মদন – কামদেৱৰ পূজা | Madan Kamadeva Puja
“মদন-কামদেৱৰ পূজা” অসমৰ কামৰূপ জিলাতে বহুল ভাৱে দেখা পোৱা উৎসৱ। এক প্ৰচলিত কিম্বদন্তিৰ পৰা জানিব পাৰি যে, এই কামৰূপ জিলাতেই মদনে পুনৰ জীৱন পাইছিল। প্ৰাচীন কালত “মদন-কামদেৱৰ পূজা” ভাৰতৰ প্ৰায় সকলো স্থানতেই এই পূজা পালন কৰা হৈছিল যদিও সাম্প্ৰতিক সময়ত বিভিন্ন কাৰণত এই পূজাৰ ম্লান পৰিল, যদিও কামৰূপ জিলাত এই পূজা মহা আড়ম্বৰপূৰ্ণভাৱে বৰ্তমানেও পালন কৰি আহিছে।
মদন-কামদেৱৰ পূজা, কৃষ্ণ পূজা, বিষ্ণু পূজা একে পৰম্পৰাৰে পালন কৰা পূজা। এই পূজাবোৰৰ লগত বাহ পূজা কি কাৰণত সংযোজিত হ’ল তাৰ ইতিহাস আজিও স্পষ্টভাৱে ক’তো পোৱা নাযায়।

মদন-কামদেৱৰ পূজা আৰম্ভ কৰা হয় মদন চতুৰ্দশীৰ দিনাখনৰ পৰা। এই পূজা মুঠতে পাচদিন ধৰি চলে। মদন-কামদেৱ পূজাৰ সকলো কাৰ্য পুৰুষ সকলে কৰে। নাৰী সকলৰ পূজালৈ অহাত বাধা নাই যদিও পৰম্পৰাগত বিধান মতে এই পূজাত নাৰীৰ কোনো কাম নাই।
মদন-কামদেৱ পূজা বিভিন্ন স্থানত বিভিন্ন ধৰণে অনুষ্ঠিত কৰা দেখা যায় যদিও এই পূজাত দুটা দিশৰ ক্ষেত্ৰত সকলো স্থানৰ পূজাৰ ক্ষেত্ৰত মিল দেখিবলৈ পোৱা যায়। এই মিল থকা দিশ দুটা হ’ল-
(১) এই পূজাক উপলক্ষ হিচাপে সকলো স্থানৰ পূজাত বাহ ৰোপন বা বাহ পূজা কৰা হয়।
(২) এই পূজা আয়োজন কৰা আটাইকেইদিনতে কাহিনী গীত পৰিৱেশন কৰা হয়।
Read also: মথনী উৎসৱ | Mathani Festival
মদন-কামদেৱ পূজাৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচীতে দুডাল বাহ ৰোপন কৰা হয়। এই বাহ দুডালক প্ৰধানত: নাৰী আৰু পুৰুষৰ প্ৰতীক বা মদন আৰু ৰতিৰ প্ৰতীক হিচাপেহে ব্যৱহাৰ কৰা হয়। এই প্ৰতীক ৰূপত ব্যৱহাৰ কৰা বাহ দুডাল ভালকৈ কাটি, চাফ-চিকুণ কৰি বাহ দুডালত কাপোৰ-কানি পিন্ধাই দেৱতাৰ ৰূপত সজোৱা হয়। এই পূজাত ব্যৱহাৰ কৰা পুৰুষৰ প্ৰতীক বাহডালৰ দৈৰ্ঘ প্ৰায় ২৯ ফুট হ’ব লাগিব। নাৰীৰ প্ৰতীক বাহ ডালৰ দৈৰ্ঘ প্ৰায় ২৮ ফুট হ’ব লাগিব। পুৰুষৰ প্ৰতীক বাহ ডালত ৰঙা কাপোৰ মেৰিয়াই সুন্দৰ ৰূপত সজাই লোৱা হয়।
মদন কামদেৱ পূজাৰ কেইদিন যিবোৰ কাহিনী-গীত গোৱা হয়, এই কাহিনী গীতবোৰ অতি গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ। এই পূজাৰ কাহিনীগীত বিলাক বিৱৰণাত্মক বা বিশ্লেষণ ধৰ্মী। এই গীত বিলাকত বিশেষকৈ মদন-কামদেৱৰ জন্ম-বৃত্তান্ত, বাহৰ জন্ম, বিভিন্ন জাতৰ বাহৰ লক্ষণ, সঠিক বাহৰ বাছনি, কপাহৰ জন্ম, কপাহৰ পৰা সূতা কটা আৰু বস্ত্ৰ বা কাপোৰ উৎপাদন কৰা প্ৰক্ৰিয়া, ভাঙৰ সৃষ্টি ৰহস্য আৰু ভাং ব্যৱহাৰৰ কাহিনী আদিবোৰৰ লগত সম্পৰ্ক ৰাখি বিবাহ অনুষ্ঠানত কইনাক দিয়া উপহাৰৰ বৰ্ণনা আদিবোৰ এই পূজাৰ কাহিনী গীত সমূহত গোৱা হয়। এই গীত বিলাক ৰসপূৰ্ণ” হোৱা বাবে লোক-সমাজৰ সকলোৰে বাবে প্ৰিয়। এই গীত বিলাক গাওঁতে গায়কে কোনো ধৰণৰ শাস্ত্ৰীয় ধৰা-বন্ধা নিয়ম নীতি মানি চলিব নালাগে বা তেনেধৰণৰ ধৰা-বন্ধা কোনো বিধান নাই।
মদন-কামদেৱ পূজাৰ একেবাৰে শেষৰ দিনৰ শেষ কাৰ্যসূচীত দৰা-কইনা বা পুৰুষ-মহিলা ৰূপী প্ৰতীকী বাহ দুডাল ৰাইজে দাঙিলৈ সমদল কৰি প্ৰতিঘৰ মানুহৰ ঘৰলৈ লৈ যায় আৰু সকলোৱে আশীৰ্বাদ কৰে। এনেদৰে সমদল কৰি যাওঁতে বিভিন্ন নাচ-গান, নাম-কীৰ্ত্তন কৰি এক মনোৰম আমোদৰ সৃষ্টি কৰে। এনেদৰে বাহ ফুৰোৱা ৰাইজৰ পৰা গৃহস্থবোৰে আশীৰ্বাদলৈ তেওঁলোকলৈ মাননি আগবঢ়ায়।

মদন-কামদেৱ পূজাত ব্যৱহাৰ কৰা বাহ দুডালক দৰা-কইনা ৰূপে কল্পনা কৰি প্ৰকৃততে যৌন উদ্দীপনাৰ কথা বেকত কৰিছে যদিও ইয়ে উৎপাদন বৃদ্ধিৰ কৰ্ম তাকে বুজাব বিচাৰিছে। মদন-কামদেৱ পূজাত কৃষকৰ সা-সজুলিবোৰ প্ৰদৰ্শন কৰা আৰু সেই সজুলি সমূহক পূজা কৰাটোৱে উৰ্বৰতা বৃদ্ধি বা উৎপাদন বৃদ্ধিৰ কথাকে বুজাব বিচাৰিছে। এনেবোৰ দিশৰ পৰা চাবলৈ গ’লে মদন-কামদেৱৰ উৎসৱ যে এক কৃষিভিত্তিক উৎসৱ তাক সহজে অনুমান কৰিব পাৰি।
মদন-কামদেৱ পূজাই অতীজৰে পৰা লোক-সমাজত কৃষ্টি আৰু সংস্কৃতি ৰক্ষা ক্ষেত্ৰত কিছু পৰিমাণে হ’লেও অৰিহণা যোগাবলৈ সক্ষম হৈছে। এই পূজাত কোনো ধৰণৰ তন্ত্ৰ-মন্ত্ৰৰ ব্যৱহাৰ নহয়। লোক-সমাজৰ লোকাচাৰ পদ্ধতিত ভিন্ন-ভিন্ন কলা-কৃষ্টিৰে এই পূজা পালন কৰি আহিছে। এই পূজাই সকলো প্ৰকাৰৰ মানুহকেই আমোদ দিব পাৰিছে বাবেই এই পূজা সাম্প্ৰতিক সময়ত জনপ্ৰিয় পূজাৰূপে অভিহিত হৈছে।
আমি আশা কৰিছো মদন – কামদেৱৰ পূজা | Madan Kamadeva Puja আপোনালোকক সহায় কৰিব। যদি আপোনাৰ মদন – কামদেৱৰ পূজা সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।