কুকুৰৰ সততাৰ কাহিনী | Kukuror Hototar Kahini, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, কুকুৰৰ সততাৰ কাহিনী, সাধুকথা, অসমীয়া কাহিনী, কুকুৰৰ সততাৰ কাহিনী, শিশুৰ বাবে কাহিনী
এখন গাৱত এঘৰ ভদ্ৰলোকৰ ঘৰত পাচজনী গাই-গৰু আৰু আঠজনী বগা-ক’লা ৰঙৰ ছাগলী আছিল। গৃহস্থই সদায় পুৱাতে গৰু-ছাগলীৰ গাখীৰ ক্ষীৰাই দিনটোলৈ চৰিবলৈ এৰি দিয়ে। গধূলি হোৱাৰ লগে লগে গৰু আৰু ছাগলীবোৰ জাক পাতি ঘৰলৈ ওভতে । গৃহস্থই গৰুৰ বাবে সিজোৱা দানা আৰু ছাগলীবোৰলৈ কোমল গছপাত যোগাৰ কৰি থয়। বাহিৰত ঘূৰি ঘূৰি খাই আহিলেও ঘৰত গৃহস্থই মৰমত যোগাৰ কৰি থোৱা আহাৰখিনি খাই তৃপ্তিৰে নিজৰ নিজৰ থকা ঘৰত সোমাই আৰাম কৰে।
Read Also: Class 9 Assamese Question Answer
তোমালোকে জানানে গৰুবন্ধা ঘৰক গোহালী ঘৰ বোলে আৰু ছাগলী বন্ধা ঘৰটোক গড়াল বোলে। ছাগলীবোৰৰ গড়ালটো আমাৰ চাং-বঙলাৰ নিচিনা। সিহতি তাত থাকি খুব ভাল পায়।
সেইঘৰ গৃহস্থৰ দুটা পোহনীয়া কুকুৰো আছিল। সিহতি গৰু ছাগলীৰ দৰে দিনত কাৰো ঘৰলৈ বা বাহিৰলৈ নাযায়। দিনত অলপ টোপনি যায় আৰু ৰাতি গৃহস্থৰ ঘৰ পহৰা দিয়ে। সেইবাবে কুকুৰক প্ৰভুভক্ত বুলি কোৱা হয়। কুকুৰ যে প্ৰভুভক্ত তাৰে এটা উদাহৰণ দিও শুনা-
এদিন ৰাতি ওচৰৰ হাবিৰ পৰা এটা বাঘ ওলাই গৰু ছাগলীৰ সন্ধানত গুজৰিবলৈ ধৰিলে। গাঁৱৰ মানুহে বাঘৰ গোজৰণী শুনি ডবা কাহ ভঙা টিং আদি কোবাই বাঘক আতৰাবলৈ ভয় খুৱালে। গৰুবিলাকে বাঘ ওলাইছে বুলি গম পাই থৰ্ থৰকৈ কপিবলৈ ধৰিলে। কুকুৰ দুটাৰ এটা চোতালতে ৰৈ আছে আৰু আনটো গৰুবিলাকৰ ওচৰলৈ গৈ ভয় নকৰিবলৈ আশ্বাস দিলে। গৰুবোৰে ক’লে-
“বন্ধু ! আমাৰ বৰ ভয় লাগিছে আমাক বাঘে খাবলৈ আহিলেনো কি কৰিবা ? কিবা বুদ্ধি এটা কৰি আমাক লুকুৱাই থ’ব নোৱাৰানে ?”,
: পাৰিম পাৰিম তোমালোকে অকণো ভয় নকৰিবা।
এইবুলি ওচৰতে থকা ধানখেৰ এসোপা টানি আনি গৰু কেইজনীৰ গাত জাপি দি লুকুৱাই দিলে। কুকুৰটো দৌৰি গৈ গৃহস্থৰ ঘৰৰ বাৰান্দাতে সজাই থোৱা বাঘৰ ছালখন টানি আনি গাত মেৰিয়াই লৈ বাটৰ মুখলৈ গৈ বাঘৰ দৰে বহি থাকিলগৈ । সিটো কুকুৰে ছাগলীবিলাকে ভয় কৰা দেখি ওচৰলৈ গৈ ক’লেগৈ- “তোমালোকেও ভয় কৰিছা অকণো ভয় নকৰিবা আমাৰ বন্ধুৱে মৰা বাঘৰ ছাল পিন্ধি পদুলি মুৰতে বহি আছে। মই তোমালোকৰ লগতে আছো।”
ছাগলীবিলাকে উ:স্ ৰাম ৰক্ষা পৰিছো বুলি ডাড়িখিনি কুকুৰৰ গাতে ঘহাই ধন্যবাদ জনালে।
সিফালে বাঘৰ ছাল গাত মেৰিয়াই নঙলাৰ মুখত ৰৈ বাঘৰ দৰে কেইটামান গোজৰণী মাৰি সিটো কুকুৰ বহি আছে। তাৰ আগেদি কেইটামান শিয়াল দৌৰি যাওঁতে দেখিলে যে নঙলাৰ মুখৰ পৰা এটা সৰু বাঘৰ পোৱালীয়ে দেখোন গোজৰণী মাৰি আছে। সিহঁতৰ ভিতৰত কোৱা-মেলা হ’ল, এইটো সচা বাঘ হয়নে নহয়, নে আমাক ভয় খুৱাবলৈ এইদৰে গোজৰণী মাৰিছে।’ চাৰিটামান শিয়াল লগ হৈ লাহে লাহে তাৰ ওচৰ চাপিলে। সচা বুলি ভয়ো নকৰাকৈ থকা নাই।
ওচৰ চাপি যাওঁতে বাঘৰ ছাল পিন্ধা কুকুৰে বাঘৰ গোজৰণী শুনাই শিয়ালক ভয় খুৱাবলৈ চোচা লওতে তাৰ গাৰ পৰা ছালখন খহি পৰি আচল ৰূপটো ওলাই পৰিল। শিয়ালজাকে খেক্ খেক্ কৈ হাহি তাক বেৰি ধৰিলে। তাৰে এটাই ক’লে- “ঐ তই যে এনেকৈ বাঘৰ ছাল পিন্ধি বাঘৰ লগত মিলিবলৈ চাইছ, আমাৰ মুকলি মনেৰে আমাৰ লগতে মিলিজুলি থাকিবলৈ হাবিলৈ গুছি নাহ কিয় ?
: নাই, নাই মই তহঁতৰ লগত হাবিত থাকিবলৈ নাযাওঁ দেই। মোক গৃহস্থই ইমান মৰম কৰে সময়মতে খাবলৈ দিয়ে গাত হাত ফুৰাই মৰম কৰে। গাখীৰ ভাতৰ পৰা মাছ-মাংসলৈকে সকলো খোৱা বস্তু তৃপ্তিৰে পেট ভৰাই খাবলৈ পাইছো থাকিবলৈ ঘৰ পাইছো, শুবলৈ বিচনা পাইছো। তহঁতৰ দৰে ৰ’দে বৰষুণে খোৱা বস্তু বিচাৰি ফুৰিব লগাও নহয়। মোৰ বন্ধু নাই বুলি ভাবিছ নেকি ? আছে বুজিছ ধুনীয়া ধুনীয়া মৰম লগা গৰু আছে ছাগলী আছে।
শিয়ালে শুনি খেক্ খেক্ কৰি জাপ কেইটামান মাৰি হাহিবলৈ ধৰিলে। কুকুৰটোৰ চাৰিওকাষে ঘূৰি ঘূৰি জনালে- “আমিও সুখতে আছো বুজিছ। গছৰ তলত খেলিছো, মুকলি মনেৰে ফুৰিছো। বাৰীয়ে বাৰীয়ে গৃহস্থণীয়ে পেলাই দিয়া বস্তুবোৰ মিলিজুলি খাই ৰং ধেমালি কৰিছো। তোৰ দৰে কাৰোবাৰ তলতীয়া হৈ থাকিব লগা হোৱা নাই বুজিছ ? যা এতিয়া গৃহস্থৰ কোব কেইটামান খাগৈ বেৰত আৰি থোৱা বাঘৰ ছাল পিন্ধি বাঘ হ’বলৈ গৈছিলি নহয় ? চোৰ কৰি পিন্ধাৰ ফলত লাঠীৰ কোব নাখাবিনে ?
এইবুলি শিয়ালে কুকুৰটোৰ গাৰ পৰা পৰি যোৱা বাঘৰ ছালখন কামুৰি কামুৰি চোচোৰাই লৈ গ’ল।
Read Also: কেকোৰাম আৰু কেকো সাপৰ কাহিনী | Kekuram Aru Keku Hapor Kahini
কুকুৰ আৰু শিয়ালৰ কাজিয়াখনৰ অন্তত কুকুৰটো নিজৰ ঘৰলৈ উভতি মনটো মাৰি বহি আছে। সিটো কুকুৰে আহি সুধিলে- “বন্ধু কি হ’ল ? মনটো মাৰি বহি আছা দেখোন ? বাঘে কিবা অঘটন ঘটালে নেকি ?
: নাই নাই, বাঘে মোৰ ওচৰলৈ অহাই নাই। কেইটামান ধূৰ্ত শিয়ালেহে মোক আগুৰি ধৰি বহুত কথা শুনালে আৰু বাঘৰ ছালখনো চেচোৰাই লৈ গ’ল। মোৰ বৰ খং উঠিল। বাঘৰ ছালখন মোৰ গাত থকাহ’লে মজাটো ভালকৈয়ে দিলোহেতেন। সেইখনো টানি আজুৰি লৈ গৈ নষ্ট কৰি পেলালে।”
: পিছে এতিয়া কি কৰিবা বন্ধু ? গৃহস্থই যদি শুই উঠি বেৰত আৰি থোৱা বাঘৰ ছালখন নেদেখে তেতিয়া আমাৰ ঘৰ পহৰা দিয়াৰ বিপৰীত ঘটনাহে ঘটিব দেখোন, লাঠীৰ কোবহে খাব লাগিব। তাৰ আগতেই মই ইয়াৰ পৰা গৈ অন্য ঠাইত তিনিদিনমান থাকি আহো বুলি ভাবিছো। দেখিলেহে খং কৰিব নেদেখিলে খংটো নিজে নিজে নাইকিয়া হৈ যাব। তুমি কিবা এটা কৰি থাকিবা।
: ইসৰাম বন্ধু সেইটো কাম কেতিয়াও নকৰিবা। তুমি গ’লে মোৰো যাবৰ মন যাব। কিন্তু ভাবি চোৱাচোন পুৱাই গৰু আৰু ছাগলী কেইটাই আমাক নেদেখি কেনেকুৱা নিঠৰুৱা অনুভৱ কৰিব। আমাৰ বাবেই সিহতিও শান্তিত বাস কৰি আছে।
ইয়াৰ পৰিৱৰ্তে আমি দুটাই যদি গৰু-ছাগলীবিলাক ৰক্ষা কৰিবৰ বাবে এনে কাম কৰিছিলো বুলি গৃহস্থক সচা কথা কৈ দিও তেতিয়া আমাক একো নক’ব আৰু মৰমহে কৰিব।
মিছা কথাৰ ঠেং ছুটি বুলি জানা নহয়। কেতিয়াও মিছাক প্ৰশ্ৰয় নিদিবা। আত্মবিশ্বাসেৰে সত্য কথা কৈ আগবাঢ়ি যাবাহক।
কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। কুকুৰৰ সততাৰ কাহিনী এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। কুকুৰৰ সততাৰ কাহিনী এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে কুকুৰৰ সততাৰ কাহিনী এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।