুঙা আৰু টেকেলি তললৈ পেলাই দি ক’লে–সখি চাবা, তোমাৰ ভাগৰ গাখীৰ গৈছে ধৰিবা।” কুঁহিয়াৰ খাই চোবা তললৈ পেলাই দি ক’লে–“সখি চাবা, কুঁহিয়াৰ গৈছে ধৰিবা।” এইদৰে বান্দৰে শিয়ালক ফাকি দি সকলোবোৰ বস্তু খোৱা দেখি শিয়ালে খঙত গছৰ গুৰিকে কামুৰি আৰু মাটি আঁচৰি-পিজুৰি মনৰ দুখ মনতে লৈ তাৰ পৰা গুচি গ’ল। 

Read Also: মেকুৰীৰ জীয়েকৰ সাধু | Mekurir Jiyekor Hadhu

এদিন বান্দৰে শিয়ালক এবাহ টেকেলীয়া কোদোৰ ওচৰতে বহি থকা দেখি ওচৰ চাপি সুধিলে–“সখি! কি কৰিছা ?” শিয়ালে উত্তৰ দিলে– “এ সখি, কিনো কম দেওহে, ৰজাই মোক দবাৰখীয়া পাতিছে, সেইদেখি ৰজাৰ এই দবাটো ৰখি আছোঁ।” বান্দৰে ক’লে–“সখি, এচাপৰ বাওঁ দিয়াহে?” শিয়ালে উত্তৰ দিলে–“নোৱাৰোঁ দিব সখি। ৰজাই শুনিলে মোক কাটি দোমঘোৱা কৰিব। তুমি শুনা নাইনে, নবজাওঁতেই গোঁগোঁৱাইআছে?” বান্দৰে ক’লে–“নহয় সখি! লাহেকৈ এচাপৰ বাওঁ দিয়া, ৰজাই নুশুনে। মোৰবৰ মন গৈছে।” শিয়ালে “বাৰু সখি, তোমাৰ কথানো পেলাওঁ কেনেকৈ, লাহে লাহে চাপৰ দিয়েকো বোৱা!” এইবুলি বান্দৰক কৈ শিয়াল সাউতকৰে আঁতৰ হ’ল।বান্দৰে হৰিষত কোদোৰ বাহত চাপৰ মাৰিলে গোটেইবোৰ টেকেলীয়া কোদোৱে তাৰ হাতে-ভৰিয়ে, গায়ে-মুখে উবুৰি খাই পৰি কামুৰিবলৈ ধৰিলে আৰু বান্দৰৰ মুখ উখহি দোন যেন হ’ল। বান্দৰে তৃত নাপাই বাগৰি-জুগৰি, চিঞৰি-বাখৰি শিয়াল ‘ সখিয়েকক মাতিলে, “সখি! সখি! আহা, মই মৰিলোঁ।” শিয়ালে দূৰৰ পৰা উত্তৰ দিলে– “কলটো খাই যে মোলৈ বাকলিটো পেলাই দিছিলি তাৰ উপকাৰ কৰিলোঁ।” বান্দৰে মাতিলে– “সখি! মোক ৰাখা! মই মৰিলোঁ ।” শিয়ালে উত্তৰ দিলে– “গাখীৰ খাই যে শুদা টেকেলিটো মোলৈ পেলাই দিছিলা তাৰ হোৰ তুলিলোঁ।” বান্দৰে মাতিলে–“সখি আহা এঁ ৷ মই মৰিলোঁ।” শিয়ালে– “কুঁহিয়াৰ খাই যে চোবা পেলাই দিছিলা তাৰ পোটক তুলিলোঁ” এইবুলি কৈ বান্দৰক তাতে এৰি আঁতৰি গুচি গ’ল। 

ইয়াৰ বহুত দিনৰ পিছত বান্দৰে এদিন দেখিলে শিয়ালে এডৰা বেজকচু ৰখি বহি আছে। বান্দৰে তেতিয়া সেই কোদোৰ কথা একেবাৰেই পাহৰি গৈছিল। সি ওচৰ চাপি আহি শিয়ালক সুধিলে– “সখি! কি কৰিছা? সেইডৰা কি?’ শিয়ালে হাঁহিমুখে বান্দৰৰ ফালে চাই মাত লগালে– “এইডৰা ৰজাৰ পুৰা কুহিয়াৰ। মোক ৰজাঘৰৰ পৰা ৰখীয়া পাতিছে দেখি ৰখি আছোঁ। কিনো কৰিম দেওহে, ৰজাৰ হুকুম।” কুঁহিয়াৰৰ নাম শুনিয়েই বান্দৰৰ মুখৰ পানী ওলাল। বান্দৰে ক’লে– “সখি! মোক সৰু চাই এডালি খাবলৈ দিবা নে? ” শিয়ালে উত্তৰ দিলে– “আও, তুমিনো কি কোৱাহে ? ৰজাৰ কুঁহিয়াৰ মই তোমাক তেনেকৈ খাবলৈ দিওঁ? ৰজাই শুনিলে মোকতো মাৰিবই, পেটৰ পোৱালিকো ছিৰি মাৰিব।” লুভীয়া বান্দৰে আকৌ ক’লে– নহয় সখি! মোৰ বৰ মন গৈছে। এডালি মনে মনে খাবলৈ দিয়া। ৰজাই গম নাপায়। ” শিয়ালে ক’লে–“খাব খুজিছা খোৱা, তেহেলৈ মোৰ যি হয় হ’ব, কিন্তু এডালিৰ বেছি নহয়।” শিয়াল অনুমতি পোৱা মাত্ৰকতে খকুৱা বান্দৰে ডাঙৰ কচু এডাল ভাঙি আনি লৰালৰিকৈ চোবাবলৈ ধৰিলে। তৎক্ষণাৎ বেজকচুৱে তাৰ মুখ খজুৱাই তত হেৰুৱাই দিলে আৰু সি চিঞৰি গছৰ পাত সৰাই শিয়ালক মাতিবলৈ ধৰিলে “সখি! মোক ৰাখা। মই মৰিলোঁ।” শিয়ালে উত্তৰ দিলে–“কল খাই যে বাকলিটো মোলৈ পেলাই দিছিলা তাৰ উপকাৰ কৰিলোঁ। ” বান্দৰে মাতিলে–“সখি! মৰিলোঁ। ” শিয়ালে উত্তৰ দিলে– “কুঁহিয়াৰ খাই মোলৈ চোবা পেলাই দিয়াৰ হোৰ তুলিলো।” বান্দৰে মাতিলে–“সখি। মোক ৰক্ষা কৰা, মৰিলোঁ।” শিয়ালে “গুড় খাই টেকেলিটো মোলৈ পেলাই দিয়াৰ পোটক তুলিলোঁ” বুলি তাৰ পৰা গুচি গ’ল। এই ঘটনাৰ অনেক দিনৰ পিছত এদিন বান্দৰে ফুৰি-চাকি ফুৰোঁতে দেখিলে যে শিয়ালটো এটা পুৰণি পাটনাদৰ ওচৰত বহি আছে। পাটনাদৰ মুখখন মকৰাজালে ঢাকি থৈছিল। বান্দৰে আগৰ দুৱাৰৰ কথা একেবাৰেই পাহৰি গৈ শিয়ালক সুধিলে– “সখি কি কৰিছা ?” শিয়ালে– “এ সখি কিনো ক’বা,ৰজাৰ ঘৰৰ এটা বিষয় মোৰ গাত সদায় লাগিয়েই আছে। ৰজাৰ এইখন কুঁৱৰীৰ যৌতুকত পোৱা দোলাৰ মোক ৰখীয়া পাতিছে, ৰখি আছোঁ। ” বান্দৰে ক’লে–“ৰজাৰ দোলাত উঠিবলৈ বৰ সুখ; নহয়নে সখি ? কেনেকুৱা এবাৰ মই উঠি চাওঁ দিয়াচোন৷” শিয়ালে ক’লে– “নোৱাৰোঁ দিব দেওহে, ৰজাই কেনেবাকৈ দোলাত কোনোবা উঠাৰ চিন পালে মোক আজৰি কৰিব। ” বান্দৰ– “কি চিন পাবহে? লাহেকৈ উঠি নামি যাম।দিয়া মোক সখি! এবাৰ উঠি চাবলৈ দিয়া!” “যদি নেৰা, উঠিব খুজিছা, তেন্তে কোনেও নেদেখোতেই বেগতে উঠা”বুলি শিয়ালে ক’লে। বান্দৰে ৰজাঘৰীয়া দোলাত গা ঘেলাই সুখ পাবলৈ তৎক্ষণাৎ টোৱাই ভিৰাই জাঁপ মাৰি দি তাত পৰিলে, মকৰাৰ জাল বিদাৰি গৈ বান্দৰ নাদত পৰি মৰিল।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। বান্দৰ আৰু শিয়ালগল্প এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। বান্দৰ আৰু শিয়ালগল্প এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে বান্দৰ আৰু শিয়ালগল্প এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply