কুমাৰী পূজা | Kumari Puja

কুমাৰী পূজা | Kumari Puja

ষোল্ল বছৰৰ তলৰ কন্যা সকলক পূজা কৰাকে কুমাৰী পূজা বুলি কোৱা হয়। পূজাত কোনো ধৰণৰ জাতি ভেদ প্ৰথাৰ নিয়ম নাই বুলি যোগিনীতন্ত্ৰত স্পষ্ট উল্লেখ আছে। যোগিনীতন্ত্ৰত আকৌ কৈছে, যিসকল মানুহে কুমাৰী পূজাত জাতিভেদৰ বিচাৰ কৰিব তেওঁলোক নৰকত পতিত হ’বলৈ বাধ্য হ’ব। পূজা অবিহনে সমস্ত জগতৰ দেৱতাৰ পূজা হোম, যজ্ঞ আদি অথলে যায়। “জ্ঞানাৰ্ণৱতন্ত্ৰ” নামৰ গ্ৰন্থত আমবাগীশে কুমাৰী পূজাৰ সপক্ষে শ্লোকৰ উদ্ধৃতি দি তেওঁ উল্লেখ কৰিছে- “কুমাৰী সকল যোগিনী স্বৰূপা আৰু পৰাদেৱতা।” তেওঁৰ মতে কুমাৰী সকলক পুষ্প দিলে তাৰ ফল হয় মেৰু সমান আৰু কুমাৰী সকলক ভোজন কৰালে ত্ৰি-লোকক ভোজন কৰোৱাৰ সমান পূণ্য আৰ্জিব পাৰে।

কুমাৰী পূজা 3

কুমাৰীপূজা পালন কৰিবলৈ হ’লে, বিভিন্ন বয়সৰ কুমাৰীৰ নাম সমূহো বেলেগ বেলেগ। তলত এক বছৰৰ বয়সৰ কুমাৰীৰ পৰা ১৬ বছৰ বয়সৰ কুমাৰীৰ নাম সমূহ একাদিক্ৰমে উল্লেখ কৰা হ’ল- 

(১) এক বছৰীয়া কুমাৰীক বোলা হয় “সন্ধা”।

(২) দুই বছৰীয়া কুমাৰীক বোলা হয়      

“সৰস্বতী”।

(৩) তিনি বছৰীয়া কুমাৰীক বোলা হয় “ত্ৰিধা”।

(৪) চাৰি বছৰীয়া কুমাৰীক বোলা হয় “কালিকা”।

(৫) পাচ বছৰীয়া কুমাৰীক বোলা হয় “সুভগা”।

(৬) ছয় বছৰীয়া কুমাৰীক বোলা হয় “উমা”।

(৭) সাত বছৰীয়া কুমাৰীক বোলা হয় “মালিনী”।

(৮) আঠ বছৰীয়া কুমাৰীক বোলা হয় “কুজ্জীকা”। 

(৯) ন বছৰীয়া কুমাৰীক বোলা হয় “কালসন্দৰ্ভা”। 

(১০) দহ বছৰীয়া কুমাৰীক বোলা হয় “অপৰাজিতা”।

(১১) এঘাৰ বছৰীয়া কুমাৰীক বোলা হয় “ৰুদ্ৰাণী”।

(১২) বাৰ বছৰীয়া কুমাৰীক বোলা হয় “ভৈৰৱী”।

(১৩) তেৰ বছৰীয়া কুমাৰীক বোলা হয় “মহালক্ষ্মী”।

(১৪) চৈধ্য বছৰীয়া কুমাৰীক বোলা হয় “পীঠ নায়িকা”।

(১৫) পোন্ধৰ বছৰীয়া কুমাৰীক বোলা হয় “ক্ষেত্ৰজ্ঞা”।

(১৬) ষোল্ল বছৰীয়া কুমাৰীক বোলা হয় “অম্বিকা-তন্ত্ৰসাৰ”।

শাৰদীয় দুৰ্গোৎসৱৰ সময়ত সপ্তমী, অষ্টমী আৰু মহানৱমী পূজা সমাপন কৰাৰ পিচতে কুমাৰী পূজা কৰাৰ বিধান শাস্ত্ৰত উল্লেখ আছে। অসমৰ কামৰূপ জিলাৰ কামাখ্যা ধামৰ মন্দিৰ কুমাৰী পূজাৰ বাবে সমগ্র ভাৰত বিখ্যাত।  দূর্গা পূজাৰ দিনকেইটাৰ উপৰিও আমতি উৎসৱৰ শুদ্ধিৰ দিনাও পূজা কৰিব পাৰি। পূজাক কেন্দ্ৰ কৰি বৰ্তমানেও পাণ্ডাৰ অকুমাৰী ছোৱালী সকলক গা-পা-ধুৱাই শুচি কৰি নতুন কাপোৰ কানি পিন্ধাই কাপোৰৰ ওপৰত নাইবা চাপৰ বেদীত বহুৱাই লৈ ভক্তি ভাৱেৰে বহু ভক্তই কুমাৰীলৈ খাদ্য প্ৰসাধন সামগ্ৰী আগবঢ়ায়। কুমাৰীলৈ আগবঢ়োৱা খাদ্য হ’ল- পায়স-পৰমান্ন, ফল-মূল আদি। কুমাৰীলৈ আগবঢ়োৱা প্ৰসাধন সামগ্ৰী সমূহ হ’ল- সুগন্ধি তেল, আয়না-ফণী, বস্ত্ৰ, অলংকাৰ, ধূপ-দীপ, পুষ্প-পত্ৰ, মালা আদি। এনেদৰে কুমাৰীক কাপোৰৰ ওপৰত বা চাপৰ বেদিত বহুৱাই লৈ ভক্ত সকলে বিভিন্ন উপাচাৰ কুমাৰীৰ চৰণত আগবঢ়ায় আৰু পুৰোহিতে মন্ত্ৰ পাঠ কৰে। এনেদৰে মন্দিৰৰ ভিতৰত পূজা চলি থকাৰ সময়ত কামাখ্যা মন্দিৰৰ বাহিৰত শঙ্খ, ঘন্টা, ঢোল, পেপা, নাগাৰা আদি ধৰ্মীয় উৎসৱৰ বাদ্য সমূহ বাজি থাকে। এই সময়টোত এক নিমজ আৰু গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। যিটো পৰিৱেশ সকলো উপস্থিত থকা মানুহৰে ৰিদৈ জয় কৰি আহিব পাৰিছে। পূজা শেষ হোৱাৰ পিচত ভক্ত সকলে পাৰ্যানুসৰি ভোজন কৰাই দান-দক্ষিণা কৰাটো এক প্ৰকাৰৰ নিয়ম। সেই সময়ত কুমাৰীয়ে ভক্ত সকলৰ মূৰ চুই বা মূৰত হাতখন দি ভক্তক এনেদৰে আশীৰ্বাদ কৰে- “আপোনালোকৰ সকলোৰে মঙ্গল হওক, সকলোৰে ভাল হওক।” পুৰণি কালৰে পৰা আজি পৰ্যন্ত পূজা এনেদৰে সমাপন হৈ আহিছে।

কুমাৰী পূজা 2

কুমাৰীপূজা সম্পৰ্কে শাস্ত্ৰ সমূহে যথেষ্ট নিৰ্দেশ দিছে‌। তলত শাস্ত্ৰত উল্লেখিত দুটামান নিৰ্দেশ উল্লেখ কৰা হ’ল- যোগিনীতন্ত্ৰই দিয়া নিৰ্দেশ মতে (০১/১৭/৩২) আনসকল কুমাৰীৰ কথা বাদেই, যদিহে কোনোবা কুমাৰী যদি বেশ্যাৰো কন্যা হয়, তেন্তে তেওঁকো যত্ন সহকাৰে ধন-সোণ-ৰূপ আদি আগবঢ়ায় ভক্তি ভাৱেৰে, আনন্দ মনেৰে, শুদ্ধ চিত্ত অন্তৰেৰে পূজা কৰা প্ৰয়োজন। প্ৰাচীন কালত চৈত্ৰবংশত বিশ্বম্ভৰ নামৰ এজন ৰজা আছিল। সেই ৰজাই সেই সময়তে কাঁঞ্চি নামৰ বেশ্যা এজনীৰ কুমাৰীক পূজা কৰিছিল। আনকি ৰজাই পূজা কৰা ঠাইখিনিৰ নামো কাঁঞ্চিপুৰ ৰাখিছিল। এটা কাহিনী অনুসৰি আমি জানিব পাৰোঁ যে, মহামুনি কাম্পিল্লায়ো কুমাৰী কৰাত কুমাৰীয়ে সেই নগৰীতে শিলা হৈ ৰৈ গৈছিল। দেৱী পুৰাণত স্পষ্ট ভাৱে কুমাৰী সম্পৰ্কে এনেদৰে উল্লেখ আছে- “পূজয়েৎ ব্ৰাহ্মনাঞ্চ কন্যা বালাং তথৈবচ” (৩২/৪৪)। কুমাৰী সো বা দক্ষিণ বা বামাচাৰ উভয় পদ্ধতিতে কৰিব পাৰি।

Read Also: তোলনি বিয়া | Tolani wedding

কুমাৰী পূজাই যে, অসমত প্ৰাচীন কালৰে পৰা লোক-সমাজত জনপ্ৰিয়তা অৰ্জন কৰি এইবৰ্তমানেও জন-মানসৰ আপোন পূজা হৈ ৰৈ থাকিবলৈ সক্ষম হৈছে। সেই কাৰণে পূজাক সৰ্বকালৰ সকলোৰে সৰ্বজনবিদিত পূজা বুলিও আমি অভিহিত কৰিব পাৰোঁ। বৰ্তমানেও অসমৰ বিভিন্ন ঠাইত অকুমাৰী কন্যা সকলক নিমন্ত্ৰণ জনাই দুপৰীয়াৰ ভোজন কৰোৱা নীতি আছে। কুমাৰী সকল হৈছে সৃষ্টিৰ প্ৰতীক। সেই কাৰণে মানৱ সমাজে কুমাৰী সকলক সদায় শ্ৰদ্ধা, সন্মান আৰু পূজা কৰিব লাগে।

Leave a Reply