মহোহো উৎসৱ বা মহ – খেদা উৎসৱ | Moho – Ho – Geet
নামনি অসমৰ কামৰূপ জিলাৰ অতি জনপ্ৰিয় এই উৎসৱ। এই উৎসৱ বিশেষকৈ গাঁৱৰ ডেকাবোৰে গধূলি সাজ লগাৰ পিছত এক লগ হৈ মানুহৰ ঘৰে ঘৰে গৈ পালন কৰে। এই উৎসৱত মানুহৰ পৰম শক্ৰ মহ খেদিবৰ বাবে হাতে হাতে ডেকাবোৰে টোকোন, থোৰোকা আদি লৈ নাচি-নাচি, ঘূৰি-ঘূৰি মহ খেদে।
আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি এই উৎসৱ পালন কৰা হয়। মানুহৰ অপায়-অমংগলৰ প্ৰতীক মহবোৰক খেদিবৰ বাবে মানুহৰ ঘৰৰ চোতালে-চোতালে মহ-খেদা গীত গায় গাঁৱৰ ডেকাসকলে। এই উৎসৱৰ প্ৰকৃত মহত্ব হ’ল অপায়-অমংগল দূৰ কৰি লাখিমীক আদৰাৰহে অনুষ্ঠান।
মহখেদা উৎসৱৰ দিনাখন মহ খেলিবলৈ অহা ডেকাবোৰে গৃহস্তৰ ঘৰৰ চোতালত ঘূৰণীয়াকৈ থিয় হয়। তেওঁলোকৰ মাজৰ কোনোবা জনে হাতত থকা টোকোনডাল হেলনীয়া কৰি দিয়ে আৰু বাকীসকলে টোকোন ডালত কোবাই কোবাই গীত গাবলৈ লয়। সিহঁতৰ মাজৰ কোনোবাজনে গীত আৰম্ভ কৰে আৰু বাকীবোৰে তেওঁৰ লগে লগে গীত গাবলৈ লয়। এনেদৰে-
“মহোহো, মহোহো
মহখেদিব যাবি কোন
মহ গেল মামা থেক
হিদল পোৰা খায়ে….”

এনেদৰে টোকোনৰ কোবৰ তালে তালে ঘূৰি ঘূৰি গোৱা গীত সমূহে গৃহস্থবোৰক যথেষ্ঠ আমোদ দিয়ে। নামনি অসমৰ কিছুমান অঞ্চলত মহ খেদা দলটোৰ কোনোবা এজনক বহুৱা নটুৱা হিচাপে সজাই পৰাই লোৱা দেখিবলৈ পোৱা যায়। মহ খেদা দলটোৱে আকৌ গাবলৈ লয়-
“বাহৰ পাত চিকি মিকি
আমাক লাগে সিকি।
বাহৰ পাত পকা
আমাক লাগে টকা….।”
তদুপৰি তেওঁলোকে গৃহস্থৰ ভৰাল লখিমীৰে পৰিপূৰ্ণ হ’বলৈ গায়-
“আঘোণৰ জোনাক ৰাতি
লখিমীক দিবা বাতি
ভৰালত থাকিব ধান
বছৰটো ৰাখিবা মান।
“মহোহো উৎসৱ বা মহ-খেদা উৎসৱ” আমি যিয়েই নোবোলো কিয়, এই উৎসৱ যে মূলতঃ আঘোণৰ লখিমী আদৰা উৎসৱ তাক আমি নি:সন্দেহে ক’ব পাৰো। মহ খেদা গীতত আছে-
“ওৰো ওৰো ধৰণী
মা-লক্ষ্মী ধৰণী,
মা-লক্ষ্মী পীতাম্বৰ
ভৰাল ভৰি
ভৰি পৰ।”
এনেদৰে নাচি-বাগি গীত গোৱা শেষ হ’লে দলটোক গৃহস্থই টকা বা চাউল দি সেৱা কৰে। মাননি দিয়াৰ পিছত মহ-খেদা দলটিয়ে গৃহস্থক আৰ্শীবাদ দিয়ে এনেধৰণে-
“ভৰালত ধান হউক।
গোহালিত গৰু হউক।।
পো-বেটী কুশলে থাকোক।
সুখ শান্তিৰে ভৰি পৰোক।।”
এই উৎসৱ পালন কৰোঁতে কোনো অঞ্চলত মহ-খেদা দলটিয়ে লগত বাদ্যযন্ত্ৰ লৈ গৈয়ো গৃহস্থৰ চোতালত মহখেদা গীত গোৱা দেখিবলৈ পোৱা যায়। এই গীত সম্পৰ্কে অসমীয়া সমাজত এটি প্ৰবাদ আছে- “এই উৎসৱ টোকোন কোবোৱা গৰখীয়াৰ উৎসৱহে।” এই উৎসৱত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰাত কোনো বাধা নাই।
গাঁৱৰ গৰখীয়া ডেকা-বোৰে মহ-খেদি গৃহস্থৰ ঘৰে ঘৰে গৈ পোৱা মাননিৰে তেওঁলোকে একেলগ হৈ নিৰ্দিষ্ট এটা দিনত হাঁহি আৰু আনন্দ মনেৰে দলভাত বা লগ-ভাত খায়। এনেদৰে এই উৎসৱ পালন কৰা হয়।
আমি আশা কৰিছো মহোহো উৎসৱ বা মহ – খেদা উৎসৱ | Moho – Ho – Geet আপোনালোকক সহায় কৰিব। যদি আপোনাৰ মহোহো উৎসৱ বা মহ – খেদা উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।