মে – ডাম মে – ফী উৎসৱ | Me – Dam – Me – Phi Festival

মে – ডাম মে – ফী উৎসৱ | Me – Dam – Me – Phi Festival

অতি প্ৰাচীন কালৰে পৰা টাই সম্প্ৰদায়ে পিতৃ-পুৰুষৰ পূজা কৰি আহিছে। টাই সম্প্ৰদায়ৰ উপৰিও চীনা সকলেও অতি প্ৰাচীন কালৰে পৰাই পিতৃপুৰুষৰ পূজা কৰি আহিছে। আমাৰ আহোম সকলে যি মেদাম মেফী উৎসৱ পালন কৰি আহিছে তাৰ মাজত যেন টাই আৰু চীনা সম্প্ৰদায়ৰ মেদাম মেফীৰ কোনো পাৰ্থক্য নাই।

আচলতে মেদাম মেফী হ’ল পিতৃ-পুৰুষৰ পূজা। আহোম সকলৰ মেদাম মেফী উৎসৱত আহোম সকলৰ আদি দেৱতা লেংদন তথা ওমফাই এই পূজাত স্থান পায়। আহোম স্বৰ্গদেউসকলে আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত মেদাম মেফী উৎসৱ পালন কৰিছিল।

মে - ডাম মে - ফী উৎসৱ 2

মেদাম মেফী উৎসৱ সম্পৰ্কে বিভিন্নজনে বিভিন্ন ধৰণে মত আগবঢ়ায়- কিছুমানলোকে মেদাম মেফী উৎসৱক ওম্ফা পূজাৰ ক্ষুদ্ৰ সংৰক্ষণ বুলিও ক’ব বিচাৰে। ওম্ফা পূজাত যিসকল দেৱতাক পূজা কৰা হয়, মেদাম মেফী উৎসৱতো সেই দেৱতা সকলকেই পূজা কৰা হয়। 

মেদাম মেফী উৎসৱক বিভিন্ন নামেৰে জনা যায়- মেফী মে চাং, মুঞ ফী চাং, খেক্ নক ফী, বয় মা ফী দাম, খেক্ ফী দাম, মে নাম মেফী   আদি। 

Read Also: ওম্ফা পূজা | Umpha Puja

মেদাম মেফী উৎসৱ পালন কৰিবলৈ নিৰ্দিষ্ট ধৰা-বন্ধা স্থানৰ উল্লেখ নাই যদিও, সাধাৰণতে এই উৎসৱ নিৰ্জন ঠাইত বা নৈৰ কাষৰীয়া স্থানত এই উৎসৱ পালন কৰা দেখিবলৈ পোৱা যায়। ৰাজহুৱা মেদাম মেফীৰ বাহিৰেও আহোমসকলে ঘৰুৱা ভাৱেও মেদাম মেফী অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়। ঘৰুৱাভাৱে পালন কৰা এই উৎসৱত পূজাৰ স্থান ৰান্ধনী ঘৰৰ দাম খুটাৰ কাষত ইয়াৰ স্থান নিৰ্দাৰণ কৰা হয়। ঘৰুৱাভাৱে পালন কৰা মেদাম মেফী উৎসৱত মুঠতে পাচখন মাইসাং আগবঢ়োৱা হয়।

মেদাম মেফী উৎসৱ ফাগুন মাহৰ কৃষ্ণ চতুৰ্থীৰ দিনা এই উৎসৱ পালন কৰা হয়। এই পূজাত মুঠতে বিয়াল্লিছখন মাইসাং বা শৰাই আগবঢ়োৱা হয়। কাৰণ মুউং ৰি মুউং ৰামত ৰাজ্য পতা খুনলুং খুন লাইকে ধৰি মুঠ বিয়াল্লিছজন স্বৰ্গদেউ আছিল। প্ৰত্যেকজন স্বৰ্গদেউৰ নামতেই একোখনকৈ নিৰ্দিষ্ট মাইসাং বা শৰাই আগবঢ়োৱা হৈছিল।

মে - ডাম মে - ফী উৎসৱ 3

ধৰ্মান্তৰিত হোৱা আহোম সকলেও পিতৃ-পুৰুষৰ পূজা পালন কৰিছিল। ধৰ্মান্তৰিত হোৱা লোকসকলে হিন্দু সকলৰ আৰ্হিত সৱাহ বা বৰসৱাহ হিচাপে ন পুৰুষৰ শ্ৰাদ্ধ পাতে। ১৯৮০ চন পৰ্যন্ত স্বৰ্গদেউ সকলৰ পূজা বা পিতৃ পুৰুষৰ পূজা হিন্দু নিয়ম-নীতিৰে কৰা হৈছিল। ১৯৮১ চনৰ পৰাহে স্বৰ্গদেউসকলৰ পূজা আহোম নিয়মেৰে কৰাটো এক পৰম্পৰাত পৰিণত হৈছে। মেদাম মেফী উৎসৱ পালন কৰাৰ আগদিনা আহোম সকলে ফুৰালুং পূজা কৰা দেখিবলৈ পোৱা যায়।

সাম্প্ৰতিক সময়ত মেদাম মেফী উৎসৱ সাৰ্বজনীন পূজা হিচাপে পালন কৰা হয় বাবে এই পূজাত আহোম সকলৰ উপৰিও বিভিন্ন সম্প্ৰদায়ৰ লোকেও অংশগ্ৰহণ কৰা দেখা যায়। এই উৎসৱত বিশেষকৈ স্বৰ্গদেউ সকলৰ স্মৃতি তৰ্পণ কৰা হয়। বিভিন্ন সম্প্ৰদায়ৰ লোকেৰে এই উৎসৱ স্থলী ভৰপূৰ হৈ পৰে বাবে এই উৎসৱ জাক-জামকতাৰে পৰিপূৰ্ণ হৈ পৰে। বৰ্তমান এই উৎসৱৰ আকৰ্ষণ আগতকৈ বহু গুণে বৃদ্ধি পাইছে লগতে পিতৃ-পুৰুষৰ পূজাৰ মহানতাও বহু বিকশিত ৰূপত পস্ফুটিত হৈছে।

আমি আশা কৰিছো মে – ডাম মে – ফী উৎসৱ | Me – Dam – Me – Phi Festival আপোনালোকক সহায় কৰিব। যদি আপোনাৰ মে – ডাম মে – ফী উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply