কথাবাহী বুঢ়া সাধু | Kothabahi Burha Hadhu Kotha

কথাবাহী বুঢ়া সাধু | Kothabahi Burha Hadhu Kotha, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, কথাবাহী বুঢ়া গল্প, সাধুকথাঅসমীয়া কাহিনী, কথাবাহী বুঢ়া গল্পশিশুৰ বাবে কাহিনী

এহাল বুঢ়া বুঢ়ী আছিল , সিহঁতৰ মাথোঁন একেটি লৰা । বুঢ়া বুঢ়ীৰ ভাতে ভঁৰালে , গৰুৱে গাঁৱে সম্পূৰ্ণ আছিল আৰু দুয়ো অতি যত্নেৰে লৰাটি তুলি তালি ডাঙৰ কৰি মহাসুখে ঘৰ বাৰী চলাইছিল । সিহঁতৰ গাঁৱৰ কোনো মানুহৰে দ্বন্দ্ব হাই , খিয়াল হিংসা নাছিল ; বৰং সকলোৱে সিহঁতক ভৰসা আৰু মান সৎকাৰ কৰিছিল আৰু পাৰ্যমানে যাৰে তাৰে সিহঁতে উপকাৰহে কৰিছিল । লৰাটিৰ ঘৰখন পাতি , পো বোৱাৰীৰ ৰং ধেমালি চাই মৰিবলৈ বুঢ়া বুঢ়ীয়ে বৰকৈ হেঁপাহ কৰিছিল ; কিন্তু নিষ্ঠুৰ কালে সেই আশা পূৰাবলৈ নিদিলে । বুঢ়া বুঢ়ীয়ে লৰাটিক এডাল কুটা দুডাল কৰিবলৈ নিদিছিল আৰু ৰজাৰ কোঁৱৰৰ দৰে বৰ আলসুৱা কৰি তুলিছিল । এইবাৱে বুঢ়া বুঢ়ী মৰিলত সি অকলশৰীয়া হৈ কি কৰিম , কলৈ যাম লগাই মহা চিন্তাত  পৰিল । সি যে বনবাৰী একো কৰিব নাজানেই , তদুপৰি সি কথা বাৰ্তাতো এলাবাদু । এনে অৱস্থাত সি বিয়া কৰাবলৈ মন মেলি গাঁৱত কেবাঘৰতো ছোৱালী ধৰিলেগৈ । তাক গাঁৱৰ সকলোৱে এলেবাং বুলি জানি ছোৱালী দিবলৈ গেৰোগেথো কৰিলে । তেতিয়া সি ছোৱালী বিচাৰি কিছুদূৰ গাঁৱলৈ গল ; তাতে এঘৰ মানুহে তাৰ কথা বোৰ শুনি ছোৱালী দিবৰ মন কৰি ঘৰ বাৰী চামগৈ বুলি কৈ তাক পঠাই দিলে ; আৰু ইয়াৰ পিছত ঘৰ দুৱাৰ চাই চিতি গঞাহঁতৰে চিনাকি হৈ সেই মানুহটিয়ে বিয়াৰ দিন বাৰ চোৱাই ছোৱালীজনী এলেবাঙলৈ বিয়া দিলে ।

ছোৱালীজনী বৰ চাবতিয়াল আৰু বুদ্ধিমতী আছিল । তাই ঘৰ গৰকিয়েই জানিব পাৰিলে যে গিৰিয়েক অঁকামিলা মানুহ ; নচেৎ মাটি বাৰী , গৰু গাই , দ্ৰব্য বস্তু যিবোৰ বুঢ়া বুঢ়ীয়ে থৈ গৈছে , তাৰে এঘৰ মানুহ ভালকৈ প্ৰৱৰ্তিব পাৰে । ইয়াকে চাই তাই এদিন গিৰিয়েকক কলে বোলে সিহঁতৰ গাঁৱত কথাবাঁহী নামে বুঢ়া এটি আছে , সেই বুঢ়াৰ ওচৰলৈ গলে গিৰিয়েকে অনেক কথা শিকিব পাৰিব । এই কথা গিৰিয়েক মান্তি হৈ পাছদিনা প্ৰাতসতে কথাবাহী বুঢ়াৰ ঘৰত ওলালগৈ । বুঢ়াই বহিবলৈ দি ডেকাক অহাৰ কাৰণ সুধিলে । ডেকাই সকলো কথা ভাঙি কলত বুঢ়াই গুটিদিয়েই প্ৰশ্ন কৰি ডেকা কিমান পানীৰ মাছ বুজি লৈ কলে , “বোপাই , তুমি কথা শিকিবলৈ হলে মোৰ ঘৰত এবছৰ থাকিলে হব । ” ডেকাই কলে , “ঘৰত সুধি কাইলৈ কমহি ।”

পাছদিনা লাগতিয়াল দ্ৰব্য বস্তু লৈ সি কথাবাহীৰ ঘৰত সোমালহি । বুঢ়াই ডেকাৰ হতুৱাই এবছৰ খচি কাম কৰাই আহু , শালি , মাহ , সৰিয়হ , শাক , পাচলি , আলু , বেঙেনা , চচা কটা , খৰাহি , পাছি , কুলা , চালনী , পাটি  , ঢাৰি , জাকৈ , জুলুকী আদি সকলো বিধৰ হাতৰ বিদ্যা তাক শিকালে । ডেকাই খেতিয়কৰ সকলো বিদ্যাত পৈণত হৈ বছৰ উকলিলতে কথাবাহী বুঢ়াক অতি নম্ৰভাৱে জনালে , “আপদেও ! বছৰ পূৰ হল ; আপুনি কি কথা শিকাব খুজিছিল শিকাই মোক বিদায় দিব লাগে ।” বুঢ়াই কলে , “দুয়ো গা পা ধুই খাই বৈ আহিলেহে হব ।” খাই উঠি দুয়ো চোতালত বহিলহি আৰু অলপ বেলি টলকা মাৰি থাকি বুঢ়াই ডেকাৰ ফালে চাই কলে , “বোপা ” বাৰীৰ ভিতৰত কেলেহুৱা মানুহ নচপাবা । ন চহকীৰ ধাৰ নকৰিবা ; লাগিলে পুৰণি চহকীৰেই ধাৰ কৰিবা তিৰোতাক বিশ্বাসী কথা নকবা । ৰজাৰ আগত মিছা কথা নকবা । এতিয়া তুমি তোমাৰ ঘৰলৈ যাব পাৰা” – এইবুলি বুঢ়াই তাক আশীৰ্বাদ কৰি বিদায় দিলে । 

ডেকাই ঘৰমুৱা হৈ বাটে বাটে ভাবি আহিছে যে এবছৰ পা পইচা নোহোৱাকৈ তেজক পানী কৰি খাটি বাৰে ভচহু এইকিটা কথা পালোঁ । বাৰু এইকেইটা কথাৰ প্ৰমানকে চোৱা জক । তাৰ আপোন বায়েক এজনী বাৰী হৈ লৰা ছোৱালী এহালেৰে লৈ লৈ থৈ ফুৰিছিল ; সিহঁতৰ দুৰৱস্থা দেখি মৰম কৰি সি নিজৰ বাৰীলৈ তুলি আনি বাৰীৰ আগতে ঘৰ সাজি দি যত্নকৈ সিহঁতক প্ৰতিপাল কৰিবলৈ ধৰিলে । তাৰ গাঁৱত এঘৰ ন চহকী হৈ উঠি মানুহক মানুহ যেন জ্ঞান নকৰিছিল । সি এদিন গাখীৰ দুচুঙামান লৈ ন চহকীত দেখা কৰি কলে , – ডাঙৰীয়া ! আজি এবছৰ মই লোকৰ ঘৰত পা পইচা নোলোৱাকৈ খাটি দি আহিলোঁ ; ৰজাঘৰৰ খাজনা দিব লগা হল , এতেকে অনুগ্ৰহ কৰি দহ টকামান ৰূপ দাৰকৈ দিলে বৰ উপকাৰ হয় ।” ন চহকীয়ে লাহেকৈ মাত লগালে , “হেৰ ! কাইলৈ আহিবি ।” পাছদিনাও সি এইদৰে পাণ তামোলৰ টোপোলা এটা লৈ গল ; সেইদিনাও ন চহকীয়ে তাক ওভোতাই পঠিয়ালে । এইদৰে হাত ভেটি লৈ দহ বাৰ দিন অহা যোৱা কৰি শেষত সি লেখা এখন দি অতিকষ্টে দহ টকা ৰূপ আনি তাৰ ঘৰৰ পাৰী খুটাৰ বিন্ধাত সোমাই থলে । বাস্তৱতে তাৰ টকাৰ দৰকাৰ নাছিল ; মাথোন কথাবাহী বুঢ়াৰ কথাৰ প্ৰমাণ চাবলৈহে সি তেনে কৰিছিল । তাৰ পাছত সি এদিন সেই গাঁৱৰে পুৰণি চহকী মানুহ এঘৰলৈও সেইদৰে ধন ধাৰলৈ বিচাৰি গল । পুৰণি চহকীয়ে তাক দেখি বহিবলৈ দি , কিয় আহিছে বুলি সোধাত সি সেই কথাকে কলে ! তেতিয়া গৃহস্থই মূৰে কপালে হাত দি বেজাৰ কৰি কলে , “অমুকাৰ ঘৰত কি নোহোৱা আছিল ; এতিয়া তাৰ পুতেকে লোকত হাত , পাতিব লগা হৈছে । হেৰ ! ৰূপ একুৰিহে লাগে ? বাৰু নে , তেতিয়া পাৰ দিবিহি ?”

তাৰ পাছত সি ৰজাঘৰৰ ওচৰতে চাপৰি এটাত খেতি কৰিবলৈ ধৰিলে । তাত মাহ সৰিয়হ খাবলৈ অনেক চৰাই আহে ; সেইবোৰ সি খেকেৰু , চিটিকা , জাল পাতি নিতৌ চৰাই ধৰি তাতে মাৰি পাখি গুচাই আনি ঘৈণীয়েকক ৰান্ধিবলৈ দি সদায় খাইছিল । ৰজাৰ এটা মৰমৰ মৰা চৰাই আছিল , সিও সদায় তাৰ খেতিত পৰি অনিষ্ট কৰিবলৈ ধৰিলে । শেহত সি খেতিৰ মাজতে ঘূৰণীয়াকৈ দ গাঁত এটা খান্দি ওপৰত ডাল পাত দি ঢাকি থলে । পাছদিনা সি দেখে যে আন চৰাইৰ লগতে মৰাচৰাইটোও গাঁতত পৰি আছে । মৰাক সি অতি যত্নেৰে ধান পানী দি ঢাকি ৰাখি ইবোৰ চৰাই মাৰি বখলিয়াই আনি ঘৈণীয়েকক কলে , “হেৰ ! বহুত দিনৰ পৰা মৰাৰ মাংস খাবৰ মন গৈছিল , আজি পাই আনিচোঁ ; ভালকৈ ৰান্ধি দিবি দেই ।” ঘৈণীয়েকে বোলে , “কত পালা , কেনেকৈ ধৰিলা কোৱাচোন ? ” গিৰিয়েকে বোলে , “তোক কলে কটা যাব লাগিব ।” ঘৈণীয়েকে বোলে , “এৰা তাকেহে মোৰ কৰাবলৈ বাকী আছে । আমি যতে ততে অবিশ্বাসী ।” এনে বোলাত গিৰিয়েকে কথাটোৰ থোৰ ভাঙি কলে । তেতিয়া তাই তাৰে মঙহ এসোপা লৈ জেশাহুয়েকৰ ঘৰলৈ নি “ভায়েকে মৰা চৰাই এটা মাৰি আনিছে তাৰে এয়া আনিছোঁ , ৰান্ধি খাব ” – এই বুলি কৈ , আহিব খুজোঁতেই শাহুৱেকে সুধিলে , “কৰ মৰা কেনেকৈ মাৰিলে মোক কচোন , ইমান ততাতৈয়া কিয় কৰিছ ?” তেতিয়া তাই থেৰোগেৰো কৰি থোৰতে কথাটো কলে ।

Read Also: শিয়াল পগলা সাধু | The Crazy Fox Story

ইপিনে মৰা নেদেখি ৰজা ঘৰত বিচাৰ লাগিল । ইটোৱে সিটোৱে কোৱা মেলা কৰিবলৈ ধৰিলে যে অমুকাৰ খেতিতে দিনৌ মৰাটো চৰেগৈ । অৱশ্যে সিহে কৰিব পায় । ৰজাৰ টেকেলাই গৈ গধূলি বায়েকৰ ঘৰত বহি মৰাৰ কথা উলিয়াই অনেক চহ দিয়াত তাই ভায়েকৰ কথা কৈ দিলে । ইপিনে ভায়েকেও সজাগ হৈ ফুৰিছিল । এতিয়া কলতলৰপৰা সি বায়েকে টেকেলাক কোৱা কথাবোৰ শুনি আহি ঘৈণীয়েকক কলে যে ৰজাৰ টেকেলা আহি তাক ধৰি বান্ধি নিবহি , এতেকে সি ৰূপ পাঁচ টকা হাতত লৈ ঢাৰিৰ মেৰত সোমাই থাকিল ; সি ঘৰত নাই বুলি ঘৈণীয়েকে টেকেলাক কবলৈ কলে । টেকেলা আহি ঘৈণীয়েকক মাতি গিৰিয়েকৰ কথা সুধিলে । তাই বোলে “তেওঁ মোৰ পেসাহে হয় ।” টেকেলাই বোলে , “বাৰু পেহাৰ আৰু পেহীয়ের কলৈ গল কি ? ” তাই  “কব নোৱাৰোঁ” বোলাত টেকেলাই তাইকে ধৰি বুলি বান্ধিবলৈ কলে । তেতিয়া তাই ভয়ত ঠক ঠক কৰে কঁপি কলে , “হেৰা পেহা ! ঢাৰিৰ মেৰৰপৰা ওলোৱা ” – এনে বোলাত টেকেলাই গোৰ মাৰি দিয়াত ঢাৰিৰ মেৰৰপৰা গিৰিয়েক ওলাই পৰিল । টেকেলাই ধৰি বান্ধোতে গিৰিয়েকে টেকেলাক ৰূপ পাঁচ কটা দি কলে , “ককাই ! মোক যেন অনুগ্ৰহ কৰি ন চহকী আৰু পুৰণি চহকীৰ ঘৰৰ দুৱাৰমুখেদি ৰজাৰ ঘৰলৈ নিবা ।” টেকেলাই “একো টান কথা নহয়” বুলি পোনতে তাক ন চহকীৰ ঘৰলৈ নিলে , তাতে ন চহকীয়ে টেকেলাক কলে , “ই মহা চোৰ , ইয়াৰ তাপত মানুহে হাঁহ , পাৰ ছাগলী ৰাখিব নোৱাৰে ! ই হাঁহ , পাৰ , ছাগলী খোৱাৰ যম । ই মোৰ লৰাটোক ফুচুলাই সিদিনা ৰূপ দহ টকা ধাৰলৈ নিলে । চোৰৰপৰা আৰু পোৱা যাব নে ? ইত্যাদি ৰূপে বলকি খং কৰি ন চহকী ৰজা ঘৰলৈ যাবলৈ ওলাল । তাৰ পাছত তাক পুৰণি চহকীৰ ঘৰলৈ নিলত গৃহস্থই মূৰে কপালে হাত দি টেকেলাক কলে , “বোপাই , ই লৰা কদাপি চোৰ নহয় , মই ইহঁতৰ ঘৰক ভালকৈ জানো তোমাৰ কিবা ভ্ৰম হৈছে , টকাদিয়েক লৈ এৰি দিয়া ।” এনে বুলি কৈ পুৰণি চহকীও টেকেলাৰ লগত ৰজা ঘৰলৈ ওলাল ।

ৰজাৰ আগলৈ নিলত ন চহকীয়ে যিমান পাৰে সিমান তাৰ বদনাম ৰটিবলৈ ধৰিলে ; কিন্তু পুৰণি চহকীয়ে ৰজাক বৰাই বুজাই কলে , “মহাৰাজ ! ই লৰা চোৰ চেচোঁৰ নহয় । স্বৰ্গদেউৰ এটা মৰা হেৰুৱাইছে , বন্দীয়ে তেনে মৰা দুটা তিনিটা অনাই দিম । সি অপৰাধী হলেও স্বৰ্গদেৱে লঘু দণ্ড দিব লাগে আৰু দণ্ড বিহাৰ আগেয়ে তাক এবাৰ সোধা যুগুত ।” ৰজাই তাক সোধাত সি কলে , মহাৰাজ ! ন চহকীয়ে কোৱামতে মই চোৰ , মোৰ একো কবলগীয়া নাই । তেতিয়া ৰজাই তাক শূলত দিবলৈ হুকুম দিলে । তাক নিবলৈ ধৰোঁতেই সি কলে ,

“কিনো কালৰ বেহা ।

তিৰোতাই বুলিলে পেহা ।।

তিৰিক নিদিবা হিত ।

গাতৰ ভিতৰত ধৰে মৰাছালি , 

স্বৰ্গদেৱৰ চঞ্চল চিত ।।” 

পুৰণি চহকীয়ে বোলে , “মহাৰাজ ! সি কিবা এটা কৈছে , আনি সোধক ।” ৰজাই তাক মতাই আনি সোধাত সি সেই কেইফাকি কথাকে আকৌ মাতিলে । তেতিয়া ৰজাই তাক কথাটো কবলৈ কোৱাত সি কথাবাহী বুঢ়াৰপৰা যিকিটা কথা শিকিছিল সেইকেইটা সম্পূৰ্ণ সঁচা নে মিছা তাৰ প্ৰমাণ চাই তাৰ ফলিওৱা কথাটো কলে । সি কলে “মহাৰাজ ! মই মৰা খোৱা নাই , মানুহ পঠালে খেতিৰ মাজত গাঁতত মৰাই চালি ধৰি থকা পাব ।” কথাটো শুনি ৰজাই তাৰ খেতিলৈ মানুহ পঠিয়াই দিলত , ৰজাৰ মানুহে সেইমতে মৰা পাই লৈ আহিল । সি আকৌ কলে , “ন চহকীৰ দহ টকা ৰূপ মই খৰচ কৰা নাই, পাৰীখুটাৰ ফোঁপতে থৈ দিছোঁ , স্বৰ্গদেৱে অনাই তেওঁক দিয়াব পাৰে । পুৰণি চহকীৰ ৰূপ কুৰি টকা নিও অইন এটা পাৰীখুটাৰ ফোঁপত থোৱা হৈছে ; কিন্তু তেওঁ এনে সাধু যে সেই কথা নুলিয়াই মোক ৰাখিবৰ নিমিত্তে আৰু ৰূপবান খৰচ কৰিবলৈকেহে আগবাঢ়িছে । কেলেহুৱাক বাৰীত ঠাই দিয়া , তিৰোতাক বিশ্বাসী কথা কোৱা আৰু ৰজাৰ আগত মিছা কোৱাৰ পৰা মোৰ প্ৰাণৰ সংশয় হৈছিল ।” এই বুলি সি গোটেইবোৰ কথা ভাঙি কলে । 

ৰজাই তবধ লাগি থাকি ন চহকীক অনেক তিৰস্কাৰ কৰি খেদাই দিলে । কথাবাহী বুঢ়াক মতাই আনি ৰাজসভাৰ মেলুৱাই পাতিলে আৰু পুৰণি চহকীক বিশ্বাসী ডাঙৰ বিষয় এখন দিলে । আগৰ এলেবাঙক ৰজাঘৰৰ বিশ্বাসী ভিতৰুৱাল বিষয়া পাতিলে ।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। কথাবাহী বুঢ়া এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। কথাবাহী বুঢ়া এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। কথাবাহী বুঢ়াএই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply