সাধুকথা: লখিমী তিৰোতা | Lokhimi Tiruta Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: লখিমী তিৰোতা, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: লখিমী তিৰোতা, শিশুৰ বাবে কাহিনী
সত্য খুগত দুটি বুঢ়া-বুঢ়ী আছিল। সিহঁতৰ সাতোটি পো। সাতোটা পোলে। সাতজনী বোৱাৰী আনিলে। বৰজনীৰ ল’ৰা এটি হ’ল। সেই সাতজনীৰ ভিতৰত নিচেই নুমলীয়াজনী বৰ লখিমী তিৰোতা আছিল। বুঢ়া-বুঢ়ী মৃত্যুৰ ওচৰ চাপিল।। বুঢ়া-বুঢ়ীয়ে সিহঁত সকলোটিকে নিচেই সৰুজনী বোৱাৰীয়েকৰ কথামতে চলিবলৈ হুকুম দিলে। ইয়াৰ পিছত সেইমতেই সিহঁত চলিবলৈ ধৰিলে নুমলীয়া বোৱাৰীয়েকে সিহঁতক গুদা হাতে কোনো ফালৰ পা অহা দেখিলে খং কৰে; সেইদেখি সিহঁতে উপায় নাপাই দিনৌ যি পায় তাকে হাতত লৈ আহে। এদিন এজনে এটা গেলা সাপ পালে: পাই ভাবিলে বোৱাৰীয়ে সদায় শুদা হাতে গ’লে খং কৰে, আজি এই সাপটোকে লৈ যাওঁচোন বাৰু কি হয় দেখোঁ ইয়াকে ভবি সি সাপটো লৈ গৈ আগচোতালৰ জেওৰাতে থৈ বোৱাৰীয়েকক ক’লে– “ইয়াত কিবা বস্তু এটা আছে নিবি, মই গা ধুই আহোঁ।” বোৱাৰীয়েকে ওলাই গৈ দেখে যে গেলা সাপটো পৰি আছে আৰু তাতে বৰ মাখিয়ে পৰি কণী দিছে। তাকে দেখি তাই ভিতৰলৈ সোমাই গৈ বৰজনাকক ক’লে– “গেলা সাপটো আনি মোক দেখুৱাইছে। বাৰু একো কথা নাই।” এইবুলি তাই আকৌ ওলাই দেখেহি সাপটো থোৱা ঠাইতে এটা টোপোলা ওলমি আছে আৰু টোপোলাটো ফাটি সোণৰ থুৰীয়া, বাখৰুৱা মণি, আঙঠি, চিপাট, গলপতা আদি কৰি কিছুমান অলংকাৰ ওলাই পৰিছে। তাইলৰ মাৰি গৈ টোপোলাটো দাঙি লৈ ভিতৰলৈ লৈ আহিবজনাকক ক’লে– “চাওকচোন বাৰু, আপুনি সাপটো আনিছিল মোৰ ওপৰত খং কৰি, কিন্তু এতিয়া তাৰ ঠাইত এই অলংকাৰবোৰ ক’ৰ পৰা ওলাল? মই আপোনালোকক শুদাহাতে ঘৰলৈ আহিবলৈ হাক দিলে আপোনালোকে মোক বেয়াহে পায়; এতিয়া চাওক।” নৈৰ ঘাটত এজনী জীয়ৰী ছোৱালীয়ে গা ধুবলৈ যাওঁতে পাৰতে তাইৰ অলংকাৰবোৰ টোপোলা বান্ধি থৈ পানীত নামোতেই চিলাই থাপ মাৰি আনিছিল, কিন্তু তাত খোৱা বস্তু একো নাপাই, চিলাই সাপটো দেখি টোপোলাটো পেলাই তাকে নিলে।
Read Also: সাধুকথা: লটকন | Lotokon Hadhu Kotha
ইয়াৰ পিছত এদিন সৰু-মাজু বৰজনাকে শুকান গোবৰ খুটিৰ টোপোলা এটা বান্ধি লৈ আহি তাক চালৰ পাচতে খোচা মাৰি থৈ বোৱাৰীয়েকক ক’লে– ‘ইয়াতে বস্তু এটা আছে, নি থবি।” তাই মেলি চাই দেখিলে গোবৰ খুটিৰ ডোখৰ। বাৰু ইয়াকে চুঙাৰ ফোপত ভৰাই থওঁ বুলি তাই ভৰই থৈ দিলে। প্রায় পাঁচ বছৰমান মূৰত এজন ৰজাই জীয়েকৰ নৰিয়াত দৰবৰ নিমিত্তে পাঁচবছৰীয়া শুকন কেন বিচাৰ কৰিলে। কিন্তু ক’তো নাপাই ক’লে বোলে যেয়ে মোক এনে গোবৰ দিব তাক সোণ-ৰূপ দুচক দিম।” এই কথা নগৰত ঢোল পিটি শুনাই দিলে, অকস্মাৎ তাইৰ মনত পৰিল সেই গোবৰ খুঢ়ি ডোখৰ কথা মনত পৰি তাই তাক ৰজালৈ পঠিয়াই দিলে ৰজাই তাইক সূচক সোণ-ৰূপ দিলে।
এদিন নুমলীয়া বোৱাৰীয়েকক এটা মগনীয়া ফকীৰে মন্ত্ৰ কৰি পলুৱাই মিলে। তাৰ পিছত সেই ঘৰৰ মানুহবোৰ মৰি-হঙ্গি ঢুকাল। গৰু ম’হ, হাতী ছাগলী হেৰাই মৰি নিপাত হ’বলৈ ধৰিলে। একমাত্র ববজনাকৰ ল’ৰাটি ঘৰত ৰ’লগৈ। সিও শেহত তৰিব নোৱাৰি দেশে দেশে ঘূৰি ফুৰি এখন অৰণ্যৰ মাজত। নৈৰ ঘাটত খুৰীয়েকক লগ পালে । সিহঁতৰ দেখাদেখি হোৱা মাত্ৰকতে চিনাচিনি হ’ল। ভতিজাকে ক’লে– “ঘৰ-দুৱাৰৰ কথা ক’বলৈ সঁচ নাইকিয়া হ’ল, মইহে আছোঁ।” তাই কান্দি-কাটি ক’লে বোলে “মোক ফকীৰে নেৰে, পলাই গ’লেও মাৰিব, সি বৰ মন্ত্ৰ জানে। মই ফকীৰে কোৱা শুনিছোঁ, বোলে ফকীৰৰ জীৱটো ব্ৰহ্মাৰ ওচৰত থকা শালিকা চৰাইজনীৰ গাত আছে, যদি চৰাইজনী মাৰিব পাবে, তেন্তে মই যাব পাৰোঁ।” এই কথা শুনি ভতিজাকে ব্ৰহ্মাৰ ওচৰত কান্দি-কাটি প্ৰাৰ্থনা কৰিলে ব্ৰহ্মাাই বৰ সন্তোষ পাই তালৈ জীয়েকক বিয়া দিলে। ঊর্ধ্বগাত সি অনেক বস্তু পালে। পিছত সি ক’লে– “মোক শালিকাটিও দিয়ক।” সি সেইবুলি ক’লে ব্ৰহ্মাই তাক শালিকাটিও দিলে। সি শালিকাটি পাই একে টিপাই মাৰিলে স্বকীৰ য’তে আছিল ত’তে মৰিল। তেতিয়া খুৰীয়েকে জানিলে যে শালিকা মৰিল। ইয়াৰ পিছত সি ব্ৰহ্মাৰ জীয়েক আৰু তাৰ খুৰীয়েকে তিনিও গোট খাই এখন ঘৰ পাতিলে আৰু ব্ৰহ্মাৰ আশীৰ্বাদ পাই অলপ দিনৰ ভিতৰতে আগৰ দৰে ঘৰ বাৰী, মানুহ-দুনুহ, বয়-বস্তুৰে সৈতে চহকী হ’ল।
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: লখিমী তিৰোতা এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: লখিমী তিৰোতা এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: লখিমী তিৰোতা এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।