লক্ষ্মী পূজা | Lakshmi Puja
অসম ৰাজ্যত প্ৰচলিত পূজা সমূহৰ ভিতৰত লক্ষ্মী পূজা অতিকৈ জনপ্ৰিয় গুৰুত্বপূৰ্ণ অনুষ্ঠান। এই পূজা অসমৰ প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে অনুষ্ঠিত কৰা পূজা যদিও ইয়াক ৰাজহুৱা ভাৱেও অনুষ্ঠিত কৰা হয়।
লক্ষ্মী দেৱী হ’ল ঘাইকৈ ঐশ্বৰ্য-বিভূতি আৰু শস্যৰ মূল দেৱী। অসমত প্ৰচলিত পৰম্পৰা অনুসৰি এই পূজা শাৰদীয় বা দুৰ্গা পূজাৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাখন এই পূজা অনুষ্ঠিত কৰা হয়। এই পূজাত লক্ষ্মী দেৱীৰ মূৰ্তি প্ৰতিষ্ঠা কৰি মানুহে পৱিত্ৰ ভাৱেৰে দেৱীৰ নাম-গুণ গায় পূজা অৰ্চনা কৰে।

লক্ষ্মীদেৱীৰ পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গাওঁ আৰু নগৰ অঞ্চলৰ পদ্ধতিবোৰৰ মাজত অলপ অচৰপ পাৰ্থক্য দেখিবলৈ পোৱা যায়। নগৰ বা চহৰ অঞ্চলত লক্ষ্মীপূজাৰ পৰম্পৰা অনুসৰি দেৱীৰ মূৰ্তি প্ৰতিষ্ঠা কৰি এই পূজা অনুষ্ঠিত কৰা হয়। ইয়াৰ বিপৰীতে গাঁৱৰ অঞ্চলবোৰত লক্ষ্মীপূজা মূৰ্তিবিহীন ভাৱে অনুষ্ঠিত কৰা হয়। অৱশ্যে কিছুমান মানুহে লক্ষ্মীদেৱীৰ মূৰ্তি বা লক্ষ্মী দেৱীৰ চিত্ৰক ঘৰৰ ভিতৰত প্ৰতিষ্ঠা কৰি এই পূজা কৰা দেখিবলৈ পোৱা যায়। মন কৰিবলগীয়া কথাটো হ’ল যে, গাওঁ অঞ্চলত অনুষ্ঠিত কৰা লক্ষ্মীদেৱীক ঘৰলৈ শস্য চপাই অনা দিনাখন, পথাৰত শস্য সিচাৰ আগে আগে, ভৰালত শস্য জমা কৰাৰ প্ৰথম দিনাখন, পথাৰৰ শস্যই গেৰ মেলাৰ সময়ত পূজা কৰা হয়। সেই কাৰণে কিছুমান লোকে লক্ষ্মী পূজাক “লখিমী সবাহ” অনুষ্ঠান হিচাপেও অভিহিত কৰিব বিচাৰে।
Read Also: কামাখ্যা দেৱীৰ পূজা আৰু অম্বুবাচী মেলা
লক্ষ্মী দেৱীৰ মূল বাহন হ’ল ফেচা । স্বৰ্গ, মৰ্ত্য, পাতাল অৰ্থাৎ ত্ৰি জগতৰ অধিপতি বিষ্ণুৰ শক্তি ৰূপিনী লক্ষ্মীদেৱীৰ পূজাত কোনো ধৰণৰ বলি-বিধানৰ নিয়ম নাই। এই পূজাত ফল-মূল, মাহ-প্ৰসাদ, গন্ধ-পুষ্পেৰে দেৱীক পূজা-অৰ্চনা কৰা হয়। আমাৰ অসমৰ জনগোষ্ঠীয় লোক সকলেও যেনে- কছাৰী, তিৱা, কাৰ্বি, টাই-আহোম আদিয়েও ভিন ভিন নামেৰে এই পূজা পালন কৰা দেখিবলৈ পোৱা যায়। সেই কাৰণে লক্ষ্মীপূজা সৰ্বভাৰতীয় পৰম্পৰাত অনুষ্ঠিত কৰা অসমৰ মংগোলীয় আৰু অমংগোলীয় জনগোষ্ঠীৰ মাজত প্ৰচলিত সৰ্বাধিক জনপ্ৰিয় অনুষ্ঠান। এই পূজাত অসমত লক্ষ্মী চৰিত গোৱা হয়। ঘৰুৱাভাৱে অনুষ্ঠিত কৰা এই পূজাত পূজাৰীৰ প্ৰয়োজন নাই। ফুল-ফল, কলপাত-তুলসী, মাহ-প্ৰসাদেৰে এই পূজা কৰা হয়। এই পূজা অনুষ্ঠিত কৰা সময়ত সকলো স্থানতে প্ৰধানকৈ শস্যৰ মঙ্গল কামনা কৰিহে এই পূজা কৰা হয়। অসমৰ কোনো কোনো ঠাইত লখিমী সবাহ ব’হাগ মাহত পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়।
ভাৰতীয় সংস্কৃতি-তত্ববিদ কোনো- কোনোৱে লক্ষ্মীদেৱী আৰু লখিমী সবাহত পূজা অৰ্চনা কৰা দেৱীক দেৱী নহয় বুলি ক’ব বিচাৰে। অসমীয়া সংস্কৃতিৰ বিশিষ্ট তত্ববিদ লীলা গগৈ দেৱে তেখেতৰ মহান গ্ৰন্থ “অসমীয়া লোক সংস্কৃতিৰ ৰূপৰেখা”ত হিন্দুৰ পৰম্পৰা মতে লক্ষ্মী দেৱীক ঐশ্বৰ্য-বিভূতি আৰু শস্যৰ দেৱী বুলিয়ে কৈছে। ইয়াৰ বিপৰীতে তেওঁ লখিমী সবাহৰ দেৱীক অকল শস্যৰ দেৱীৰূপেহে অভিহিত কৰিছে। টাই লোকসকলে অনুষ্ঠিত কৰা মাইনাও তথা লা-খি-মী দেৱীৰ লগত লখিমী সবাহৰ দেৱীৰ লগত যথেষ্ঠখিনি আমি মিল দেখিবলৈ পাওঁ। এনেধৰণৰ বিশ্লেষণ সমূহৰ পৰা আমি সা-সম্পদৰ গৰাকী, ইয়াৰ বিপৰীতে লক্ষ্মী দেৱীৰ ঐশ্বৰ্য-বিভূতিৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। শস্যৰ মঙ্গল কামনা কৰা আৰু ঐশ্বৰ্য-বিভূতি সম্পদৰ শ্ৰী বৃদ্ধি কামনা কৰা একেই কথা। সেই কাৰণে আমি সকলোৱেই নি:সন্দেহে ক’ব পাৰোঁ লক্ষ্মী দেৱী আৰু লখিমী সবাহৰ দেৱী মূলতঃ একেই।
“সাগৰ মাজতে আছিলা লক্ষ্মী আই
সাগৰৰ শেলুকা খাই,
মনিচৰ মাজলৈ আহিলা লক্ষ্মী আই
ক’লে-পিঠাগুড়ি পাই।”

আমাৰ পূজিত লক্ষ্মী দেৱীক সকলোৱে সাগৰ কন্যা বুলি অৰ্থাৎ লক্ষ্মীদেৱীৰ যে সাগৰত জন্ম তাক মানি লৈছে। লক্ষ্মী দেৱী শস্যৰ দেৱী আৰু সকলো সম্পদৰ দেৱী। আমি লোক-জীৱনত লক্ষ্মী দেৱীক যি ভাৱেৰেই নলও কিয়, এই দেৱী হৈছে মূলতঃ শস্য, সা-সম্পদৰ শ্ৰী-বৃদ্ধি কৰা জনমানসৰ বিশ্বাসী লখিমী দেৱী। এই দেৱীক আমি সকলোৱে খেতি পথাৰত কাম আৰম্ভ কৰাৰ পৰা সেই খেতি সমূহ চপাই ঘৰলৈ আনি ভৰালত থোৱালৈকে দেৱীক বিশেষভাৱে পূজা কৰা হয় যদিও শাৰদীয় লক্ষ্মী পূৰ্ণিমাৰ দিনা ধানে গেৰ বা থোক মেলিবৰ সময়তহে মূল লক্ষ্মীপূজা কৰা হয়। বিভিন্ন সময়ত ঘৰুৱাভাৱে লক্ষ্মী পূজাৰ অনুষ্ঠান কৰিলেও শাৰদীয় লক্ষ্মী পূজাকহে শস্য আৰু সম্পদৰ শ্ৰী-বৃদ্ধি কৰা সাৰ্বজনীন পূজা বুলি কোৱা হয়।
আমি আশা কৰিছো লক্ষ্মীপূজা | Lakshmi Puja In Assamese আপোনালোকক সহায় কৰিব। যদি আপোনাৰ লক্ষ্মীপূজা সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।