কামাখ্যা দেৱীৰ পূজা আৰু অম্বুবাচী মেলা

কামাখ্যা দেৱীৰ পূজা আৰু অম্বুবাচী মেলা | Kamakhya Devi Puja and Ambubachi Mela

গুৱাহাটীৰ কামাখ্যা-মন্দিৰত প্ৰত্যেক বছৰ অসমীয়া আহাৰ মাহৰ সাত তাৰিখে “কামাখ্যা দেৱীৰ পূজা আৰু অম্বুবাচী মেলা” আৰম্ভ হয়। এই উৎসৱ বা পূজা মুঠতে চাৰিদিন ধৰি চলে। এই পূজাৰ ইতিহাসলৈ লক্ষ্য কৰিলে আমি কামাখ্যা দেৱীৰ পূজাক মূলত প্ৰাচীন উৰ্বৰতা কৃষ্টিৰ বিকশিত ৰূপ বুলি ক’ব পাৰো। সমগ্ৰ পৃথিৱীৰ সকলো স্থানতে উৰ্বৰতাৰ মূল আৰাধ্য হিচাপে দেৱী পৃথিৱীকেই মানি লোৱা হয়। এই মাতৃদেৱী ৰূপী পৃথিৱীয়েই দি আহিছে শস্য আৰু সকলোবোৰ সম্পদ। এই পৃথিৱীৰ ৰূপ-লাৱণ্য প্ৰকৃতিৰ ৰূপৰ মাজতেই কল্পনা কৰা হৈছে। বাৰিষা কাল আৰম্ভ হোৱাৰ লগে লগে এই পৃথিৱীৰ ধৰালৈ মুষলধাৰে বৰষুণ আহি পৰে আৰু বাৰিষা কালৰ পৃথিৱীখন কোমল কৰি কৃষি-কাৰ্য্যৰ উৰ্বৰতাৰ প্ৰতীক ৰূপে ধৰা দিয়েহি। সেই কাৰণেই কামাখ্যা দেৱীৰ পূজাক কৃষি কাৰ্য্যৰ উৰ্বৰতাৰ প্ৰতীক ৰূপে গণ্য কৰা হয়।

অতি মন কৰিবলগীয়া কথাটো হ’ল- এই আহাৰ মাহৰ অম্বুবাচীৰ পৰ্বতে দেৱী কামাখ্যাৰ মূৰ্তিক পৱিত্ৰ জলেৰে, স্মানাদি কৰাই দেৱীৰ মহাপীঠত পূজা সম্পন্ন কৰা হয়। এই পূজাৰ জৰিয়তে বছৰটোৰ মূল কৃষি-কৰ্মৰ সফলতা মূলতঃ কামনা কৰা হয়। তদুপৰি এই পূজা বা উৎসৱৰ জৰিয়তে সমাজৰ সামগ্ৰিক কল্লাণ কামনাৰ লগতে গোটেই পৃথিৱীৰ মঙ্গল কামনা কৰাই যেন এই পূজাৰ প্ৰধান উদ্দেশ্য আৰু লক্ষ্য।

কামাখ্যা দেৱীৰ পূজা আৰু অম্বুবাচী মেলা 3

এতিয়া প্ৰশ্ন হয়, আমাৰ এই কামাখ্যা দেৱীনো কোন ? কামাখ্যা দেৱীক “যোগিনী তন্ত্ৰ”ত কামৰূপৰ ধৰ্মক “কৈৰাতজ” বুলি কোৱা হৈছে। “কৈৰাতজ” মানে হ’ল “কিৰাত” জাতি। এই “কিৰাত” জাতিটোৱে কামাখ্যা দেৱীক পূজা কৰিছিল। “কিৰাত” জাতিয়ে পূজা কৰা কামাখ্যা দেৱী পিচত সকলো জাতিৰে পূজিত দেৱীত পৰিণতি হ’ল।

“যোগিনী তন্ত্ৰ”ত উল্লেখ থকা অনুসৰি কৈৰাতজ কামৰূপী ধৰ্মত স্ত্রীধৰ্ম বা স্ত্ৰীৰ ঋতুকালত সংসৰ্গক অধৰ্ম বুলি কোৱা নহয়। ইয়াৰ বিপৰীতে অম্বুবাচীৰ সময়ত ঋতুমতী পৃথিৱীৰ বুকুত সেই সময়ত সকলো ধৰণৰ কৃষি কৰ্ম নিষেধ কৰা হৈছে। অৰ্থাৎ অম্বুবাচী আৰম্ভ হোৱাৰ দিনৰে পৰা অম্বুবাচী শেষ নোহোৱালৈকে কোনো ধৰণৰ বীজ খেতি পথাৰত ৰোপণ কৰিব নালাগে বুলি নিষেধ কৰিছে। তদুপৰি কোনো ধৰণৰ শুভ-কৰ্ম, বিশেষ ধৰণৰ দৰকাৰী কোনো যাত্ৰা এই পূজাৰ সময় চোৱাত নিষেধ কৰিছে।

কামাখ্যা দেৱীৰ পূজা আৰু অম্বুবাচী মেলা 2

কামাখ্যা দেৱীৰ পূজা উপলক্ষে যিবোৰ স্থানত যোনি পূজা বা কুমাৰী পূজা কৰা হয়, সেইবোৰ স্থানত নাৰীৰ ঋতুমতী অৱস্থাটো অস্পৃশ্য বুলি মানি লোৱা হোৱা নাছিল। এই অৱস্থাটোক প্ৰাচীন কালৰে পৰাই এক পৱিত্ৰ অৱস্থা বা এক সৃষ্টিমুখী অৱস্থা বুলিহে মানি লোৱা হৈছে।

কামাখ্যা দেৱীৰ পূজাৰ ইতিহাস কেতিয়াৰ পৰা আৰম্ভ হৈছিল তাৰ কোনো লিখিত ইতিহাস আজিলৈকে পোৱা নাই। সম্ভৱতঃ কামাখ্যা পূজা ইতিহাসে ঢুকি পোৱা যুগৰ আগৰে পৰা চলি অহা বুলি ক’ব পাৰি। “কালিকা পুৰাণ” আৰু “যোগিনী তন্ত্ৰ”ৰ ৰচনাৰ আগৰে পৰাই এই পূজাৰ যে প্ৰচলন হৈ আছিল তাক আমি অনুমান কৰিব পাৰোঁ।

“কামাখ্যা দেৱীৰ পূজা আৰু অম্বুবাচী মেলা” আহাৰ মাহৰ সাত তাৰিখৰ পৰা আহাৰ মাহৰ দহ তাৰিখলৈ অৰ্থাৎ চাৰিদিন একে লেঠাৰীয়ে চলে আৰু শেষৰ দিনা অৰ্থাৎ আহাৰ মাহৰ দহ তাৰিখে কামাখ্যা দেৱীৰ মহা পূজা সম্পন্ন কৰা হয়।

Read Also: চাণক্য নীতি Part 7 | Chanakya Neeti Part – 7 In Assamese

অসমৰ কামাখ্যা পূজাৰ মহিমা আৰু অম্বুবাচী মেলাৰ মহিমামন্বিত ৰূপ ভাৰতৰ বিভিন্ন প্ৰান্তত তথা পৃথিৱীৰ চুকে-কোণে প্ৰচাৰ হৈ যোৱাৰ লগে লগে পৃথিৱীৰ ভিন্ন প্ৰান্তৰ পৰা এই স্থানলৈ শক্তি সাধনাৰ লক্ষ্যৰে অজস্ৰ লোকৰ সমাগম হয়। অসমৰ কামাখ্যাধাম অম্বুবাচী মেলাত লোকে লোকাৰণ্য হৈ পৰাত ইয়াৰ আশে-পাশে নানান ধৰণৰ ব্যৱসায়ী লোকবোৰে ভিন্ন ধৰণৰ ব্যৱসায় কৰি অৰ্থ উপাৰ্জন কৰি আহিছে। কামাখ্যা ধামৰ পূজা আৰু অম্বুবাচী মেলাৰ কাৰণে আজিৰ বৰ্তমান অসমে এক সুদূৰ প্ৰসাৰী চিনাকী বহন কৰিবলৈ সক্ষম হৈছে। এই স্থানৰ মহৎ উদ্দেশ্য আৰু মহৎ কৰ্মৰ মূল সূতি বুজিবলৈ যাতে আমাৰ সমগ্ৰ অসম তথা ভাৰতবাসী ৰাইজ একলগ হৈ এক সুদূৰ প্ৰসাৰী স্থান হিচাপে সদায় অটুত ৰাখিব পাৰে, তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব‌।

কামাখ্যা ধামৰ পূজা আৰু অম্বুবাচী মেলালৈ তান্ত্ৰিক ধৰ্মীয়লোক সকলৰ উপৰিও অজস্ৰ সাধু-সন্ন্যাসী, সাধাৰণ দৰ্শক, ৰুগ্ন, বৃদ্ধ আদি লোকৰ সমাগম হয়। এই সময়টোত এই স্থানলৈ দান-দক্ষিণা বিচৰা লোকৰ সংখ্যাও অজস্ৰ হৈ পৰে। তদুপৰি বহুতে পূণ্য অৰ্জনৰ বাবে ইয়ালৈ আহে আৰু বহুলোকে আৰোগ্য লাভ বা মঙ্গল কামনা কৰি এই স্থানলৈ আহে।

আমি আশা কৰিছো কামাখ্যা দেৱীৰ পূজা আৰু অম্বুবাচী মেলা | Kamakhya Devi Puja and Ambubachi Mela In Assamese আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কামাখ্যা দেৱীৰ পূজা আৰু অম্বুবাচী মেলা সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply