কেকোৰাম আৰু কেকো সাপৰ কাহিনী | Kekuram Aru Keku Hapor Kahini

কেকোৰাম আৰু কেকো সাপৰ কাহিনী | Kekuram Aru Keku Hapor Kahini, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, কেকোৰাম আৰু কেকো সাপৰ কাহিনী , সাধুকথা, অসমীয়া কাহিনী, কেকোৰাম আৰু কেকো সাপৰ কাহিনী শিশুৰ বাবে কাহিনী

এসময়ত এখন গাৱত এজোপা বহুত পূৰণা ডাঙৰ বটগছ আছিল। বটজোপাৰ ওচৰতে এটা জুপুৰি ঘৰত কেকোৰাম নামৰ এজন মানুহ বাস কৰিছিল। কেকোৰামৰ নিজৰ বুলিবলৈ পৰিয়ালৰ কোনো নাছিল। ওচৰৰ কোনোবাই কাম কৰিবলৈ মাতিলে দিনটো কাম কৰি যি বস্তু বা টকা-পইছা পায় তাকে লৈ গধুলি ঘৰলৈ আনি ৰান্ধি-বাঢ়ি খায়।

সেই প্ৰকাণ্ড বটগছ জোপাৰ খোৰোঙত এটা কেকো সাপ বাস কৰিছিল। আবেলি সদায় কেকো সাপটো খোৰোঙৰ পৰা ওলাই গছডালত থকা চৰাইৰ বাহ বিলাকৰ পৰা পোৱালীবোৰ আৰু বেলেগ সৰু সৰু চৰাইবোৰ ধৰি ধৰি খায়। লাহে লাহে কেকোসাপ বুঢ়া হৈ আহিল আগৰ দৰে ওলাই গৈ খোৱা বস্তু গোটাব নোৱাৰা হ’ল।

অকলশৰীয়া কেকোৰাম সদায় পুৱা ওলাই যায় ঘৰে ঘৰে দুটামান কাম কৰি গধুলি ঘৰলৈ আহে। সকলোৱে মৰম কৰি দিয়া চাউল ডাইল আদিৰে দুটামান ভাত ৰান্ধি ভগৱানক ধন্যবাদ দি শুই থাকে।

ওচৰৰ গছজোপাৰ খোৰোঙত যে এটা কেকোসাপ থাকে কেকোৰামে জানে, কিন্তু কেতিয়াও তাৰ মাত শুনা নাই বা লগো পোৱা নাই।

এদিন আবেলি ভোকতে বুঢ়া কেকোসাপ কে-ক্কো, কে-ক্কো বুলি মাতি আছিল। সেইদিনা কেকোৰামো গধুলি হোৱাৰ আগতে নিজৰ ঘৰলৈ আহিল। ঘৰত ইফাল-সিফাল কৰোতেই শুনিলে গছজোপাৰ পৰা এটা গলগলীয়া মাত কে-ক্কো, কে-ক্কো বোলা শুনিলে। লাহে লাহে কেকোৰাম গছজোপাৰ ওচৰ চাপি শুনিলে মাতটো গছজোপাৰ খোৰোঙৰ পৰা আহিছে। কেকোৰাম গছজোপাৰ ওপৰলৈ উঠি লাহে লাহে খোৰুংটোৰ ওচৰ পালেগৈ। খোৰোঙৰ ভিতৰতে দেখিলে কেকোসাপেহে মাতি আছে। খোৰোঙটোৰ ভিতৰলৈ জুমি চাওঁতে কেকোসাপে সুধিলে-

“তুমি কোন ? মোৰ ওচৰলৈ কিয় আহিছা ? কেকোৰামে ভয়তে ভগৱানৰ নাম লৈ উত্তৰ দিলে- “মোৰ নাম কেকোৰাম, মই সৌ ওচৰৰে ঘৰটোতে থাকো। তুমিনো কাক মাতিছা ? তোমাক কিবা লাগে নেকি ?

কেকোসাপে মাত লগালে-

মোৰ নামো কেকো, তোমাৰ নামো কেকো আমি দুয়ো সখিয়েই পাতিব পাৰো দেখোন। ময়ো অকলশৰীয়া লাহে লাহে একো কৰিব নোৱাৰা হৈছো। বুঢ়া বয়সত সখি পাতিবলৈ তোমাকে ভগৱানে মিলাই দিছে। 

এতিয়া সখি আজি দুদিন একো খোৱা আহাৰ যোগাৰ কৰিব পৰা নাই দুৰ্বল হৈ পৰিছো অকণমান আহাৰ যোগান ধৰি সহায় কৰিব পাৰিবানে ?

কেকোৰাম বৰ চিন্তাত পৰিল। কি কৰা যায় ? বেচেৰা সাপ হ’লেও ভোকত কিবা অলপ আহাৰ দিব পাৰিলে ভাল হয়।

Read Also: ৰোম দেশৰ সাধু | Rum Dekhor Hadhu Kotha

এইবুলি ভাবি কেকোৰাম গছজোপাৰ পৰা নামি আহিল। ওচৰতে এখন বিল আছিল তাত মাছৰ উপৰিও বহুত বেং ভেকুলী আছিল। সাপেতো বেং ভেকুলী ভাল পায়েই তাকে ভাবি কেকোৰামে বিলখনৰ ফালে আগবাঢ়ি গৈ মাছ ধৰাৰ দৰে কেইটামান বেং ভেকুলী ধৰি আনি কেকোসাপৰ ওচৰত দিলেগৈ। কেকোসাপে বেং ভেকুলী তৃপ্তিৰে খাই ভোক পলুৱালে আৰু কেকোৰামক উপকাৰী বন্ধু বুলি ধন্যবাদ জনালে। সহজে সৰল কেকোৰামে তেতিয়াৰে পৰা কামৰপৰা সোনকালে ঘৰলৈ উভতি বিলৰপৰা বেং ভেকুলী ধৰি আনি কেকোসাপক খাবলৈ দিয়ে।   

এইদৰে কেকোৰামৰ যত্নত বেং ভেকুলী খাই কেকোসাপ টনকিয়াল হৈ উঠিল। নিজেও আহাৰৰ অনুসন্ধানত ওলাব পৰা হ’ল। মাতটোও আগতকৈ সবল হৈ আহিল। 

কেকোসাপে এদিন ভাবিলে সখিয়েনো ক’ৰপৰা বেং ভেকুলীবোৰ আনি খাবলৈ দিয়ে চাই ল’ব লাগিব। কেকোৰাম নথকা সময়ত সিয়েই নিজে দৰি আনি খাব পাৰিব। এইবুলি ভাবি কেকোসাপে এদিন লাহে লাহে গছৰ খোৰোঙৰ পৰা নামি আহিল। গছৰ তল পাই দেখিলে কেকোৰামে বিলৰ বোকাত নামি বেং ভেকুলী ধৰি গোটাই আছে। কেকোসাপ ওচৰলৈ গৈ ক’লে-

“সখি ! তুমি সদায় মোলৈ ইয়াৰ পৰা বেং ভেকুলী নিয়া নেকি ? তোমাৰ দেখোন বৰ কষ্ট হয়, মই নাজানোৱেই, গছৰ আগৰ চৰাই-চিৰিকটিৰ পোৱালি খায়েই বুঢ়া হ’লো। এতিয়াহে জানিলো ইমান ওচৰতে খোৱা বস্তু আছে। 

এতিয়া গাটোও অলপ সবল অনুভৱ কৰিছো নিজেই মই এতিয়া গোটাই খাব পাৰোনেকি চাওঁ। তুমিনো কিমান কষ্ট কৰিবা ?

কেকোসাপে হ’ল গছৰ খোৰোঙত বাস কৰা এবিধ প্ৰাণী। সি বেং ভেকুলী খাই সোনকালে সবল হোৱাৰ আশাত এদিন বিলৰ পানীত নামি বেং ভেকুলী খাই গৈ থাকোতে এডখৰ পানী বেছি থকা দ ঠাই পালেগৈ। তাতে আছিল কিছুমান ঢোৰা সাপ। সিহঁতি কেকোসাপত দেখা পাই সুধিলে তুমি আমাৰ ঘৰলৈ কিয় আহিছা তুমি গছৰ খোৰোঙলৈ যোৱাগৈ আমাক আমনি নকৰিবা।

কেকোসাপে ঢোৰাসাপৰ ফোচ ফোচ কথাত ভয় কৰি লাহে লাহে সেই ঠাইৰ পৰা আতৰি আহিল। পানীৰ পৰা উঠি লাহে লাহে বুঢ়া কেকোসাপৰ গাটোত শক্তি নাই যেন লাগিল। গছ এজোপাৰ তলতে বহি থাকোতে দেখিলে এটা বৰটোকোলাই গাতৰ ভিতৰলৈ দীঘল ঠোটটো সুমুৱাই কিবা এটা ধৰি আনি খাইছে। তাক দেখি থৰ হৈ চাই থাকোতে সখি কেকোৰাম আহি ওচৰত থিয় হৈ সুধিলে- “সখি ! তুমি দেখোন বহি আছা ? কিবা আহাৰ খাবলৈ পালানে নাই ?”

“কেকো সখি আজি মোৰ বৰ বিপদ মিলিছিল। মই পানীত বোকাত ভেকুলী বিচাৰি গৈ থাকোতে ঢোৰা সাপৰ থকা ঠাই পালোগৈ, সিহতি আটাইবিলাকে গোট খাই মোক কিবা কিবি কৈ মাৰি পেলাব বুলি ভয় খুৱাই খেদি পঠালে। এইখিনি পাই মোৰ ইমান ভাগৰ লাগিছে যে মই গছৰ খোৰোঙলৈ যাবই নোৱাৰিম। সেই কাৰণে ইয়াতে বহি সৌ চৰাইটোৱেনো কি খাইছে তাকে চাই বহি আছো।”

“বন্ধু ! এটা কথা সোধো মই আজি ওপৰলৈ গছৰ খোৰোঙলৈ উঠিব নোৱাৰিম যেন লাগিছে তোমাৰ লগতে থাকিব পাৰিমনে ?” 

কেকোৰামে ভাবিলে “সি এটা সাপ তাক কিবা এটা খাবলৈ দি সহায় কৰাটো বেলেগ কথা, তাক মোৰ লগত থাকিবলৈ দিয়াটো উচিত হ’বনে ? সৰ্পলৈতো ভয় কৰিবই লাগিব।”

তথাপি কেকোৰামে মানবতাৰ খাতিৰত কেকো সাপক থাকিবলৈ দিয়াটোকে (দুদিনৰ বাবে) ঠিক কৰিলে। কেকোৰাম সাপ থকা দুদিন বাহিৰত ক’ৰবাত থাকিবলৈ ল’ব। বুঢ়া কেকোসাপনো কেইদিন থাকিব ? কেকোৰামে কেকোসাপক ক’লে- “বন্ধু, মোৰ ঘৰটোতে থাকা বাৰু মোক এঘৰ মানুহে ৰাতিয়ে দিনে থকাকৈ মাতিছে। গতিকে মই দুদিন নাথাকিম। 

লাহে লাহে ৰাতি হৈ আহিল। কেকোৰামে বন্ধু কেকোসাপক তাৰ জুপুৰীটোত সুমুৱাই থৈ কেকোৰামে বন্ধুক নোকোৱাকৈ ৰাতিটো গছৰ খোৰোঙণীতে কপোৰ এখন লৈ শুই থাকিল।

বহুত ৰাতিলৈকে কেকোৰ টোপনি অহা নাছিল, গছৰ তলত শিয়ালৰ হোৱা, ওচৰৰে গছবোৰত ফেচাৰ চো-ৰ চে-ৰ শব্দ। ওচৰৰ পাহাৰৰ পৰা অহা বাঘৰ গোজৰণী আহি কেকোৰামৰ টোপনিত ব্যাঘাট জন্মাইছিল। ভয়তে কেকোৰামে ভগৱানক প্ৰাৰ্থনা কৰিছিল এইদৰে-

      “ভগৱান মই একো দোষ কৰা নাই,

        বন্ধুক বিপদত দিছো মই ঠাই।

        নিৰাপদে ৰাতি মোক কটাবলৈ দিয়া,

        বিপদ-বিঘিনীবোৰ আতৰাই নিয়া।”

হঠাতে বতাহ বৰষুণ এজাক আহিবলৈ ধৰিলে। কেকোৰামে লাহে লাহে গছৰ পৰা নামি আহি জোনাকী-পৰুৱাৰ পোহৰতে জুপুৰীটোলৈ আহি কেকোসাপে গম নোপোৱাকৈ দুৱাৰ খুলি চুকতে বহি টোপনি মাৰিলে। 

ঢল ফাট দিওতে অৰ্থাৎ অকণ অকণ পোহৰ হওতে কেকোৰাম উঠি কেকোসাপৰ ফালে চাই দেখিলে যে কেকোসাপৰ দেখোন সাৰ-সুৰ নাই। যথৰ হৈ পৰি আছে। তাৰ ওচৰতে দুটামান শামুকৰ খোলাও পৰি থকা দেখিলে।

বোধকৰো সি বৰটোকোলাক শামুক খোলা খোৱা দেখি খাই চাইছিল। খাওতে ডিঙিত লাগি মুখেৰে তেজ ওলাই কেকোৰামৰ জুপুৰীতে শেষ নিশ্বাস পেলালে। 

Read Also: Class 9 Assamese Question Answer

কেকোৰামে কেকোসাপৰ ওচৰতে বহি কান্দিবলৈ ধৰিলে। ওচৰৰ সকলো মানুহ গোট খাই কেকোৰামে নিজৰ জুপুৰীটো বুঢ়া কেকোসাকপ থাকিবলৈ দিয়াৰ বাবে প্ৰশংসা কৰিলে।

কেকোৰামে কেকোসাপক জুপুৰীৰ ভিতৰতে থৈ নিজৰ বস্তু লৈ তাৰপৰা অন্য ঠাইলৈ গ’লগৈ।

কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। কেকোৰাম আৰু কেকো সাপৰ কাহিনী এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। কেকোৰাম আৰু কেকো সাপৰ কাহিনী এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে কেকোৰাম আৰু কেকো সাপৰ কাহিনী এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply