সাধুকথা: কটা যোৱা নাক, খাৰণি দি ঢাক | Kota Juwa Nak, Kharoni Di Dhak Hadhu Kotha

সাধুকথা: কটা যোৱা নাক, খাৰণি দি ঢাক | Kota Juwa Nak, Kharoni Di Dhak Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: কটা যোৱা নাক, খাৰণি দি ঢাক, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: কটা যোৱা নাক, খাৰণি দি ঢাকশিশুৰ বাবে কাহিনী

এক ৰজাৰ সাতোটা কোঁৱৰ আছিল, আৰু কোঁৱৰটোৱে পতি একোজনীকৈ কুঁৱৰী আছিল। কুঁৱৰীহঁতে সদায় গধূলি ভাত-পানী খোৱা সময়লৈকে একেখন মজিয়াতে বহি সৃতা কাটে আৰু সাত ভাৰস্তৰ কথা উজাৰি মনৰ ভাগৰ পলুৱায়। যঁতৰৰ কেৰ্কেৰণিৰ,লগে লগে সিহঁতৰ শাক খোৱা, ভাত খোৱা, মাছ খোৱা সকলো কথা ওলাই পৰে। 

চ’ত মাহ পৰিল। আজিৰ বাজে কাইলৈ ব’হাগ বিহু। বৰ বিহুৰ দিনা গা-পা ধুই আহি চোতালত থিয় হোৱা নিজৰ ল’ৰা-ছোৱালীক আৰু গিৰীয়েকক অতি কমে এডুখৰি নিজে বোৱা ন-কাপোৰ সিহঁতে নিদিলেই নহয়, মিতিৰ-কুটুম, লা-লগুৱাৰতো কথাই নাই। সেইদেখি কুঁৱৰীহঁতৰ গাত তৰণিয়েই নাই, কেনেকৈনো ফুলাম গামোচা বওঁ, কেনেকৈ এখন মিহি সূতাৰে চুৰিয়া বওঁ, কেনেকৈ এখন চেলেং বওঁ, এইবোৰ ভাবিয়েই সিহঁত অস্থিৰ। সিহঁতে দিনৰ দিনটো তাত বৈ ৰাতি এপৰলৈকে পাঁজি বাটে, সূতা কাটে, মহুৰা ফুৰায়। 

আজি সাতোজনী কুঁৱৰীয়ে নিজৰ নিজৰ যঁতৰ আগত লৈ কোনোৱে বা ‘ দীঘৰ, কোনোৱে বা বাণীৰ সূতা কাটিছে। বিহু পালেহিয়েই বুলিব লাগে। বৰজনীয়ে মাজুজনীক মাত লগালে– “ৰুকুণীৰ মাক, তই এইবাৰ বিহুৰ কেইদিনৰ আগেয়ে মাৰৰ ঘৰলৈ যাবি? মই হ’লে উৰুকাৰ দিনায়ে যাম, মোৰ বহুতো লেঠা, তাৰ আগেয়ে মাৰি অঁতাব নোৱাৰিম। তাৰ উপৰি ল’ৰা-ছোৱালী এমখা লৈ আইৰ ঘৰতনো কিমান দিন থাকিম গৈ, ভাল নেলাগেচোন। তহঁত তিনি-চাৰি দিনৰ আগেয়ে যাহঁক আই হেৰেই, মই আগেয়ে ল’ৰা-ছোৱালীৰ মাইকী নোহোৱাত দহ-বাৰ দিনৰ আগেয়েই গৈছিলোঁ আৰু আমাৰ সেইদিন  নাই, আমাৰ খোলা উঠিল।” ৰুকুণীৰ মাকে ক’লে– “এৰা বাই, মোৰোচোন একে গতিয়েই, তোমাতকৈ অলপহে কম। তেওঁ দুদিনৰ আগেয়ে যাম। তই কেইদিনৰ আগেয়ে যাবি গঙাইৰ মাক?” গঙাইৰ মাকে উত্তৰ দিলে– “মই তিনি দিনমানৰ আগেয়ে যাম বুলি ভাবিছোঁ।” গঙাইৰ মাকৰ পিচৰজনীয়ে ক’লে– মই হ’লে চাৰি দিনৰ আগেয়ে যাম; আৰু একেবাৰে গা খালী হ’লেহে আহিম ৷ গোসাঁয়ে দোমাহীৰ যোৰাত একো বিঘিনি নঘটালেই ভাল হ’ল৷ উস্। মোৰ সোণামুৱা থকাহেঁতেন ৷ সি মোমায়েকৰ ঘৰত কি ৰঙৰেই বিহু খাবলৈ গলেহেঁতেন  কনা গোসাঁইৰ মোতে চকু পৰিল ৷ এনেতে ধনঞ্জয়ৰ মাকে মাত লগালে, “মই পাঁচ দিনৰ আগেয়ে যাম ৷ ” সৰু মাজিউজনীয়ে টপৰাই মাতিলে– “ ময়ো পাঁচদিনৰ আগেয়েহে যাম, আৰু মোমায়েকৰ ঘৰতে মোৰ চন্দ্ৰৰ মুখত ভাত দিম ৷” 

Read Also: সাধুকথা: তুলা আৰু তেজা | Tula Aru Teja Hadhu Kotha

এটাইকেইজনীয়ে এইদৰে কথা পাতিছে, কিন্তু আটাইতকৈ সৰুনীয়ে একো নামতি তললৈ মূৰ কৰি সূতা কাটি আছে আৰু মাজে মাজে একেটা হুমুনিয়াহ কাঢ়িছে ৷ ইয়াকে দেখি মাজুজনীয়ে চেনেহৰ মাতেৰে কলে– “আমাৰ সৰু জাক মোৰ লগতে অইৰ ঘৰলৈ লৈ যাম দিয়া ৷” এই কথা শুনি সৰুজনে ক’লে– “নেলাগে বাই, মই ইয়াত শাহুৱে যি দিয়ে, শাকেৰেই হওক বা শুকুতাৰেই হওক, বিহু খাম, ক’লৈকো নাযাও বিই এই কণা শুনি বৰজনীয়ে ক’লে– কিয়নো নেযাব আই হেৰে? তোৰ মাৰ নাই ৰাপেৰ নাই, ককায়েৰ নাই, ভায়েৰ নই, নাইতো নাই কোনোৱে নাই৷ আমি এটাইকেইজনী আইবোপইৰ ঘৰলৈ বিহু খাবলৈ যাম, তইনো অকলে ইয়াত থাকিবিনে? গোসাঁয়ে তেতিয়া তোক এনেকুৱা নিঠৰুৱা কৰিছে, কি কৰিবি মোৰ আই, বেজাৰ কৰিলে কি হ’ব? তোক ইয়াতে অক’লে এৰি যাবলৈ আমাৰ বৰ বেয়া লাগিব ৷”

ক’ইলৈ ব’হাগৰ বিহু, আজি উৰুকা বাটে-পথে মানুহ  হো-হো কৰে আহিছে, হো-হো কৰে গৈছে, কাৰো গাত তৎ-ভৎ নাই গুহস্ৰ ঘৰৰ বোৱ’ৰী-জভঁ’ৰী মাকৰ ঘৰলৈ বোৰাই যোৰাই বাব লগিছে৷ এনেতে অবেলি এটা লহঙা মনুহে ৰজাৰ হাউলি সোমাই ৰজাৰ ঘৈণীয়েকক মাত লগাই কলে– “আনৈ, নই আমাৰ অ’ইটিক নিবলৈ অ’হিছোঁ ” ৰ’গীয়ে চৰিত সলনি চকু থিয়কৈ সুধিলে– “কাক?” সি উত্তৰ দিলে– “আপোনাৰ সৰুজনী বোৱাৰীয়েকক ৰাণীয়ে ক’লে– “ত’ইৰতো কোনো নাই ‘তই অক ক’ৰপৰা ওল’লিহি?” সি ক’লে– “নহয় আমৈ, মই সৰুতে অই-বোপইৰ র্পৰ পৰা গৈ মোমাইৰ ঘৰত ত’ছিলোগৈ পিছে আইবোপাই ঢুকাল, মই তাৰ পৰা ৰনস্তু-বেহানি সোপাকে লৈ গৈ মেোনাইৰ গাঁৱতে ন-কৈ ঘৰবৰী স্তি বিয়’-বাৰু কৰাই থিতাপি হৈ অ’ছে ক’ইলৈ বিহু, সেইদেখি মই মে’ৰ ভন “টিক লৈ যাবলৈ আহিলোঁ ক’তনো শঅ’ছে?” ৰ’ণী য়ে উত্তৰ দিলে– “ভিতৰত অছে, অহিব এতিয়া হওঁতে যদি পষ্টা হে, বৰ ভাল কথা। আন এট’ইকেইজনী লেৱাৰী ম’কহঁতৰ ঘৰলৈ গঁ’ল।এইজনীৰ যাবলৈ ঠাই নাই বুলি মই মনতে অসন্তোষহে কৰি আছোঁ। 

এনেতে ভিতৰৰ পৰা সৰু বোৱাৰীয়েক ওলাই আহিল। শাছুৱেৰ্কে ৰাৱাৰীয়েকক সকলো কথা ক’লে বোৱাৰীয়েক আচৰিত হ’ল। তাই কননোমতেই তাইৰ ককায়েক এটা আছে বুলি স্বীকাৰ নকৰে আৰু তাৰ লগত গাবলৈ মান্তি নহ’ল। কিন্তু সেই মানুহটোৱে নানা ছলাহী কথাৰে মিঠামিঠাকৈ গৰম লগাই নানা কথা কোৱাত শাহুৱেকে তাৰ কথা পতিয়াই বোৱাৰীয়েকৰ্ক গ্লাবলৈ কোৱাত বোৱাৰীয়েকে যাওঁ-নাযাওঁকৈ অন্তত তাৰ লগত গ’ল। 

সিহঁত দুয়ো গৈ বহুত পৰৰ পিছত এখন হাবিৰ ভিতৰ সোমাই এটা ঘৰ গালেগৈ। সেই ঘৰটোত সি সৰুকুঁৱৰীক সুমাই ক’লে–“এইটো মোৰ ঘৰ। কাইলৈ তোৰ লগত মোৰ বিয়া হ’ব। এতিয়া তই ইয়াতে খাই-বৈ থাক।” এইবুলি সিবুঢ়ী এজনীক মাতি “আই, তই এইক চাবি, মই বিয়াৰ বস্তু গোটাবলৈ যাওঁ” ধুলি কৈ গুচি গ’ল। কুঁৱৰীয়ে এতিয়াহে ভালকৈ বুজিব পাৰিলে যে তাইক চোৰে পালে। ভয়ত কুঁৱৰীৰ গা জ্বৰ-ঘামে ঘামিবলৈ ধৰিলে। মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে, থিয় হৈ থাকিব নোৱাৰি তাই বহি পৰলি। এনেতে এজনী বুঢ়ীয়ে মাত লগালে– “উঠা মোৰ আই, ভয় নাখাবা,বেজাৰ নকৰিবা। ৰজাৰ ঘৰতকৈও তুমি মোৰ পাৰ ঘৰত ভালকৈ সুখেৰে খাই-মেলি থাকিব পাৰিবা। উঠি দুটামান ভাত খোৱাহি, মই ভাত ৰান্ধি থৈছোঁ।” বুঢ়ীৰ কথা শুনি কুঁৱৰীয়ে মনটো অলপ ডাঠ কৰি মাত লগালে– “বুঢ়ী আই, তুমি কোন?” বুঢ়ীয়ে উত্তৰ দিলে– “মই তাৰ মাক হওঁ। সি মোৰ পো। আমি চহকী আৰু ভাল কুলীয়া মানুহ। সি গাঁৱৰ পৰা, নগৰৰ পৰা, ধন-সোণ লুটি-পুটি আনি মোৰ ঘৰ ভৰাই থৈছে,কিন্তু আজিলৈকে বিয়া কৰোৱা নাই। সিদিনা সি ৰজাৰ ঘৰত চুৰ কৰিবলৈ গৈছিল। তাতে বেৰৰ জলঙাইদি তাৰ নাকটো সুমাই তোমালোক আটাইকেইজনী কুঁৱৰী কথা-বাৰ্তা শুনি আছিল। তাতে তুমি হেনো তোমাৰ কোনো নাই বুলি ‘ কৈ কান্দিছিলা, সেইদেখি সি তোমাক বুধি কৰি আনিছে। 

সি তোমাক বিয়া কৰাব। আজি সি গাঁৱলৈ গৈছে, তোমাৰ বিয়ালৈ বয়-বস্তু আনিবলৈ। কাইলৈ উভতি আহিব। আই, তুমি বেজাৰ নকৰিবা, তোমাৰ মহা সুখ হ’ব।” এইবুলি বুঢ়ীয়ে বুজাই ভাত খাবলৈ আনি দিল। কুঁৱৰীয়ে কিন্তু ভাত হাতেৰেই নুছুলে। ৰাতিটো কুঁৱৰী বুঢ়ীৰ সৈতে একেলগে থাকিল। কিন্তু ৰাতিপুৱাই আহিল, তেওঁ বুঢ়ীৰ লগৰ পৰা লাহেকৈ উঠি জৰী এডালেৰে বুঢ়ীক শোৱা চালপীৰাতে কট্‌কটীয়াকৈ বান্ধি থৈ তাৰ ঘোঁৰাশালৰ পৰা ভাল তেজী ঘোঁৰা এটা মেলি লৈ ঘোঁৰাত উঠি ফাইদাং মাৰিলে। কুঁৱৰীয়ে ঘোঁৰাত উঠি ঘোঁৰা চেকুৰাই আহোঁতে বাটৰ এঠাইত দেখিলে যে সেই মানুহটো এজোপা গছৰ তলত বহি আছে।সি দূৰৈৰ পৰা কুঁৱৰীক দেখি, ঘোঁৰাত উঠি ৰজাৰ চিপাহী আহিছে বুলি ভাবি সাউৎকৰে উঠি হাবিৰ মাজত সোমালগৈ। কুঁৱৰীয়ে সেই গছৰ তল পাই দেখিলে যে গছৰ গুৰিতে কিছুমান বাখৰপতোৱা সোণৰ অলংকাৰ পৰি আছে৷ মানুহটোৱে লৰালৰিকৈ উঠি পলাই যোৱা বাবে সেইবোৰ লৈ যাব নোৱাৰিলে। কুঁৱৰীয়ে সেই অলংকৰবোৰ বুটলি লৈ ঘোঁৰা চেকুৰাই ৰজাৰ হাউলি পালে, সকলোৱে দেখি আচৰিত মানিলে, কুঁৱৰীয়ে তেতিয়া সকলোবোৰ কথা আগৰ পৰা গুৰিলৈকে ভাঙি ক’লে সকলো অবাক হ’ল। মানুহটোৱে তাৰ ঘৰলৈ গৈ কুঁৱৰী,পলাই যোৱা দেখি মাকৰ বান্ধ মোকোলাই দি তেতিয়াই ৰজাৰ নগৰৰ ফালে আহিল। গধূলি সৰু বোৱাৰীয়েকে শাহুৱেকৰে সৈতে কথা পাতি থাকোঁতে সি আকৌ আগৰ দৰে বেৰৰ জলঙাইদি নাকটো সুমাই কথা শুনি আছিল। চতুৰ সৰু কুঁৱৰীয়ে তাৰ গম পাই লাহেকৈ উঠি গৈ খুৰ এখন আৰু খাৰণিসঁতাৰ পৰা খাৰণি এবাটি আনি সাউৎকৰে গৈ খুৰেৰে তাৰ নাকৰ আগটো কাটি বেৰেৰে সৈতে সমান কৰি দিলে আৰু ততালিকে তাত খাৰণিবাটি ঢালি দি ফকৰাৰে ক’লে–

“কটা যোৱা নাক। 

খাৰণি দি ঢাক।।” 

চোৰে “বোপাই ঐ ! আই ঐ!” কৈ চিঞৰিবলৈ ধৰিলে ৰজাৰ পহৰীয়াই লৰি গৈ তাক ধৰি পেলালে। তেতিয়া সেইটো চোৰেই কুঁৱৰীক ফাকি দি লৈ গৈছিল বুলি কুঁৱৰীয়ে ক’লে, ৰজাই তাক শূলত দিয়ালে।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: কটা যোৱা নাক, খাৰণি দি ঢাক এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: কটা যোৱা নাক, খাৰণি দি ঢাক এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: কটা যোৱা নাক, খাৰণি দি ঢাক এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply