কণ আৰু মন সাধুকথা | Kon Aru Mon Hadhu Kotha

কণ আৰু মন সাধুকথা | Kon Aru Mon Hadhu Kotha, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, কণ আৰু মন সাধুকথা , সাধুকথা, অসমীয়া কাহিনী, কণ আৰু মন সাধুকথা শিশুৰ বাবে কাহিনী

কোনো এখন দেশত কণ আৰু মন নামে দুটা ভাই ককাই আছিল । কণ বয়সত ডাঙৰ আৰু মন টেঙৰ । মন বয়সত সৰু আৰু নিচেই হোজা আছিল । এদিন কণে মনক কলে , “বোপা , আমাৰ যে বাপতিকলিয়া বস্তুবিলাক আছে সেইবোৰ আমি দুটাই দুই সময়ত চলিয়ত কৰো আহা ।” তেতিয়া মনে লাহেকৈ উত্তৰ দিলে – “ককাই , তুমি কোৱা কথাটো সঁচা , আমাৰ নো বস্তুবিলাক ভিতৰত সোমাই থাকি কি হব ? আমি চলিয়তকে কৰোহক আহা ।” কণে কলে , “আমাৰ থকা ফুটা কথাখন জাৰকালি ৰাতি মই লৈ শুম , দিনত তুমি লৈ শুবা ।” মনে উত্তৰ দিলে , “বাৰু ।” সেইদিনাৰপৰা ফটা কথাখন মনে দিনত গাত লৈ শোৱে হয় , কিন্তু জহৰ প্ৰতাপত সি শুব নোৱাৰি গাৰপৰা খহাই পেলালে দিব লগাত পৰে । এইদৰে মনে ফটা কথাখন কিছুমান দিন লৈ আমনি লাগি দিনত ৰদত শুকাই জোকাৰি ধূলি মাকতি গুচাই চাঙত তুলি থৈ দিয়ে , নিশা কণে গাত লৈ সুখেৰে শুই থাকে । মন জাৰত শুব নোৱাৰি নিশা বহি থাকে । ইয়াৰ কিছুমান দিনৰ পিছত আৰু এদিন কণে মনক কলে , “বোপা , আমাৰ বাৰীৰ যিমানবোৰ গুটিলগা গছ গছনি আছে তাৰ গুৰি ভাগৰ কামৰ ভাৰ তুমি লোৱা আৰু আগ ভাৰ মই লওঁ ।” তেতিয়া মনে কলে , “বাৰু , লোৱা ।” এইবুলি মনে সেইদিনাৰ পৰা গছৰ তলবিলাক চিকুণাই সাৰ পানী আদি যোগায় ; সেই নিমিত্তে অতি সোনকালে গছৰ ফলবোৰ ধৰে ,  কণে ফলবোৰ নি মহা আনন্দেৰে খাই পেলায় । এইদৰে কিছুমান দিনৰ পাছত কণে মনক আকৌ এদিন কলে , “বোপা , আমাৰ যে সেই কলী গৰুজনী আছে তাইৰ আগফাল তুমি লোৱা , পাছফাল মই লওঁ ।” তেতিয়া মনে উত্তৰ দিলে , “ককাই , মই তোমাৰ কথা কেতিয়াও দলিয়াই নেপেলাও , এতেকে তোমাৰ যি ইচ্ছা একে কৰা ।” 

Read Also: বামুণৰ ভাগ্যৰ কাহিনী | Bamunor Bhagyar Kahini

সেইদিনা পৰা মনে গৰুজনী খুৱাই বোৱাই ভালকৈ বান্ধি কুন্ধি থয় , কণে গাখীৰ টুপী খীৰাই নি খাই থয় । কিছুমান দিনৰ পিছত এজনী বুঢ়ীয়ে মনৰ দুখ দেখি তাক সুধিলে , “তুমি কেলৈ ইমান দুখ সহিছা ?” সি উত্তৰ দিলে , “বুঢ়ী আই , মোৰ কঁকায়ে মোক যিহকে কৰিবলৈ কয় তাকেই মই কৰিব লাগিব ; কাৰণ তেওঁ মোতকৈ ডাঙৰ । এতেকে তেওঁ কোৱা মতেই মই কৰি আছোঁ ।” তেতিয়া বুঢ়ীয়ে কলে , “বোপা , তুমি এটি বন কৰিবা, – সেই ফটা কথাখন দিনত তিয়াই থবা ; তাকে কৰিলে সি নিশা তিতা ফটা কথাখন লব নোৱাৰি সিও জাৰত দুখ পাব । যদি সি সেই কাপোৰখন কেলৈ তিয়ালি বুলি সোধে তেনেহলে তুমি এইবুলি কবা যে , “ফটা কথাখন তুমি দিনত মোক দিছা , এতেকে মই দিনত যিহকে কৰোঁ , তাকেই কৰিম , তোমাৰ তাত কি হানি ?” এইবুলি কেলেই সি নিৰূপায় হৈ মনে মনে থাকিব আৰু যেতিয়া কণে ফল পাৰিবৰ নিমিত্তে গছত উঠিব , তুমি কোঠাৰখন লৈ মোৰ গুৰিডোখৰ মই কাটি পেলাওঁ বুলি কাটিবলৈ যাবা । তেতিয়া সি ভয় খাই কাটিবলৈ হাক দিব । তুমি নেকাটি উভতি গুচি আহিবা । যদি সি কেলৈ এনেকুৱা কৰিছিলি বুলি সোধে , তুমি কবা ‘গছৰ গুৰিডোখৰ মোক দিচ্ছাই , এতেকে গুৰিডোখৰ মই যিহকে কৰোঁ তাকেই কৰিম , তাত তোমাৰ কি ক্ষতি ?’ আৰু গৰুজনী যেতিয়া সি খীৰাবলৈ ধৰিব , তুমি এছাৰি এডাল লৈ তাইৰ কাণে মূৰে কোব ধৰিবা । সি খীৰাবলৈ আমনি পাই তেনেকুৱা কৰিবলৈ হাক দিব । যদি সি কেলেই তেনেকুৱা কৰিছিল বুলি সোধে , তুমি কবা যে ‘মোক মুখৰ ফালে দিছাই , এতেকে মই মুখৰ ফালে যিহকে কৰোঁ তাকেই কৰিম , তোমাৰ তাত কি হানি ?’ এইবুলি কেলেই সি সকলো বুজি তোমাৰ সৈতে আগৰ দৰে চলিব ।” 

ইয়াৰ পাছত মনে বুঢ়ীৰ কথামতে আচৰিবলৈ ধৰাত , কণে মনক ন্যায়ৰূপে বস্তু আৰু কামৰ ভাগ দিবলৈ ধৰিলে । ইয়াৰ পিছত দুয়ো মিলা প্ৰীতিৰে একেলগে থাকিল ।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। কণ আৰু মন সাধুকথা এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। কণ আৰু মন সাধুকথা এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। কণ আৰু মন সাধুকথা এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply