খেৰাই পূজা | Kherai Puja
খেৰাই পূজা হ’ল বড়ো সম্প্ৰদায়ে পৰম্পৰাগত ভাৱে পালন কৰি অহা মঙ্গলকামী বা কল্লাণকামী উদ্দেশ্যেৰে পালন কৰি অহা পূজা। এই পূজা বড়োসকলে কাতি মাহত আয়োজন কৰে।
বড়ো সকলৰ প্ৰধান দেৱতা “বাথৌ বুৰা” বা “লিব্ৰাই”। খেৰাই পূজাত তেওঁলোকে প্ৰধান দেৱতাৰ উপৰিও নানান দেৱ-দেৱীকো পূজা কৰে। কোনো কোনোৱে বড়োসকলৰ প্ৰধান দেৱতাৰ নামেৰে এই খেৰাই পূজাক “বাথৌ বুৰা” বা “লিব্ৰাই” পূজা বুলিও অভিহিত কৰিব বিচাৰে।
“বাথৌ বুৰা” বা “লিব্ৰাই”ৰ উপৰিও খেৰাই পূজাত পূজা কৰা অন্য দেৱ-দেৱীসকল হ’ল- বণ্য জীৱ-জন্তুৰ দেৱতা বুলি গণ্য কৰে “চং ৰজা”ক শস্যৰ ভৰালৰ দেৱীৰূপে “ভাণ্ডাৰী”ক, যুদ্ধৰ দেৱী ৰূপে “ৰণচণ্ডিক”, পানীৰ বা জলৰ মাছৰ অধিষ্ঠাত্ৰী দেৱীৰূপে “ভল্লী বুঢ়ী” বা “বুল্লী বুঢ়ী”ক, গৰখীয়াৰ দেৱতাৰূপে “লাওখৰ গোসাইক, লক্ষ্মী বা শস্যৰ দেৱী হিচাপে “মাইনাও” আদিক তেওঁলোকে পূজা কৰে। তদুপৰি খেৰাই পূজাত পৰম্পৰাগতভাৱে তেওঁলোকে দেৱ-দেৱীৰ উপৰিও হিন্দু আৰু মুছলমানসকলৰ সংস্পৰ্শলৈ অহাৰ পিচত নতুন দেৱ-দেৱীও পূজা সমূহত সংযোজিত হৈছে। এই ক্ষেত্ৰত বড়োসকলৰ উদাৰ মনোভাৱ দেখিবলৈ পোৱা যায়।

বড়ো সকলে পালন কৰি অহা খেৰাই পূজাত কোনো নিৰ্দিষ্ট স্থান আৰু কোনো নিৰ্দিষ্ট মূৰ্ত্তিৰ উল্লেখ পোৱা নাযায়। খেৰাই পূজাৰ কাৰণে সাধাৰণতে মুকলি, সমান, পৰিস্কাৰ ঠাই বাছি লোৱা হয়। যি স্থানত খেৰাই পূজা অনুষ্ঠিত কৰা হয় সেই ঠাইত উত্তৰা-দক্ষিণাকৈ এখন দীঘল বেদী নিৰ্মাণ কৰা হয়। বেদীখন দক্ষিণফালৰ পৰা আৰম্ভ কৰা হয় আৰু উত্তৰফালে শেষ হয় বুলি ধৰি লোৱা হয়। খেৰাই পূজাৰ বাবে নিৰ্মাণ কৰা বেদী-বেদীখনৰ মুঠ প্ৰধান ভাগ দুটা। ভাগ দুটাৰ এটা ভাগক প্ৰধান ভাগ বুলি ধৰা হয় আৰু আনটো ভাগক অপ্ৰধান বা শান্তিৰ ভাগ হিচাপে ধৰা হয়। ইয়াৰে প্ৰধান ভাগটোত তেওঁলোকৰ প্ৰধান দেৱতা বাথৌ দেৱতাক স্থান দিয়া হয়। এই প্ৰধান ভাগটোত বাথৌ দেৱতাক প্ৰতিনিধিত্ব কৰা সিজু গছ ৰোপণ কৰা হয়। এই সিজু গছৰ ওপৰত নৈবেদ্য হিচাপে তামোল, পাণ, তুলসী-পাত, পৱিত্ৰ গছৰ পাত আদিৰ উপৰিও কেচা কল দিয়া হয়। তদুপৰি সৃষ্টিৰ প্ৰতীক হিচাপে কণী আৰু অমৰত্বৰ প্ৰতীক হিচাপে শিল পোতা হয়। কিছুমান লোকে কণী আৰু শিল পোতা ঠাই খিনিৰ ওপৰতহে সিজু গছ ৰোপণৰ নিয়ম বুলি ক’ব বিচাৰে।
Read Also: ৰাস – উৎসৱ | Rash – festival
খেৰাই পূজাত পুৰুষ আৰু মহিলা দুয়োৰে স্থান আছে যদিও মহিলাৰ স্থান এই পূজাত যথেষ্ঠ গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ। এই পূজাত ভূমিকা পালন কৰা পুৰুষ সকলক পুৰুষ ওজা বা পূজাৰী বুলি কোৱা হয়। ঠিক তেনেদৰে এই পূজাত ভূমিকা লোৱা মহিলাসকলক দেওধনী বা মহিলা পূজাৰী বুলি কোৱা হয়। বড়ো লোক-সমাজত পুৰুষ ওজা সকলক দেউৰীও বোলা হয়।
এই পূজাৰ দিনাখন দেউৰীয়ে বেলি ডুবাৰ লগে লগে প্ৰাৰ্থনা কৰে আৰু পূজা আৰম্ভ কৰে। পূজা আৰম্ভ হৈ থকাৰ সময়ত দেওধনীয়ে প্ৰধান দেৱতা বাথৌ বুৰাৰ আগত সেৱা কৰি থাকে। সেই সময়তে খাম (মাদল), চিফুং, শংখ আদিৰ ধ্বনিয়ে পৰিৱেশ গহীন-গম্ভীৰ আৰু ৰহস্যময়ী কৰি তোলে। মাদল আৰু চিফুঙৰ তালে তালে দেওধনীয়ে যি নৃত্য কৰে, সেই নৃত্যৰ লগত পূজাৰ এক গভীৰ সম্পৰ্ক আছে। পূজাৰ সময়ত বজোৱা বাদ্য আৰু সেই বাদ্যৰ তালে তালে কৰা নৃত্য এক সমন্বয়ৰ মাজেৰে আগবাঢ়ে। মুঠৰ ওপৰত এই উৎসৱত কৰা নৃত্যৰ প্ৰায় বিশটামান বৈশিষ্ট্যপূৰ্ণ নৃত্য বিৰাজমান হৈ আছে। এই পূজাৰ মূল দেওধনীৰ লগত লগৰীয়া দেওধনী ছোৱালী সকল লগ হৈ বিভিন্ন ধৰণৰ নৃত্যত অংশ গ্ৰহণ কৰে। তাৰ ভিতৰত দুটামান নৃত্য হ’ল- বাথৌ নৃত্য, ৰণচণ্ডী নৃত্য, লাওখৰ নৃত্য আদি। ইয়াৰ উপৰিও খেৰাই পূজাত খ’ইজামা ফ’নাই নামৰ যুদ্ধৰ নৃত্যও পুৰণি কালৰে পৰা প্ৰচলন হৈ আহিছে।

খেৰাই পূজাৰ দেওধনী নৃত্যৰ মূল বৈশিষ্ট্য হ’ল বাদ্য আৰু নৃত্যৰ গাঢ়তাৰ লগে লগে উচ্চ-পৰ্যায়লৈ গতি কৰা । এই উচ্চ পৰ্যায়ত দেওধনীৰ গাত দেৱ-দেৱী লম্বা বুলি কোৱা হয় আৰু তেতিয়া দেওধনীয়ে দেৱ-দেৱীৰ মুখৰ বাণী প্ৰকাশ কৰে। ইয়াৰ পিচতে দেওধনীয়ে ভৱিষ্যৎ বাণী আৰু লোক সমাজৰ মঙ্গলময়ী-কল্লাণকামী বাণীও প্ৰকাশ কৰে।
খেৰাই পূজাৰ খেৰাই নৃত্যৰ শেষত মাইনাও বা লক্ষ্মীদেৱীৰ পূজা সম্পন্ন কৰি এটা গাহৰি উচৰ্গা দিয়া হয়। এই পূজাত দেওধনীয়ে মাইনাওৰ অনুকৰণত বড়ো লোক সমাজখনৰ লোকসকলক শস্য আৰু সম্পদৰ অধিকাৰী হ’ব বুলি আশীৰ্বাদ দিয়ে। খেৰাই নৃত্য আৰু খেৰাই পূজা তিনিদিন, তিনিৰাতি ধৰি চলে। সাধাৰণতে বড়ো লোক-সমাজৰ এই পূজা এক ব্যয় বহুল পূজা। এই পূজা অতি ব্যয়বহুল বাবে একক ব্যক্তিয়ে অনুষ্ঠিত কৰিব নোৱাৰে বাবে আজিকালি ৰাজহুৱাভাৱে এই পূজা অনুষ্ঠিত কৰা হয়। বৰ্তমান সময়ত মানুহক আধুনিকতাৰ কৰাল গ্ৰাসে আৰু পশ্চিমীয়া সভ্যতাৰ ফেশ্বন জগতে অসমৰ সকলো উৎসৱ-পাৰ্বন আদিত প্ৰভাৱ পৰিলেও বড়ো সমাজৰ খেৰাই পূজাৰ পৰম্পৰাগত বিশ্বাস আৰু ধৰ্মৰ গাম্ভীৰ্যপূৰ্ণ প্ৰভাৱ কোনো প্ৰকাৰে, কোনো দিশতে কিন্তু ম্লান হ’বলৈ দিয়া নাই। বৰঞ্চ ক্ৰমান্বয়ে ইয়াৰ পৰিধি বাঢ়িহে গৈছে।
খেৰাই পূজাৰ দেওধনী নৃত্য আৰু বাদ্যৰ যি বৈচিত্ৰ্য, ই অতি বৈশিষ্ট্যপূৰ্ণ। বড়ো সমাজৰ কৃষ্টি আৰু সংস্কৃতিৰ ই যেন উত্তৰ পূৰ্বাঞ্চলত এক গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। তদুপৰি বড়োসকলে এই কৃষ্টি আৰু সংস্কৃতি সমূহক জীয়াই ৰাখিবলৈ অহৰহ চেষ্টা চলায়ে আছে। এই কাৰ্য আমাৰ দেশৰ বাবে নিশ্চিতভাৱে এক শুভ লক্ষণ আৰু আমাৰ সকলোৰে বাবে এই খেৰাই পূজা এক আদৰ্শৰ প্ৰতীক স্বৰূপ।
আমি আশা কৰিছো খেৰাই পূজা | Kherai Puja আপোনালোকক সহায় কৰিব। যদি আপোনাৰ খেৰাই পূজা সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।