জোঁৱাইৰ সাধু | Juwaior Hadhu Kotha

জোঁৱাইৰ সাধু | Juwaior Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, জোঁৱাইৰ সাধু, সাধুকথা, অসমীয়া কাহিনী, জোঁৱাইৰ সাধুশিশুৰ বাবে কাহিনী

এদিন এটা মানুহে তাৰ জোঁৱায়েকক বিহু খাবলৈ মাতিছিল। শহৰেকৰ নিমন্ত্রণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল। শহকে। অকলৈ যাবলৈ কৈছিল, সেই কাৰণে সি কোনো মানুহ লগত লৈ যোৱা নাছিল কিন্তু সি অলপ বাট গৈ দেখিলে– তাৰ লগত তাৰ ছাঁটোও আহিছে। সি ভাবিলে, শহুৰে মোক কোনো মানুহক লগত নিনিবলৈ কৈছে, যদি এতিয়া ছাঁটো মোৰ লগত লৈ যাওঁ, তেন্তে শহুৰে মোক নিশ্চয় খং কৰিব। ইয়াকে ভাবি সি ছাঁটোকে ক’লে– “হেৰ, তোক কি লাগে, কিয় আহিছ? গুচি যা।” কিন্তু ছাঁটোৱে নমতা দেখিসি আকৌ সুধিলে– “তই নামাত কিয়। চেলেংখন লাগে নি কি?” এইবুলি যেতিয়া সি মুৰ লৰালে তেতিয়া অলপ ছাঁটোৱেও মূৰ লৰালে। ছাঁটোৱে মূৰ লাৰোৱা দেখি সি ভাবিলে, ইয়াকে চেলেংখন লাগে। ইয়াকে ভাবি সদি চেলেংখন তাতে পেলাই গুচি গ’ল। গৈ সি আকৌ ছাঁটো দেখিলে৷ সি এইবাৰ তাৰ চোলাটো ছাঁটোক দিলে। এইদৰে তাৰ চুৰিয়া, গামোচা সকলোকে দি অ কৰিলে। লাহে লাহে গধূলি হৈ আহিল, ছাঁ নেদেখা হ’ল। তেতিয়া ভাবিলে ছাঁটো গ’ল। সি কুকুৰীকণা আছিল। সেইকাৰণে অলপ গৈছেই বাট নেদেখা হ’ল। এনেতে সি তব শহুৰেকৰ বুঢ়া গৰু এটা দেখিলে। সি বুঢ়া গৰুটোৰ নেগুৰত ধৰি তাৰ পিছে পিছে যাবলৈ ধৰিলে। অলপ সময়ৰ পিছত সি ঘৰ পালেগৈ। কিন্তু তাৰ গাত চুৰিয়া নথকাৰ কাৰণে সি শহুৰেকৰ আগত ওলালবলৈ লাজ কৰি কলগছ এজোপাৰ তলত চুৱাপাতনিত বহি থাকিল। শহুবেকে জোঁৱায়েকে আহিব বুলি বহুত ৰাতিলৈকে ৰৈ আছিল। পিছত নহা দেখি খাই-বৈ শুই থাকিল। শাহুৱেকে চুৱা-তুৱা ধুই এন্ধাৰে-মুগ্ধাৰে চুৱাপানী আনি চুৱাপাতনিলৈ মাৰি পঠিয়ালে জোঁৱায়েকৰ মূৰত পৰিল।

Read Also: সাধুকথা: পানেশৈ | Panekhoi Hadhu Kotha

জোঁৱায়েকে উস্ উস্ বুলিলে শাহুয়েকে এইটো কি বুলি ভয় খাই লৰ মাৰি ভিতৰ সোমাল। পিছত শহুৰেকে চাকি লৈ চাই জোঁৱায়েকক দেখি মাতি আনিলে আৰু গা-পা ধুৱাই কাপোৰ-কানি দি ভাত খাবলৈ দিলে৷ ভাতৰ লগতে তাক গুড় দিছিল। সি গুড় কেতিয়াও নেদেখা কাৰণে “এইবিলাক নাখাওঁ” বুলি ক’লে। শহুৰেকে ক’লে– “খোৱা, এই জুলীয়া গুড় খাবলৈ বৰ ভাল।” তেতিয়া অলপ খাই চাই সোৱাদ পহি “এইবিলাক কত আছে” বুলি সুধিলে। শহুৰেকে ক’লে– “সৌৱা বাঙৰ ওপৰত কলহত “আছে।” সি ভাত খাই উঠিলে শহুৰেকে জোঁৱায়েকক শুবলৈ দি শুই থাকিল। জৌরায়েক শুলে, কিন্তু তাৰ টোপনি নাহিল, কারণ তাৰ মনটো গুড়তহে পৰি আছিল। যেতিয়া সি শহুৰেকৰ টোপনি অহা যেন গম পালে, তেতিয়া মাৰি এডাল লৈ ওপৰত থকা গুড়ৰ কলহটো ফুটাই তলত মুখ পাতি গুড় খাবলৈ। ধৰিলে। খাই অঁতাই দেখে গুড় গাত পৰি তাৰ গাটো এঠাএঠি হ’ল। তুলী বৰিবলৈ থোৱা কিছুমান তুলা সি দেখিবলৈ পালে। সি উপায় নাপাই তাৰ ওপৰতে বাগৰ দিলে। তাৰ পিছত সি দেখিলে তাৰ গাটো গোটেই বগা নোমাল হ’ল। ওচৰতে গোটাচেৰেক ছাগলী বন্ধা আছিল, তাকে দেখি তেতিয়া সি মনে মনে ছাগলীৰ মাজতে থাকি ৰাতিটো কটাওঁ বুলি সোমাই থাকিল। সেইদিনা চোৰে ছাগলী চুৰ কৰিবলৈ আহিছিল। সিহঁতে ভাবি আহিছে যে যিটো ছাগলীৰ নোমত ধৰিলেই নোম উঠি আহিব সেইটো ছাগলীকে নিব লাগে, কাৰণ তেনেকুৱা ছাগলীৰ তেল বেছি। সিহঁতে আহি পোনেই মানুহটোৰ গাত হাত দি দেখিলে যে তাৰ নোমবোৰ উঠি আহিছে। সেইদেখি তাকেই তেলাল ছাগলী বুলি ভাবি ভাল পাই বান্ধি সাঙী কৰি সিহঁতে লৈ গ’ল।। সিহঁতে যাওঁতে এখন নৈ পাৰ হৈছিল। যেতিয়া সিহঁতে নৈৰ মাজ পালেগৈ তেতিয়া মানুহটোৰ টিকা পানীত লাগি তিতিল। সি চোৰকেইটাক ক’লে–

“দাং দাং চোৰ

টিকা তিতিল মোৰ।”

তোতয়া চোৰকেইটাই ছাগলীয়ে মাতিছে বুলি আচৰিত হৈ ভয় খাই তাক পানীত পেলাই লৰ মাৰিলে। পানী তৰাং আছিল দেখি সি বুৰি নমৰি লাহে লাহে পাৰত উঠি বহিলহি। এনেতে ৰাতি পুৱালে। নৈৰ পাৰত সি বহি থাকোঁতে শহুৰেকে বিচাৰি বিচাৰি তাক পালেগৈ আৰু ঘৰলৈ আনি খুৱাই-বুৱাই তাৰ পিছত তাক নিজা ঘৰলৈ পঠিয়াই দিলে।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। জোঁৱাইৰ সাধু এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। জোঁৱাইৰ সাধু এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে জোঁৱাইৰ সাধু এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply