মেকুৰীৰ জীয়েকৰ সাধু | Mekurir Jiyekor Hadhu, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, মেকুৰীৰ জীয়েকৰ সাধু, সাধুকথা, অসমীয়া কাহিনী, মেকুৰীৰ জীয়েকৰ সাধু , শিশুৰ বাবে কাহিনী
এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল। মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যােৱাত গিৰিহঁতনীয়ে উত্তৰ দিলে–“আই হে, তই চপাই কেঁচাই আনি দিলেহে মই খাবলৈ দিব পাৰোঁ, নহ’লেনাে মই ক’ৰপৰা দিম?” ইয়াকে শুনি মেকুৰীজনীয়ে সেইদিনাখনৰ পৰা অইনৰ ঘৰৰ পৰা দূৰতাৰি কৰি বা ডকাহকা দি কোনােৰকমে মাছ আনি দিবলৈ ধৰিলে। ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি-বাঢ়ি খাই মেকুৰীজনীক খালি কাঁহটবােৰ খাবলৈ দিলে। সেইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নেপায় । ইয়াতে তাইৰ মনৰ বৰ বেজাৰ লাগি গিৰিহঁতনীক শাও দিলে– “মােৰ পেটত যি আছে তাইৰ পেটলৈ যাওঁক আৰু তাইৰ পেটত যি আছে মােৰ পেটলৈ আহঁক। ” ইয়াৰ কিছুদিনৰ পিছতে সঁচাসচিকৈয়ে গিৰিহঁতনীয়ে দুটা মেকুৰী পােৱালি পালে আৰু মেকুৰীয়ে ছােৱালী দুজনী পালে। আতৌ-পুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনােৰকমে ডাঙৰ কৰিলে। ছােৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতে মাছগাখীৰ ইত্যাদি বিচাৰি যায়। ছােৱালী দুজনী জনা হ’ল সিহঁতে এদিন মাকক ক’লে “আই, তুমি যদি গাঁৱলৈ যাওঁতে কোনােবাই মাৰি থয়, তেনেহ’লে আমি তেনেকৈ জানিম আৰু কি কৰিম?” তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ ক’লে–“যদি মােক কোনােবাই মাৰে, তেন্তে মই তুলসীজোপা জয় পৰিব আৰু গাখীৰমলা ক’লা হ’ব। তেতিয়া তহঁতে মােক বিচাৰি যাবি।” ইয়াৰ দিনদিয়েকৰ পিছত তুলসীজোপা জয় পৰিল আৰু গাখীৰমলা কেহেৰাজ বৰণীয়া হ’ল। তেতিয়া মাকৰ কিবা হ’ল বুলি জানি কান্দি-কাটি ছােৱালী দুজনীয়ে মাকক বিচাৰি গ’ল। সিহঁতে ভালেমান দূৰ গৈ ভনীয়েকৰ পিয়াহ লাগিল পানী বিচাৰি যাওঁতে আগতে এখন নৈ পালেগৈ। নৈৰ গৰাতে
ভনীয়েকক থৈ বায়েকে পানী আনিবলৈ নামি গ’ল।
তাৰ অজিলিদিয়ে নিজে খাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই গ’ল আৰু জলকোঁৱৰে মাত লগালে–“যদি তােমাৰ হাতৰ আঙঠিটো মােক দিব পাৰা, তেন্তে তুমি পানী নিব পাৰা।”ভনীয়েকতকৈ আঙঠিটোনাে কি ডাঙৰ বস্তু, এইবুলি বায়েকে আঙঠিটো দি পানী আনিলে। ভনীয়েকে পানী খাই বায়েকক আকৌ আঙঠিটো আনিবলৈ পঠিয়াই দিলে। এইবাৰ পানীত নামােতেই জলকোঁৱৰে তাইক হৰি নিলে। বায়েকক নিয়া দেখি ভনীয়েকে বামর্তে বহি হিয়া-মূৰ ভুকুৱাই কান্দিবলৈ ধৰিলে। ইয়াৰ কিছুপৰৰ পিছতে এজন মুদৈ বেপাৰলৈ আহোঁতে অকলশৰীয়া ৰূপহী ছােৱালীজনীক নৈৰ পাৰত বহি থকা দেখি তাইক নাৱত ভৰাই লৈ গুচি গ’ল। ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে তাইকো এজনী সৰু ঘৈণী পাতি ল’লে। কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী। ঘৈণীয়েকতকৈ বেছি মৰম কৰিবলৈ ধৰিলে। খিয়ালতে ই দুজনীয়ে, কেনেকৈ মুদৈয়ে এইক দেখিব নােৱাৰা হয় তাৰেহে উপায় চিন্তিবলৈ ধৰিলে। তাইৰ প্ৰথমবাৰ অশৌচৰ সময়ত তাইক চকু দুটা কাপােৰেৰে বান্ধি তাই এটা ‘টেকীথােৰা পালে বুলি কৈ তাই পােৱা মতা ল’ৰাটো সতিনীয়েকহঁতে নৈত উটাই দিলে। পিছৰবাৰতত তাই তেনেকৈ এটা ৰঙালাও পালে বুলি সিহঁতে কৈ আচল মতা। ল’ৰাটো নৈত উটাই দিলে। ইফালে জলকোঁৱৰে হৰি নিয়া বায়েকে সেই উটাই দিয়া ল’ৰা দুটাক ভনীয়েকৰ ল’ৰা বুলি জানিব পাৰি তুলি-তালি ডাঙৰ-দীঘল কৰিলে। মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবােৰ কথা সঁচা বুলি ভাবি তাইক কুলক্ষণীয়া তিৰােতা বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা খেদি দি চুৱাপাতনিতে ঘৰ এটা সজাই দি থলে। তাই চুৱাপাতনিতে এটা ঘৰত দুখেৰে দিন কটাবলৈ ধৰিলে। এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোৱৰে তেওঁৰ নাওখন ধৰি ৰখালে।
Read Also: সাধুকথা: ৰাক্ষস পণ্ডিত – ২ | Rakhyokh Pondit – II (Hadhu Kotha)
মুদৈয়ে নাওখন কোনােৰকমে এৰুৱাব নােৱাৰি কি কৰোঁ। বুলি বিচূর্তি হৈ থাকোঁতে পানীৰ মাজৰ পৰা কোনােবাই মাত লগাই ক’লে– “তুমি এটা সকাম কৰিবলৈ গাত লােৱা আৰু কেতিয়া কৰিবা তাক থিৰাংকৈ কৈ তােমাৰ তামােলৰ হাঁচতিখন আৰু লাখুঁটিডাল পেলাই থৈ যােৱা, তেহে তােমাৰ নাও মুকলি হ’ব। ”মুদৈয়ে উপায় নেপাই এটা সবাহ কবিলৈ দিন ঠিক কৰি হাঁচতিখন আৰু লাখুঁটিডাল তাতে পেলাই দিলে আৰু নাওখন চাটকৰে এৰাই গ’ল। ইফালে জেঠায়েকে সেই ল’ৰা দুটাক সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লােৱাৰে পৰা আৰম্ভ কৰি সিহঁতক নৈত উটুৱাই দিয়ালৈকে এইবােৰ কথা বর্ণনা কৰি ক’লে আৰু সেই সকলাে কথাখিনি সিহঁতৰ বাপেকে পতা বৰ সবাহৰ। দিনা সিহঁতে ৰাইজক ক’বলৈ ক’লে। সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুঁটিডাল আৰু হাঁচতিখন লৈ মুদৈৰ ঘৰৰ ফালে যাবলৈ ধৰিলে। পােনেই গৈ সিহঁতে চুৱাপাতনিত থকা মাকক আই বুলি মাতি এটুপি পানী খাবলৈ খুজিলে, সিহঁতে চুপতি কৰা বুলি ভাবি মাকে ক’বলৈ ধৰিলে– “মােক কিয় ভেঙুচালি কৰিছক ? সৌৱা সবাহলৈ মানুহ আহিছে, তালৈ যা আৰু তাতে যি পাৱ খাগৈ।” তেতিয়া সিহঁতে সকলােখিনি কথা মাকৰ আগত ভাঙি কৈ চিনাকি দি তাতে অলপ জিৰাই-“তাই সবাহলৈ গ’ল। সবাহত মানুহ দিহাদিহি বহিছে, এনেতে খবৰ ওলাল যে চুৱাপাতনিত থকা মানুহজনীৰ তাত খাই-বৈ দুজন মানুহ সবাহত বহিছিল। যেতিয়া এই কথা তাত জনাজাত হ’ল, তেতিয়া ৰাইজৰ পৰা বিচাৰ হ’ল যে সেই মানুহ দুজনে সবাহৰ মাজত ওলাই নিজৰ চিনাকি দিব লাগে। কথাষাৰ শুনা মাত্ৰকতে দুই ককাই-ভায়েকে গিৰি কৰে উঠি মাত লগালে– “আমি য’ত সােমাইছিলাে তেওঁ আমাৰ আই।” তেতিয়া ৰাইজে এই বিষয়ে কি জানা বুলি মুদৈক সােধাত মুদৈয়ে একোকে ক’ব নােৱাৰিলে। তেতিয়া ৰাইজে সিহঁতক সেই বিষয়ে ক’বলৈ কোৱাত, বৰটোৱে মাত লগালে যে ৰাইজে যেন সকলাে কথা মন দি শুনে। এইবুলি সকলাে কথা ভাঙি-পাতি সি ক’বলৈ ধৰিলে আৰু মুদৈৰ হাঁচতিখন আৰু খুঁটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্ৰমাণ কৰিলে। মুদৈয়ে হা-হুমুনিয়াহ কাঢ়ি সৰগ পৰা মানুহ যেন হ’ল আৰু লাখুঁটিডাল, হাঁচতিখন নিজৰ বুলি সৈ কাঢ়িলে। তেতিয়া সকলােৱে সতিনীৰ কু-মন্ত্রণা বুজিব পাৰিলে আৰু মুদৈৰ ঘৈণীয়েকহঁতক মতাই সকলাে কথা সােধাত সিহঁতে একো মাতিব নােৱাৰিলে। ৰাইজেও একো হাই-উৰুমি নােহােৱাকৈ সবাহ খাই গ’ল। সবাহৰ পিছত মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক-কাণ কাটি সিহঁতক খেদাই দিলে আৰু ল’ৰা দুটিৰে সৈতে সৰু ঘৈণীয়েকক আনি ঘৰ সুমালেহি। ল’ৰা দুটিও বাপেক-মাকৰ বুকু জুৰাই লগতে থাকিল।
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। মেকুৰীৰ জীয়েকৰ সাধু এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। মেকুৰীৰ জীয়েকৰ সাধু এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। মেকুৰীৰ জীয়েকৰ সাধু এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।