সাধুকথা: লটকন | Lotokon Hadhu Kotha

সাধুকথা: লটকন | Lotokon Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: লটকন, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: লটকনশিশুৰ বাবে কাহিনী

এখন দেশত লট্‌কন নামেৰে এটা বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনী বৰ মুখ-চোকা আছিল। গিৰীয়েকে কটা কড়ি ঘটি আনিক নোৱাৰে দেখি তাই সদায় গিৰীয়েকক দপালি থাকে। ঘৈণীয়েকৰ দপালনি। খাই খাই এদিন বামুণৰ মনত বৰকৈ বেজাৰ লাগিল। সি ভাবিলে– “মই ঘৰৰ পৰা ওলাই যাওঁ। ৰূপবান এগাল ঘটি আনিব নোৱাৰিলে আৰু মই ঘৰলৈ উভতি নাহো।” ইয়াকে ভাবি বামুণ পুৱাই ঘৰৰ পৰা গুচি গ’ল।

বামুণে যাওঁতে যাওঁতে বেলি দুপৰ হ’ল। তেতিয়ালৈকে তাৰ পেটত খুদ কণ এটিও পৰা নাই। ভোকে-পিয়াহে বামুণক জৰ্জৰিত কৰিলে। এনেতে আলিৰ কাষতে বামুণে এখন মিঠৈৰ দোকান দেখি ওচৰ চাপি গ’ল। দুপৰীয়া মিঠেৰ দোকানৰ গৰাকীটোৱে খাই-বৈ উঠি তাৰ ৮ বছৰীয়া পুতেকক দোকানৰখীয়া পাতি, সিটো কোঠালিত অলপ শুইছিল। বামুণ দোকানৰ ওচৰতে থিয় হ’ল ল’ৰাটোৱে সুধিলে– “তোমাক কি লাগে? তোমাৰ নাম কি?” বামুণে উত্তৰ দিলে– “মই মিঠৈ খাবলৈ আহিছোঁ মোৰ নাম মাখি।” এইবুলি বামুণে উপকূৰে। মিঠৈ মুখত সুমাবলৈ ধৰিলে। বামুণৰ কাম দেখি ল’ৰাটোৱে বাপেকক মাতি ক’লে– “বোপাই, বোপাই, মাখিয়ে মিঠৈ খাইছে।” বাপেকৰ চিল্‌মিলকৈ টোপনি আহিছিল, পুতেকে তাৰ টোপনিৰ ব্যাঘাত কৰা দেখি সি আমনি পাই উত্তৰ দিলে– “মাখিয়ে মিঠে খাইছে যদি খাওক, তই মোক দিগদাৰি কৰি নাথাকিবি।” এই কথা বামুণে লাহেকৈ ক’লে– “শুনিলি এতিয়া? তোৰ বাপেৰে মোক মিঠৈ খাবলৈহে কৈছে।” এইবুলি বামুণে মিঠৈবোৰ খাই আধ্যা কৰিলে। ল’ৰাটোৱে দেখি সহিব নোৱাৰি আকৌ ৰিঙিয়াই বাপেকক নক’লে– “বোপাই, মাখিয়ে মিঠৈবোৰ খাই আধ্যা কৰিলে।” এইবাৰ বাপেকে ভেকাহি মাৰি দি ক’লে– “আধ্যা কৰিলে যদি কৰক, তই কেপ্‌কেপাই নাথাকিবি।” ল’ৰাটোৱে এই কথা শুনি বাপেকক কথাটো ভালকৈ বুজাই ক’বলৈ ভিতৰলৈ উঠি গ’ল আৰু সেই সুৰুঙাতে বামুণে মিঠৈৰ দোকানীৰ হাতনি-পেৰাটো তাতে পৰি থকা দেখি তাৰ পৰা দুকুৰি ৰূপ উলিয়াই লৈ পলায়ুৰ্ধং কৰিলে। ল’ৰাটোৱে বাপেকক জগাই মাখিয়ে মিঠৈ খোৱা কথাটো ভাঙি ক’লে, বাপেকে বাহিৰলৈ ওলাই আহি দেখিলে যে তাৰ মিঠৈ এটাইবোৰ খালে। সি তেতিয়া ল’ৰাটোক বৰকৈ খং কৰিলে, ল’ৰাটোৱে কলে– “মই দেখোন তোমাক গুৰিৰে পৰা কৈয়েই আছিলোঁ মাখিয়ে মিঠৈ খাইছে বুলি, তুমিহে ক’লা খাওঁক ৷” বাপেকে ক’লে– তই কৈছিলি, মাখিয়ে খাইছে বুলি; মানুহে খাইছে বুলি নক’লি কিয়?” পুতেকে উত্তৰ দিলে– “সি মোক তাৰ নামটো মাখি বুলি কৈছিল।” বাপেকে কোনফালে মানুহটো পলাই গ’ল পুতেকক সুধি লৈ তাৰ ঘোঁৰাটোত লৰালৰিকৈ উঠি সেইফালেই যেদি গ’ল।

Read Also: তাৱৈয়েকৰ সাধু | Tawoiyekor Hadhu Kotha

বামুণে মিঠে খাই বেগাবেগিকৈ পলাই গৈ থাকি ভাগৰ লাগি বাটৰ কাষৰে গছ এজোপাৰ তলত বহি জিৰাইছিল। এনেতে হঠাৎ হাবিৰ পৰা এটা গাহৰি ওলাই আহি বামুণৰ ফালে চোঁচা ল’লে। বামুণে উঠি গছজোপাৰ চাৰিওফালে ঘূৰ্ণিলৈ। ধৰিলে আৰু গাহৰিটোও ঘূৰিবলৈ ধৰিলে। এইদৰে দুয়ো ঘূৰি থাকোঁতে এবাৰ বামুণে খপ্‌কৰে গাহৰিটোৰ নেজত ধৰিলে। বামুণে গাহৰিৰ নেজত ধৰি ঘুৰি থাকোঁতে তাৰ খোচোনাৰ পৰা সেই ৰূপবোৰ এটকা এটকাকৈ গছজোপাৰ চাৰিওফালে সিঁচৰিত হৈ পৰিল। বামুণেও গাহৰিৰ নেজডাল এৰিব নোৱৰা হ’ল, কাৰণ এবিলেই তাক গাহৰিয়ে সাং কৰিব।

ইফালে মিঠৈৰ মালিকে ঘোঁৰাত উঠি গৈ সেইখিনি পাই দেখিলে যে এটা গাহৰিব নেজত ধৰি এটা মানুহ এজোপা গছৰ চাৰিওফালে ঘূৰিব লাগিছে। সি সেইখিনিতে তাৰ ঘোঁৰাটো ৰখাই ঘোঁৰাটোৰ পিঠিৰ পৰা নামি বামুণক সুধিলে– “ককাই, তুমি গাহৰিটোৰ নেজত ধৰি তাক এইদৰে ঘূৰাই আছা কিয়?” বামুণে উত্তৰ দিলে– “তোমাৰ কথাৰ উত্তৰ দিবলৈ মোৰ আজৰিনাই। তুমি জানো দেখা নাই সেই টকাবোৰ?” সি ক’লে– “দেখিছোঁ।” বামুণে ক’লে গাহৰিটো এইদৰে ঘূৰাই থাকিলে পাকেপতি ৰূপ লাদি দিয়ে, সেইদেখি ঘূৰাইছোঁ।” মিঠেৰ দোকানীয়ে এই কথা শুনি ভাবিলে, আজি মোৰ অনেক টকাৰ লোকচান হৈছে। যদি এইদৰে এগাল টকা ঘটিল’ব পাৰোঁ, তেন্তে ভালেই হ’ল। ইয়াকে ভাবি সি বামুণক ক’লে– “ককাই, মোকো পাকচেৰেক ঘূৰাবলৈ দিবা নে? ময়ো বৰ বিপদত পৰিছোঁ। মোকো যদি পাকচেৰেক গাহৰিটো ঘূৰাই টকাচেৰেক ৰূপ ঘটিবলৈ দিয়া বৰ উপকাৰ হয়। এটা জুৱাচোৰে মোক আজি মোক ঠগি মোৰ বহুত টকা চুৰ কৰি নিলে।” তাৰ কথা শুনি বামুণে ক’লে– “তুমি বিপদীয়া পথিক, তোমাক উপকাৰ কৰিলে মোৰ পুইণ হ’ব। বাৰু ঘূৰৱা।” এইবুলি সি ঘূৰি থাকোঁতেই গাহৰিৰ নেজডাল মিঠৈৰ দোকানীক ধৰিবলৈ কৈ দোকানীয়ে ধৰিলে সাউকৰে নিজে এৰি দি লৰালৰিকৈ ৰাপবোৰ গোটাই লৈ দোকানীৰ ঘোঁৰাটোৰ পিঠিত উঠি ঢাপলি মেলি গুচি গ’ল। আৰু দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘূৰি থাকিবলৈ ধৰিলে, কাৰণ নেজডাল এৰি দিলেই গাহৰিয়ে তাক মাৰি পেলাব। 

বামুণে ঘোঁৰাত উঠি ভালেমান বাট গৈ গধূলি এঘৰত আলহী ৰ’লগৈ। ৰাতি সি তাতে খাই বৈ শুই থাকি ৰাতিপুৱাৰ আগতেই তাৰে ঘোঁৰাটো যত যন্ধি থৈছিল তাৰ ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ ভিতৰত ৰূপ দহ টকা সুমাই থৈ গুচি আহি আকৌ শুই থাকিলহি৷ ৰাতি ভালকৈ পুৱাগ গৃহস্থ শুই। উঠিল। আলহ। বামুণেও উঠি লৰালৰিকৈ গৃহস্থক দেখুৱাই ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰ জোকাৰি ৰূপ দহ টকা উলিয়ালে। গৃহস্থই দেখি আচৰিত মানি, কি কথা, কি ব্যৱস্থা তাক সুধিলে সি ক’লে–  “এই ঘোঁৰাটোৱে খাবলৈ বাকী। থকা ঘাঁহবোৰৰ পৰা দিনৌ ৰাতিপুৱা ম‍ই দহ টকাকৈ ৰূপ পাওঁ আৰু তাৰেই মই। প্রতিপালিত হওঁ।” বামুণৰ কথা শুনি গৃহস্থৰ লোভ লাগিল। সি ঘোঁৰাটে বামুণৰ পৰা কিনি ল’বলৈ বৰকৈ খট্‌বান্ধকৈ ধৰিলে। দৰ-দস্তুৰ কৰি সি ছশ টকা ৰূপত বামুণৰ পৰা ঘোঁৰাটো কিনি ল’বলৈ ওলাল। বামুণে নিদিওঁ নথওঁকৈ শেষত কাঁলে “বাৰু আৰু আঢ়ৈ কুৰি অৰ্থাৎ ৬৫০ টকা দিয়া আৰু মই ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাটো দিয়া। দি তুমি নেৰা যেতিয়া মোৰ ঘোঁৰাটো লোৱা৷৷” গৃহস্থই তাতে মাস্তি হৈ ৬৫০ টকা আৰু নিজৰ ঘোঁৰাটো বামুণক দি বামুণৰ ঘোঁৰাটো ল’লে আৰু বামুণে লৰালৰিকৈ টোপোলা বান্ধি ৰূপবান লৈ গৃহস্থই দিয়া সেই ন ঘোঁৰাটোত উঠি গুচি আহিল। আগেয়ে যি বাটেদি বামুণ সেই বাটেদিয়েই উভতি আহোঁতে সি সেই গছৰ তলত মিঠেৰ দোকানীয়ে তেতিয়ালৈ সেই গাহৰিটোৰ নেজত ধৰি ঘূৰি থকা দেখিলে। বামুণক দেখিলে বামুণক দেখি মিঠৈৰ দোকানীয়ে মাত লগালে– “মোক ভাল ঠগি খালা, ৰূপো নাই অথচ গাহৰিটোৰ নেজত ধৰি মই ঘূৰি ঘূৰি লেবেজান হ’লোঁ।” বামুণে উত্তৰ দিলে– “ককাই, মই তোমাক ঠগোৱা নাই, তুমি মোৰ কথা শুনি যদি লেখি লেখি এশ পাক গাহৰিটোক ঘূৰোৱা, তেন্তে দেখিবা নিশ্চয় ১০০ টকা ৰূপ পাবা।” বামুণে দেখিছিল যে গাহৰিটো ঘূৰি ঘূৰি লাহে লাহে। দুৰ্বল হৈ আহিছে। আৰু এশ পাক ঘূৰিলেই সি পৰি মৰিব; সেইদেখি সি সেই কথা কৈছিল। বামুণে এইদৰে মিঠৈৰ দোকানীক কৈ ঘোঁৰা চেকুৰাই গুচি গ’ল। দোকানীয়ে অলপ উৎসাহ পাই ঘূৰাই থাকোঁতে অলপৰ পিছতে গাহৰিটো পৰি মৰি থাকিল৷ তাৰ পিছত দোকানীয়ে ৰক্ষা পৰিলোঁ বুলি ভাবি তাৰ ঘৰলৈ উভতি গুচি আহিল। বামুণে ঘৰ পাই বামুণীক হাতত টকাবোৰ পেলাই দি ক’লে– “ল এইবোৰ ৰূপ।” ৰূপবোৰ দেখি বামুণীৰ মহা আনন্দ মিলিল।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: লটকন এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: লটকন এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: লটকন এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply