কুজী বুঢ়ী বা মাৰলী হ’ল | Kuji Budhi Ba Maroli Hol

কুজী বুঢ়ী বা মাৰলী হ’ল | Kuji Budhi Ba Maroli Hol, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, কুজী বুঢ়ী বা মাৰলী হ’ল, সাধুকথা, অসমীয়া কাহিনী, কুজী বুঢ়ী বা মাৰলী হ’লশিশুৰ বাবে কাহিনী

সত্য যুগত আমি এতিয়া দেখা আকাশখন পৃথিৱীৰ সকলোৱে হাতেৰে চুব পৰা অৱস্থাত আছিল। এজনী বুঢ়ী মানুহৰ কুজটো ওলাই বহুত ওখ হৈ গৈছিল আৰু বুঢ়ী চাপৰি চাপৰি তললৈ মূৰ কৰি খোজ কাঢ়িব লগীয়া হৈছিল। বুঢ়ীয়ে পুৱা শুই উঠি ঘৰৰ চোতালখন বাঢ়নীৰে সাৰি চাফা কৰি থোৱা অভ্যাস কৰিছিল। 

যেতিয়া বুঢ়ীৰ কুজটো মানুহজনীতকৈ ওখ হৈ গ’ল তেতিয়া চোতাল সাৰোতে কুজটো গৈ আকাশত খুন্দা খায়, এইদৰে খুন্দা খাওতে খাওতে লাহে লাহে বুঢ়ীৰ কুজটোত ঘা লাগি গ’ল। বুঢ়ীয়ে দুখ পাই সৰগত থকা দেৱতাসকলক কথাটো জনালে। 

Read Also: শ্ৰীকৃষ্ণৰ কালীয় – দমন | Shri Krishnor Kaliyo Domon

সেই সময়ত পৃথিৱীৰ মানুহে সৰগৰ দেৱতা সকলৰ লগত কথা-বতৰা হ’ব পাৰিছিল। কিবা দুখ কষ্ট হ’লে দেৱতাসকলৰ আগত জনাই ভালৰ বাবে আশীৰ্বাদ বিচাৰিছিল। সেইদৰে দেৱতা সকলেও মৰ্ত্যৰ মানুহক সহায় কৰিছিল।

এদিন কুজী বুঢ়ীয়ে প্ৰাৰ্থনা কৰাৰ সলনি দেৱতাসকলৰ ওচৰলৈ গৈ জনালেগৈ যে তাই সদায় চোতাল সাৰোতে আকাশখনত কুজটো লাগি ঘহণা খাই ঘা লাগিছে। “মই চোতাল সাৰোতে বৰ দুখ পাইছো, তোমালোকে দয়া কৰি মোৰ কুজটো নাইকিয়া কৰি দিব নোৱাৰানে ? নহ’লে আকাশখনকে ওপৰলৈ উঠাই দিয়া।”

দেৱতাসকলে বুঢ়ীৰ কথা শুনি খুব হাহিলে। দেৱতাসকলে হহা দেখি বুঢ়ীৰ খং গৈ মূৰৰ চুলি পালেগৈ। অকলে অকলে ভোৰভোৰাই পৃথিৱীলৈ উভতি আহিল। আহোতে খঙতে বাঢ়নীটো হাতত লৈ জপিয়াই জপিয়াই গানকে গালে-

          দেৱতা বুলিয়েই দেখুৱালো মোৰ 

                      কুজটোত লগা ঘা,

          দুখপোৱা দেখি হাহিহে মাৰিলে

                       মই কি কৰো চা।

          দেৱতাসকলক কুজী বুঢ়ীয়েই

                       ভালকৈ শিকণী দিম,

           মোৰ বাঢ়নীৰ খোচেৰেই মই 

                         সৰগ ওপৰলৈ নিম।”

আৰু এদিন কুজটোত দুখ পাই হাতত বাঢ়নীটোলৈ দেৱতাৰ ওচৰ পালেগৈ। সকলো দেৱতাই বুঢ়ীক বাঢ়নী লৈ যোৱা দেখি ঠায়ে ঠায়ে  লুকাবলৈ ধৰিলে। বুঢ়ীয়ে কাকো সৰগত লগ নাপাই আকৌ হাতত বাঢ়নী লৈ ঘৰলৈ উভতিল।

কুজী বুঢ়ীৰ কিন্তু দেৱতাসকলৰ ওপৰত উঠা খং মাৰ যোৱা নাই। এইদৰে হাতত বাঢ়নীটো লৈ সৰগলৈ যায়, দেৱতাসকল বুঢ়ীৰ ভয়ত লুকাই আৰু খঙেৰেই বাঢ়নীটো লৈ বুঢ়ী ঘৰলৈ উভতি আহে। 

এদিন কুজী বুঢ়ীৰ ৰখাব নোৱাৰা খং উঠিল। কুজটোত লগা ঘা ডখৰো বেছিকৈ বিষাবলৈ ধৰিছে। কুজী বুঢ়ীয়ে কুজৰ বিষত কান্দিবলৈ ধৰিলে আৰু সৰগৰ দেৱতাসকলক একো কৰি নিদিয়াৰ বাবত পাৰে মানে গালি পাৰিবলৈ ধৰিলে। ওচৰৰ সকলোবোৰ বুঢ়ীৰ বিষ-বেদনা দেখি খবৰ ল’বলৈ ওচৰলৈ আহিল। 

সকলোৰে আগত কুজী বুঢ়ীয়ে সৰগৰ দেৱতাসকলে যে একো সহায় নকৰিলে তাৰ বাবে খঙত বকিবলৈ ধৰিলে। বুঢ়ীয়ে সকলোৰে আগত প্ৰতিজ্ঞা কৰিলে যে কুজী বুঢ়ীৰ কষ্টৰ ৰং চোৱা সৰগৰ দেৱতা সকলক এশিকনী দিহে এৰিব।

এইবুলি কৈ হাতত বাঢ়নীটো লৈ দৌৰি দৌৰি গৈ আকাশখনক খুচিবলৈ ধৰিলে। সৰগত থকা দেৱতাসকলে বাঢ়নীৰ খোচ আৰু বুঢ়ীৰ গালি শুনি সকলো গোট খাবলৈ ধৰিলে। দেৱতাসকলে ভাবি ল’লে নিশ্চয় এইটো কুজীবুঢ়ীৰে কাণ্ড হ’ব। কিবা এটা মিমাংসালৈ নাহিলে আৰু বিপদৰ আশংকা কৰি আলোচনা কৰিবলৈ ধৰিলে।

আলোচনা কৰি থাকোতেই গোটেই সৰগখন বাঢ়নীৰ খোচত হুৰ-হুৰাই ওপৰলৈ উঠি গ’ল। কুজী বুঢ়ীয়ে খিটখিটাই হাহিবলৈ ধৰিলে। দেৱতাসকলৰ মাজত হাহাকাৰ লাগিল। গোটেই সৰগখন (আকাশখন) ওপৰলৈ গৈ ঘপকৈ এঠাইত ৰৈ গ’ল। ইজন দেৱতাই সিজনৰ লগত খুন্দা খাই ধুপুচ ধুপুচ পৰিবলৈ ধৰিলে। 

সকলো দেৱতা একেলগে গৈ ব্ৰহ্মাৰ ওচৰ পালেগৈ। ব্ৰহ্মাই দেৱতাসকলৰ দৌৰ দেখি ৰাক্ষসে কিবা অত্যাচাৰ কৰা বুলি ভাবিছিল যেতিয়া কুজী বুঢ়ীৰ কাণ্ডবোৰ শুনিলে ব্ৰহ্মায়ো ভয় খালে। বুঢ়ীয়ে যদি বাঢ়নীৰে খুচি আকাশখন ওপৰলৈ উঠাব পাৰে, সেই বুঢ়ীয়ে আৰু বহুত কিবা কিবি খঙতে কৰিব পাৰিব। তেতিয়া ব্ৰহ্মাই বিশ্বকৰ্মাক মাতি আনি স্বৰ্গখন মানে আকাশখন কোনেও ঢুকি পাব নোৱাৰাকৈ ওপৰলৈ তুলি নি স্থাপন কৰিবলৈ আদেশ দিলে। বিশ্বকৰ্মাই ব্ৰহ্মাৰ আদেশ পালন কৰি বহুত ওপৰলৈ নি সৰগখন স্থাপন কৰি দিলে। 

স্বৰ্গখন কুজী বুঢ়ীয়ে খঙতে ওপৰলৈ তুলি নদিয়াহেতেন আমি পৃথিৱীৰ সকলোৱে সৰগৰ দেৱতাসকলৰ লগত মিলাপ্ৰীতিৰে থাকিব পাৰিলোহেতেন। কিন্তু তেতিয়া আমাৰো এটা বিপদ হ’লহেতেন, পৃথিৱীৰ মানুহবোৰ ওখ হ’ব নোৱাৰিলেহেতেন। কুজীবুঢ়ীয়ে তেনেহ’লে আকাশখন ওপৰলৈ ঠেলি ভালেই কৰিলে নহয়নে ? পশু-পক্ষী, মানুহ সকলোৱে নিজৰ নিজৰ ঠাইত শান্তিৰে বাস কৰিবও তেতিয়া নোৱাৰিলেহেতেন। প্ৰকৃতিও অকণমানি হৈ থাকিলহেতেন নহয়নে ?

তেতিয়া দেৱতাসকলে ওপৰত গৈ চিন্তা কৰিলে যে সেই কুজী বুঢ়ীয়ে খঙত আৰু কি কৰে ঠিক নাই। গতিকে তেওঁক মানে কুজী বুঢ়ীক কিবা এটা সন্তুষ্ট কৰি ৰাখিব লাগিব।

শেষত দেৱতাসকলে আলোচনা কৰি ঠিক কৰিলে যে বুঢ়ীক বা মাৰলী বতাহ কৰি দিয়া যাওক, তেতিয়া বুঢ়ীৰ খং উঠিলে গছ-গছনি, ঘৰ-দুৱাৰকে ভাঙি পেলাব পাৰিব।

দেৱতাসকলে কুজী বুঢ়ীক লগ ধৰি তেওঁৰ কুজটোৰ ঘাডোখৰ শুকাইছেনে খবৰ ল’লে। বুঢ়ীক হাঁহি-মাতি সুধিলে-

“কুজী বুঢ়ী তোমাৰ বাৰু বা মাৰলী হ’বলৈ মন আছে নেকি ? যদি আছে আমি তোমাক বা মাৰলী ৰূপী বতাহ কৰি দিব পাৰো হ’বানে ?

বুঢ়ীয়ে উত্তৰ দিলে-

: “দিয়া দিয়া, এই কুজটো মোৰ মহাভাৰ হৈছে বৰ কষ্ট পাইছো। কুজটোত দুখ পোৱা খঙতে তোমালোক গৈ কোনোবাখন পালাগৈ আকাশখন ইমান ওপৰলৈ উঠি গ’ল। দিয়া দিয়া এতিয়া বা মাৰলীকে কৰি দিয়া।”

কৈ উঠি বুঢ়ীয়ে মনতে ভাবিলে-

“এইবাৰ বা মাৰলী হৈ দেৱতাসকলক নচুৱাব লাগিব। মোৰ ইচ্ছামতে উৰি উৰি স্বৰ্গত উৎপাত আৰম্ভ কৰি দিম।”

দেৱতাসকলৰ পিতা ব্ৰহ্মাই চকু মুদি হাতঘূৰাই কুজী বুঢ়ীক বা মাৰলীৰ ৰূপ প্ৰদান কৰিলে। বায়ু বেগেৰে কুজী বুঢ়ী বা মাৰলী হৈ সৰগৰ ফালে ঢাপলি মেলিলে। কিন্তু বুঢ়ীৰ মনৰ আশা পূৰণ নহ’ল। স্বৰ্গৰ দ্বাৰ বিশ্বকৰ্মাই এনেদৰে নিৰ্মাণ কৰিছিল যে প্ৰবল ধুমুহা-বতাহো সেই দুৱাৰেদি স্বৰ্গৰ ভিতৰ সোমাব নোৱাৰে।

সকলো সময়তে স্বৰ্গৰাজ্যত ৰিব্ ৰিব্ মলয়া বতাহ বৈয়েই থাকে। এতিয়া কুজী বুঢ়ী বুঢ়ী হৈ থকা নাই বা মাৰলী হৈ পৃথিৱীত উৎপাত আৰম্ভ কৰি দিলে। দেৱতাসকলেতো তেওঁক এতিয়া একো কৰিব নোৱাৰেই।

কিন্তু বা মাৰলী হৈ উৰি ফুৰাৰ সময়ত যদি ক’ৰবাত বাঢ়নী এটাৰ দেখে, বুঢ়ীৰ আগৰ কথাবোৰ মনত পৰি যায় আৰু অকণমান শান্ত হৈ অতীতৰ কুজেৰে সৈতে দুখ পাই বাঢ়নীৰে খুচি আকাশখন ওপৰলৈ তুলি দিয়া কথা মনতে ৰোমন্থন কৰে। 

সেইবাবে নেকি আমাৰ আইতাহতে ধুমুহা বা বা মাৰলী অহাৰ সময়ত চোতালত এখন পীৰা পাৰি মূৰ ফনিয়াবলৈ এখন ফণি আৰু কাষতে এটাৰ বাঢ়নী থৈ দিয়ে। তেতিয়া হেনো ধুমুহা শাম কাটে। তাৰমানে সেই পীৰাখনত বা মাৰলী ৰূপী বুঢ়ী বহি বাঢ়নীৰে খোচা সময়বিলাক মনত পেলাই মনটো শান্ত কৰে।

Read Also: Class 9 Assamese Question Answer

কেতিয়াও খঙক প্ৰশ্ৰয় নিদিবাহক, খঙত যিটো বেয়া কাম কৰি পেলোৱা তাৰ পৰিণাম বেয়াকৈয়ে ভূগিব লগা হয়।

কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। কুজী বুঢ়ী বা মাৰলী হ’ল এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। কুজী বুঢ়ী বা মাৰলী হ’ল এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে কুজী বুঢ়ী বা মাৰলী হ’ল এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply