সাধুকথা: কুকুৰীকণা | Kukurikona Hadhu Kotha

সাধুকথা: কুকুৰীকণা | Kukurikona Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: কুকুৰীকণা, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: কুকুৰীকণাশিশুৰ বাবে কাহিনী

এখন গাঁৱত এটা মানুহৰ দুজনী ৰূপহী জীয়েক আছিল। ডাঙৰজনীৰ নাম ৰূপেশ্বৰী, সৰুজনীৰ নাম গুণেশ্বৰী ৰূপেশ্বৰীক বিয়া দিবৰ হ’ল বাপেকে তাৰ গাঁৱত অনেক প্ৰৱন্ধ কৰি দৰা বিচাৰিবলৈ ধৰিলে, কিন্তু ছোৱালীৰ যোৰৰ দৰা বিচাৰি নাপালে। সেইদেখি দূৰৰ গাঁৱত দৰা বিচাৰিবলৈ বুলি বাপেকে ওলাল। এনেতে ৰূপেশ্বৰীৰ মাকে গিৰীয়েকক ক’লে– “আপুনি দূৰলৈ দৰা বিচাৰি নাযাব, দূৰত মই মোৰ ছোৱালী বিয়া নিদিওঁ। ওচৰতে বিয়া দিলে মই সততে ছোৱালীজনী দেখি থাকিবলৈ পাম; দুৰৈত দিলে সেইটো কেনেকৈ হ’ব?” গিৰীয়েকে ঘৈণীয়েকৰ কথা এৰাব নোৱাৰি অগত্যা ওচৰতে ডেকা ল’ৰা এটাৰে সৈতে জীয়েক ৰূপেশ্বৰীক বিয়া দিলে।

ৰূপেশ্বৰীৰ গিৰীয়েক কুকুৰীকণা আছিল। কিন্তু সেই কথা সি লুকাই ৰাখিছিল। সেইদেখি গাঁৱৰ আন আন মানুহে আৰু তাৰ শহুৰেকে সেইটো নাজানিছিল।

জোঁৱায়েকে শহুৰেকৰ গৰু এটা খুজি আনি দিনচেৰেক হাল বাইছিল। এদিন শহুৰেকে জোঁৱায়েকক গৰুটো ওভতাই খুজি পঠিয়ালে। সেইদিনা দৈৱাৎ গৰুটো ঘৰলৈ উভতি অহা সন্ধ্যা লাগিছিল। কুকুৰীকণা জোঁৱায়েক মস্তিলত পৰিল– কেনেকৈ সি গৰুটো নি শহুৰেকৰ ঘৰত দিয়েগৈ। সি ভালেখিনি পৰ ভাবি-চিত্তি থিৰ কৰিলে যে “গৰুটো শহুৰৰ ঘৰমুৱাকৈ এৰি দি তাৰ নেজতে ধৰি মই গৈ থাকো; তেনেহলে সি নিশ্চয় তাৰ চিনাকি ঘৰ ওলাবগৈ।” সি তাকে কৰিলে, গৰুটো গৈ তাৰ আগৰ গোহালিত সোমালগৈ আৰু সিও তাৰ নেজত ধৰি গৈ সেইখিনি পালেগৈ। এনেতে শহুৰেকে জোঁৱায়েকক দেখা পাই সুধিলে– “সেইটি জোঁৱাই নে?” জোঁৱায়েকে উত্তৰ দিলে– “আপুনি গৰুটো খুজি পঠিয়াইছিল দেখি আনি গোহালিত বান্ধিছোহি।” ইয়াৰ পিছত জোঁৱায়েক ওলাই নহা দেখি শহুৰেকে মাত লগালে– “ওলাই আহা, তাত কি কৰিছা? হাত-ভৰি ধুই বহি-মেলি এমুঠি ভাতকে খোৱাহি। নাখোৱাকৈ নাযাবা।” জোঁৱায়েকে উত্তৰ দিলে– “এৰা, আপোলোকৰ গোহালিত গৰু কেইটা আছে তাকে লেখিহে চাইছো এতিয়া।” শহুৰেকে ক’লে– “এই কিনো গৰু লেখিবা, টিলৌটিপো, মেৰো চেৰেলা গৰু গোটাচেৰেকছে আছে, ভালেকেইটা আ বেলি চৰকাত পৰি মৰি-হজি ঢুকাইছে” বুলি শহুৰেক ভিতৰ সোমাই গৈ জীয়েক গুণেশ্বৰীক ক’লে– “আই, ঘটি এটাত পানী এঘটি লৈ যা। ভিনীহিয়েক মাতি আনি ভৰি ধুবলৈ পানী দি বহুৱাগৈ ৷

সিফালে জোঁৱায়েকে গোহালিৰ পৰা ঘৰলৈ উভতি যাবলৈ বাট খেপিয়াই ফুৰিছিল, এনেতে খুলশালীয়েকে মাত লগালে–  “ভিনীহিদেউ, আহা শুৰি ধোৱাহি পানী আনিছোঁ।” ভিনীহিয়েকে খুলশালীয়েকৰ মাত শুনি উত্তৰ দিলে– “আইটী নে? আহা, মোক আদৰি নিয়াহি, নহ’লে মই এনেয়ে নাযাওঁ মোৰ নিচিনা ভিনাহিনা। কত পাইছিলা?” এই কথা শুনি সৰল মনৰ গুণেশ্বৰীয়ে ভিনীহিয়েকৰ হাতত ধৰি কাবৌ-কোকালি কৰি লৈ গৈ ভৰি ধুবলৈ ভিনীহিয়েকক পানী ঘটি আগবঢ়াই দিলে। এনেতে ভিনীহিয়েকে মাত লগালে,– “তুমি মোৰ ভৰি ধুৱাই দিয়া; আজি ভালেমান দিনৰ মূৰত আহিছোঁ; তোমালোকে দেখিছোঁ মোক সমূলি মৰম নকৰা।” গুণেশ্বৰীয়ে এই কথা শুনি ভিনীহিয়েকে ধেমালি কৰিছে বুলি ভাবি ভিনীয়েকৰ ভৰি ধুৱাই দি হাতত ধৰি বহিবলৈ ঢৰা পাৰি দি “বহা” বুলি তাতে বহুৱাই দিলে।

Read Also: জোঁৱাইৰ সাধু | Juwaior Hadhu Kotha

এইদৰে জোঁৱায়েকে কিছুপৰ বহি থকাৰ পিছত ভাত খাবৰ হ’ল। শহুৰেক ভাত খাবলৈ বহিল। শাহুৱেকে জোঁৱায়েকলৈ ভাত বাঢ়ি দি বহি আছে। জোঁৱায়েকক ভাত খাবলৈ মাতিছে কিন্তু সি উঠি নাহে। বৰকৈ মাতিলে, জোৱায়েকে উত্তৰ দিলে। “আজি মোৰ বৰ ভাগৰ লাগিছে, উঠিবই নোৱাৰোঁ। আপোনালোকৰ মোলৈ মৰমৰ আছে যদি ইয়াতে ভাত দিয়ক, খাওঁ।” জোঁৱায়েকৰ উত্তৰ শুনি শাহয়েকে ভাত আনি দিলেহি। ভাত দিয়া হ’ল, কিন্তু সি দেখিবলৈ নাপায়; নাখাই ৰৈ আছে। সেইদেখি গুণেশ্বৰীয়ে মাত লগালে– “খোৱা, ভিনীহিদেউ খোৱা।” ভিনীহিয়েকে উত্তৰ দিলে– “তুমি ভাতত মোৰ হাতখন লগাই দিলেহে খাম, নহলে নাখাওঁ, কাৰণ, তুমিনো আৰু কিমান দিন বাপেৰাৰ ঘৰত থাকিবা, অলপ দিনৰ মূৰতে গুচিয়েই যাবা, এতেকে এইকেইদিনতে তোমাৰ হতুৱাই বন কৰাই লওঁ। তেহে মোলৈ মনত থাকে যদি.” ভিনীহিয়েকৰ কথা শুনি গুণেশ্বৰীয়ে তাৰ হাতখন ভাতত লগাই দিলে সি ভাত খাবলৈ ধৰিলে। ইয়াৰ পিছত খুলশালীয়েকেও ভাত খাবলৈ উঠি গ’ল। অলপ পৰৰ পিছতে শাহুৱেকে ওলাই আহি দেখিল যে জোঁৱায়েকেও আৰু সেই পাততে এফালৰ পৰা মেকুৰীয়েও ভাত খাব লাগিছে। তাকে দেখি শাহুৱেকে জোঁৱায়েককক’লে– “বোপা, তুমি জানো দেখা নাই, তোমাৰ পাততে এফালে মেকুৰীজনীয়ে ভাত খাব লাগিছে, খেদি নিদিয়া কেলৈ?” জোঁৱায়েকে উত্তৰ দিলে– “আই, খাওঁক দিয়ক, অঞ্চল মানুহে খালে হয়নে? আন জীব-জন্তোৱেও খাব লাগে; মেকুৰীয়েও খাওক, ময়ো খাওঁ, সকলোৱে লাগি-ভাগি খাই শেষ কৰোহঁক।” শাহুৱেকে ক’লে– -“নহয় নহয়, মেকুৰীজনী খেদাই দিয়া। তোমাৰ অকণো ঘিণ নালাগেনে?” এইবুলি শাহুৱেকে ছুঁই ছুই কৰি মেকুৰীজনী খেদাই দি, মেকুৰীজনী আকৌ আহিলে খেদাই দিবলৈ বুলি জোঁৱায়েকৰ হাতত ডোখৰা ঘৰি এডাল দি ভিতৰলৈ সোমাই গ’ল। ভিতৰৰ পৰা আকৌ আকৌ ভজা মাছ আৰু চৰ্চৰীয়া আনি জোঁৱায়েকৰ পাতত নিওঁতে, জোঁৱায়েকে ভাবিলে যে আকৌ মেকুৰীজনীয়ে হে ভাত খাইছেহি৷ ইয়াকে ভাবি সি কাঠ মৰিডালেৰে। শাহুৱেকৰ গাত মাৰ মাৰি দিলে। মাৰ খাই শাহুৱেক বহি পৰিল। উস্‌ উস্ কৈ শাহুৱেকে মাত লগালে– “ভাল কৰিলা বোপা, তুমি মোৰ হাততে মাৰ মাণি দিলা।” তেতিয়া জোঁৱায়েকে কি সর্বদর্শীয়া কাম কৰিলোঁ বুলি জানি, শাহুৱেকৰ ভৰিত ধৰি ক’লে– “আই, ভাত খাওঁতে খাওঁতে মোৰ টোপনি আহিছিল। মই সমাজিক দেখিছিলোঁ সেই মেকুৰীজনীয়ে আকৌ মোৰ পাতত ভাত খাইছিল বুলি৷ সেইদেখি মেকুৰী বুলিহে মই মাৰ মাৰি দিলোঁ। আই মই আপোনাৰ দুটি ভৰিত ধৰি কাবৌকৈ মাতিছোঁ মোক ক্ষমা কৰক আৰু এই কথা কাকো নক’ৰ। শাহুৱেকে এই কথা শুনি জোঁৱায়েকক ক্ষমা কৰি বেঞ্জাৰ নকৰিবলৈ কৈ ভিতৰলৈ গ’ল জোঁৱায়েকে ভাতৰ পাতৰ পৰা উঠি ঘপিয়াই খপিয়াই বাহিৰলৈ আহি হাত-মুখ ধুলে। এই ঘটনাৰ পিছত সি আৰু লাজত ভিতৰলৈ উভতি যাবলৈ মন নকৰি কাকো মাত নলগোৱাকৈ ঘৰলৈ উভতি যাবলৈ ধৰিলে। দুখোজমান গৈয়েই সি বাট বিচাৰি নাপাই চোতালৰ আগত থকা কচুৱনিত সোমালগৈ। কচুৱনিত সোমাই সি ভাবিলে– “এইখন ডাঙৰ হাবি, ৰাতি ইয়াৰ পৰা ওলাই বাট বিচাৰি গৈ ঘৰ পোৱাটো মোৰ পক্ষে অসাধ্য এতেকে আজি ৰাতিটোলৈ ইয়াতে মনে মনে সোমাই থাকি বাতি পুৱালেই কোনেও নেদেখাকৈ ঘৰলৈ যামগৈ৷”ইয়াকে ভাবি সি নিশ্চিন্তমনে তাতে বহি থাকিল। ইফালে শাহরেক শহুৰেকে জোঁৱায়েকক নেদেখি সি ঘৰলৈ গুচি গ’ল ভাবি মনে মনে থাকিল।। ইয়াৰ অলপ পিছতে শাহুৱেকে চুৱা ধুই চৰিয়াৰ চুৱা পানীবোৰ বাহিৰলৈ ওলাই আহি কচুৱনিৰ মাজলৈ মাৰি পঠিয়ালে। চৰিয়াৰ পানীবোৰ দীঘল দীঘল কচুৰ পাতত পৰি, তাৰ পৰা মিটিকি গৈ জোঁৱায়েকৰ মূৰ তিয়াই পেলালে। এইদৰে গাত পানী পৰিলে, জোঁৱায়েকে ভাবিলে, বৰষুণহে দিছে। তাকে ভাবি না। লগালে-“মেঘ দেৱতা, কুকুৰীকণাৰ প্ৰতি প্ৰসন্ন হোৱা আৰু বৰষুণ নিদিবা আজি যিবোৰ দুখ পাইছোঁ সেইবোৰেই আঁ আৰু ক জোঁৱায়েকৰ মাত শুনি শাহুৱেকে লৰালৰিকৈ চাকিটো উলিয়াই আনি দেশে জোঁৱায়েক নচুৱনিত মাজত জুৰুলি জুপুৰি হৈ বহি আছে তেতিয়া জোঁৱায়েক কুকুৰীকণা বুলি বুজিব পাৰি গিৰীয়ে আজয়ে মাতি আনি সকলো কথা কৈ জোঁৱায়েকক তাৰ পৰা ধৰি মেলি আনি গা পা ধুৱাই একাই চুৰিয়া পিন্ধাই পাটীত শুৱাই থৈ দিলে।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: কুকুৰীকণা এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: কুকুৰীকণা এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: কুকুৰীকণা এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply