মথনী উৎসৱ | Mathani Festival
অসমৰ দৰং জিলাৰ দেৱানন্দ সত্ৰত অনুষ্ঠিত কৰা জনপ্ৰিয় উৎসৱটিৰ নাম “মথেনী বা মথনী উৎসৱ”। দেবানন্দ সত্ৰখন দামোদৰ পন্থী সকলৰহে সত্ৰ। এই উৎসৱত “দেৱাসুৰৰ যুদ্ধৰ আদিম নাটকীয় কাহিনী” বা “অমৃত মন্থন”ৰ অভিনয় কৰি লোক সমাজৰ কল্লাণ সাধন কৰাই হৈছে এই উৎসৱৰ পৰম্পৰা। এই উৎসৱ অনুষ্ঠিত কৰা হয় কাতি বিহুৰ দিনাখন। “মথেনী” উৎসৱৰ প্ৰধান কাৰ্য সমূহ হ’ল বিষ্ণু পূজা, অমৃত মন্থন, নাম-কীৰ্ত্তন, ভাওনা, সবাহ আদি। তদুপৰি এই উৎসৱক উদ্দেশ্য কৰি মেলাৰো আয়োজন কৰা হয়। এই উৎসৱ সাধাৰণতে নামঘৰ বা সত্ৰ সমূহৰ সমীপত অনুষ্ঠিত কৰা হয়। নামঘৰ বা সত্ৰসমূহৰ মুকলি ঠাইত মঞ্চ তৈয়াৰ কৰি, সেই মঞ্চত অমৃত মন্থন ভাওনা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়। এই উৎসৱৰ মূল কাৰ্য সূচী হ’ল “অমৃত মন্থন” বা “দেৱাসুৰৰ যুদ্ধ”। এই মূল কাৰ্যসূচীৰ জৰিয়তে যে বিষ্ণুৰ মাহাত্ম্যৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা হৈছিল সেই কথা আমি সকলোৱে নি:সন্দেহে ক’ব পাৰো।
“মথেনী” উৎসৱত অমৃত মন্থন ভাওনা কৰিবৰ বাবে নিৰ্দিষ্ট ঠাই বাছনি কৰা হয়। এই ঠাইখিনিৰ দৈৰ্ঘ্য প্ৰায় ষাঠি হাতমান হ’ব আৰু প্ৰস্থও প্ৰায় ষাঠি হাত মানেই হ’ব। দীঘ আৰু প্ৰস্থৰ এডোখৰ ঠাই কল-পটুৱাৰে ঢাকি ৰখা হয়। কল-পটুৱাই ঢাকি ৰখা ঠাইখিনিৰ মাজৰ অংশত এটা গাত খন্দা হয়। সেই গাতটো খন্দাৰ মূল কাৰণটো হ’ল- মন্থন চক্ৰ প্ৰতিষ্ঠাৰ বাবে এই অমৃত মন্থন সমাধা কৰিবলৈ এডাল দহ হাতমান দীঘল মথেনী দণ্ড লোৱা হয়। এই মথেনী দণ্ডডালৰ ওপৰত চাৰিখন ধনু আৰিদিয়া হয়। এই ধনু কেইখন আৰি দিয়াৰ আৰত জন সমাজৰ মাজত এক বিশ্বাস জড়িত হৈ আছে। সেই বিশ্বাসটো হ’ল- এই ধনু কেইখনে দেবাসুৰক যুদ্ধৰ ইংগিত দিয়ে।
অমৃত মন্থনৰ বাবে যিডাল মন্থন-দণ্ড লোৱা হয়, সেই মন্থন দণ্ডডালৰ ছয়-সাত হাতমানৰ দূৰে দূৰে চাৰিটা খুটা পোতা হয়। মূলতঃ ক্ষীৰসাগৰৰ প্ৰতীক। মাজভাগৰ চক্ৰটোক ৰ্কুমৰূপী বিষ্ণু বুলি গণ্য কৰা হয়। যিডাল মথনী দণ্ড লোৱা হয় তাক মন্দৰগিৰি বুলি গণ্য কৰা হয়। এডাল মোটা দীঘল জৰীৰে বাসুকী নাগক বা মন্থনী জৰী প্ৰস্তুত কৰা হয়। মন্থনী জৰীডাল দুয়োফালে দুটা দলে টানিব পৰাকৈ দীঘলকৈ প্ৰস্তুত কৰা হয়। মন্থনী দণ্ডডালৰ সোমাজত ওপৰত এখন চন্দ্ৰতাপ আৰি দিয়া হয়।
Read Also: দেউল উৎসৱ | Deul Festival
মথনী উৎসৱত অমৃত কুম্ভক বুজাবলৈ মন্থন দণ্ডডালত একলহ দধি, দুগ্ধ, ঘৃত, মধু আৰু চেনী ওলোমাই ৰখা হয়। অমৃত-ভাণ্ডাৰ প্ৰস্তুত কৰিবলৈ এই সমূহৰ লগত জহা চাউলৰ পিঠাগুৰি মিহলি কৰা হয়। সমুদ্ৰ মন্থনৰ ভাওনা কৰিবলৈ ভাৱৰীয়া সকলক সত্ৰৰ পৰম্পৰা বা সত্ৰৰ নিয়ম-নীতি অনুসৰিহে নিৰ্বাচন কৰা হয়।

মথনী উৎসৱৰ মন্থন কাৰ্য সমাধা কৰিবলৈ পশ্চিম ফালে আৰু পূবফালে থাকি জৰীডাল টনা-টনি কৰা দলদুটিৰো নিৰ্দিষ্ট নিয়ম-নীতি আছে। জৰীডালৰ পশ্চিমফালে থকা দলটিত থাকিব সত্ৰৰ গোস্বামীসকল বা তেওঁলোকৰ সতি-সন্ততিসকল। পূবফালৰ দলটিত থাকিব সত্ৰৰ শিষ্য আৰু প্ৰশিষ্য সকল। এই মন্থন কাৰ্য আৰম্ভণি কৰা হয় সাধাৰণতে সন্ধিয়া সাতমান বজাতহে।
দেৱতা আৰু অসুৰূপী ভাৱৰীয়াসকলে মন্থন কাৰ্যৰ আৰম্ভণি কৰাৰ লগে লগে চৌদিশৰ পৰা বৃদ্ধসকলে নাম কীৰ্ত্তন আৰম্ভ কৰে। মথনী কাৰ্যত বা অমৃত মন্থনৰ সময়ত গোৱা গীত বা নাম-কীৰ্ত্তন সমূহৰ মূল বিষয়বস্তুটোৱে হ’ল দেৱাসুৰৰ যুদ্ধ। মন্থনৰ সময়ত গোৱা গীতৰ তালৰ লগত সংগতি ৰাখি মন্থন-জৰী জনা-টনি কৰাৰ গতি ক্ৰমান্বয়ে দ্ৰুত হ’বলৈ লয়। এই দ্ৰুত ৰূপতেই সমুদ্ৰ মন্থনৰ কাৰ্য সমাধা হয়।
মথেনী বা মথনী উৎসৱ হৈছে মূলতঃ বিষ্ণু মাহাত্ম্যৰ অনুষ্ঠান। এই উৎসৱৰ যুদ্ধৰ অভিনয় চাই দৰ্শক সকলে বিষ্ণুৰ মহিমাৰ প্ৰতি আকৃষ্ট হয় আৰু লোক-সমাজে ইয়াৰ পৰা কল্লাণ সাধন হয় বুলি ভাৱে। দেৱলোকৰ পৰা অন্তৰ্হিত হোৱা লক্ষ্মীদেৱীক উদ্ধাৰ কৰিবৰ বাবেই সমুদ্ৰ মন্থন কৰা হয়। সমুদ্ৰ মন্থনত অমৃত নিৰ্গত হৈ লক্ষ্মীদেৱী উদ্ধাৰ হোৱাৰ লগে লগে দেৱলোক ৰক্ষা পৰে। ইয়াৰ লগে লগে সমুদ্ৰ মন্থনত অমৃত নিৰ্গত হ’বলৈ ধৰিলে। অমৃত মন্থনৰ কাৰ্য সাধন আৰু ইয়াৰ দৰ্শনে লোক-সামজক পুৰণি কালৰে পৰাই এই সাৰ্বজনীন কল্লাণ সাধনত বিশ্বাস যোগাই আহিছে “মথেনী” বা “মথনী” উৎসৱে।
আমি আশা কৰিছো মথনী উৎসৱ | Mathani Festival আপোনালোকক সহায় কৰিব। যদি আপোনাৰ মথনী উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।